কঁকালৰ প্ৰদাহজনিত বাত ৰোগ এনকাইল’জিং স্পণ্ডিলাইটিছত মেৰুদণ্ডৰ অস্থিসন্ধিসহ অন্যান্য অংগ-প্ৰত্যংগ আক্ৰান্ত হয়। ইয়াক একেবাৰে নিৰ্মূল কৰিব পৰা নগ’লেও আধুনিক চিকিৎসাৰ মাধ্যমত নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। স্পণ্ডিলআৰ্থ্ৰাইটিছ হ’ল এক প্ৰকাৰৰ বাত ৰোগ। স্পণ্ডিল’আৰ্থ্ৰাইটিছ সংক্ৰমণত কেইবাটাও অস্থিৰ ৰোগ হ’ব পাৰে, যাৰ অন্যতম এটা হ’ল এনকাইল’জিং স্পণ্ডিলাইটিছ। আন ৰোগবোৰ হ’ল- ৰি-একটিভ আৰ্থ্ৰাইটিছ, ছৰিয়াটিক আৰ্থ্ৰাইটিছ, ইনফ্লেমেটৰি বায়’ৱেল ডিজিজ আৰ্থ্ৰাইটিছ, জুভেনাইল ইডিঅ’পেথিক আৰ্থ্ৰাইটিছ, ক্ৰনছ ডিজিজ ইত্যাদি। এনকাইল’জিং স্পণ্ডিলাইটিছ নামৰ বাত ৰোগটো নাৰীৰ তুলনাত পুৰুষৰ বেছি হয়।

উপসৰ্গসমূহ -

*মূল উপসৰ্গ হ’ল কঁকালৰ বিষ। প্ৰথমতে বিষ মৃদু অৱস্থাত থাকে। কিন্তু দিন যোৱাৰ লগে লগে বিষ তীব্ৰতৰ হয়।

*বিছনাত বিষৰ কবলত ইফাল-সিফাল কৰে। ৰাতি বিষ ইমানেই বেছি হয় যে বিষৰ বাবে সাৰ পাই যায়।

*বিশ্ৰাম ল’লে বিষ বাঢ়ে, কিন্তু কাম-কাজ কৰি থাকিলে বিষৰ কমি থাকে।

*কঁকালত বিষ নহ’লেও বিভিন্ন অস্থিসন্ধি, যেনে- ভৰিৰ বিভিন্ন গাঁঠিসমূহত বিষ হোৱাৰ লগতে ভৰিৰ নিম্নাংশ ফুলি যাব পাৰে। এটা ভৰিত বেছি বিষ অনুভৱ হ’লে আনটোত বিষ কম হয়।

*ভৰিৰ মাংসপেশীসমূহ যিবোৰ হাড়ৰ লগত সংযুক্ত হৈ থাকে, সেইবাবে স্থানত বিষ বেছি হয়।

কাৰণসমূহ -

পৃথিৱীৰ প্ৰায় ৮০ শতাংশ মানুহৰ জীৱনত কোনোবা নহয় কোনোবা বয়সত কঁকালৰ বিষ হয়েই। মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা(Immune System) থাকে, যাৰ কামেই হ’ল শৰীৰক নিঃৰোগী কৰি ৰখা। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ যোৱাৰ ফলত শৰীৰৰ বিভিন্ন গাঁঠি বা জইন্ট, মাংসপেশী, হাড় প্ৰভৃতিকে আদি কৰি সকলো অংগ-প্ৰত্যংগ সংক্ৰমিত হয়। এনকাইল’জিং স্পণ্ডিলাইটিছ পুৰুষ-মহিলা উভয়ৰে হ’ব পাৰে।

দায়ী কাৰকসমূহ -

বংশগত:

২০-২৫ শতাংশ ক্ষেত্ৰত জেনেটিক কাৰণ বা বংশ কাৰক হিচাপে অভিহিত কৰা হয়।

ভাইৰাছ:

কিছু কিছু ভাইৰাছ সংক্ৰমণৰ ফলতো এই ৰোগ হয়।

বেক্টেৰিয়া:

বেক্টেৰিয়াৰ আক্ৰমণ কৰিলেও এনকাইল’জিং স্পণ্ডিলাইটিছ হ’ব পাৰে।

পৰীক্ষা:

চিকিৎসকৰ পৰামৰ্শমতে নিম্নোক্ত পৰীক্ষাসমূহ কৰিলে ৰোগ নিশ্চিত কৰিব পাৰে।

লেৰ টেষ্ট:

