যোগাচাৰ্য -

শৰীৰৰ বিভিন্ন মুদ্ৰাৰ সংমিশ্ৰণত গঢ় দিয়া কিছুমান বিশেষ মুদ্ৰাক ‘যুগাভ্যাসৰ’ আসন বুলি কোৱা হয়। মাংসপেশী, ৰক্ত সঞ্চালন তন্ত্ৰ, লোমকূপ আদিৰ বিকাৰ দূৰ কৰাৰ কাৰণে আৰু শৰীৰটোক নমনীয় কৰি ৰখাৰ কাৰণে যোগ সাধনাত আসনৰ অভ্যাস কৰা হয়। শৰীৰ আৰু ইয়াৰ কাৰ্যপ্ৰণালী সুস্থ হৈ থকা আৰু পেশীৰ নমনীয়তা অটুট ৰখাটো ‘ধ্যান’ৰ একাগ্ৰতাৰ কাৰণে অত্যন্ত সহায়ক। আসনবিলাকক যদি ব্যায়ামৰ ৰূপত অনুশীলন কৰা হয়, তেতিয়া সকলো ধৰণৰ ৰোগ নিৰাময় কৰা বা প্ৰতিৰোধ কৰাত এই আসনবিলাকে সহায় কৰে।

শৰীৰ আৰু মনৰ অধিকাৰী আৰু নিয়ন্ত্ৰণকৰ্তা চেতনাৰ শুদ্ধি আৰু শক্তিৰ বিকাশ কৰাটো ‘যোগ সাধনা’ৰ প্ৰধান উদ্দেশ্য। সকলো ধৰণৰ ৰোগৰ মূল হ’ল মনৰ বিকৃতি। আমাৰ মনত যদি হতাশা থাকে, তেনেহ’লে আমাৰ ৰক্তচাপ নামি যাব, পেটৰ পাচন শক্তি দুৰ্বল হ’ব আৰু কোষ্ঠৱদ্ধতাই লগ নেৰা হ’ব, গেচ হ’ব, মূৰৰ চুলি সৰিব বা চুলি পকিবলৈ ধৰিব, মুখমণ্ডলত বয়সৰ চাপ পৰিব, ছালবোৰ কোচ খাই পৰিব, চকুৰ তলত ক’লা দাগ পৰিব। তেনেদৰে আমাৰ ক্ৰোধ বৃদ্ধি পাব, ফলত ৰক্তচাপ বাঢ়িব। চকুৰ দৃষ্টিশক্তি কমি আহিব, মস্তিষ্কৰ স্নায়ুবোৰ দুৰ্বল হৈ আহিব আৰু স্মৃতিশক্তিও কমি আহিব। ক্ৰোধ বৃদ্ধি পাই আহিলে তেজত বিষাক্ত দ্ৰব্যৰ পৰিমাণ বৃদ্ধি পাব, ফলত তেজ দূষিত হ’ব। পৰিণতিত ভালেমান ৰোগে শৰীৰত থিতাপি ল’ব।

যদি মনটোৰ শুদ্ধি নহয়, তেনেহ’লে শৰীৰত বিষাক্ত দ্ৰব্য উৎপন্ন হৈয়েই থাকিব। আপুনি তেতিয়া ব্যায়ামৰ সহায়ত সেই দ্ৰব্যবোৰ ঠেলি শৰীৰৰ পৰা নিষ্কাশন কৰি থাকিব লাগিব। শ্ৰম কৰি ভাগৰত অৱশ হৈ পৰিলেও জীৱনটো ব্যৰ্থতাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি, উৎসাহ, উদ্যম আদি কেৱল আসন অনুশীলনৰ যোগেদি ঘূৰাই আনিব নোৱাৰিব। তেতিয়া আপুনি মস্তিষ্কৰ ক্ষেত্ৰ ধ্য়ানৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ধ্যান অভ্যাস কৰিহে শাৰীৰিক আৰু মানসিক স্বাস্থ্য পুনৰ ঘূৰাই আনিব পাৰিব। সাংসাৰিক বিষয়বোৰৰ সফলতা প্ৰাপ্তি ঘূৰাই অনাত এই ধ্যানেই আপোনাক সহায় কৰিব।

‘যোগাভ্যাস’ত আসনৰ সংখ্যা বহু বেছি। আমি এই প্ৰবন্ধটিৰ যোগেদি প্ৰায় সকলো আসনৰ বিৱৰণ দিবলৈ চেষ্টা কৰিম।

বিভিন্ন প্ৰকাৰৰ আসন -

সুখাসন:

