প্ৰত্যেক ব্যক্তিয়ে জীৱনত সন্মুখীন হোৱা এক উল্লেখযোগ্য সন্ধিক্ষণ হৈছে কৈশোৰকাল। এই সময়ছোৱা প্ৰতিটো ল’ৰা-ছোৱালীৰে জীৱনৰ মহা মূল্যৱান সময়। এই কালছোৱাত তেওঁলোকৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আবেগিক পৰিবৰ্তন পৰিলক্ষিত হয়। ভৱিষ্যত জীৱনৰ মহামূল্যৱান এই কালছোৱাত স্বাস্থ্যৰ প্ৰতি যদি বিশেষ গুৰুত্ব আৰোপ কৰা নহয়, তেন্তে ভৱিষ্যতে সুস্থ জীৱন-যাপনৰ আশা কৰাটো সমীচিন নহ’ব। কৈশোৰ কালছোৱাত নানা সমস্যাৰাজিৰ ভিতৰত বিশেষকৈ স্বাস্থ্যজনিত সমস্যাই প্ৰধান। এই স্বাস্থ্যজনিত সমস্যাসমূহ আমি ঘৰতে কম খৰচতে বা বিনামূলীয়াকৈদেহত কোনো প্ৰাৰ্শ্বপ্ৰতিক্ৰিয়া নোহোৱাকৈ সহজলভ্য খাদ্যদ্ৰব্য বা গছ-বনৰ দ্বাৰা প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰোঁহক। ভৱিষ্যত প্ৰজন্মৰ এই কৈশোৰ কালৰ ল’ৰা-ছোৱালীবিলাকৰ স্বাস্থ্যৰ যতন লোৱাটো সকলো অভিভাৱকৰে বিশেষভাৱে জৰুৰী কৰ্তব্য। শিশুৰ হাঁইফাই ৰোগ - হাঁইফাই হ’ল মানৱ দেহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ একপ্ৰকাৰ ৰোগ, যাৰ ফলত ৰোগীৰ শ্বাস কষ্ট হয়। এই ৰোগত শ্বাস নলীৰ ভিতৰৰ অংশত এলাৰ্জিজনিত কাৰণত কিছু পৰিবৰ্তন ঘটে। শ্বাসনলীৰ বেৰৰ পেশীতন্ত্ৰ সংকোচন, শ্বাসনলীৰ মিউকাচ গ্ৰন্থিৰ সফীতি আৰু, তাৰ পৰা ঘন ৰস নিঃসৰণ আদি এই বিসংগতিৰ মূল কাৰণ। ইয়াৰ ফলত শ্বাসনলীত শ্বাস চলাচল বাধা প্ৰাপ্ত হয়। শিশুৰ হাঁইফাই বিভিন্ন কাৰণত হ’ব পাৰে - ফুলৰ ৰেণুৰ দ্বাৰা, ভেঁকুৰৰ দ্বাৰা, খাদ্যৰ দ্বাৰা, ধূলি-মাকতিৰ দ্বাৰা, কীট-পতঙ্গৰ দ্বাৰা, হে-ফিভাৰৰ কাৰণে, ছালৰ এলাৰ্জিৰ বাবে, বিশেষ কিছুমান জীৱ-জন্তুৰ দ্বাৰা, কিছুমান ঔষধ ব্যৱহাৰৰ ফলত, পানীলগা, বংশানুগত, উত্তেজক কাৰক, সংক্ৰমণ কাৰক, জলবায়ু কাৰক, ব্যৱসায়িক কাৰক, বায়ু প্ৰদূষণ আদিৰ কাৰণে শিশুৰ হাঁইফাই ৰোগ হ’ব পাৰে। হাঁইফাই ২ প্ৰকাৰৰ। যেনে- তাৎক্ষণিক হাঁইফাই অৰ্থাৎ হঠাতে হোৱা হাঁইফাই আৰু পুৰণি বা দীৰ্ঘদিনীয়া