এগৰাকী ৬০ বছৰীয়া ব্যক্তি। ভাত খালেও তেওঁ পুনৰ ঘৰৰ মানুহক মোক কিয় ভাত দিয়া নাই বুলি হাহাকাৰ লগায়। নিজৰ পুত্ৰকো কেতিয়াবা আপুনি সম্বোধন কৰি ক’ব পৰা কি কামত আহিছে আদি প্ৰশ্ন সোধে। কেতিয়াবা নিজৰ নামো পাহৰি যায়।

এই লোকজন এক বিশেষ ৰোগত আক্ৰান্ত হৈছে। সাম্প্ৰতিক বিশ্বত এনে বহু লোক আছে, যিয়ে মুহূৰ্তৰ ভিতৰতে যিকোনো কথা পাহৰি পেলায়। বিশ্বজুৰি একপ্ৰকাৰৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা এই ৰোগ হৈছে ‘আলঝেইমাৰ’। সম্প্ৰতি বিশ্বত কোটি কোটি লোক আলঝেইমাৰ ৰোগৰ আক্ৰান্ত।

মানুহৰ জন্মৰ পিছৰে পৰা মগজুৰ দ্ৰুতগতিত বিকাশ ঘটি থাকে। আলঝেইমাৰ ৰোগো জড়িত হৈ আছে মগজুৰ সৈতেই। মগজুৰ কোষবোৰ যেতিয়া বয়স বৃদ্ধিৰ লগে লগে বিকল হৈ মৰি যোৱা অৱস্থাপ্ৰাপ্ত হ’বলৈ ধৰে, তেতিয়া প্ৰতিদিনে অতি দ্ৰুতগতিত কোষৰ বিনাশ সাধন হয়।

এনে পৰিস্থিতিত লোক এজন আলঝেইমাৰৰ দৰে ৰোগত আক্ৰান্ত হ’ব পাৰে। সম্প্ৰতি আমেৰিকাতেই ৬.৮ নিযুত লোক আলঝেইমাৰ দৰে ৰোগত আক্ৰান্ত বুলি স্বাস্থ্যবিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ২০৫০ চনৰ ভিতৰত আমেৰিকাত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আলঝেইমাৰ হৈছে একপ্ৰকাৰৰ স্নায়ু জনিত ৰোগ। মগজুৰ অতি সংবেদনশীল কোষবোৰ যেতিয়া ধ্বংসপ্ৰাপ্ত হ’বলৈ ধৰে তেতিয়াই মানুহ এজনে হেৰুৱাই পেলায় তেওঁৰ স্মৃতি শক্তি। সেইবাবেই নিজৰ ঘৰৰ মানুহকো বহু সময়ত চিনিব নোৱাৰা হৈ পৰে এই ৰোগত আক্ৰান্ত লোকে।

উন্ন দেশৰ পৰা আৰম্ভ কৰি উন্নয়নশীল দেশলৈকে সকলোতে এতিয়া আলঝেইমাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। তাহানিতে এই ৰোগবিধৰ বিষয়ে মানুহে বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ লগে লগে মানুহে এই ৰোগবিধক গুৰুত্ব দিবলৈ ধৰিছে।

আগতে মানুহে বয়স হ’লে কথা পাহৰেই বুলি ৰোগবিধক উলাই কৰিছিল। কিন্তু চিকিৎসা বিজ্ঞানৰ শেহতীয়া পৰীক্ষা নিৰীক্ষাসমূহ আলঝেইমাৰ ৰোগ অতি সহজে চিনাক্ত কৰিব পৰাৰ ফলত ৰোগবিধ সন্দৰ্ভত মানুহ এতিয়া সচেতন হ’বলৈ ধৰিছে।

দৰাচলতে আলঝেইমাৰ হৈছে ডিমেনচিয়াৰেই এক অন্য ৰূপ। ডিমেনচিয়াত মানুহে কথাবোৰ পাহৰি যাবলৈ ধৰে। সোঁৱৰণী নদীৰ বোৱতি সোঁতত উটি ভাহি ফুৰা মানুহে এটা সময়ত এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত সকলো ধৰণৰ সোঁৱৰণী হেৰুৱাই পেলায়।

