সমগ্ৰ বিশ্বতে ১৯৮৮ চনৰ পৰা প্ৰতিবছৰে ডিচেম্বৰ মাহৰ এক তাৰিখ ‘বিশ্ব এইডছ দিৱস’ পালন কৰি অহা হৈছে।

সমগ্ৰ বিশ্বতে এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱেই এই দিৱসৰ তাৎপৰ্য। সেয়ে, প্ৰতিবছৰে এইডছ দিৱসৰ আলম লৈ কেতবোৰ এইডছ সচেতনতা অভিযান চলোৱা হয়।

১৯৮১ চনত আমেৰিকাৰ লচ এঞ্জেলচত যেতিয়া পোন-প্ৰথমে এইডছ ৰোগী চিনাক্ত কৰা হৈছিল আৰু তাৰ কিছুবছৰ পিছলৈকে এই ৰোগ কেৱল পুৰুষৰ মাজতে আৱদ্ধ থকাটো লক্ষ্য কৰা হৈছিল।

কিন্তু বৰ্তমান UNAIDৰ সমীক্ষা মতে, এইচ.আই.ভি./এইডছ আক্ৰান্তসকলৰ প্ৰায় পঞ্চাছ শতাংশই মহিলা।

মহিলা আৰু ছোৱালীসকল দ্ৰুত গতিত এইচ.আই. ভি/এইডছত আক্ৰান্ত হোৱাৰ কাৰণ কেইবাটাও।

প্ৰথমতে, জৈৱিক কাৰণতে মহিলাসকল পুৰুষতকৈ শীঘ্ৰে সংক্ৰমিত হয়। পুৰুষৰ বীৰ্যত এইচ.আই. ভি বীজাণুৰ গাঢ়তা আৰু পৰিমাণ বেছিকৈ থাকে। মহিলাই এই বীৰ্য ধাৰণ কৰে। যাৰ ফলত মহিলাৰ দেহলৈ ৰোগৰ বীজাণু প্ৰৱেশ কৰে।

দ্বিতীয়তে, গঠনগত ভাবেও মহিলাৰ যৌনাংগৰ পৰিসৰ পুৰুষতকৈ বহল। সেইবাবে এই বীজাণু মহিলাৰ শৰীৰে সহজে শোষণ কৰি লয়।

তাৰোপৰি বিভিন্ন কাৰণত মহিলাৰ যৌনাংগ আঘাতপ্ৰাপ্ত হয়, ৰক্তক্ষৰণ হয়। এনে কাৰণতে সংক্ৰমণ সহজে হয়।

বিশ্বৰ বেছিভাগ সমাজতে মহিলাসকল পুৰুষৰ দ্বাৰা অৱদমিত। আৰ্থিকভাৱেও তেওঁলোক পুৰুষৰ ওপৰত নিৰ্ভৰশীল।

যাৰ বাবে মহিলাৰ ব্যক্তিগত ইচ্ছা-অনিচ্ছাক পুৰুষসকলে গুৰুত্ব দিয়া দেখা নাযায়।

উদাহৰণস্বৰূপে-সহবাসৰ সময়ত কনডমৰ দৰে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে মহিলাই পুৰুষক বাধ্য কৰাব নোৱাৰে। পুৰুষৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতে এই ক্ৰিয়া চলে।

ধৰ্ষণ বা জোৰ জুলুমেৰে কৰা সহবাসত যৌন আঘাত হয়। বিশেষকৈ কমবয়সীয়া বা কিশোৰসকলৰ ক্ষেত্ৰত যৌনাংগ আঘাত প্ৰাপ্ত হ’লে ৰক্তক্ষৰণ হয় আৰু সংক্ৰমণ অতি সহজে হয়।

ৰাষ্ট্ৰসংঘৰ এইডছ নিয়ন্ত্ৰণ শাখাৰ তথ্যমতে, ২০১৬ চনৰ শেষলৈ বিশ্বত ৩৬.৭ নিযুত ব্যক্তি এইচ.আই. ভি/এইডছ ৰোগত আক্ৰান্ত আৰু ইয়াৰে পঞ্চাছ শতাংশই মহিলা।

লক্ষণীয় কথাটো হ’ল- সংক্ৰমিত মহিলাৰ প্ৰায় ৯০ শতাংশ মহিলা কোনো পুৰুষৰ বিবাহিত একমাত্ৰ স্ত্ৰী।

তথ্যৰ পৰা এইটোও জনা গৈছে যে এনে মহিলাৰ স্বামী জীৱিকাৰ বাবে বেছিভাগ সময় ঘৰৰ বাহিৰত কাম কৰিবলগীয়া হয়। যৌনস্পৃহা এক প্ৰাকৃতিক অৱদান।

দীৰ্ঘদিনৰ বাবে যৌনস্পৃহা দমাই ৰখাটো অত্যন্ত কঠিন কাম। সেয়ে এনেধৰণৰ মহিলাসকলে এইচ.আই. ভি. সংক্ৰমিত পুৰুষৰ সংস্পৰ্শলৈ আহে আৰু এনেদৰেই এই বীজাণুৰ সংক্ৰমণ বিস্তাৰিত হয়।

এইচ.আই. ভি/এইডছ সংক্ৰমিত আটাইবোৰ ব্যক্তিৰ ভিতৰত পঞ্চাশ শতাংশ ব্যক্তিৰ বয়স ১৫ৰ পৰা ২৫ বছৰৰ ভিতৰত।

বৰ্তমান বিশ্বত ২.৫ নিযুত পোন্ধৰ বছৰৰ তলৰ শিশু এই ৰোগত আক্ৰান্ত আৰু ইয়াৰ সৰহসংখ্যকেই কিশোৰী।

আন এক তথ্যৰ পৰা জনা গৈছে যে আক্ৰান্ত ব্যক্তিসকলৰ ৮০ৰ পৰা ৮৫ শতাংশই প্ৰকৃত যৌন আচৰণৰ(Haterosexual) যোগেদি সংক্ৰমিত হৈছে।

*ৰক্ত সংৰচনৰ উপযুক্ত পদ্ধতি,

*মাতৃৰ পৰা শিশুলৈ হোৱা সংক্ৰমণ ৰোধৰ আঁচনি,

*দেহত ব্যৱহাৰ কৰা যন্ত্ৰ-পাতিৰ বিশুদ্ধিকৰণ পদ্ধতি আদিৰ জৰিয়তে আনবোৰ কাৰণত হোৱা এইচ.আই. ভি. সংক্ৰমণ যথেষ্ট পৰিমাণে কমি অহা দেখা গৈছে।

সেয়েহে প্ৰতিৰোধৰ ক্ষেত্ৰত যৌন আচৰণৰ দ্বাৰা সংক্ৰমিত এইচ.আই. ভি.ৰ ক্ষেত্ৰতহে এক প্ৰত্যাহ্বানৰ প্ৰয়োজন হৈছে।

মহিলা কিম্বা ছোৱালী যিহেতু প্ৰজননৰ আধাৰ, সেয়েহে পুৰুষসকল এই ক্ষেত্ৰত অধিক দায়িত্বশীল হোৱা উচিত।

লিংগ বৈষম্যই যাতে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে যত্নপৰ হ’ব লাগে।

যৌনৰোগ আৰু এইডছ -

সহবাস বা যৌনাংগৰ সংস্পৰ্শৰ ফলত এজনৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ সোঁচৰা ৰোগকে যৌগৰোগ বোলে।

সততে দেখা পোৱা যৌনৰোগসমূহ হ’ল-

*গ’ণৰীয়া,

*চিফিলিচ,

*চেংক্ৰয়ড,

*জেনিটেল হাৰপিচ,

*জেনিটেল ৱাৰ্ট আৰু

*ক্লেমাইডিয়া আদি।

-যৌনাংগৰ পৰা দুৰ্গন্ধযুক্ত জুলীয়া পদাৰ্থ নিঃসৰণ,

-যৌনাংগত ঘা,

-প্ৰস্ৰাৱ দ্বাৰেৰে অস্বাভাৱিক ক্ষৰণ আৰু অণ্ডকোষ ফুলি উঠা,

-তলপেটৰ বিষ,

-কেঁচুৱাৰ চকুৰ পৰা পূঁজ ওলোৱা আদি যৌন ৰোগৰ লক্ষণ।

তথ্য প্ৰযুক্তিৰ উন্নতি আৰু প্ৰচাৰ মাধ্যমৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ পিছতো প্ৰতিবছৰে বিশ্বৰ ভালেমানে ব্যক্তি যৌনৰোগত ভোগে।