হাঁইফাই। এই ৰোগ হ’লে কাহ হয় আৰু উশাহ-নিশাহ লোৱাত কষ্ট হয়, লগতে ডিঙিৰ পৰা চিঁ চিঁ শব্দ ওলায়। বুকুত হেঁচা মাৰি ধৰাৰ দৰে লাগে, ৰোগীয়ে বহি থাকিবলৈ ভাল পায়, জিভা নীলা ৰঙৰ হ’ব পাৰে, কাহৰ লগত কফ বাহিৰ হ’ব পাৰে। দীৰ্ঘম্যাদী ৰোগীৰ সকলো সময়তে বুকুৰ পৰা ঘেৰঘেৰণী হয়, পৰিশ্ৰম কৰিলে নিশ্বাস এৰোতে কষ্ট হয়, কাহত পাতলীয়া কফ বাহিৰ হয়। ৰোগীৰ শেষ ৰাতি টোপনি কম হয়, শৰীৰ দুৰ্বল হয়। সাধাৰণতে দেখা যায় যে হাঁইফাইৰ লক্ষণবোৰ ঠাণ্ডা লাগি পানী লগাৰ দৰে আৰম্ভ হৈ পিছত অতি শোচনীয় হৈ পৰিব পাৰে। ৰোগীজনে যদি যথেষ্ট পৰিমাণে নিৰ্মল বায়ু নাপায়, তেন্তে তেওঁৰ নখ আৰু ওঁঠ নীলা বৰণীয়া হ’ব পাৰে আৰু ডিঙিৰ সিৰ ফুলি উঠিব পাৰে। প্ৰতিকাৰৰ ব্যৱস্থা - বগা বাহকৰ কেঁচা পাত ২০ খন বা শুকান পাত ৩০ খন প্ৰায় ২৫০ মিঃলিঃ পানীত সিজাই সিজাই আধা কৰিব লাগে। তাত কেঁচা কুলসী পাতৰ ৰস ২ চামুচ, আদাৰ ৰস ২ চামুচ, এক চামুচ জালুকৰ গুড়ি, কেঁচা হালধিৰ ৰস ২ চামুচ, এটা লেটা গুটিৰ ভিতৰৰ অংশ পিহি মিহলাই ১০ চামুচ মৌজোল মিশ্ৰণ কৰি খাব লাগে। এনেদৰে সিদ্ধ কৰি ঠাণ্ডা হ’লে মৌ দি চেকি লৈ দিনে ২ বাৰকৈ একেৰাহে এমাহ পৰ্যন্ত খাব লাগে। কি খাব লাগে: ক’লা তুলসীৰ পাতৰ ৰস বগা বাহকৰ পাতৰ ৰস আদা ৰঙা বাহকৰ ফুল দোৰোণ বন হালধিৰ ৰস জালুক পিপলি মৌ পচতীয়াৰ কোমল পাত অৰ্জুন গছৰ চালৰ ৰস যষ্ঠিমধু সৰু মানিমুনি চজিনা ত্ৰিফলা সৰু ইলাচি ভেকুৰি গৰম পানী আমলখি শুহনি বন কিচমিচ নহৰু মহানিমৰ পাত কালমেঘ থেকেৰা বেল জিলমিল শাক(ভতুৱা শাক) সুমথিৰা টেঙা বৰ মানিমুনি নীলকণ্ঠ। সিজু পাতৰ ৰস ১ চামুচত সমান পৰিমাণৰ মৌ আৰু আদাৰ ৰস মিহলি কৰি খাব লাগে। আঁহযুক্ত খাদ্য খাব লাগে। কি খাব নালাগে: কল কচু পিয়াঁজ ধপাত জাতীয় সামগ্ৰী সকলো প্ৰকাৰৰ আইচক্ৰীম মচুৰ দাইল মাছ পূৰৈ শাক মাটি মাহ তামোল সকলো প্ৰকাৰ মিঠা বস্তু গাখীৰ ঠাণ্ডাপানী পইতা ভাত আদি। কি কৰিব নালাগে/সাৱধানতা: শৰীৰত ঠাণ্ডা