এক কথাত ক’বলৈ গ’লে মানুহ এজনৰ স্মৃতি শক্তি এই ৰোগে আংশিকভাৱে অথবা বহু সময়ত সম্পূৰ্ণৰূপে নোহোৱা কৰি তোলে।

আলঝেইমাৰ ৰোগৰ লক্ষণ অতি ধীৰ গতিত প্ৰকাশ পায়। প্ৰথম অৱস্থাত এই ৰোগত যে মানুহ এজন আক্ৰান্ত হৈছে, সেই কথা আনে সহজে ধৰিব নোৱাৰে। কিন্তু সময় বাগৰাৰ লগে লগে আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত ৰোগবিধৰ লক্ষণসমূহ ভালদৰে পৰিসফূত হ’বলৈ ধৰে।

তেতিয়াই প্ৰয়োজন হৈ পৰে ৰোহজনক চিকিৎসকৰ কাষলৈ নিয়াৰ। আলঝেইমাৰ ৰোগী এজন যেতিয়া ৰোগবিধত বেয়াকৈ আক্ৰান্ত হয়, তেতিয়া তেওঁৰ স্মৃতিশক্তি ইমানেই বেছি হ্ৰাস পায় যে তেওঁ সাধাৰণ কথাসমূহো মুহূৰ্তৰ ভিতৰতে পাহৰি যায়।

প্ৰথমে উল্লেখ কৰা ৬০ বছৰীয়া লোকজনৰ ক্ষেত্ৰত যিদৰে ভাত খোৱাৰ পিছতে ‘মোক কিয় ভাত দিয়া নাই’ বুলি প্ৰশ্ন কৰাৰ পৰিৱেশ সৃষ্টি হয়, ঠিক তেনেদৰে আলঝেইমাৰ ৰোগীয়ে ৰোগৰ মাজ পৰ্যায়ত এনেধৰণৰ আচৰণেই কৰিবলৈ ধৰে।

তেওঁ বহু কথাৰ যুক্তি বিচাৰি নাপায়। আচৰিত কথাটো হ’ল আলঝেইমাৰ ৰোগীয়ে কোনো এটা আলঝেইমাৰ ৰোগীয়ে কোনো কথা আকৌ হঠাতে মনত পেলাব পাৰে।

কিন্তু পিছ মুহূৰ্ততে সেই কথাষাৰ তেওঁ পাহৰি যায়। আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান সাধাৰণ লক্ষণ এনেধৰণৰ-

*একেটা প্ৰশ্নকেই বাৰে বাৰে কৰি থকা অথবা একেখিনি কথাকেই বাৰে বাৰে কৈ থাকে।

*নিজৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহ ক’ৰবাত থৈ আন ক’ৰবাত বিচাৰি থকা।

*মানুহে চিনাক্ত কৰাত অসুবিধা হোৱা, আনকি ঘৰৰ মানুহকো।

*বাট-পথ আদি চিনাক্ত কৰাত অসুবিধা হোৱা।

*হিচাপ-নিকাচ কৰাত অসমৰ্থ হোৱা। একেখিনি কথাকেই বাৰে বাৰে হিচাপ কৰি থকা।

*কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ্থ হোৱা।

*কোনো কাম এটা কিদৰে কৰিব, সেই বিষয়ে তাৎক্ষণিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত ল’লেও লগে লগে পাহৰি যায়।

*নিজৰ নাম অথবা আনৰ নামো পাহৰি যায়।

*দৃষ্টি শক্তি হ্ৰাস পোৱা।

*চিনাকি মানুহকো হঠাতে চিনাক্ত কৰিব নোৱাৰা হোৱা।

*অতি গুৰুতৰ অৱস্থাত নিজৰ কাপোৰ নিজে পিন্ধিব নোৱাৰা হোৱা।

*কথা কোৱাত অসুবিধা পোৱা, কিতাপ-পত্ৰ পঢ়া অথবা লিখাৰ ক্ষেত্ৰত অসুবিধা পোৱা। কেতিয়াবা সাধাৰণ শব্দ একোটা মনত পেলাই লিখাৰ ক্ষেত্ৰতো অসমৰ্থ হোৱা।