সুখাসনৰ অৰ্থ হ’ল- যি আসনত বহি সুখ অনুভৱ কৰা হয় আৰু যি আসন কৰিবৰ কাৰণে কোনো প্ৰকাৰৰ কষ্টদায়ক অংগ সঞ্চালন কৰিব লগা নহয়। ইয়াৰ পৰা এই স্পষ্ট হয় যে, এই আসন আৰাম কৰি বহা আসন আৰু ই সৰল।

প্ৰয়োগিক বিধি:

সুখাসন এক সৰল আসন। এই মুদ্ৰাত আমি দৈনিক জীৱনত প্ৰায়ে বহো। কিন্তু আমি ইয়াক তেতিয়া সুখাসন বুলি নকও। ইয়াৰ কাৰণ এইটোৱেই যে আমি এই মুদ্ৰাটো এনেয়ে বনাই লওঁ। কিন্তু ইয়াৰ নিয়মৰ সূক্ষ্মতা পালন নকৰো।

সুখাসনৰ কাৰণে এখন ঢাৰি বা কম্বল মাটিত বা মজিয়াত পাৰি ল’ব লাগে। এতিয়া এই ঢাৰি বা কম্বলৰ ওপৰত দুয়োটা আঁঠুতে ভাঁজ কৰি ঢিলাকৈ এৰি দিয়ক। হাত দুখন য’তেই নেৰাখক কিয়, কিন্তু ঢিলা আৰু সহজ হ’ব লাগে। কঁকাল, পিঠি, মেৰুদণ্ড, গলধন আদি পোন হৈ থাকিব। নিজৰ কোনো অংগৰ পেশীৰ ওপৰত কোনো ধৰণৰ চাপ প্ৰয়োগ নকৰিব। যেনেকৈ আৰাম পায়, তেনেকৈয়ে বহক।

সুখাসনৰ কেইবাটাও মুদ্ৰা থাকিব পাৰে। মুদ্ৰা যেনেকুৱাই নহওক লাগে, য’ত আপুনি নিজে বহিবলৈ আৰাম পাইছে, তেনেকৈয়ে বহক আৰু এয়াই সুখাসন। চৰ্ত মাত্ৰ এটাই, পেশীবিলাক ঢিলাকৈ এৰি দিয়ক আৰু পিঠি, কঁকাল, গলধন আদি পোনকি ৰাখক।

সুখাসনত ধ্যান:

সুখাসনত বহি সকলো প্ৰকাৰৰ ধ্যান ক্ৰিয়া কৰিব পাৰি। যিবিলাক ধ্যান পদ্মাসনত বহি কৰা হয়, সেইবিলাক এই সুখাসনত বহি কৰিব পাৰি। ত্ৰাটকৰ অভ্যাসৰ কাৰণেও আৰম্ভণিতে এই আসনৰ প্ৰয়োগ উচিত বুলি যোগবিসকলে কৈছে।

লাভ:

বহি কৰিবলগা যিকোনো কামৰ কাৰণে এই আসন উপযুক্ত। এই আসনত বহিলে ভাগৰ নেলাগে। মেৰুদণ্ডও পোন হৈ থাকে। কঁকাল, মেৰু আদি নমনীয়া হৈ থাকে।

সাৱধানতা:

এই আসনত বহিলে উত্তৰ ফালে মুখ কৰি নবহিব। শৰীৰৰ পেশী ঢিলাকৈ ৰাখক। শৰীৰৰ পেশী ৰাখক। কঁকাল, পিঠি, মেৰুদণ্ড, গলধন পোনকৈ ৰাখক। সুখাসনত বহি ধ্যান কৰিবলৈ হ’লে প্ৰথমে মস্তিষ্কক স্বাধীনভাৱে এৰি দিয়ক। বাকী চিন্তাধাৰা নিয়ন্ত্ৰণত থাকিব।

সিদ্ধাসন:

এইটো সিদ্ধসকলৰ আসন। এই আসনত দীৰ্ঘ সময় ধৰি বহি সিদ্ধি লাভ কৰিব পাৰি।

প্ৰায়োগিক বিধি:

মাটিত বা মজিয়াত ঢাৰি বা ডাঠ কম্বল এখন পাৰি দুয়োটা ভৰি সমুখৰ ফালে মেলি বহি লওক। সোঁ ভৰিখন আঁঠুত ভাজ কৰি উৰু আৰু জননেন্দ্ৰিয়ৰ তলত টানকৈ চপাই ৰাখক। চাব যাতে জননেন্দ্ৰিয়ৰ ওপৰত হেঁচা নপৰে। ইয়াৰ চাপ বাওঁ ভৰিৰ কলাফুল আৰু উৰুৰ লগত মিলি থাকিব লাগিব। দুয়োখন ভৰিৰ পতা ভৰিৰ পতা এখন আনখনৰ ওপৰত থাকিব। কঁকাল, মেৰুদণ্ড, গলধন আদি পোন কৰি ৰাখিব। দুখোখন হাত নাভিৰ তলত ব্ৰহ্মাঞ্জলিৰ ভংগীত ৰাখিব।

