এলজিমাৰ কুৰি শতিকাৰ আৱিষ্কাৰ। ই কেৱল বাৰ্ধ্যক্যৰ একচেতিয়া বিকাৰ। ই স্মৃতিশক্তি অনুশাসনত ৰখা মগজুত বাৰ্ধ্যক্যত অতি ধীৰে ধীৰে সুস্থিৰে পৰিৱৰ্তন হৈ হোৱা বিকাৰ। লাহে লাহে মগজুৰ অন্য অংশত ক্ৰিয়া কৰাৰ ফলত মেধা, আৱেগ, অনুভূতি, ধৰণ কৰণ আদিত বিসংগতি প্ৰতিফলিত হয়। ৬০ বছৰৰ পাছত ৫ শতাংশ আৰু ৮০ বছৰৰ পাছত ২০ শতাংশই এই অনবগত বিকাৰৰ কবলত পৰে। এই বিকাৰৰ লক্ষণবোৰ শুনি বহু বৃদ্ধলোকে বিকাৰ নোহোৱাকৈয়ে নিজকে এলজিমাৰী বুলি ভুলকৈ ভাৱে।

বাৰ্ধক্যৰ কাৰণেঃ

(১) মাজে সময়ে ভুল বা অবিবেচক সিন্ধান্ত লোৱা।

(২) মাজে সময়ে দিবলগীয়া/পাবলগীয়া পাহৰা।

(৩) দিন তাৰিখ পাহৰা কিন্তু পাছত মনত পৰা।

(৪) কেতিয়াবা কোনো এটা শব্দ বা নাম মনত পেলাবলৈ সময় লগা।

এলজিমাৰীৰ কাৰণেঃ

(১) দুৰ্বল বিচাৰ শক্তি আৰু বিবেচনা শক্তি।

(২) আয়-ব্যয়ৰ হিচাপ চম্ভালিব নোৱাৰা।

(৩) দিন-বাৰ-ঋতুৰ ধাৰণা নথকা।

(৪) কথা পাতোতে ধাৰাবাহিকতা হেৰাই যোৱা। শেষলৈ প্ৰশ্নৰ উত্তৰ দিয়াত ভূল হোৱা।

শেহতীয়াভাৱে বিজ্ঞানে ইয়াৰ কাৰণ আৰু চিকিত্সা সম্পৰ্কে কিছু অৱগত হৈছে। ইয়াৰ কাৰণ সমূহ হৈছেঃ-

(১) মগজুত অনিয়মিত ‘এমাইলয়ড’ৰ উপস্থিতি। এমাইলয়ড এবিধ অদ্ৰৱণীয় আঁহজাতীয় প্ৰটিন। কোনো অংগত ইয়াৰ অনিয়মিত পুঞ্জীভৱনৰ উপস্থিতিয়ে কিছুমান বিশেষ বিকাৰৰ ইংগিত দিয়ে। এলজিমাৰী, মধুমেহী, পাৰকিনচনী (স্নায়ুবাত), বাত বেমাৰী ইত্যাদি ইত্যাদি। পি.ই.টি স্কেনাৰত এলজিমাৰী এজনৰ মগজুৰ কোষৰ মাজত ইয়াৰ অত্যধিক দেখা যায়। ইয়াক কোষবোৰে তাৰ পৰা আঁতৰাব নোৱাৰে। সেয়ে এই পুঞ্জীভূত এমাইলয়ডে ধীৰে ধীৰে মগজুৰ স্নায়ুকোষবিলাকৰ পৰস্পৰ সংযোগস্থলী বিলাক অকামিলা কৰি নিশ্চিতভাৱে স্মৃতিশক্তিৰ অৱক্ষয় কৰে।

(২) মগজুৰ স্নায়ুকোষৰ বাৰ্তা বহনত কলেষ্টেৰেলৰ প্ৰয়োজন। সেয়ে মগজুত ইয়াৰ উত্পাদন বেছি। এলজিমাৰীসকলৰ আৰু মধুমেহীসকলৰ মগজুত কলেষ্টেৰল উত্পাদনৰ বিসংগতি দেখা যায়।

(৩) শেহতীয়াভাৱে প্ৰমাণিত হৈছে যে এলজিমাৰীসকলৰ আনুবংশিক সংক্ৰমণ নুই কৰিব নোৱাৰি। সিহঁতৰ শৰীৰত এবিধ শক্তি উত্পাদনকাৰী উত্সেচকৰ ক্ৰিয়া কমি যোৱা লক্ষণীয়।

প্ৰতিকাৰঃ

(১) সুগুণ কলেষ্টেৰলঃ তেজত উচ্চ ঘনত্বৰ কলেষ্টেৰল থাকিলে এলজিমাৰ বিকাৰৰ বিপদ কম থাকে। সেয়ে ইয়াৰ ৰক্ষণৰ কাৰণে বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি উচিত ব্যৱস্থা লোৱা উচিত।

(২) মনক সজীৱ কৰি ৰখা, দেহক কৰ্মক্ষম কৰি ৰখা আৰু সুষম আহাৰ অতি প্ৰয়োজন। লিখা-পঢ়া, সমাজৰ কাম কৰা, নিয়মিতভাৱে প্ৰতিদিনে খোজকঢ়া, গ’ গ্ৰীণ (শস্যভোজন) মানি চলা দৰকাৰ। বীটৰ ৰস সেৱন, আধা ঘণ্টাকৈ ক্ষিপ্ৰ গতিত খোজকঢ়া ফলপ্ৰসূ।

উৎস: অসমীয়া খবৰ