*কথা কৈ থাকোতে সাধাৰণ শব্দ এটা পাহৰি গৈ মাজতে ৰৈ যোৱা।

*ব্যক্তিত্ব আৰু আচৰণৰ ক্ষেত্ৰত পৰিৱবৰ্তন অহা। উদাহৰণ স্বৰূপে সততে মানসিক অৱস্থাৰ পৰিৱৰ্তন ঘটা, হঠাতে উত্তেজিত হোৱা অথবা হঠাতে উত্তেজিত হোৱা অথবা হঠাতে আনৰ প্ৰতি অধিক সহানুভূতিশীল হৈ পৰা, কোনো বিষয়ত হঠাতে অধিক গুৰুত্ব দিয়া অথবা মুঠেও গুৰুত্ব নিদিয়া আদি।

এনেবোৰ লক্ষণ আলঝেইমাৰ ৰোগৰ প্ৰাথমিক লক্ষণ। আলঝেইমাৰ যিহেতু ডিমেচিয়াৰে এটা ৰূপ, সেয়ে ডিমেনচিয়াৰ লক্ষণসমূহৰ সৈতে আলঝেইমাৰৰ লক্ষণসমূহৰ যথেষ্ট মিল থকা দেখা যায়।

এইক্ষেত্ৰত এনে লক্ষণ দেখা পালেই তেনে লোকক শীঘ্ৰে চিকিৎসকৰ কাষলৈ নিয়াৰ দিহা কৰিব লাগে। আলঝেইমাৰৰ প্ৰধান লক্ষণেই যিহেতু স্মৃতি শক্তি হ্ৰাস পোৱা, সেইবাবে কোনো লোকৰ ক্ষেত্ৰত এনে লক্ষণ দেখা পালে উপযুক্ত পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে তেওঁ আলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছে নে নাই, সেই কথা নিশ্চিত কৰিব পাৰি।

আলঝেইমাৰ ৰোগৰ আনকেইটামান প্ৰাথমিক লক্ষণৰ ভিতৰত সাধাৰণ কথাসমূহ পাহৰি যোৱা, বস্তু ক’ৰবাত থৈ ক’ৰবাত বিচাৰি থকা আদি।

সাধাৰণতে আলঝেইমাৰ ৰোগীয়ে কেইবাটাও স্তৰৰ মাজৰে গৈ শেষ স্তৰত উপনীত হয় আৰু এটা সময়ত মগজুৰ কোষবিলাক সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হোৱাৰ ফলত ৰোগীয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়।

আলঝেইমাৰ ৰোগে মানুহক বেছি বয়সতহে আক্ৰমণ কৰে তেনে কথা নহয়। শেহতীয়া স্বাস্থ্যসম্পৰ্কীয় সমীক্ষাসমূহৰ পৰা এই কথা জনা গৈছে যে আলঝেইমাৰ ৰোগে কেৱল বয়সস্থ লোকসকলকেই আক্ৰমণ নকৰে। কম বয়সৰ লোকসকলো এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

সাধাৰণতে ৩০-৬০ বছৰ বয়সৰ ভিতৰৰ লোকসকলৰ বহুতেই আলঝেইমাৰ ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। শেহতীয়া এক সমীক্ষা অনুসৰি আলঝেইমাৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ পাঁচ শতাংশ ৰোগী ত্ৰিছ বছৰৰ ভিতৰৰ বুলি জনা গৈছে।

কম বয়সৰ ৰোগীসকলৰ ক্ষেত্ৰত অতি ধীৰ গতিত আলঝেইমাৰ ৰোগৰ লক্ষণসমূহ ফুটি উঠিবলৈ ধৰে।

আলঝেইমাৰ ৰোগত আক্ৰান্ত ৰোগী এজনে সাতটা স্তৰ অতিক্ৰম কৰাৰ পিছত অন্তিম স্তৰত উপনীত হয়। এই সময়ছোৱাত ৰোগীৰ ক্ষেত্ৰত চিকিৎসাই কোনো কাম নিদিয়া হৈ পৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আমাৰ মগজুৰ কোষসমূহৰ স্ব-মেৰামতি অথবা স্ব-নিৰাময়ৰ কোনো উপায় নাই।