তেজৰ কিছু পৰীক্ষা-নিৰীক্ষা কৰিলে এই ৰোগ ধৰা পৰে। যেনে- চিবিচি(CBC), ই এছ আৰ(ESR), এইচ এল এ-বি ২৭(HLaB-27) ইত্যাদি।

ইমেজিং:

মেৰুদণ্ডৰ দুয়োকাষে থকা দুয়োটা ছেক্ৰ’ইলিয়াক(SI) জইন্টৰ এক্স-ৰে কৰিলে এই ৰোগ নিশ্চিত হ’ব পাৰে। ক্ষেত্ৰ বিশেষে হাড়ৰ ছফট টিচুবোৰত বিশেষে চিহ্ন বা লক্ষণ চাই ৰোগ নিৰ্ণয়ৰ বাবে ছেক্ৰ’ইলিয়াক জইন্টৰ চিটি স্কেন, এন আৰ আই কৰি নিশ্চিত হ’ব পাৰি।

আলট্ৰাছাউণ্ড বা ছ’নগ্ৰাফী:

এনকাইল’জিং স্পণ্ডিলাইটিছ নিশ্চিত কৰিবলৈ মাস্ক’স্কেলেটাল আলট্ৰাছন’গ্ৰাফী পৰীক্ষাটোও কৰিব পাৰি।

চিকিৎসা আৰু কৰণীয়:

ফিজিঅ’থেৰাপি -

এনকাইল’জিং স্পণ্ডিলাইটিছ হ’লে দৈনিক শাৰীৰিক ব্যায়াম বা ফিজিঅ’থেৰাপিয়ে ৰোগ নিৰাময়ত বহুত সহায় কৰে। শাৰীৰিক ব্যায়ামে মাংসপেশীসমূহক শক্তিশালী আৰু কাৰ্যক্ষম কৰি ৰখাৰ উপৰি ৰাতি গভীৰ টোপনি অহাত সহায় কৰে।

অস্ত্ৰোপচাৰ -

ছাৰ্জাৰি বা অস্ত্ৰোপচাৰ জৰিয়তে এই ৰোগ নিৰ্মূল কৰিব পাৰি। বিশেষকৈ ভৰিৰ ওপৰৰ ফালে যিসকলে অৱশ অৱশ অনুভৱ কৰাৰ উপৰি প্ৰস্ৰাৱ-পায়খানাত সমস্যা হয় তেখেতসকলৰ বাবে অস্ত্ৰোপচাৰ জৰুৰী।

ইয়াৰ ভয়াৱহতা -

*এনকাইল’জিং স্পণ্ডিলাইটিছ হ’লে দেহৰ অন্যান্য অংগ-প্ৰত্যংগও আক্ৰান্ত হ’ব পাৰে। ইয়াৰ ফলত চকু আক্ৰান্ত হয়।

*প্ৰায় ২০-৩০ শতাংশৰো বেছি ক্ষেত্ৰত অন্যান্যৰ গাঁঠি, যেনে- উৰুসন্ধি বা হিপ জইন্ট আৰু নী জইন্ট বা আঁঠু আক্ৰান্ত হয়।

*হৃদযন্ত্ৰ বা হাৰ্টৰ সমস্যা হ’ব পাৰে।

*স্নায়ুতন্ত্ৰ আক্ৰমণ কৰাৰ লগতে স্নায়ুৰ সিৰাবোৰ দুৰ্বল কৰি নানা জটিলতাৰ সৃষ্টি কৰে।

*চকুত সংক্ৰমণ হয়।

*এনকাইল’জিং স্পণ্ডিলাইটিছৰ সমস্যা দীৰ্ঘদিন থাকিলে অষ্টিঅ’পোৰ’ছিছ বা হাড়ৰ ক্ষয়জাতীয় ৰোগ হ’ব পাৰে।

কৰণীয়:

এনকাইল’জিং স্পণ্ডিলাইটিছ ৰোগ চিনাক্ত হোৱাৰ পাছতে দ্ৰুত চিকিৎসা কৰিলে প্ৰায় সম্পূৰ্ণ সুস্থতা লাভ কৰিব পাৰি। সেয়ে কঁকালৰ বিষ অনুভৱ কৰিলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বিশেষ সতৰ্কীকৰণ:

বিষনাশক ঔষধৰ অত্যধিক প্ৰয়োগৰ ফলত মাইগ্ৰেন, কিডনিত পাথৰ হ’ব লাগে।

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম(দৈনিক জনমভূমি)