সিদ্ধাসনত ধ্যান:

চকুৰে নাকৰ আগটো চাবলৈ চেষ্টা কৰক। কপালৰ মাজত হেঁচা পৰিব। এই চাপ বজাই ৰাখি একাগ্ৰচিত্তে ধ্যান কৰক।

উপকাৰিতা -

হৃদৰোগ, শ্বাসতন্ত্ৰৰ ৰোগ, যৌন ৰোগ, পাচন ক্ৰিয়াৰ বিসংগতি আদি নিৰাময় হয়।

ইয়াৰ প্ৰধান উপকাৰিতা হৈছে মানসিক। এই আসনত বহি ধ্যানৰ অনুশীলন কৰিলে মানসিক শান্তি পোৱা যায়। এই আসন অনুশীলন কৰিলে দৃষ্টিশক্তি প্ৰসৰ হয়। ত্ৰাটক বিন্দুৰ প্ৰকাশ বাঢ়ে। কোৱা হয় যে, ভগৱান শিৱই এই মুদ্ৰাতে ধ্যান কৰি নিজৰ তৃতীয় নয়নক মহাশক্তিমান ৰূপ দিছে। সেইকাৰণে এই আসনে অতি প্ৰভাৱশালী শক্তি প্ৰদান কৰিব পাৰে বুলি কোৱা হয়। ত্ৰাটক বিন্দু খুলি গ’লে দৃষ্টিৰ পৰিসৰে বৰ্হিবিশ্বৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।

সাৱধানতা -

১)উত্তৰ দিশলৈ মুখ কৰি এই আসন নকৰিব।

২)আৰম্ভণিতে দুই মিনিট সময় ধৰি এই আসনত উপবিষ্ট হৈ ধ্যানত নিমগ্ন হওক। পিছলৈ এই সময় বৃদ্ধি কৰি গৈ থাকক। ১৫ মিনিটতকৈ অধিক অসময় এই আসনত বহি থাকিবলৈ ত্ৰাটক বিন্দুত কেন্দ্ৰিত কৰাৰ কৌশলৰ অভ্যাস আৱশ্যক হ’ব। সাধাৰণ আৰু অনভিজ্ঞ লোকে ১৫ মিনিটতকৈ অধিক সময় ধ্যান অনুশীলন কৰা উচিত নহয়। এনে কৰিলে মস্কিষ্কৰ স্নায়ু বিকৃত হোৱাৰ আশংকা থাকে।

৩)এই আসনৰ অভ্যাস কৰাৰ সময়ত গৰম বা উত্তেজক দ্ৰব্য বা গৰম আহাৰ গ্ৰহণ কৰাটো নিতান্তই বৰ্জনীয়। নিমখো কমকৈ খাওক।

জ্ঞানমুদ্ৰা আসন:

প্ৰায়োগিক বিধি:

তৰ্জনী আঙুলিটো ভাজ কৰি বুঢ়া আঙুলিটোৰ গুৰিত বা মাজ অংশত বা আঙুলিৰ মূৰত লগাওক। বাকী তিনিটা আঙুলি লগ লগাই মেলি ৰাখক। সুখাসন, পদ্মাসন বা সিদ্ধাসন মুদ্ৰাত বহি দুয়ো হাত আঁঠুৰ ওপৰত ৰাখক।

জ্ঞান মুদ্ৰা আসনত ধ্যান:

এই আসনটি চিন্তন কাৰ্যৰ আসন। কোনো বিষয় বা কোনো সমস্যাৰে ভৰা বিষয়ৰ ওপৰত গভীৰভাৱে চিন্তা কৰিব লগা হ’লে এই মুদ্ৰাই অপ্ৰত্যাশিতভাৱে সহায় কৰিব। বহুতো ভাৰতীয় ঋষি আৰু দাৰ্শনিকে নিজৰ দাৰ্শনিক তত্বৰ চিন্তন আৰু উদ্ভাৱন এই মুদ্ৰাতে কৰিছে।

উপকাৰিতা:

মানসিক শান্তি, একাগ্ৰতাৰ বিকাশ,তাৰতম্যতাৰ বিকাশ আদি এই মুদ্ৰাৰ যোগেদি সম্ভৱ হয়।

সাৱধানতা:

উত্তৰ মুৱা হৈ এক আসনত কেতিয়াও নবহিব।

ব্ৰহ্মাঞ্জলি:

প্ৰায়োগিক বিধি:

সিদ্ধাসনত মুদ্ৰাত বহি লওক। বাওঁ হাতৰ পিছফালটো ভৰিৰ গোৰোহাৰ ওপৰত এনেদৰে ৰাখক যাতে হাতখন নাভিৰ তলত থাকে। এতিয়া সোঁ হাতৰ পিঠিফালটো বাওঁ হাতৰ তলুৱাৰ ওপৰত ৰাখিব।

ব্ৰাহ্মাঞ্জলিত ধ্যান:

ব্ৰহ্মাঞ্জলিৰ মুদ্ৰা সুখাসন, পদ্মাসন বা সিদ্ধাসনত বহি ত্ৰাটক বিন্দুৰ ওপৰত কেন্দ্ৰিত কৰি অনুশীলন কৰা হয়।

উপকাৰিতা:

ব্ৰহ্মাঞ্জলি এটা মুদ্ৰা মাত্ৰ। ইয়াক বিভিন্ন আসনত প্ৰয়োগ কৰিব পৰা যায়। ইয়াৰ দ্বাৰা শৰীৰৰ অন্য চক্ৰবিলাক হাতৰ তলুৱাত মিলিত হয় আৰু এই শক্তি মস্তিষ্কয়ো লাভ কৰে।

সাৱধানতা:

১)উত্তৰ দিশে মুখ কৰি কোনো আসনত নবহিব আৰু এই মুদ্ৰাৰ অভ্যাস নকৰিব।

২)হাতৰ তলুৱা আৰু বাহু দুটা ঢিলাকৈ ৰাখিব।

পদ্মাসন:

পদ্ম শব্দৰ অৰ্থ হৈছে ‘পদুম’ বা কমল। বহুতো যোগীৰ মতামত হৈছে- এই আসন নিখুঁটভাৱে সম্পূৰ্ণকৈ অনুশীলন কৰিব পাৰিলে শৰীৰৰ মুদ্ৰা এপাহ পদুম ফুলৰ দৰে হয়গৈ। সেই কাৰণে এই আসনটিক পদ্মাসন বুলি কোৱা হয়। এই অৰ্থটো সঠিক হৈছে। কিন্তু বহু যোগীৰ মতে- এই আসনত বহি মানুহে নিজৰ চেতনাৰূপী ‘কমল’ক বিকশিত কৰিব পাৰে।

পদ্মাসন যোগ-সাধনাৰ এক বিশিষ্ট আসন। ইয়াৰ দ্বাৰা শৰীৰৰ বাকী সকলো পেশীৰে ব্যায়াম হয়। শৰীৰৰ সেই পেশীবিলাক ব্যৱহাৰ নোহোৱৰ বাবে প্ৰায় জঠৰ আৰু কঠিন হৈ পৰে। তাৰোপৰি এই আসন অনুশীলন কৰিলে মস্তিষ্কলৈ বিশুদ্ধ তেজ প্ৰবাহিত হোৱাৰ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম হৈ উঠে। সেয়ে ধ্যান অনুশীলন কৰাৰ কাৰণে এই আসনক সৰ্বোত্তম বুলি কোৱা হয়।

প্ৰায়োগিক বিধি:

মাটিত বা মজিয়াত ডাঠ কম্বল বা পাটী বা ঢাৰি পাৰি লওক। তাৰ পিছত দুয়োখন ভৰি সমুখৰ ফালে মেলি লৈ বহি লওক। এতিয়া সোঁ ভৰিখন কলাফুল আৰু ভৰিৰ পতাত ধৰি লাহে লাহে আঁঠুত ভাজ কৰক। ৯০° কোণ কৰি ভাজ দিয়াৰ পিছত ভৰিখন আৰু বেছি ভাজ দিবলৈ কঠিন হ’ব পাৰে। ইয়াৰ কাৰণে লাহে লাহে অভ্যাস কৰক। লাগিলে ইয়াৰ বাবে আৰু কেইদিনমান যদি লাগে লাগক।

এতিয়া ভৰিখন পানীগাঁঠি আৰু ভৰিৰ পতাত ধৰি সামান্য ওপৰলৈ উঠাই ভিতৰৰ ফালে টানক। ইয়াৰ অভ্যাসতো কিছুদিন লাগিব পাৰে। এতিয়া সোঁ ভৰিখনৰ পতা(গোৰোহা) বাওঁ উৰুৰ গুৰিত লগাই টান কৰি লওক। এতিয়া বাওঁ ভৰিখন আঁঠুত ভাজ আৰু পানী গাঁঠিত বাওঁ হাতেৰে আৰু ভৰিৰ পতাখন সোঁ হাতেৰে ধৰি সামান্যভাৱে ওপৰলৈ উঠাওক। বাওঁ ভৰিৰ গোৰোহা, সোঁ উৰুৰ ওপৰত ৰাখক। এতিয়া আঙুলিবিলাক জ্ঞানমুদ্ৰাত ৰাখি আঁঠুৰ ওপৰত থওক। কঁকাল, পিঠি, গলধন আদি পোনকৈ ৰাখক।

পদ্মাসনত ধ্যান:

পদ্মাসনক মানসিক একাগ্ৰতা বৃদ্ধিৰ কাৰণ সৰ্বোত্তম বুলি কোৱা হয়। এই আসনত বহি ‘ধ্যান’ৰ অভ্যাস কৰিলে দাৰ্শনিক, ব্যৱসায়িক, ৰাজনীতিক, পাৰিবাৰিক আদি যিকোনো জটিল সমস্যাৰ সমাধান বিচাৰি পোৱা যায়। ইয়াৰ বাবে মাত্ৰ এটাই সূত্ৰ আছে যে আপুনি এই আসনত বহি একাগ্ৰতাৰে ধ্যান অনুশীলন কৰিবলৈ হ’লে আন্তৰিকতাৰে অভ্যাস কৰিব লাগিব। ত্ৰাটকৰ সাধনাৰ কেইবাটাও সোপান(স্তৰ) আছে। কেৱল এটা বিন্দুত ধ্যান একাগ্ৰতাৰ অভ্যাস কৰিলে অপ্ৰত্যাশিতভাৱে এক মানসিক শক্তি পাব পাৰি। ইয়াৰ পিছতে চকু বন্ধ কৰি আন্ধাৰত জ্যোতি বিন্দু বিচৰাৰ অভ্যাস কৰা হয়। ইয়াৰো আছে সাতটা পদক্ষেপ। ইয়াৰ পিছত এই ধ্যান অভ্যাসৰ প্ৰয়োগ ‘কুণ্ডলিনী’ জাগ্ৰত কৰিব কাৰণে কৰা হয়।

উপকাৰিতা:

যদি আপুনি কেৱল পদ্মাসন অভ্যাস কৰি ব্যায়াম অনুশীলন কৰে, কিন্তু ধ্যান নকৰে, তেনেহ’লে আপোনাৰ বাত ৰোগ, পেটৰ ৰোগ, সন্ধি বাত, কোষ্ঠবদ্ধতা আদি ৰোগত আশা কৰাতকৈ বহু বেছি ভাল ফল পাব পাৰে।

যদি আপুনি আসন কৰি ধ্যান কৰে, তেনেহ’লে ইয়াৰ পৰা পাব লগা উপকাৰ অসীমিত হ’ব। ধ্যানৰ এক উচ্চ স্তৰত আপোনাৰ মাজত অলৌকিক শক্তিৰ সমাবেশ হ’ব পাৰে। শৰীৰৰ ৰোগ-ব্যাধি আঁতৰি আপোনাৰ দেহলৈ উজ্জ্বলতা, দীৰ্ঘকাল ধৰি যৌৱন আৰু অংগ সৌষ্ঠৱ সহজতে লাভ কৰিব পাৰিব।

সাৱধানতা:

১)উত্তৰ দিশলৈ মুখ কৰি নবহিব।

২)সমান মাটি বা মজিয়াত আসন পাতক।

৩)শকত, অতিশয় হৃষ্টপুষ্ট ব্যক্তিসকলে প্ৰথমে নিজৰ শৰীৰটোক সুদৌল কৰি গঢ়ি তুলিবৰ কাৰণে আৰু মেদবহুলতা আঁতৰাবৰ কাৰণে কৰিব লগা আসনবোৰৰ অভ্যাস কৰিব লাগে।

৪)এই আসন সামান্য কঠিন। কোনো কামতে খৰ ধৰ্ব নকৰিব। প্ৰতিটো ভাবুকি ঘূৰাই তুলিব পৰাৰ অভ্যাস লাহে ধীৰে কৰক।

৫)ৰাতি দুয়োটা ভৰিৰে পানী গাঁঠিৰ ওপৰত সৰিয়হৰ তেলেৰে মালিচ কৰক।

৬)প্ৰথমে ৫ চেকেণ্ডৰ পৰা আৰম্ভ কৰি, সাধাৰণ অভ্যাস কৰোতাই এই আসন ১৫ মিনিটলৈকে কৰা উচিত।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন