মেদবহুলতা আৰু হৰম’নৰ কুপ্ৰভাৱৰ ফলত এনে মহিলা হৃদযন্ত্ৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’ব পাৰে। তেজত অদ্ৰবণীয় চৰ্বিজাতীয় পদাৰ্থসমূহ যেনে ‘ট্ৰাই গ্লিছাৰাইড, এল ডি এল(লো ডেনছিটি লাইপ’ প্ৰ’টিন) বাঢ়ি তেজৰ নলীকাবোৰৰ আয়তন কমোৱাৰ ফলত উচ্চ ৰক্তচাপ, ‘ষ্ট্ৰোক’ আদিত আক্ৰান্ত হ’ব পাৰে। এনড্ৰ’জেন হৰম’নৰ কুপ্ৰভাৱৰ ফলত দেহত থকা হৃদযন্ত্ৰৰ উপকাৰী এইচ ডি এল(হাই ডেনছিটি লাইপ’ প্ৰ’টিন) কমে, ফলত হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনীয়তা বৃদ্ধি পায়। মধুমেহ ৰোগ - এনড্ৰ’জেন হৰম’নৰ প্ৰভাৱত শৰীৰত ইনছুলিনৰ সক্ৰিয়তা কমে। ফলত মহিলাগৰাকী মধুমেহ বা বহুমূত্ৰ ৰোগত আক্ৰান্ত হয়। ২০ শতাংশ ক্ষীণ আৰু ৪০ শতাংশ শকত মহিলা, যি পি চি অ’ এছত ভুগিছে গ্লু’কজৰ সহন ক্ষমতা বিচ্যুতি ঘটি ডায়েবেটিছৰ চিকাৰ হয়। ‘হম’ছিষ্টিন’ নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ এনে মহিলাৰ তেজত যথেষ্ট পৰিমাণে বাঢ়ি যায়। ইয়ে ৰক্ত পৰিবাহী নলীৰ ভিতৰভাগত গেদজাতীয় পদাৰ্থ জমা হোৱাত সহায় কৰে। ফলত ৰক্ত প্ৰবাহত বাধাৰ সৃষ্টি কৰে। ইয়ে উচ্চ ৰক্তচাপৰ লগতে ষ্ট্ৰোজ তথা সঘন গৰ্ভপাতৰ কাৰক হয়। ৰক্ত পৰিবাহী নলীৰ ভিতৰ ভাগত জমা হোৱা গেদজাতীয় পদাৰ্থৰ প্ৰক্ৰিয়াটোক ‘এথেৰ’স্কেলৰ’ছিছ বুলি জনা যায়। জৰায়ুৰ কৰ্কট ৰোগ - জৰায়ুৰ ভিতৰ ভাগত থকা ‘এনড্ৰ’মেট্ৰিয়াম’ নামৰ ‘মিউকাচৰ’ আৱৰণখনৰ অধিক বৃদ্ধি হোৱাৰ ফলত ইয়াৰ পৰা হোৱা কৰ্কট ৰোগৰ আশংকা বাঢ়ি যায়। শৰীৰত এষ্ট্ৰজেন হৰমনৰ অস্বাভাৱিক বৃদ্ধিয়ে ইয়াৰ কাৰণ। স্তনৰ কৰ্কট ৰোগ - পি চি অ’ এছত ভোগা মহিলাৰ স্ৰ্নৰ কৰ্কট ৰোগ হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। ডিম্বাশয়ৰ কৰ্কট ৰোগ: সন্তানহীনতাত ভোগা পি চি অ’ এছত আক্ৰান্ত এনে মহিলাৰ ‘অভিউলেচন’ৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ ঔষধৰ বাবে ডিম্বাশয়ৰ কৰ্কট ৰোগ বাঢ়ে বুলি ধৰা হয়। উৎস:সম্ভাৰ