লগাব নালাগে, ধূলি-ধোঁৱাৰ পৰা সদায় আঁতৰি থাকিব লাগে, শিশুক বেছিকৈ ভজাপোৰা বস্তু খাবলৈ দিব নালাগে, কোনো কাৰণতেই শৌচ বন্ধ কৰিবলৈ দিব নালাগে। কোষ্ঠকাঠিন্য: পানী কমকৈ খালে, আঁহযুক্ত বস্তু কমকৈ খালে, আঁহযুক্ত বস্তু কমকৈ খালে, শৌচ জোৰকৈ ৰখাই থ’লে, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ হ’লে কোষ্ঠকাঠিন্য হ’ব পাৰে। শৌচ কৰিবলৈ অসুবিধা বা শৌচ কঠিন হোৱা আৰু শৌচ নিয়মীয়া নোহোৱাকে কোষ্ঠকাঠিন্য বুলি কোৱা হয়। প্ৰতিকাৰ: ২ চামুচ আমলখিৰ গুড়ি, ২ চামুচ মৌ, ১ কাপ পানীত মিশ্ৰণ কৰি দিনে ২ বাৰকৈ একেৰাহে এমাহ খাব লাগে। কি খাব লাগে: পকা অমিতা, পকা কঠাল, মাটিকঠাল, ঔটেঙা, কাঠফুলা, চয়াবিন, চজিনা, ত্ৰিফলা, গাজৰ, কেঁচা হালধিৰ ৰস, হাতী খুতুৰা শাক, পূৰৈ শাক, মৰিচা শাক, লাই শাক, নেমু খাব লাগে। পচলা উপকাৰী। কি কৰিব লাগে: দৌৰা, চাইকেল চলোৱা, খোজকঢ়া আদি শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি শিশুক আগ্ৰহ জন্মোৱাত উৎসাহিত কৰিব লাগে। দৈনিক ২/৩ লিটাৰ ঠাণ্ডা পানী খাব লাগে। কি কৰিব নালাগে: তামোল, ধপাত জাতীয় সামগ্ৰী, টানবস্তু, সহজে হজম নোহোৱা বস্তু খাব নালাগে। শৌচ বন্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব নালাগে। কুকুৰীকণা: ভাৰতবৰ্ষৰ বহু ল’ৰা-ছোৱালী কুকুৰীকণা আৰু অন্ধ হোৱা দেখা যায়। ই অভাৱজনিত ৰোগ। খাদ্যপ্ৰাণ ‘ক’ দেহত অভাৱ হ’লে কুকুৰীকণা হ’ব পাৰে। কুকুৰীকণা হ’লে সন্ধিয়াপৰত চকুৱে কমকৈ দেখে। প্ৰতিকাৰ: কুকুৰীকণা ৰোগ প্ৰতিৰোধ আৰু নিৰাময় কৰিবলৈ বতৰৰ বিভিন্ন ফলমূল আৰু শাক-পাচলি যথেষ্ট পৰিমাণে খাব লাগে। যেনে- কলীয়া কচুৰ ঠুৰি, মূলা শাক, নৰসিংহৰ পাত, ধনীয়াৰ পাত, চজিনাৰ পাত, খুতুৰা শাক, পূৰৈ শাক, চূকা শাক, জিলমিল শাক, কলমৌ শাক, বিট, ওলকবি, পালেং শাক, গাজৰ, মহানিম, পদিনা, বন্ধাকবি, চয়াবিন আৰু শাক-পাচলিৰ উপৰি পকা অমিতা, পকা আম, পকা কঠাল, পকা মাটিকঠাল, পকা মধুৰীআম, খেজুৰ, মিঠা