অ’ষ্টিঅ’ মানে হ’ল হাড় আৰু প’ৰ’ছিছ মানে হাড়ৰ ফুটা হৈ যোৱা অৱস্থা। সহজ ভাষাত ক’বলৈ গ’লে বয়সৰ লগে লগে ক্ৰমান্বয়ে হাড়ৰ ঘনত্ব কমি অহা বা হাড়বোৰ ক্ষীণ হৈ যোৱা অৱস্থাটোকে অ’ষ্টিঅ’প’ৰ’ছিছ বুলি কোৱা হয়।

ইয়াৰ ফলতেই হাড়বোৰ ঠুনুকা হৈ পৰে, বিশেষকৈ শৰীৰৰ দীঘল হাড়বোৰ ঠুনুকা হৈ পৰে, বিশেষকৈ শৰীৰৰ দীঘল হাড় অথবা মেৰুদণ্ডৰ হাড়বোৰ সঘনাই পৰিৱৰ্তিত হোৱা দেখা যায়। সমীক্ষাত পোৱা অনুসৰি ২৫-৩০ শতাংশ মহিলা এই ৰোগত আক্ৰান্ত হোৱাৰ ল্পিছত হাড় ভগাৰ আশংকা দেখা যায়।

মহিলাসকলে মাহেকীয়া বন্ধ হোৱাৰ আগমুহূৰ্তত(অৰ্থাৎ ৪০-৪৫ বছৰ বয়সৰ) পৰাই হাড়ৰ ঘনত্ব হেৰুৱায় তথা পুৰুষসকলৰ ৬৫-৭০ বছৰ বয়সৰপৰাই হাড়বোৰ ক্ষীণ হ’বলৈ আৰম্ভ কৰে। ইষ্ট্ৰ’জেন নামৰ এবিধ হ’ৰমনে হাড়ত কেলছিয়াম ধৰি ৰাখিবলৈ সক্ষম হয়, কিন্তু মহিলাৰ ক্ষেত্ৰত বয়সৰ লগে লগে এই হ’ৰমনবিধ কমি অহাৰ ক্ষেত্ৰত তেওঁলোকে কঁকালৰ বিষ, হঠাৎ অনুভৱ হোৱা মেৰুদণ্ড বা গাঁঠিৰ বিষ নাইবা হাড় ভঙা সমস্যাৰ মুখামুখি হ’ব লগা হয়।

শৰীৰৰ মুঠ কেলছিয়ামৰ ৯৯ শতাংশ হাড় আৰু দাঁতত থকা দেখা যায়। তেজত কেলছিয়ামৰ সঠিক মাত্ৰা ৯-১১ মিলিগ্ৰাম হোৱা উচিত। কিন্তু দেহৰ বিভিন্ন গ্ৰন্থি বা অংগসমূহে তেজত কেলছিয়ামৰ মাত্ৰা সুষম কৰি ৰখাত যত্ন কৰে। যাৰ ফলত, তেজ পৰীক্ষা কৰোৱাৰ সময়ত তেজৰ কেলছিয়ামৰ মাত্ৰা সঠিক পোৱা যায়, কিন্তু শৰীৰৰ হাড়ৰ অৱস্থা ঠুনুকা হৈ পৰে।

পেৰা-থাইৰয়ড তথা থাইৰয়ড গ্ৰন্থিয়ে কেলছিয়ামৰ মাত্ৰাৰ ওপৰত বহুত প্ৰভাৱ পেলায়। পেৰা-থাইৰয়ড গ্ৰন্থিত কেলছিয়ামৰ ৰিচেপ্টৰ থাকে আৰু তেজত ইয়াৰ মাত্ৰা কমি যোৱাৰ লগে লগে পেৰা-থাইৰয়ড হ’ৰমন নিঃসৰণ হয়।

হ’ৰমনবিধে হাড়ৰপৰা কেলছিয়ামৰ শোষণ কৰায় আৰু তেজত ইয়াৰ মাত্ৰা ঠিক কৰি ৰাখে। আনহাতে, হাড়ৰ স্বাস্থ্যৰ নজনাকৈয়ে অৱনতি ঘটি থাকে। কেলছিয়াম আৰু ভিটামিন ‘ডি’ৰ সম্পৰ্ক হ’ল যে ভিটামিন ‘ডি’য়ে ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰত কেলছিয়াম আৰু ফছফেটৰ শোষণ ক্ষমতা বঢ়াই দিয়ে।