কোষবোৰ যদি ধ্বংসপ্ৰাপ্ত হ’বলৈ ধৰে, তেন্তে মগজুত নতুনকৈ সেই কোষৰ সৃষ্টি নহয়। সেইবাবেই আলঝেইমাৰ ৰোগত আক্ৰান্ত ৰোগীৰ কোষবোৰ লাহে লাহে ভাগি গৈ থকাৰ ফলত ৰোগীত অৱস্থা ক্ৰমাৎ বেয়াৰ দিশলৈ ঢাল খায়। এইক্ষেত্ৰত অন্তিম অৱস্থাত সেয়ে কোনোধৰণৰ চিকিৎসাই কাম নিদিয়া হৈ পৰে।

চিকিৎসা বিজ্ঞানীসকলে আলঝেইমাৰ ৰোগৰ প্ৰথম চাৰিটা স্তৰক ৰোগৰ প্ৰাথমিক স্তৰ হিচাপেই গণ্য কৰি আহিছে।

চাৰিট স্তৰৰ পিছৰ স্তৰসমূহত ৰোগীৰ অৱস্থা অধিক বেয়া হৈ পৰে। আলঝেইমাৰৰ সৈতে জড়িত হৈ থকা-

*ডিমেনচিয়া,

*হানিংটমছ ডিজিজ,

*পাৰ্কিনচন্স ডিজিজি,

*ফ্ৰুটজ ফেল্ট ডিজিজ আদিৰ ৰূপত ধৰা দিয়ে।

ৰোগ নিৰ্ণয়:

আলঝেইমাৰ ৰোগ নিৰ্ধাৰণ কৰিবলৈ কোনো একক পৰীক্ষা পদ্ধতি নাই। চিকিৎসকে ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন উপসৰ্গসমূহ ভালদৰে অনুধাৱন কৰাৰ লগতে ৰোগীৰ স্বাস্থ্যসম্পৰ্কীয় পূৰ্বৰ কথা আদি জানি ল’বলগীয়া হয়।

এনে তথ্যবিলাক ভালদৰে বিশ্লেষণ কৰাৰ পিছত চিকিৎসক এজনে ৰোগ আলঝেইমাৰ ৰোগত আক্ৰান্ত হৈছে নে নাই, সেই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ৰোগীৰ স্নায়ুসম্পৰ্কীয় বিভিন্ন পৰীক্ষা কৰাৰ লগতে ৰোগীৰ ভৰিৰ ভাৰসাম্য, হাত-ভৰি আদিৰ স্পৰ্শকাতৰতা আদি সম্পৰ্কীয় পৰীক্ষাও কৰা হয়।

দৰাচলতে আমাৰ মগজুটোৱেই দেহৰ সকলো অংগ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ অজানিতেই নিৰ্দেক্ষ প্ৰেৰণ কৰি থাকে। সেইবাবেই আমি-

*খোজ কাঢ়িব পাৰো,

*কথা পাতিব পাৰো,

*গান গাব পাৰো,

*বহিব পাৰো,

*শুব পাৰো আৰু

*অন্যান্য কাম আদি কৰিব পাৰো।

এইক্ষেত্ৰত মগজুৱে যদি আমাক নিৰ্দেশ দিয়া বন্ধ কৰে অথবা নিৰ্দেশ প্ৰেৰণৰ প্ৰক্ৰিয়া মন্থৰ হৈ পৰে, তেন্তে আমাৰ দেহৰ বিভিন্ন অংগৰ কাম-কাজত স্থবিৰতা অথবা বিশৃংখলতা আহি পৰে। আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত অসুবিধা পাবলৈ ধৰে।

ৰোগীৰ খোজবোৰ থৰক বৰক হোৱাৰ লগতে ভাৰসাম্যহীন হৈ পৰে। আলঝেইমাৰ ৰোগৰ একেবাৰে শেষৰ পৰ্যায়ত ৰোগী এনেধৰণৰ উপসৰ্গৰ চিকাৰ হয়। সেইবাবে ৰোগীৰ ভৰিৰ ভাৰসাম্যৰ বিষয়টো লৈ চিকিৎসকে বিশেষভাৱে মন কৰে।

আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত তেজ আৰু প্ৰস্ৰাৱৰ বিভিন্ন পৰীক্ষা কৰাৰ লগতে মগজুৰ চি.টি. স্কেন বা এম. আৰ. আই. ও কৰা হয়। এনেবোৰ পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে আলঝেইমাৰ ৰোগী এজনক চিনাক্ত কৰিবম পাৰি।

ডিমেনচিয়াৰ এটা বিশেষ ভাগ হৈছে হানিংটনছ ডিজিজ। এই ৰোগ বহুক্ষেত্ৰত জেনেটিক কাৰণত হ’ব পাৰে। সেইবাবেই এই ৰোগ বংশানুক্ৰমিক হোৱাও দেখা যায়। হানিংটনছ ডিজিজৰ ক্ষেত্ৰত সেইবাবে কেতবোৰ বিশেষ জেনেটিক পৰীক্ষাৰ প্ৰয়োজন হৈ পৰে।

আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত চিকিৎসকে স্মৃতি শক্তিৰ পৰীক্ষাও সম্পন্ন কৰিব পাৰে। এনে পৰীক্ষাৰ জৰিয়তে ৰোগী এজনে কিমানখিনি আক্ৰান্ত হৈছে, সেই বিষয়ত চিকিৎসক নিশ্চিত হ’ব পাৰে।

আলঝেইমাৰ ৰোগীক চিনাক্ত কৰাৰ ক্ষেত্ৰত চিকিৎসকে সুধিব পৰা কেইটিমান প্ৰশ্ন এনেধৰণৰ হ’ব পাৰে-

আপোনাৰ বয়স কিমান? আপোনাৰ নাম কি?

আপুনি কোনখন চহৰত বাস কৰে?

বৰ্তমান কিমান চন?

সময় কিমান হৈছে ইত্যাদি।

এনেবোৰ প্ৰশ্নৰ উত্তৰ দানত যদি ৰোগী এজন ব্যৰ্থ হয়, তেন্তে চিকিৎসকে তেওঁ আলঝেইমাৰত আক্ৰান্ত হোৱাৰ বিসয়ত কিছু পৰিমাণে হ’লেও নিশ্চিত হ’ব পাৰে। কাৰন চিকিৎসকে সোধা প্ৰশ্নসমূহৰ উত্তৰ যিকোনো লোকেই দিব পৰা উত্তৰ।

আলঝেইমাৰৰ সৈতে কেতবোৰ জেনেটিক কাৰকো জড়িত হৈ থাকিব পাৰে। চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বিভিন্ন পত্ৰিকাত প্ৰকাশিত সমীক্ষা আদিৰ পৰা জানিব পৰা মতে আলঝেইমাৰ ৰোগৰ সৈতে জড়িত এবিধ বিশেষ জিন হৈছে এ পি অ’ ই- ই-৪ নামৰ জিনবিধ।

এই জিনবিধৰ প্ৰভাৱতেই ওপৰৰ বহু লোক আলঝেইমাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। সেইবাবেই চিকিৎসকে এই জিনবিধৰ উপস্থিতি নিশ্চিত কৰিবলৈ পৰীক্ষা চলায়।

অৱশ্যে এনে পৰীক্ষাৰ ফলাফল কিমানখিনি গ্ৰহণযোগ্য তাকে লৈ চিকিৎসক সমাজৰ মাজতেই মতানৈক্য থকা পৰিলক্ষিত হৈছে।

আলঝেইমাৰ ৰোগৰ চিকিৎসা -

আলঝেইমাৰ যিহেতু এক স্নায়ুজনিত ৰোগ আৰু মগজুৰ কোষ ধ্বংসৰ ফলত সৃষ্টি হোৱা ৰোগ, সেয়ে এই ৰোগৰ চিকিৎসা কৰাটো চিকিৎসকৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰে।

দৰাচলতে মগজুৰ কোষসমূহ এবাৰ ধ্বংসপ্ৰাপ্ত হ’লে পুনৰ সেইবোৰ নতুনকৈ সৃষ্টি নহয়। সেইবাবেই আলঝেইমাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকে দৰব অথবা আন পদ্ধতি প্ৰয়োগ কৰি মগজুৰ ধ্বংসপ্ৰাপ্ত কোষবিলাক পুনৰ সক্ৰিয় কৰি তুলিব নোৱাৰে।

এইক্ষেত্ৰত চিকিৎসকে ৰোগৰ সৈতে সহ অৱস্থান কৰি কিদৰে ৰোগীয়ে জীয়াই থাকিব পাৰে, সেই বিষয়তহে অধিক গুৰুত্ব দিবলগীয়া হয়।

আলঝেইমাৰ্ছ এছ’চিয়েচনৰ মতে এই ৰোগত আক্ৰান্ত ৰোগীয়ে যাতে সামাজিক নিৰাপত্তাহীনতাত নোভোগে অথবা নিজকে অকলশৰীয়া বোধ নকৰে, সেই বিষয়ত অধিক গুৰুত্ব দিব লাগে।

ৰোগীক মৰম চেহেহেৰে যতন কৰিব লাগে আৰু তেওঁক কেতিয়াও এনে ভাব হ’বলৈ দিব নালাগে যে তেওঁ এতিয়া অকলশৰীয়া হৈ পৰিছে।

ৰোগীয়ে দৈনন্দিন কাম-কাজবিলাক যাতে সুচাৰুৰূপে নিজে কৰি যাব পাৰে, সেই বিষয়ত আনে ৰোগীক সহায় কৰিব লাগে।

মুঠৰ ওপৰত সকলো ধৰণৰ সমৰ্থন ৰোগীৰ প্ৰতি জনাব লাগে, যাতে ৰোগীয়ে কোনোপধ্যেই অৱহেলিত অনুভৱ নকৰে।

দৰবৰ জৰিয়তে আলঝেইমাৰ ৰোগৰ চিকিৎসা কৰিব পৰা কোনো ধৰণৰ কাৰ্যকৰী দৰব এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই।

কিন্তু কেতবোৰ বিশেষ দৰব ব্যৱহাৰ কৰি ৰোগীৰ দেহত দেখা দিয়া বিভিন্ন ধৰণৰ উপসৰ্গৰ পৰা ৰোগীক সকাহ দিব পৰা যায়।

এনেধৰণৰ দৰব ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন ভালেকেইটা চিকিৎসা সম্পৰ্কীয় প্ৰতিষ্ঠানে স্বীকৃতি দিছে। তেনেধৰণৰ দৰব ব্যৱহাৰ কৰি ৰোগীৰ উপসৰ্গবিলাকৰ উপশম ঘটাব পাৰি।

সাধাৰণতে চিকিৎসকে-

*ডনপেজিল,

*ৰিভাষ্টিগমাইন,

*টেকৰিণ আদি জাতীয় দৰব আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়।

বিভিন্ন ধৰণৰ দৰবৰ লগতে মেমানটাইন জাতীয় দৰবো আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈ আহিছে।

২০১৬ চনত প্ৰকাশ পোৱা এক সমীক্ষা অনুসৰি দৰবৰ জৰিয়তে আলঝেইমাৰ ৰোগীক সুস্থ কৰি তোলাৰ প্ৰয়াস চলাই থকা হৈছে যদিও দৰাচলতে সহানুভূতিৰ মনোভাৱ আৰু মৰম-চেনেহে এনে ৰোগীক জীৱাই থকাত অধিক সহায় কৰে। সেই বাবে এনে ৰোগীৰ প্ৰতি সদায় সহানুভূতিশীল হ’ব লাগে।

লেখক: ডাঃ উৎপল বুঢ়াগোহাঁই(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)