নাকৰ এলাৰ্জি এলার্জি হৈছে যিকোনো এটা বস্তুৰ প্ৰতি অত্যধিকভাৱে হোৱা প্রতিক্রিয়া। এনে প্রতিক্রিয় কৰা বস্তুটো বহুতৰ বাবে অনিষ্টকাৰক নহ'ব পাৰে যদিও সেই নির্দিষ্ট বস্তুটোৰ প্ৰতি এলার্জি থকা ব্যক্তিজনৰ ক্ষেত্রত ভয়ংকৰ প্রতিক্রিয়া কৰিব পাৰে। সেই নির্দিষ্ট মানুহজনৰ বাবে প্রতিক্রিয়া কৰা এই বস্তুটোক এলার্জেন বোলা হয়। এলার্জি যিকোনো বয়সতে হ'ব পাৰে যদিও সাধাৰণতে ই কম বয়সতে আৰম্ভ হয় ।এলার্জেনবিধ বিভিন্ন পথেৰে দেহত সোমাব পাৰে। আমি ইয়াক উশাহত ল'ব পাৰোঁ, খাদ্য বা পানীৰ যোগেদিগিলিব পাৰোঁ আৰু হাতেৰে চুই ছালৰ সংস্পৰ্শৰে সোমোৱাব পাৰোঁ। এনে এলাৰ্জেনবোৰ দেহাত সোমালেগৈ আমাৰ "ইমিউন চিষ্টেম" নামৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ পদ্ধতিটোৱে স্বাভারিকভাৱে ক্রিয়া কৰাৰ সলনি, অত্যধিক প্রতিক্রিয়া কৰিবলৈ লয়। অৱশ্যে এই অত্যধিক প্রতিক্রিয়া কেনেধৰণৰ হ'ব সেয়া নির্ভৰ কবিব ই কোনটো অংগত প্রতিক্রিয়া কৰিছে তাৰ ওপৰত। দেহৰ প্ৰতিক্ৰিয়াৰ আৰু কিছুমান কাৰণ যেনে- এলাৰ্জেনৰ সংখ্যা, দেহৰ প্ৰতিৰোধ ক্ষমতাৰ পৰিমাণ, দৈহিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য এই আটাইবোৰেই দেহাটোৱে পৰিস্থিতিৰ প্ৰতি কেনে ধৰণেৰে প্রতিক্রিয়া প্রকাশ কৰিব, তাক প্ৰভাৱান্বিত কৰে। বংশানুক্রম মতেও এলার্জি হোৱাৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰে। এলাৰ্জি সংক্রামক নহয়। নাকৰ এলাৰ্জিৰপৰা এজমা সৃষ্টিত প্রত্যক্ষ প্রভাৱ থাকে। এলাৰ্জিৰ লক্ষণ চকু - ৰঙা পৰা, খজুওৱা, ফুলা, পানী ওলাই থকা নাক - নাকৰ খজুৱতি, হাঁচি আহি থকা, পানী ওলাই থকা, নাকৰ পাছ অংশৰপৰা ডিঙিলৈ বিজলুৱা পানী গৈ থকা কাণ - কাণৰ খজুৱতি, পুঁজ-পানী ওলাই থকা, মধ্যকর্ণত পানী জমা হোৱা সঘনাই মধ্যকৰ্ণৰ সংক্ৰমণ হৈ থকা হাওঁফাওঁ - বুকুখন বাজি থকা, কাঁহ, বুকুখন হেঁচা মাৰি থকা যেন লগা, উশা চুটি হৈ থকা খাদ্যৰ পাচন প্রণালী- পেট টান খাই পৰা, বমি হোৱা, অতিসাৰ হোৱা ঘৰৰ ভিতৰত- ঘূণ পোক, জন্তুৰ নোম, ফাংগাছ বা ভেঁকুৰ ঘৰৰ বাহিৰত - ফুলৰ ৰেণু, ধোঁৱা, ৰায়াসনিক পদার্থ চিকিৎসা কিছুমান এলাৰ্জি সময়ৰ সোঁতত নিজে নিজেই ঠিক হৈ যায়। কিন্তু প্রায়ে তেনে ৰোগীক তাৎক্ষণিক সকাহ দিবলৈ কিবা এটা কৰাৰ প্ৰয়োজন আহি পৰে। যি বস্তুবোৰে এলাৰ্জিৰ সৃষ্টি কৰে, সেইবোৰৰপৰা আঁতৰত থকাই আটাইতকৈ উত্তম উপায়। ফুলৰ ৰেণু আৰু ধূলি যিহেতু আঁতৰাব নোৱৰা বস্তু, সেইবাবে ইয়াৰ বাবে সুনির্দিষ্ট চিকিৎসাৰ প্ৰয়োজন হৈ পৰে। এলাৰ্জিৰ লক্ষণসমূহ এন্টি-এলার্জিক বড়িৰে আৰু মাজে মাজে কর্টিচন জাতীয় ঔষধেৰে চিকিৎসা কৰিবলগীয়া হয়। কোনটো দৰৱ দিব সেইটো চিকিৎসকেহে স্থিৰ কৰিব পাৰে। এলার্জি প্রতিৰোধক বেজী কম পৰিমাণত প্রণালীবদ্ধভাবে দিয়া হয় যাতে লাহে লাহে ই এলাৰ্জিৰ সৃষ্টি কৰা পদাৰ্থৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বঢ়াই আনে। আজিকালি চিকিৎসকে প্ৰতিৰোধ বৃদ্ধিকাৰক ঔষধ খাবলৈও দিয়ে। ধূলি চকুৰে নমনা পোক কিছুমানৰ থকা ঠাই হৈ পৰে। এই ধৰণৰ ক্ষুদ্র পোকবোৰ যাক ঘূণপোক বোলা হয়, সেইবোৰে অলপ গৰম অথবা সেমেকা পৰিৱেশত গোটেই বছৰজুৰি ব্যাপি থাকে আৰু এলাৰ্জিৰ কাৰক হৈ পৰে। বেছিভাগ সময় ঘৰৰ ভিতৰতে থকা মানুহে ভিতৰখনত ধূলিবিহীন পৰিৱেশ এটাৰ সৃষ্টি কৰি ল'ব লাগে। ভাল মসৃণ কাপোৰেৰে গাৰু গিলিপ আৰু তুলীখনৰ আৱৰণী চিলাই ল'ব লাগে। এই আৱৰণজাতীয় কাপোৰবোৰ গৰম পানীত ধুব পৰা কৰিব লাগে যাতে ঘৃণ পোকবোৰক মাৰিব পাৰি। ভিতৰুৱা কোঠাবোৰ সপ্তাহে সপ্তাহে পৰিষ্কাৰ কৰিব লাগে। ধূলি পৰি থকা কিতাপত ঘূণ পোক থকাটো সাধাৰণ কথা। ঘৰৰ চুকে-কোণে ধূলি বেছিকৈ জমা হয়। ধূলি চাফা কৰিবলৈ ঝাড়ু মাৰি ধূলি উৰুৱাৰ সলনি, পানীৰে তিতোৱা কাপোৰেৰে টুকিব লাগে। “ভেকুৱাম ক্লিনাৰ" ব্যৱহাৰ কৰাও ভাল। কাপোৰ-কানি পিন্ধাই ৰখা পুতলাবোৰ পৰাপক্ষত নৰখাই ভাল, থাকিলেও ভালকৈ ঢাকি ল'ব লাগে। কাঠৰ, ধাতুৰ বা এলাৰ্জি সৃষ্টি নকৰা প্লাষ্টিকৰ পুতলাবোৰহে ল'ৰা-ছোৱালীক দিব লাগে। শীত-তাপ নিয়ন্ত্ৰণ কৰা যন্ত্ৰবোৰত যাতে ধূলি জমা হ'ব নোৱাৰে, তাৰ বাবে নিয়মীয়াকৈ চাফা কৰিব লাগে, চাফা কৰি থাকিলে ঘৰলৈ ধূলি সোমাব নোৱাৰে। আর্দ্রতা 40/50 শতাংশ হ'লে ঘূণপোক জাতীয় অণুজীৱবোৰৰ সংখ্যা বাঢ়িব নোৱাৰে। ( কাণ, নাক আৰু ডিঙিৰ সহজ হাতপুথি)