আলু, পকা বিলাহী, সুমথিৰা টেঙা, জলফাই, তিতা কেৰেলা, ৰবাৰ টেঙা, পকা কল, ৰঙালাউ আদি নিয়মীয়াকৈ খাব লাগে। পেট চলা বা ডায়েৰিয়া: এই ৰোগত পনীয়া শৌচ হয়। শৌচ ঘনাই হয় বা এবাৰতে বহু পৰিমাণৰ শৌচ হ’লেও পেট চলা ৰোগ হ’ব পাৰে। এই ৰোগত শৰীৰ দুৰ্বল হয়। চকু সোমাই যায়, দেহত পানী, চেনি, নিমখৰ পৰিমাণ হ্ৰাস হয়। শৰীৰত পটাচিয়ামৰ অভাৱ হয়, আভোক হয়। প্ৰতিকাৰ: কলডিল(ভীমকলৰ কলডিল হ’লে ভাল) এটাৰ পৰা খুন্দি আৰু চেপি আধা কাপ ৰস উলিয়াই তাত এটিপা নিমখ মিহলি কৰি দিনে দুবাৰকৈ খালে পেট চলা ৰোগ ভাল হয়। কি খাব লাগে: মানিমুনি, টেঙেচি, কাজিনেমুৰ ৰসত চেনি আৰু নিমখ মিশ্ৰণ কৰি খাব লাগে। তদুপৰি ডাব নাৰিকলৰ পানী, মধুৰীআমৰ কোঁহ, ডালিমৰ কোঁহ, শতমূলৰ আলু, পুৰা কল, ভীমকল, কুঁজি থেকেৰা, বৰ থেকেৰা, আদা, নহৰু, ত্ৰিফলা, আমলখি, শিলিখা, সহজে হজম হোৱা বস্তু খাব লাগে। গ্ৰহণী: কৈশোৰ অৱস্থাত গ্ৰহণী ৰোগ হোৱা দেখা যায়। পায়খানাৰ লগত শাঁও পৰে, পেট বিষায়, শৰীৰ দুৰ্বল লাগে, খাবলৈ মন নাযায়, পেট চিকুট মাৰি ধৰে। অপৰিষ্কাৰভাৱে থকা-মেলা, খোৱা-বোৱা আদিৰ কাৰণতে সাধাৰণতে এই ৰোগ হোৱা দেখা যায়। প্ৰতিকাৰ: মছুন্দৰীৰ পাতৰ ৰস ১০ চামুচত সামান্য নিমখ(এটিপা) মিহলি কৰি দিনে ৩ বাৰকৈ খাব লাগে নাইবা ১০ খন মধুৰীআমৰ কুমলীয়া পাতৰ ৰসত অলপ নিমখ মিহলাই দিনে ২ বাৰকৈ ৭/৮ দিন খালেই গ্ৰহণী ৰোগ ভাল হয়। শৌচৰ লগত তেজ ওলালে দূবৰিবন এমুঠি খুন্দি তাৰ ৰস খাব লাগে দিনে ২ বাৰকৈ ৪/৫ দিন। কি খাব লাগে: কলডিল, পচলা, মানিমুনি, টেঙামৰা, বেল, মধুৰীআম, ক’লা তুলসী, আমলখি, শিলিখা, ত্ৰিফলা, ডালিম, অমৰা, গোলনেমু, টেঙেচি শাক, কূঁজি থেকেৰা, বৰ থেকেৰা, ভীমকল, পালেং শাক, চুকা শাক, শুকলতি, মধু সোলেং, কাইটিয়া খুতুৰা আদি খাব লাগে। ক’লাজামু, আমলখি, ত্ৰিফলা, ভেদাইলতা, ওলকচু, ভেকুৰি, কুটজ গছৰ চালৰ ৰস, মাটি কাদুৰী, পদিনা, ফলমূল, দোৰোণ শাক, মহানিম আদি উপকাৰী। কি খাব নালাগে: ঘিউ বা ঘিউত বনোৱা খাদ্য, মাছ, মাংস, কণী, জ্বলা মছলা, তেল, নাৰিকল, পূৰৈ শাক, আলু, অধিক মিঠা বস্তু, বাদাম, লাও, নহৰু, কঠাল, মাটিমাহ, মাদক দ্ৰব্য, ধপাত, জাতীয় সামগ্ৰী, গাখীৰ, তেলত ভজা বস্তু, সহজে হজম নোহোৱা খাদ্য বস্তু খাব নালাগে। ল’বলগা সাৱধানতা: শাক-পাচলি, ফলমূল সদায় পৰিষ্কাৰ পানীত ধুইহে খাব লাগে। পানী অতি কমেও ২০ মিনিট সময় উতলাই লৈহে খাব লাগে, ৰোগীয়ে য’তে ত’তে শৌচ কৰিব নালাগে। বগাস্ৰাৱ বা লিউকোৰিয়া: সাধাৰণতে বোৱাৰীবিলাকৰ বগাস্ৰাৱ হয় যদিও কম বয়সীয়া বহু ছোৱালীৰো এই ৰোগ হোৱা দেখা যায়। জননাংগইদি সাধাৰণতে গোন্ধযুক্ত ৰস ওলালে তাক বগাস্ৰাৱ বুলি কোৱা হয়। ই প্ৰজনন সম্পৰ্কীয় এক ৰোগ। জননেন্দ্ৰিয়ত বেক্টেৰিয়াৰ সংক্ৰমণ আদি বহুবোৰ কাৰণত এই ৰোগ হ’ব পাৰে। হৰমোনৰ সমতাৰ অভাৱ, ৰক্তহীনতা, পেলু, অপৰিষ্কাৰ আৰু বিষাক্ত খাদ্য, শাৰীৰিক দুৰ্বলতা আদিৰ কাৰণেও এই ৰোগ হয়। প্ৰতিকাৰ উপায়: শতমূলৰ আলু ৫০ গ্ৰাম ভালদৰে ধুই খুন্দি ২৫০ গ্ৰাম গাখীৰত সিজাই তাত ২ চামুচ চেনিব বা গুড় মিহলি কৰি দিনে ২ বাৰকৈ একেৰাহে এমাহ খাব লাগে। নাইবা চালকুঁৱৰীৰ পাতৰ ৰস ৪ চামুচত ২ চামুচ মিচিৰি গুড়ি আৰু ২০০ মিলিলিটাৰ গাখীৰ মিহলাই দিনে ২ বাৰকৈ ৩০/৪০ দিন একেৰাহে খাব লাগে। কি খাব: শতমূল, চাঁলকুৱৰী, নহৰু, ভেণ্ডি, অশোক গছৰ চালৰ ৰস, বৃন্দাবনৰ ৰস, পকা আম, আমলখি, ত্ৰিফলা, পকা ভীকল, গাখীৰত ফেটি খাব লাগে। কি খাব নালাগে: ধপাত জাতীয় সামগ্ৰী মাদক দ্ৰব্য, তামোল, জ্বলা মছলা, টেঙা, অমিতা, সহজে হজম নোহোৱা বস্তু খাব নালাগে। বাধক বেদনা বা মাহেকীয়া সময়ত তপলেট বিষ: ঋতুস্ৰাৱ হোৱাৰ পিছৰ বয়সত এই ৰোগ হয়। বিষ সামান্যৰ পৰা পুৰণি হ’লে প্ৰবল হ’ব পাৰে। মাহেকীয়াৰ সময়ত বা মাহেকীয়া হোৱাৰ আগে আগে এই বিষ তলপেটত হয়। প্ৰতিকাৰ: দোৰোণ বনৰ পাত ৫টা, দোৰোণ বনৰ ফুল ৫ পাহ আৰু জালুক ৩টা পিহি বিষ হোৱাৰ সময়ত পুৱা খালী পেটত খাব লাগে। একেৰাহে ৮/১০ দিন খোৱা উচিত। নাইবা ২৫/৩০ খন বৰ মানিমুনিৰ পাত ধুই চোবাই বা ৰস উলিয়াই খালে প্ৰতিকাৰ হয়। দিনে ২ বাৰকৈ একেৰাহে ১০ দিন খাব লাগে। বদহজমী: কৈশোৰ অৱস্থাত অধিক পৰিমাণে আৰু অনিয়মীয়াকৈ খাদ্য খালে, অতিপাত জ্বলা মছলা খালে, চাহ, কফি, মাদক দ্ৰব্য, গুৰুপাকী খাদ্য খালে, ফাষ্টফুড খালে, উপৰা উপৰিকৈ খাদ্য খালে বদহজমী বা অজীৰ্ণ ৰোগ হয়। মানসিক উত্তেজনা, শোক আদি কাৰণতো বদহজমী হয়। বদহজমী বা অজীৰ্ণ হ’লে ভোক নালাগে, পেট ফুলি উঠে, উগাৰ আহে, বমি বমি ভাব বা বহি আহে, টোপনি কম হয়, ৰক্তহীনতাই দেখা দিব পাৰে। প্ৰতিকাৰ: দোৰোণ বনৰ তৰকাৰী নিয়মীয়াকৈ খাব লাগে, ভেদাইলতা, নহৰু, আদা, ত্ৰিফলা, পকা অমিতা আদি খোৱা ভাল। কি খাব লাগে: সহজে হজম হোৱা খাদ্যহে খাব লাগে। মৰাণ আদা, পিঁয়াজ, নহৰু, পুৰণি কলৰ খাৰ, জিলমিল শাক, ভেদাইলতা, মানিমুনি, টেঙেচি, নেমুৰ ৰস, কালমেঘ, পকা বেল, পকা কঠাল, ত্ৰিফলা, নৰসিংহৰ পাত, পুৰাকল, শিলিখা, দৈ খাব লাগে। তুলসীৰ পাতৰ সৈতে জালুক খাব লাগে, ক’লা নিমখে হজম শক্তি বঢ়ায়, ধনীয়া, আমলখি, শিলিখা, পিপলি, জালুক, চফগুটি, জামিৰ টেঙা, সুমথিৰা টেঙা, তেতেলীৰ চৰবত খাব লাগে। পানী দিনে ১২ গিলাচকৈ খাব লাগে। ৰক্তহীনতা: তেজত হিম’গ্ল’বিনৰ পৰিমাণ কমি গ’লে এই ৰোগ হ’ব পাৰে। কোনো কাৰণবশতঃ ৰক্তপাত, ৰক্তস্ৰাৱ আৰু ঋতুস্ৰাৱত অধিক তেজ গ’লে দেহত লৌহ জাতীয় পদাৰ্থৰ অভাৱ হ’লে এই ৰোগ হোৱা দেখা যায়। খাদ্যপ্ৰাণ ‘খ’ আৰু ফলিক এচিডৰ পৰিমাণ দেহত কম হ’লেও ৰক্তহীনতা ৰোগে দেখা দিয়ে। দেহত পেলু হ’লেও ৰক্তহীনতা হ’ব পাৰে। ছাল শেঁতা পৰে, বুকু ধপধপায়, ভৰি আৰু মুখৰ ছালৰ ৰং শেঁতা পৰে, ভাগৰ লাগে, হামি আহে, মূৰ ঘূৰায়, সংজ্ঞাহীন হয়, চকু সোমাই যায়। প্ৰতিকাৰ: ২০০ মিঃলিঃ গাখীৰত ২৫ গ্ৰাম কিচমিচ, ১০ টা খেজুৰ, ২৫ গ্ৰাম গুড়, আমলখিৰ গুড়ি ২ চামুচ, ডালিমৰ বাকলি ২৫ গ্ৰাম সিদ্ধ কৰি ঠাণ্ডা হ’লে তাত ১০ চামুচ পানী মিহলি কৰি দিনে ২ বাৰকৈ এমাহ খাব লাগে। কি খাব লাগে: পিঁয়াজ, আদা, জালুক, পিপলি, ডালিম, কাঠ আলু, মোৱা আলু, ৰঙা আলু, বিলাহী, বেঙেনা, ফুলকবি, গাজৰ, পৌননৌৱা, মৰিচা শাক, পকা আম, পকা কঠাল, মাটি কঠাল, পনিয়ল, লেটেকু, কুঁজি থেকেৰা, পকা বেল, কেঁচা হালধি, কিচমিচ, নৰা বগৰী, গুড়, আটলচ, কঠাল, চয়াবিন, ধনীয়া, ত্ৰিফলা, শিলিখা, আমলখি, নৰসিংহৰ পাত, আপেল, মেথি শাক, মটৰ মাহ, ব্ৰুকলি, কেৰেলা, পুৰাকল, খেজুৰ, কাইটীয়া খুতুতা, জিলমিল শাক, কলডিল, পচলা, আঙুৰ আদি খাব লাগে। কি খাব নালাগে: ধপাত, মাদক দ্ৰব্য, সহজে হজম নোহোৱা বস্তু, অখাদ্য খাব নালাগে। শালমইনা: কৈশোৰকালীন ল’ৰা-ছোৱালীৰ অন্যতম সমস্যা হ’ল শালমইনা। ছোৱালীৰ কন্যাকালৰ সময়ত আৰু ল’ৰাৰ যুৱ অৱস্থা প্ৰাপ্তিৰ সময়ত ষ্টেট’ষ্টেৰণ নামৰ এক প্ৰকাৰৰ হৰমোন নিঃসৃত হয়। তাৰ ফলত তৈলগ্ৰন্থিৰ নলীকাত কিছুমান বেক্টেৰিয়াই আক্ৰমণ কৰে আৰু ইয়াক ফেটি এচিডলৈ পৰিৱৰ্তন কৰে। এই ফেটি এচিডে ছালৰ ওপৰত খজুৱতিৰ সৃষ্টি কৰে আৰু নোমৰ গুৰিৰ কুপবিলাক বাহিৰফালে বন্ধ কৰে আৰু নোমৰ গুৰিৰ তাৰফলত ছালখন উখহি উঠে, যাক আমি শালমইনা বুলি কওঁ। পকাৰ পিছত ফোঁহাবিলাক চেপিলে বগা শাল এডাল ওলায়। প্ৰতিকাৰ: শালমইনা হোৱা ছালখন কুহুমীয়া পানীৰে ধুই লোৱাৰ পিছত দুচামুচ গোল নেমুৰ ৰস একাপ পানীত মিশ্ৰণ কৰি আহাৰ খোৱাৰ পিছত দিনে দুবাৰকৈ খাব লাগে। তদুপৰি গোল নেমুৰ ৰস মুখমণ্ডলৰ ছালত ৫ মিনিট সময় সানি কুহুমীয়া গৰম পানীৰে ধুব লাগে। শালমইনাৰ দাগত পদিনাৰ ৰস লগাব লাগে। কি খাব লাগে: আমলখি, শিলিখা, ত্ৰিফলা, নেমু, কমলা, মৌচুম্বী, কেঁচা হালধি, চালাড আদি যথেষ্ট পৰিমাণে খাব লাগে। পানী যথেষ্ট পৰিমাণে খাব লাগে। কি কৰা অনুচিত: শালমইনা ভাঙি দিব নালাগে, বেছি গৰম পানীৰে মুখ ধুব নালাগে, টোপনি খতি কৰিব নালাগে, জ্বলা মছলা, ধূমপান, মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। শৌচ কঠিন হ’বলৈ দিব নালাগে, জ্বলা মছলা খাব নালাগে। স্মৰণ শক্তি হ্ৰাস: কৈশোৰ কালত কিছুমান ল’ৰা-ছোৱালীৰ স্মৰণ শক্তি হ্ৰাস পায়, ভৰি-হাত জিনজিনায়, বুদ্ধিহীন আৰু খঙাল হোৱা দেখা যায়। শৰীৰত ফচফৰাচৰ পৰিমাণ কম হ’লে এনে হ’ব পাৰে। প্ৰতিকাৰ: ব্ৰাহ্মী শাক এমুঠি ভালদৰে ধুই সৰু সৰুকৈ কাটি গৰুৰ ঘিউত ভাজি খাব লাগে। আহাৰৰ লগত ভাজি খাব নালাগে। দিনে ২ বাৰকৈ একেৰাহে ২ মাহ মান খালে আশানুৰূপ সুফল পোৱা যায়। কি খাব লাগে: মানিমুনি, টেঙেচি, মৰিচা শাক, ব্ৰাহ্মী, আমলখি, বকফুল, গোমধান, পূৰৈশাক, নহৰু, শুকান নাৰিকল, কেঁচা নাৰিকল, বীন, ৰঙালাউৰ আগ, চজিনা, পৌননোৱা, কোমোৰা, পদিনা, শতমূল আদি খাব লাগে। পানী যথেষ্ট পৰিমাণে ২-৩ লিটাৰ পৰ্যন্ত খোৱা উচিত। অশ্বগন্ধা ১ চামুচ ১ গিলাচ গাখীৰত উতলাই আহাৰ খোৱাৰ পিছত খাব লাগে। দিনে এবাৰকৈ সপ্তাহত ২ দিন খাব লাগে। কি খাব নালাগে: ধপাত জাতীয় বস্তু, মাদক দ্ৰব্য, তামোল, গুটখা, শিখৰ, ৰজনীগন্ধা, জৰ্দা পাণ, মিঠা পাণ, চাহ, কফি আদি খাব নালাগে। কি কৰিব নালাগে: খং কৰিব নালাগে, টোপনি খতি কৰিব নালাগে। পিত্ত ৰোগ: বজাৰৰ ৰাসায়নিক সাৰ আৰু ঔষধ প্ৰয়োগ কৰা শাক-পাচলি, ফলমূল খোৱা প্ৰায় লোকৰে পিত্ত ৰোগ দেখা গৈছে। অতিৰিক্ত ভোজন অখাদ্য, লঘোন থকা কাৰণেও এই ৰোগ হ’ব পাৰে। আমলখিৰ গুড়া ২ চামুচৰ লগত ২ চামুচ মৌ মিহলাই তাত ২০০ মিঃলিঃ পানী মিশ্ৰণ কৰি দিনে ২ বাৰকৈ একেৰাহে ২ মাহ খাব লাগে। দহেচীয়া অমিতা বাকলিৰ সৈতে পানীৰে ধুই সৰু সৰুকৈ কাটি পানীত সিদ্ধ কৰি ভাতৰ লগত খাব লাগে। দিনে এবাৰকৈ একেৰাহে এমাহ মান খালে পিত্ত ৰোগ ভাল হয়। কি খাব লাগে: ঠাণ্ডাপানী, আমলখি, শিলিখা, ত্ৰিফলা, অমিতা, দোৰোণ শাক, কেঁচা হালধিৰ ৰস, মৌ খাব লাগে। কি খাব নালাগে: চাহ, কফি, গাখীৰ, তেল, ঘিউ, মাখন, ক্ৰীম, মাছ, মাংস, কণী, ৰঙালাউ, নাৰিকল, মাদকদ্ৰব্য, তিতা কেৰেলা, মহানিমৰ পাত, কচু, জ্ব্লা মছলা, তামোল, সহজে হজম নোহোৱা বস্তু খাব নালাগে উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন