কেন্সাৰ প্ৰাথমিক লক্ষণ -

কেন্সাৰ হোৱা আগতে আমাৰ শৰীৰে ইয়াৰ সংকেট ৰুপে কিছুমান লক্ষণ দেখাব। যদি আপুনিও শৰীৰত এনেকোৱা দেখাপায় তেনেহলে অবেহলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব। আহকচোন আমি জানো আমাৰ শৰীৰেনো কেন্সাৰ হোৱৰ পূৰ্বে কেনেধৰনৰ লক্ষ়ণেৰে কেন্সাৰৰ সংকেত দিয়ে।

পাকস্থলীৰ সমস্যা -

পাকস্থলীত সামান্য সমস্যা হোৱাতো বৰ বেছি চিন্তনীয় বিষয় নহয়। কাৰন সকলো ব্যক্তিৰেই কিবা নহয় কিবা সৰু সুৰা সমস্যা থাকেই। কিন্তু অনবৰত পাকস্থলীত সমস্যাল হৈ থকাতো Colonia colorectal কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। ডায়েৰিয়া আৰু ডিচেন্তি আদি সমস্যা সমূহে এই লক্ষণ প্ৰকাশ কৰে। ইয়াৰ কাৰনে পেটত গেছ আৰু পিঠিৰ বিষৰ সমস্যা হব পাৰে।

ৰক্ত স্ৰাৱ হোৱা -

অনবৰতে ৰক্ত স্ৰাৱ উলাই থকাতো কেন্সাৰৰ লক্ষণ হব পাৰে। যদি কেন্সাৰৰ সম্ভাৱনা থাকে তেনে হলে অন্তত হোৱা ঘাঁৰ পৰা মলাশয়ৰ দ্বাৰা তেজ বাহিৰ হৈ থাকে। বিশেষকৈ কলন কেন্সাৰ সম্ভাৱনা থাকিলে এনেকুৱা সমস্যা হব পাৰে। ইয়াৰ লগতে শৌচ প্ৰস্ৰাৱ কৰা সময়ত যদি কষ্ট বা মুত্ৰৰ লগত তেজৰ মিশ্ৰণ পোৱা যায় তেনেহলে পষ্ট্ৰেত কেন্সাৰ অথবা ডিম্বগ্ৰন্থী কেন্সাৰৰ লক্ষণ হব পাৰে।

মহীলা সকলৰ মাহেকীয়া ঋতুস্বাৱৰ পাছতো যদি স্ৰাৱ বন্ধ নহয় তেনেহলে এই সমস্যাটো গুৰুত্ব সহকাৰে লব লাগে। কাৰন এইটো কেন্সাৰৰ প্ৰাথমিক লক্ষণ হব পাৰে। গতিকে শীৰ্ঘ্ৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

ৰাতি অত্যাধিক ঘমা -

যদি ৰাতি শুৱাৰ সময়ত ঘাম অত্যাধিক উলাই তেনেহলে এইয়া কোনো ঔষধৰ খেৱন কৰাৰ বাবে শৰীৰত পৰা প্ৰভাব বা অন্তত হোৱা সংক্ৰমনৰ সংকটো হব পাৰে। যদি এই সমস্যা ধাৰাবাহিক ভাৱে কেইবা সপ্তাহলৈ হৈ থাকে আৰু শৰীৰৰ ঘাম উলোয়া বন্ধ নহয়। তেনে হলে আপুনি যিমান সোনকালে পাৰে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

গাৰ বিষ হোৱা আৰু দূৰ্বল অনুভৱ হোৱা -

বেয়া কৈ খোৱা বা দিঘলীয়া সময় ধৰি অসুবিধা জনক ভাবে বহি থাকিলে পিঠিৰ বিষ হোৱাটো স্বাভাৱিক কিন্ত কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি পিঠিত বিষ হোৱাটো colorectal বা প্ৰষ্টেত কেন্সাৰৰ কাৰন হব পাৰে। ইয়াৰ উপৰিও কঁকালৰ উচৰৰ মাংস পেশী বোৰতো বিষ হোৱা, কোনো ধৰনৰ শ্ৰম নোহোৱাকৈ সুউব ভাগৰুৱা অনুভৱ কৰা আদিক কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হিচাপে গন্য কৰা হয়।

ওজন কমি যোৱা -

কোনো ধৰনৰ কাৰণ নোহোৱোকৈ দেহৰ ওজন কমি যোৱাটো কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষন হব পাৰে। ভোক নলগা খাদ্য খাবলৈ ইচ্ছা নকৰা বা যথেস্থ পৰিমানৰ খাদ্য খাব নোৱাৰাটোও কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। একেৰাহে কাঁহ হোৱা আৰু খাদ্য খাওঁতে বিষ অনুভৱ কৰা ঠাণ্ডা আৰু ফ্লুৰ উপৰিও ধূ্ম্ৰপ্ৰান কৰা লোকৰ কাহ আহে কিন্তু যদি কোনো কাৰন নোহোৱাকৈ একেৰাহে কাহিঁ থাকে তেনে হলে ই হাওঁফাওঁ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ হব পাৰে। যদি কাঁহৰ সৈতে তেজ উলাই আহে তেনেহলে ডাক্তৰৰ কাষ চাপিব। ডি়ঙিৰ বিষ হলে খাদ্য খাবলৈ কষ্ট পালে আপুনি নিশ্চিত ভাৱে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

বুকুৰ জ্বলাপোৰা হোৱা আৰু বদহজমি -

বুকুৰ জ্বলা পোৱা হোৱা আৰু বদহজমি এই দুই সমস্যা সৰ্ব সাধাৰনতে হৈ থকাটো এক সাধাৰন সমস্যা। কেতিয়াবা বেছিকৈ খাদ্য খালে, মচলা যুক্ত খাদ্য খালে এনেকুৱা হয়। এইটো এটা সাধাৰন সমস্যা কিন্ত যদি এই সমস্যা ধাৰাবাহিক ভাৱে হৈ থাকে তেনেহলে খাদ্য নলিত বা পাকসস্হলীত কেন্সাৰ হোৱা সম্ভাৱনা থাকে। গতিকে এনে সমস্যা হলে অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে।

খঘনাই জ্বৰ হোৱা আৰু ইনফেকচ্চন হোৱা -

দীৰ্ঘ সময় ধৰি জ্বৰত ভূগি থকাতোওঁ অথবা ইনফেকচন হৈ থকাতো কেন্সাৰ কাৰণ হব পাৰে।

অত্যাধিক ভাগৰ অনুভৱ কৰাঃ-

সাংঘাতিক ভাৱে একেৰাহে দূৰ্বল হৈ থকা অথবা ভগৰুৱা অনুভৱ কৰাতো বিভিন্ন ধৰনৰ কেন্সাৰৰ কাৰণ হব পাৰে।

উশাহ চুটি হোৱাঃ-

শ্বাস প্ৰশ্বাস ঘনাই লব লগা হলে আৰু বকুত ঘেৰঘেৰনী শব্দ হোৱাটোও হাঁওফাঁওৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে ।

জণ্ডিচঃ-

দীৰ্ঘদিন ধৰি লিভাৰ আৰু গল্ডব্লাডৰৰ সমস্যা হৈ থকা বা জণ্ডিচ হোৱা আৰু চকুৰ মনিৰ বগা অংশ হালধীয়া হৈ যোৱাতো কেন্সাৰৰ লক্ষণ হব পাৰে।

শৰীৰৰ যিকোনো থাইত টেমুনা হোৱাঃ-

মহীলা স্তন, ডিঙি, পেট, কাষলতি আদিত দীৰ্ঘদিন ধৰি টেমুনা হৈ থকাতোও কেন্সাৰৰ লক্ষণ হব পাৰে।

শৰীৰত হোৱা তিলৰ পৰিৱৰ্তনঃ-

সাধাৰনতে শৰীৰত থকা তিলে কোনো ধৰনৰ সমস্যা সৃষ্টি নকৰে কিন্তু যদি এই তিলৰ পৰিৱৰ্তন আহি পৰে আৰু পাছত বিষ হবলৈ ধৰে তেতিয়া বুজিব লাগিব যে ই কেন্সাৰলৈ পৰিৱৰ্বন ঘতিব পাৰে।

নখৰ পৰিৱৰ্তনঃ-

কোনো কাৰন নোহোৱাকৈ যদি নখৰ পৰিৱৰ্তন হয় তেনে হলে বুজিব লাগিব যে আমাৰ দেহত নিশ্চয় কিবা নহয় কিবা পৰিৱৰ্তন ঘটিছে। যদি নখৰ ৰং মুকুটাৰ দৰে হয়, নখৰ মাজত ৰেখাৰ সৃষ্টি হয়, নখৰ ৰং পৰিৱৰ্তন হৈ মটীয়া হয় তেতিয়া অবহেলা নকৰি ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰিব লাগে। কাৰণ এই লক্ষণ লিভাৰ, হাঁওফাওঁ আৰু চালৰ কেন্সাৰ ৰোগৰ সংকেট হব পাৰে।

পেটৰ বিষঃ-

ককাঁল আৰু তল পেতৰ বিষ হলে কেতিয়াও অৱহেলা নকৰিব। কাৰণ এনে লক্ষণ অভাৰি, স্তন, কলন আৰু গুহ্যদ্বাৰ কেন্সাৰৰ সংকট হব পাৰে।

আবৰ্ণনীয় বিষঃ-

ধাৰাবাহিক ভাৱে হোৱা অৱৰ্ণনীয় বিষ যদি এক মাহতকৈও বেছি দিন ধৰি হৈ থাকে তেনে হলে ই হাৰ্ট বা টেষ্টিকল কেন্সাৰৰ সংকেট হব পাৰে।

লেখক: ডা: হৰিকান্ত দাস

ফোন নং: ৯৯৫৪৩৪০১০২