যাৰ ফলত তেজত কেলছিয়ামৰ মাত্ৰা সুষম হৈ থাকে তথা হাড়বোৰতো ইয়াৰ পৰিমাণ অটুট থাকে। থাইৰয়ড হ’ৰমনৰ ভিতৰত যদি TSH(Thyroid Stimulating Hormone)ৰ মাত্ৰা কমি যায় অথবা হ’ৰমনৰ মাত্ৰা বৃদ্ধি পায়, এই ক্ষেত্ৰতো অ’ষ্টিঅ’প’ৰ’ছিছত আক্ৰান্ত হোৱা দেখা যায়।

গুৰুত্বপূৰ্ণ কথা যে এক্স-ৰে আদি বিভিন্ন পৰীক্ষাত হাড়ৰ ঘনত্ব তেতিয়াহে কম হোৱা দেখা যায়, যেতিয়া ৩০ শতাংশ হাড় ক্ষয় হয়।

মহিলাসকলৰ আটাইতকৈ বেছি কিয় -

পুৰুষৰ তুলনাত মহিলাৰ হাড়বোৰ ক্ষীণ আৰু সৰু তথা ইষ্ট্ৰ’জেন হ’ৰমনৰ উৎপত্তি কমি অহাৰ লগে লগে খুব খৰতকীয়াকৈ প্ৰথম ৪ ৰ পৰা ৮ বছৰৰ ভিতৰতে মহিলাসকলে হাড়ৰ ঘনত্ব হেৰুৱাবলৈ আৰম্ভ কৰে।

থাইৰয়ড আৰু কেলছিয়াম -

থাইৰয়ড গ্ৰন্থিৰপৰা কেলছিট’নিন নামৰ এবিধ হ’ৰমনৰ নিঃসৰণ হয়, যাৰ ভূমিকা পেৰা-থাইৰয়ড হ’ৰমনৰ ঠিক বিপৰীত। হ’ৰমনবিধে কেলছিয়াম তথা ফছফৰাছৰ কাৰ্যত ভূমিকা গ্ৰহণ কৰে। তেজত কেলছিট’নিনৰ মাত্ৰা সঠিক হ’লে।

ইয়ে হাড়ৰপৰা কেলছিয়ামৰ শোষণত বাধা প্ৰদান কৰে আৰু বৃক্কত কেলছিয়াম শোষণ হ’ব নিদিয়ে তথা অতিৰিক্ত কেলছিয়াম মূত্ৰত লগত ওলাই যোৱাত সহায় কৰে। এই অনুসৰি, তেজত কেলছিয়ামৰ মাত্ৰা কেলছিট’নিনে কমাই ৰাখে যদিও হাড়ৰ ঘনত্ব বৰ্তাই ৰাখে।

সেইবাবে অতিৰিক্ত এই হ’মনবিধে তেজত কেলছিয়াম স্বাভাৱিক মাত্ৰাতকৈ বহুত কমাই দিব পাৰে, যাক Hypocalcemia বুলি কোৱা হয়।

গৰ্ভাৱস্থাত অথবা কেঁচুৱাই গাখীৰ খাই থকা অৱস্থাত, prolactin নামৰ এক হ’ৰমন নিঃসৰিত হয় বেছি পৰিমাণে আৰু ইয়ে পেৰা-থাইৰয়ড হ’ৰমনৰ মাত্ৰা বঢ়োৱাত সহায় কৰে। যাৰ ফলত অজানিতে হাড়বোৰ সূক্ষ্ম হ’বলৈ আৰম্ভ কৰে।

সেই সময়ছোৱাত prolactin হ’ৰমনৰ আৱশ্যকতা বেছি হয়। সেইবাবে হাড়ক শক্তিশালী কৰি ৰাখিবলৈ প্ৰয়োজনীয়-

*কেলছিয়াম,

*ভিটামিন ‘ডি’ আৰু ‘চি’ আৰু

*প্ৰ’টিন সমমাত্ৰাত গ্ৰহণ কৰাটো জৰুৰী।

অ’ষ্টিঅ’পেনিয়া:

BMD(Bone Mineral Density) যদি ১-২.৪ থাকে, তাকে অ’ষ্টিঅ’পেনিয়া আৰু ২.৫ বা তাতোকৈ বেছি থাকিলে তাক অ’ষ্টিঅ’প’ৰ’ছিছ বুলি কোৱা হয়।

অ’ষ্টিঅ’পেনিয়া হোৱাৰ কাৰণসমূহ হ’ল -

*ভিটামিন ‘ডি’ৰ অভাৱ,

*যকৃৎ বা অগ্ন্যাশয়ৰ এনজাইমৰ অভাৱ,

*বৃক্কৰ বেমাৰ,

*খুব বেছি পৰিমাণে এন্টাচিডৰ ব্যৱহাৰ।

লক্ষণসমূহ:

