কাণৰ বিষ কণা-মাকৰিত পৰা আঘাতৰপৰা ধৰি কৰ্ণকুহৰ বা মধ্যকৰ্ণৰ জটিল সংক্রমণলৈকে বিভিন্ন কাৰণত কাণৰ বিষ হ'ব পাৰে। কাণৰ স্বাভাৱিক স্ৰাৱ এই কণা-মাকৰিয়ে কর্ণকুহৰ শুষ্ক নোহোৱাকৈ সেমেকা কৰি ৰাখে আৰু কাণৰ পৰ্দাখনত ধূলি জমা নোহোৱাকৈ ৰখাত সহায় কৰে। কাণৰ নিজস্ব পৰিশোধন প্রক্রিয়া আছে। অৱশ্যে কিছুমান মানুহৰ ক্ষেত্ৰত হয় অতি কম পৰিমাণৰ নহয় অতি বেছি পৰিমাণৰ কণা-মাকৰি নিৰ্গত হয় আৰু এই দুয়োটা অৱস্থাতে সমস্যাৰ সৃষ্টি হয়। বেছি কণা-মাকৰি ওলোৱা অথবা কণা-মাকৰি গোট মৰা- এই দুয়োটা সমস্যাতে নিয়মিতভাবে অ'লিভঅইল দিলে বা তেনে কাণত দিয়া তৈলাক্ত ঔষধৰ টোপাল দিলে, কণা-মাকলিন নিয়ন্ত্রিত হৈ থাকে। সংক্ৰমণৰ কাৰণ ১. কৰ্ণকুহৰত হোৱা বীজাণুৰ সংক্ৰমণ এঠাইতে আবদ্ধ হ'ব পাৰে অথবা বিয়পি পৰা ধৰণৰো হ'ব পাৰে। ২. এঠাইতে হোৱা এনে সংক্ৰমণৰ বাবে ফোঁহা হ'ব পাৰে আৰু কুহৰত থকা ক্ষুদ্র ক্ষুদ্র চুলিবোৰৰ গুৰিত বীজাণুৰদ্বাৰা আক্ৰান্ত হোৱাৰ বাবেই এনে সংক্রমণ হয়। ৩. এনেধৰণৰ ফোঁহাবোৰ বৰ বিষযুক্ত হয় । ৪. কাণৰ বিষ সাধাৰণতে পানীলগা জ্বৰৰ পাছত অথবা বহুদিন ধৰি কাণ আৰু নাকৰ মাজত থকা ক্ষুদ্র ইউষ্টেচিয়ান নলিকাডাল বন্ধ হৈ সংক্রমিত হ'লেও হ'ব পাৰে। এনেধৰণৰ বিষ প্ৰায়ে নাকৰ সোপা খুলিবলৈ ব্যৱহাৰ কৰা পানীলগা জ্বৰৰ ঔষধ আৰু বিষৰ বড়ি ব্যৱহাৰ কৰিলে নাইকিয়া হৈ যায়। এনেধৰণৰ ফোঁহা হ'লে ঠাইডোখৰ চাফাকৈ ৰখা তথা সংক্ৰমণৰোধক ঔষধৰ (Anti-Biotic)ৰ ব্যৱহাৰ কৰিবলগা হোৱাৰ উপৰি ফোঁহাটো ফুটাই পুঁজখিনি উলিয়াই দিব পৰাকৈ বিশেষজ্ঞৰ সহায় ল'বলগীয়া হয়। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগীৰ ক্ষেত্ৰত এনেধৰণৰ ফোঁহা বাৰে-বাৰেও উঠি থাকিব পাৰে। এঠাইতে আবদ্ধ নহৈ কাণখনৰ য'তে-ত'তে বিয়পি হোৱা সংক্রমণ সাধাৰণতে ভালকৈ চাফা কৰি নৰখা, ৰাসায়নিক বস্তু (যেনে, শ্বেম্পু, চুলিত লগোৱা কৃত্ৰিম ৰং, আৰু কাণত দিয়া অত্যধিক টোপাল), বেমাৰৰ বীজাণু যেনে- বেক্টেৰীয়া, ভেঁকুৰ আদি আৰু শৰীৰবিৰূপ ক্রিয়া বা এলাৰ্জিৰপৰাও হ'ব পাৰে। এনেবোৰ সংক্ৰমণৰ সময়ত কাণখনৰ সঠিক পৰীক্ষণৰ প্ৰয়োজন হয়। পৰামৰ্শ দীঘলীয়াকৈ হৈ থকা সংক্রমণ ৰোধ কৰিবৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন। কেতিয়াবা মধ্যকর্ণত জমা হোৱা পানী গোট মাৰি, শুনাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে। তেনে অৱস্থাত কাণৰ পৰ্দায়েদি পানীখিনি বিশেষ ব্যৱস্থাৰে উলিয়াই, মধ্যকৰ্ণৰ বাধা নিয়ন্ত্ৰণ কৰিবলগা হ'ব পাৰে। এনে ভিতৰলৈ ভৰাই দিয়া নলী কেইবামাহো থ'বলগা হ'ব পাৰে। পাছত সেইডাল নিজে নিজে কাণে বাহিৰলৈ উলিয়াই দিয়ে। এই বিশেষ নলীডাল কাণত সোমোৱাই থোৱাৰ সময়ছোৱাত গা-ধোওঁতে সাৱধান হ'ব লাগে যাতে কাণত পানী সোমাব নোৱাৰে। সেইবাবে গা ধোৱাৰ সময়ত কাণ দুখনৰ ফুটাতো বন্ধ কৰি ৰাখিবলৈ তুলাৰ সোপা দি ল'ব লাগে। এনে ধৰণৰ সোপাত "পেট্রলিয়াম জেলি” লগাই ল'ব পাৰি যাতে ই সম্পূৰ্ণভাৱে পানী নিৰোধী হয়। সহজতে নহ'লেও আন এটা কাণৰ বিষৰ কাৰণ হৈছে- মধ্যকৰ্ণৰ দীৰ্ঘ সময় ধৰি হৈ থকা সংক্রমণ, যি মধ্যকৰ্ণৰ কলাবোৰ নষ্ট কৰি পেলায়। এনেধৰণৰ "কলেচটি 'ট' মা" নামৰ এই সংক্রমণ বেছিদিন চলি থাকিবলৈ দিলে মধ্যকৰ্ণৰ ক্ষুদ্র হাড়কেইডাল নষ্ট কৰি অন্তঃকৰ্ণ পাৰ হৈ মগজুৰ আৱৰণখনৰ ওপৰলৈকে বাঢ়ি যাব পাৰে। এনে হ'বলৈ পালে মেনিনজাইটিজৰ দৰে অতি বিষম জটিলতাই দেখা দিব পাৰে। এনেক্ষেত্রত কাণৰপৰা ওলোৱা পূঁজ-পানী কম পৰিমাণৰ হয় যদিও বৰ বেয়াকৈ গোন্ধাবলৈ লয়। এইটো এটা জটিল সমস্যা আৰু এইক্ষেত্ৰত বিশেষজ্ঞৰদ্বাৰা উপদেশ আৰু চিকিৎস সেৱা গ্ৰহণ কৰাটো অপৰিহাৰ্য্য। এনে চিকিৎসাত সদায়ে অ প্রয়োজন হয় আৰু এই চিকিৎসাৰ জৰিয়তে সংক্রমিত ধ্বংসপ্রাপ্ত হাড়খিনিক আঁতৰাই ৰোগ নিয়ন্ত্ৰণ কৰা হয়। উৎস- কাণ, নাক আৰু ডিঙিৰ সহজ হাতপুথি