কিডনী পাথৰ হলে কি খাব আৰু কি কি খাব নালাগে - বৰ্তমান সময়ত কিডনীৰ বেমাৰৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাব ধৰিছে। বিশ্বৰ ২০ শতাংশ লোক ক্ৰনিক কিডনী বেমাৰত ভোক্তভোগি হোৱা দেখা গৈছে। এই কিডনী ৰোগৰ ভিতৰত অন্যতম হ’ল মূত্ৰ পাথৰী। কিডনী পাথৰ হোৱা ৰোগীয়ে কি কি খাব লাগে কি কি খাব নালাগে তাক লৈ বহো চিন্তিত হোৱা দেখা যায়। পাথৰি হোৱা লোক সকলে কি কি খাদ্য খোৱা উচিত আৰু কি কি খাদ্য খোৱা অনুচিত তাৰ বিষয়ে আলোতনা আগবঢ়োৱা হৈছে। মূত্ৰ পাথৰি হোৱা ব্যক্তিয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। তেতিয়া সহজতে পাথৰ সৃষ্টি হ’ব নোৱাৰে। পৰাপক্ষত প্ৰচুৰ পৰিমাণে নাৰিকলৰ পানী খাব লাগে কাৰণঃ- নাৰিকলৰ পানীত উচ্চ হাৰত পতাচিয়াম আৰু মেগনেচিয়াম থাকে, গতিকে ই পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। কেঁছা পাছলি, গাজৰ, কেৰেলা উচ্চ মিনাৰেল যুক্ত, খাব লাগে ই পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। ফল-মূল, ফল-মূলৰ ৰস, কল খাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন B6 পোৱা যায়। সি দেহত (oxalic acid) ক্ষয় কৰি পাথৰ গঠনত বাধা দিয়ে। নেমুঃ- নেমুটেঙাত চাইট্ৰিক এছিড থাকে। গতিকে পতাচিয়াম অক্সিলেট প্ৰতিৰোধ কৰি পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। তৰমোজ খাবঃ-তৰমোজত পানী আৰু পতাচিয়াম থাকে ই পাথৰ হোৱাত বাধা দিয়ে। আনাৰসৰ ৰখ খাবঃ- আনাৰসৰ ৰখত প্ৰচুৰ পৰিমাণে এনজাইম থাকে ই প্ৰস্বাৱৰ পাথৰ গঠন হোৱাত বাধা প্ৰদান কৰে। ফাইবাৰঃ- বাৰ্লি আৰু অটচ খাব লাগে ষ্টন গঠন হোৱাত বাধা দিয়ে। কি কি খাব নালাগে - পালেং আৰু মৰিছা নাখাব। কাৰণ ইয়াত প্ৰৰ্যাপ্ত পৰিমাণৰ(oxalate) থাকে। যি সহজতে পাথৰ গঠন হোৱাত সহায় কৰে। ফুলকবি, বেঙেনা আৰু মাচৰোমঃ-ইয়াত উচ্চ ইউৰিক এছিড আৰু পিউৰিন থাকে যি ষ্ট্ৰন সৃষ্টিৰ কাৰক ৰুপে গন্য কৰা হয়। আটলাছ আৰু আঙুৰ নাখাব, অত্যাধিক(oxilat)থাকে। যি পাথৰ জমা হোৱাত সহায় কৰে। ৰঙালাওঃ- ৰঙালাওত উচ্চ হাৰত ইউৰিক এছিড থাকে। ই পাথৰ জমা হোৱাত সহযোগিতা আগবঢ়াই। ষ্টবেৰি খাব নালাগে ই উচ্চ অক্সিলেত যুক্ত গতিকে ই পাথৰ গঠনৰ সহায়ক। কি কি আমিষ খাদ্য খাব নালাগেঃ- ছাগলী মাংস, কুকুৰা মাংস, মাছ, কণি খাব নালাগে কাৰণ এইবোৰত ইউৰিক এছিড আৰু পিউৰিণ উচ্চ হাৰত থাকে। গতিকে এইবোৰ খাদ্যৰ পৰা পাথৰ হোৱাৰ সম্ভাৱনা থাকে। কাজুবাদামঃ- কাজুত উচ্চ অক্সিলেত উপাদান থাকে আৰু ই প্ৰস্বাবত পাথৰ হোৱাত সহায় কৰে। চকলেট, কেক, ছাহ, কফি আদি খাব নালাগে এইবোৰ উচ্চ অক্সিলেতৰ সমষ্টি গতিকে এইবোৰে মূত্ৰ পাথৰি সৃষ্টি হোৱাত অৰিহনা যোগায়। শীতল পনীয়, উচ্চ নিমখ যুক্ত আৰু বেছি চেনি যুক্ত পনীয় বা খাদ্য খাব নালাগে। এই বোৰৰ পৰাও পাথৰ হোৱাৰ সম্ভাৱনা থাকে। লেখক: ডাঃ হৰিকান্ত দাস ফোন-9954340102