*মাংসপেশীৰ দুৰ্বলতা, যাৰ ফলত খোজকাঢ়িবলৈ অথবা বহাৰপৰা উঠিবলৈ পোৱা অসুবিধা।

*হাড়ৰ বিষ।

*কঁকালৰ বিষ।

*হাড় ভঙা ইত্যাদি।

এইক্ষেত্ৰত সাধাৰণতে তেজত ফছফৰাছৰ পৰিমাণ কমি যায়, ALP(Alkaline Phosphatase) বাঢ়ি যায়, পেৰা-থাইৰয়ড হ’ৰমন কমি যায় তথা কেলছিয়াম আৰু ভিটামিন ‘ডি’ কমি যায়।

ভিটামিন ‘ডি’ -

তেজত ১২(mg/ml)তকৈ কম হ’লে ভিটামিন ‘ডি’ৰ অভাৱ হোৱা বুলি কোৱা হয়। ভিটামিন ‘ডি’ টেবলেট সপ্তাহত ৫০,০০০ কৈ খাব লাগে সম্পূৰ্ণ দুমাহৰ বাবে। টেবলেট খোৱাৰ সময়ছোৱাত চৰ্বিজাতীয় আহাৰ খাব লাগে সম্পূৰ্ণ শোষণৰ বাবে।

ইয়াৰ অভাৱ হোৱাৰ লগে লগে-

*শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

*খুব সঘনাই ভাগৰ লাগে।

*সঘনাই চৰ্দি-জ্বৰৰ সন্মুখীন হ’ব লাগে।

*শৰীৰৰ বিভিন্ন অংগত বিষ।

*উদাসীন মনোভাৱ হোৱা বা মানসিক দুৰ্বলতা বা হীনমন্যতাত ভোগা।

*কটা-ছিগা সোনকালে শুকাই নাযায়।

*চুলি সৰা ইত্যাদি।

হাড়ৰ ঘনত্ব জমা ৰখা বেংক(Bank of Bone) -

বাল্যকালৰ পৰা যৌৱন কাললৈ, শৰীৰত পুৰণা হাড়ৰ সলনি নতুন নতুন হাড়ৰ উৎপত্তি হয় খুব খৰতকীয়াকৈ। যাৰ ফলত হাড়বোৰ শক্তিশালী হৈ গৈ থাকে। বয়স বাঢ়ি যোৱাৰ লগে লগে খাদ্যৰ জৰিয়তে, বিভিন্ন বেমাৰৰ ফলত হাড়বোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে আৰু নতুন হাড়ৰ উৎপত্তিও খুব কমকৈ হয়।

সঠিক পথ্য বা ঔষধ সঠিক সময়ত গ্ৰহণ নকৰাৰ ফলত, কম বয়সতে, কম সময়ছোৱাত হাড়বোৰ ক্ষয় হৈ যোৱা প্ৰক্ৰিয়াকে অ’ষ্টিঅ’প’ৰ’ছিছ বুলি কয়।

অ’ষ্টিঅ’প’ৰ’ছিছ কেনেকৈ গম পাব পাৰি -

*কঁকালৰ বিষ।

*কাম কৰি উঠাৰ পিছত কঁকাল-আঁঠুৰ বিষ।

*ডিঙিৰ পিছ অংশৰ বিষ।

*গাঁঠিবোৰত বিষ হোৱা ইত্যাদি।

কেনেকুৱা ক্ষেত্ৰত সঘনাই দেখা পোৱা যায়?

*বংশগত।

*কেলছিয়াম থকা খাদ্য কম পৰিমাণে খোৱা।

*সোনকালে বা পলমকৈ মাহেকীয়া বন্ধ হোৱা।

*ডিম্বাশয়(Ovary)ৰ অস্ত্ৰোপচাৰ হোৱা।

জড়িত হৈ থকা আন বেমাৰসমূহ:

*যকৃতত বেমাৰ।

*থাইৰয়ড আৰু পেৰা-থাইৰয়ড গ্ৰন্থিৰ বেমাৰ।

*সন্ধি(গাঁঠি)ৰ বেমাৰ।

*পেৰালাইছিছ অৱস্থাত, চলা-ফুৰা কম কৰা অৱস্থা।

*মাহেকীয়া বন্ধ হোৱাৰ পিছত।

বিভিন্ন দীঘলীয়া বেমাৰৰ বাবে ষ্টেৰয়ড সদায় খাই থাকিলে হোৱা অ’ষ্টিঅ’প’ৰ’ছিছক Steroid induced osteoporosis বুলি কয়। সাধাৰণতে, Rheumatoid Arthritis অথবা Nephrotic Syndrome(বৃক্কৰ বেমাৰ) অথবা এজমাৰ বাবে ষ্টেৰয়ড টেবলেট খোৱা যায়।

কিন্তু ষ্টেৰয়ড লোৱাৰ নিয়মাৱলী পালন নকৰি সদায় বিষয় বা বেদনা নোহোৱা কৰিবলৈ ষ্টেৰয়ড খোৱাটো উচিত নহয়।

কৰিবলগীয়া পৰীক্ষাসমূহ -

*এক্স-ৰে।

*BMD(Mone Mineral Density)

*তেজৰ কেলছিয়াম, ভিটামিন ‘ডি’।

*যকৃতৰ এনজাইমৰ পৰীক্ষা আদি।

আয়ুৰ্বেদিক চিকিৎসা:

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি অ’ষ্টিঅ’প’ৰ’ছিছৰ ক্ষেত্ৰত খুব উপযোগী ৰূপে প্ৰমাণিত হৈছে। ৰসায়ন চিকিৎসা পদ্ধতিৰদ্বাৰা কোষসমূহক নতুনত্ব প্ৰদান কৰা হয় তথা নতুন স্বাস্থ্যৱান কোষ বৃদ্ধি হোৱাত সহায় কৰে।

আমলখি এন্টি অ’ক্সিডেন্ট সমৃদ্ধ ভিটামিন ‘চি’ৰ এক গুৰুত্বপূৰ্ণ অৱদান। তদুপৰি বহুতো মিনাৰেল আমলখিত পোৱা যায়। গুডুচী আন এক উদ্ভিদ, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় তথা শৰীৰৰ ভিন্ন কাৰ্যৰ সমতা ৰক্ষা কৰি ৰসয়নৰ কাম কৰে।

তিল আৰু চজিনাৰ পাত তথা শিপাৰ অংশবোৰত-

*কেলছিয়াম,

*মেংগানিজ,

*জিংক,

*কপাৰ,

*ফছফৰাছ আদি থাকে।

প্ৰমাণিত ৰূপে, চজিনাৰ পাত(Moringa Leave)ত গাখীৰতকৈ বেছি পৰিমাণৰ কেলছিয়াম থাকে। কিন্তু ৪-৫ টা পাত খালে হয়তো উপযুক্ত কেলছিয়াম পোৱাটো টান হয়। সেইবাবে টেবলেট হিচাপে চজিনাৰ পাত তথা গুটিৰ গুৰুত্বপূৰ্ণ অংশসমূহ(Extract) তৈয়াৰ কৰা হয়।

তদুপৰি-

*ব্ৰক’লি,

*পালেং শাক,

*সৰিয়হ,

*ঢেঁকীয়া শাক,

*নহৰু,

*গাখীৰৰপৰা তৈয়াৰী বস্তু,

*কমলাটেঙা,

*ছয়াবিন আদি কেলছিয়ামৰ ভাল উৎস।

আয়ুৰ্বেদত কেলছিয়ামৰ উৎসৰূপে-

*প্ৰবাল পিষ্টী,

*মুক্তা,

*পিষ্টী,

*শংখভস্ম,

*শুক্তিটভস্ম আদিৰ উপদেশ দিয়া হয়।

এক খুব উপযোগী উদ্ভিদৰ প্ৰয়োগ কৰা হয় অ’ষ্টিঅ’প’ৰ’ছিছত, সেয়া হ’ল হাড়জোৰা/অস্থিশৃংখলা(Cissus Quadriangularis)। হাড়ৰ ভিতৰত এক লেপন ৰূপে কাম কৰা, এই বিধে অ’ষ্টিঅ’প’ৰ’ছিছ নোহোৱা কৰে তথা পুনৰাই হোৱাত বাধা প্ৰদান কৰে। হাড় তথা মাংসপেশীৰ বিষৰ বাবে গুগুলু, চাল্লকী বা ৰামা শীৰ্ষক উদ্ভিদ ব্যৱহৃত হয়। কেলছিয়ামৰ সম্পূৰ্ণ শোষণৰ বাবে অগ্নিৰ বৃদ্ধিৰ প্ৰয়োজন হয় আৰু সেই অনুসৰি চিকিৎসা প্ৰদান কৰা হয়। হাড় তথা সন্ধিক নতুনত্ব প্ৰ্দান কৰিবলৈ লাক্ষা(Laccifer Lacca) আৰু বাবুল(Vachellia nilotica) ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ কাৰ্যও খুব খৰতকীয়া হয়। পঞ্চকৰ্ম থেৰাপীৰ অন্তৰ্ভূক্ত স্নেহন আৰু বস্তিৰ(Internal oleation and oleative enema therapy) দ্বাৰাও অ’ষ্টিঅ’প’ৰ’ছিছৰ সুফলদায়ক চিকিৎসা প্ৰদান কৰ হয়।

লেখিকা: ডাঃ ৰীমা ভট্টাচাৰ্য(দৈনিক অসম)