ভাৰতবৰ্ষতে প্ৰতিবছৰে প্ৰায় ২০ নিযুত ব্যক্তি এনে ৰোগত আক্ৰান্ত হয়।

কিছুমানৰ ক্ষেত্ৰত ৰোগৰ লক্ষণসমূহৰ বৰ্হিপ্ৰকাশ ঘটে আৰু কিছুমানৰ সুপ্ত অৱস্থাত থাকে। অথচ সুপ্ত হৈ থকা অৱস্থাত এই ৰোগ তেওঁৰ যৌনসংগীলৈ বিয়পাই দিব পাৰে।

যৌনৰোগে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক জীৱন দুৰ্বিষহ কৰি তোলে। এইডছো এই যৌনৰোগ।

আনবোৰ যৌনৰোগ উপযুক্ত চিকিৎসাৰে নিৰাময় কৰিব পাৰি কিন্তু এইডছ নিৰাময় কৰিব নোৱাৰি।

এইচ.আই. ভি/এইডছ আৰু আন যৌনৰোগৰ মাজত থকা সম্পৰ্ক এনে ধৰণৰ -

*অইন যৌনৰোগৰ দৰে এইচ.আই. ভি/এইডছো প্ৰকৃত যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত হয়। সেয়ে, যি পদ্ধতিৰে আন যৌনৰোগক বাধা দিব পাৰি, সেই পদ্ধতিৰে এইডছকো বাধা দিব পাৰি।

*যৌনৰোগ থকা ব্যক্তিসকল এইচ.আই. ভিৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অতি বেছি।

যৌনাংগত ঘা থাকিলে এইচ.আই. ভি সংক্ৰমণ সম্ভাৱনা ১০ গুণ আৰু মূত্ৰনলীৰ পৰা পূঁজ নিঃসৰণ হ’লে সম্ভাৱনা ৫ গুণ বাঢ়ি যায়।

*এইচ.আই. ভি. আক্ৰান্ত ব্যক্তিসকল যদি অইন যৌনৰোগত ভোগে তেন্তে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত অধিক মনোযোগ দিবলগীয়া হয়।

এনে ৰোগীৰ চিকিৎসা দীৰ্ঘদিনীয়া হয় আৰু ঔষধো দীৰ্ঘদিন ধৰি খাবলগীয়া হয়।

আন যৌগৰোগবোৰ যিহেতু উপযুক্ত চিকিৎসাৰে নিৰাময় কৰিব পাৰি, সেয়েহে যৌনৰোগ নিয়ন্ত্ৰণ আঁচনিখন এইডছ নিয়ন্ত্ৰণ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে।

এইচ.আই. ভি. সংক্ৰমিত হোৱা বুলি সন্দেহ হ’লে কি কৰিব?

প্ৰায় ডেৰ দশকৰ আগলৈকে সংক্ৰমণ হোৱা বুলি সন্দেহ হ’লেও সতকাই এইচ.আই. ভি.ৰ কাৰণে পৰীক্ষা কৰাৰ সুবিধা নাছিল।

সংক্ৰমিত ব্যক্তিসকলে অনিবাৰ্য মৃত্যুৰ আশংকাত মানসিক বিকৃতিত ভুগিছিল। সমাজতো তেওঁলোক ঘৃণা আৰু লাঞ্ছনাৰ বলি হৈছিল।

কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্ৰস্তুত কৰা বিভিন্ন আঁচনিৰ জৰিয়তে এই আক্ৰান্ত ৰোগীসকলক ভালেখিনি সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

কাউন্সেলিং ব্যৱস্থাৰ দ্বাৰা পৰামৰ্শদান কৰি, সুবিধাবাদী সংক্ৰমণৰ বিপৰীতে প্ৰতিষেধক ব্যৱস্থা লৈ তেওঁলোকৰ জীৱনৰ দৈৰ্ঘ বৃদ্ধি কৰিব পৰা গৈছে।

সেয়েহে বৰ্তমান এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা প্ৰত্যেককে তেজ পৰীক্ষা কৰি সংক্ৰমণ নিশ্চিতকৰণৰ বাবে উৎসাহ যোগোৱা হৈছে।

স্বেচ্ছামূলক গোপনীয় পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰ(VCCTC)-

এইডছ নিয়ন্ত্ৰণ সংস্থাৰ নিৰ্দেশনা মৰ্মে আমাৰ দেশত সকলো জিলাতে অন্ততঃ একোটাকৈ এনে কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা হৈছে।

সেই মতে অসমতো প্ৰতিখন জিলাত এনে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে।

এই কেন্দ্ৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত কাউন্সেলৰ আৰু টেকনিচিয়ান নিযুক্তি দিয়াৰ লগতে চিকিৎসকসকলকো বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে।

এই তেজ পৰীক্ষা কৰাই তেওঁ এইচ.আই. ভি.ৰ দ্বাৰা আক্ৰান্ত হয় নে নহয়, সেইটো জানি ল’ব পাৰে।

এই ব্যক্তিসকল ডাক্তৰ বা যিকোনো ব্যক্তিৰ পৰামৰ্শ অনুযায়ীও আহিব পাৰে। এনে পৰীক্ষাৰ কাৰণে কোনো মাচুল দিব নালাগে।

পৰীক্ষাৰ ফলাফল সম্পূৰ্ণৰূপে গোপনীয়ভাৱে ৰখা হয় আৰু কেৱল তেওঁকহে জনোৱা হয়।

এই কেন্দ্ৰসমূহত এইচ.আই. ভি/এইডছ চিনাক্তকৰণৰ বাহিৰেও এইচ.আই. ভি. নিৰীক্ষণ সম্পৰ্কীয় পৰীক্ষাও কৰা হয়।

তাৰ লগতে এইডছৰ বিপৰীতে সচেতনতা বৃদ্ধিৰ ব্যৱস্থা লোৱা হয়।

অঞ্চলটোৰ স্বেচ্ছাসেৱী অনুষ্ঠান, প্ৰতিষ্ঠান তথা স্বাস্থ্যবিভাগৰ অন্য শাখাৰ লগতো যোগাযোগ স্থাপন কৰা হয়।

*কাউন্সেলেৰে ব্যক্তিৰ এইচ.আই. ভি. সম্পৰ্কে মনৰ সংশয়,

*অন্ধবিশ্বাস দূৰ কৰাত সহায় কৰে,

*বিপদসংকুল আচৰণৰ পৰা বিৰত থাকিবলৈ উদগনি যোগায় আৰু পুষ্টিকৰ খাদ্য,

*নিতমিত ব্যায়াম আৰু জিৰণি,

*পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা চিকিৎসা সম্পৰ্কীয় খা-খবৰ যোগান ধৰে।

আজিকালি এন্টিৰেট্ৰভিৰেল ঔষধ প্ৰতিখন জিলাৰ অসামৰিক চিকিৎসালয়ত সহজলভ্য হৈছে।

কিন্তু এতিয়ালৈকে এইবিধ বীজাণুৰ সংক্ৰমণৰ ফলত হোৱা এইডছ ৰোগৰ চিকিৎসা ওলোৱা নাই।

তথাপিও এই ঔষধবিধে মাতৃৰ পৰা শিশুলৈ সংক্ৰমণৰ হাৰ আশাতীতভাৱে কমাই আনিব পাৰে।

বৰ্তমান অসমৰ আটাইকেইখন মেডিকেল কলেজত মাতৃৰ পৰা শিশুলৈ সংক্ৰমণ ৰোধৰ আঁচনিখন কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰশিক্ষণ, নিযুক্তিৰ লগতে লেভিৰাপাইনৰ দৰে ঔষধ যোগান ধৰা হৈছে।

লগতে গৰ্ভৱতী সকলো মাতৃক কাউন্সেলিং দিয়াৰ ব্যৱস্থা কৰা হৈছে।

কাউন্সেলিঙৰ দ্বাৰা পুৰুষৰ মাজত প্ৰচলিত কিছুমান ভ্ৰান্ত ধাৰণা আঁতৰ কৰিব পৰা গৈছে।

সমগ্ৰ বিশ্বতে এইডছে সৃষ্টি কৰা ভয়াবহতাৰ ক্ষেত্ৰত এটাই মাথোন আশাব্যঞ্জক কথা হ’ল- এই ৰোগ এশ শতাংশই প্ৰতিৰোধ্য। কেৱল ইয়াৰবাবে প্ৰতিজন ব্যক্তিৰ সচেতনতাৰ আৱশ্যক।

লেখক: ডাঃ কৃষ্ণৰঞ্জন লহকৰ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)