ক্ৰিয়েটিনিন হ'ল শৰীৰৰ এক অলাগতিয়াল ৰাসায়নিক পদাৰ্থ৷ মাংসপেশীৰ দৈনন্দিন মেটাবলিজমৰ(বা ক্ৰিয়াৰ) ফলত ই উৎপন্ন হয়৷ আমাৰ কিডনিয়ে ক্ৰিয়েটিনিনক প্ৰসাবৰ যোগেদি বাহিৰ কৰি দিয়ে৷ সকলো মানুহৰ প্ৰসাবত আৰু তেজত ক্ৰিয়েটিনিন পোৱা যায়৷ তেজত থকা ক্ৰিয়েটিনিনৰ পৰিমাণ বয়স, লিংগ, দেহৰ আকাৰ আৰু জাতিভেদে কিছু পৃথক হব পাৰে৷ স্বাভাৱিক অৱস্থাত প্ৰাপ্তবয়স্ক পুৰুষৰ ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম % আৰু মহিলাৰ ০.৫ ৰ পৰা ১.১ মিলিগ্ৰাম% হয়৷ কিন্তু কিডনিৰ বিজুতি ঘটিলে তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে৷ একে সময়তে তেজত ইউৰিয়াৰ পৰিমাণো বাঢ়িব ধৰে৷ ইউৰিয়াও হ'ল এক অলাগতিয়াল ৰাসায়নিক পদাৰ্থ৷ ক্ৰিয়েটিনিনৰ দৰেই তেজৰ পৰা ইউৰিয়া কিডনিয়ে প্ৰসাবেদি বাহিৰ কৰি দিয়ে৷ প্ৰাপ্তবয়স্ক লোকৰ তেজত ইউৰিয়াৰ পৰিমাণ হ'ল ৬ৰ পৰা ২০মিলিগ্ৰাম%৷ মানৱ দেহৰ তেজত নাইট্ৰজেনযুক্ত অলাগতিয়াল পদাৰ্থ যেনে ক্ৰিয়েটিনিন, ইউৰিয়া আদি বাঢ়ি যোৱা অৱস্থাক ডাক্তৰী ভাষাত Azotemia বোলে৷ ইউৰিয়া আৰু ক্ৰিয়েটিনিন বিপদজনকভাবে বাঢ়ি যোৱা অৱস্থাৰ আন এটা মেডিকেল নাম হ'ল- Uremia৷

ক্ৰনিক ৰেনেল(কিডনি) ফেইলাৰ বা ক্ৰনিক কিডনিডিজিজ হ'ল কিডনিৰ দীৰ্ঘকালীন অসুখৰ এটি পৰ্য্যায়৷ শিশুৰ ক্ষেত্ৰত ক্ৰিয়েটিনিনৰ পৰিমাণ ২ মিলিগ্ৰাম% আৰু প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ৫ মিলিগ্ৰাম% ৰ ওপৰ হলেই ক্ৰিয়েটিনিন 'উচ্চ' পৰিমাণত আছে বুলি গণ্য কৰা হয় আৰু চিকিৎসকে ডায়েলাইচিচ কৰাৰ পৰামৰ্শ দিয়ে৷

ক্ৰিয়েটিনিন বাঢ়িলে দেখা দিয়া লক্ষণসমূহ হ'ল -

*ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰৰ পানী শুকাই যোৱা

*অৱশ বা ক্লান্তিবোধ অনুভৱ হোৱা

*ভৰি ফুলা (Oedema)

*আভোক হোৱা

*মনৰ ভ্ৰান্তিবোধ

*শুষ্ক ছাল

*ওকালি আৰু বমি

*স্নায়বিক দূৰ্বলতা

ক্ৰিয়েটিনিনৰ পৰিমাণ হ্ৰাস কৰিবলৈ কিদৰে যত্নপৰ হব?

এইটো এটা লাখটকীয়া প্ৰশ্ন৷ খাদ্যাভাস, লাইফষ্টাইল আৰু ক্ৰিয়েটিনিন বঢ়াৰ কাৰণ চিনাক্ত কৰি তদৰূপ চিকিৎসা আগবঢ়ালে সেয়া একেবাৰে অসম্ভৱ নহয়৷ প্ৰাথমিক পৰ্য্যায়ত যাৰ বৰ্ধিত ক্ৰিয়েটিনিন ধৰা পৰিছে, তেনে লোক উপকৃত হোৱাৰ সম্ভাৱনা বেচি৷ আন সকলৰো ডায়েলাইচিচ পিছুৱাব পৰাৰ বা ডায়েলাইচিচৰ ব্যৱধান বঢ়াব পৰা যাব পাৰে৷

ক্ৰিয়েটিনিন বঢ়াৰ কাৰণ কি কি হব পাৰে?

*অত্যধিক মাংস ভক্ষণ

*অতি মাত্ৰাৰ শাৰীৰিক অনুশীলন বা শ্ৰম

*গুৰুতৰ সংক্ৰমণৰ ফলত কিডনিৰ অহিত সাধন

*ক্ৰনিক কিডনি ডিজিজ

*গুৰুতৰ ডিহাইড্ৰেচনৰ ফলত কিডনিৰ ৰক্তপ্ৰবাহ হ্ৰাস হোৱা

*তেজৰ নলীৰ বিজুতিৰ ফলত কিডনিৰ ৰক্ত সঞ্চালন কমি যোৱা

*ৰক্তক্ষৰণ, শ্বক

*নানাবিধ অসুখৰ ফলত কিডনিৰ ফিল্টাৰ কৰা অংশ বিশেষ(Glomeulus) বিনষ্ট হোৱা:

উদাহৰণ ডায়েবেটিজ, উচ্চ ৰক্তচাপ, গাউট, অটো-ইমিউন ডিজিজ যেনে লুপাচ, মটৰ নিউৰন ডিজিজ, ৰেৱডমায়োলাইচিচ, গুডপেষ্টুৰ চিনড্ৰম আদি৷

খাদ্যাভাসৰ সালসলনি -

(১)প্ৰটিনৰ পৰিমাণ হ্ৰাস-

বিশেষকৈ মাংস, তাৰ পিছত ডায়েৰী প্ৰডাক্ট৷ যেহেতু খাদ্যৰ প্ৰটিন ভাগিলে ক্ৰিয়েটিনিন উৎপন্ন হয়৷

(২)ডায়েটেৰী চাপ্লিমেন্টৰ ব্যৱহাৰ পৰিত্যাগ কৰা-

বহুলোকে বিশেষকৈ শৰীৰ-চৰ্চা কৰা লোক আৰু খেলুৱৈয়ে ডায়েটেৰী চাপ্লিমেন্ট সেৱন কৰে শৰীৰ সুডোল আৰু বলৱন্ত কৰিবলৈ৷ এনে চাপ্লিমেন্টত 'ক্ৰিয়েটিন' নামৰ পদাৰ্থ থাকে৷ এই ক্ৰিয়েটিনৰ পৰা ক্ৰিয়েটিনিন উৎপন্ন হয়৷

(৩)পানী বা আন জুলীয়া পদাৰ্থ উচিত মাত্ৰাত গ্ৰহণ কৰা–

পানীৰ পৰিমাণ শৰীৰত হ্ৰাস হলেই ডিহাইড্ৰেচনে বিপদজনক ৰূপ ধাৰণ কৰিব পাৰে৷ কেবল সুদা পানী খাবলৈ ভাল নালাগিলে পানীৰ গিলাচত এচকল নেমু নাইবা তিঁয়হ দি তাক বেচি গ্ৰহণযোগ্য কৰি লব পাৰে৷ আমি গ্ৰহণ কৰা পানীয়ে কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে৷ এজন পুৰুষে দিনটোত তিনি লিটাৰ আৰু মহিলাই ২-২ লিটাৰ পানী গ্ৰহণ কৰিব লাগে৷ ডায়লাইচিচৰ পৰ্য্যায়লৈ যোৱা ৰোগীয়ে ইয়াতকৈ কম পৰিমাণত লব লাগে কাৰণ তেনে লোকৰ প্ৰসাবৰ পৰিমাণ কমি যায়৷ আকৌ এটা সতৰ্কবাণী অতিপাত গৰমত বেচি ঘামিলে বেচি পানীৰ প্ৰয়োজন হয়৷ সেই পানীত কিছু নিমখ মিলাই লোৱাৰ প্ৰয়োজন, নহলে তেজৰ চ'ডিয়ামৰ পৰিমাণ কমি(Hyponetremia) বিপদত পেলাব পাৰে৷

(৪)খাদ্যত ডায়েটেৰী ফাইবাৰৰ পৰিমাণ বঢ়োৱা–

ইউৰোপিয়ান জাৰ্ণেল অৱ ক্লিনিকেল মেডিচিনৰ মতে ডায়েটেৰী ফাইবাৰে কিডনিৰ সহায়কাৰী ভূমিকা পালন কৰি ক্ৰিয়েটিনিনৰ পৰিমাণ কমোৱাত লাগতিয়াল ভূমিকা পালন কৰে৷

(৫)চিটোচান(Chitosan) চাপ্লিমেন্টৰ প্ৰয়োগ–

চিটচান হ'ল এবিধ Polysaccharide কম্পাউণ্ড যাক মিছা মাছ,কেঁকোৰা বা আন খোলাযুক্ত সমুদ্ৰী প্ৰাণীৰ পৰা নিৰ্মাণ কৰি ওলোৱা হয়৷ ইয়াৰ টেবলেট বা কেপচুল শৰীৰৰ চৰ্বি (কলেষ্টৰল) কমাবলৈ, এনিমিয়া, নিদ্ৰাহীনতাৰ চিকিৎসা আৰু ওজন হ্ৰাস কৰিবলৈ প্ৰয়োগ কৰা হয়৷ ইয়াৰ আন উপকাৰিতা হ'ল ই ক্ৰিয়েটিনিনৰ পৰিমাণ কমায়৷ ভাৰতবৰ্ষৰ মুম্বাই,নাগপুৰ আদি ঠাইৰ ঔষধ নিৰ্মাতাই এশটা কেপচুলৰ বটল দুহেজাৰ টকাত বিক্ৰী কৰে৷ অনলাইনটো ই উপলব্ধ৷ ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাবে ওকালি,পেটৰ গেছ আৰু শৌচ কচা হব পাৰে৷ কদাচিত এলাৰ্জি হব পাৰে৷

(৬)অন্যান্য কিডনিৰ উপযোগী বনৌষধিৰ সেৱন–

উদাহৰণ হ'ল- চিনামন (ডালচেনি), জিনচেং, চালভিয়া, ডাণ্ডেলিয়ন, চিকৰি, চামোমাইল, নেটলি, পূনৰ্ণৱা, দূপৰ টেঙা ইত্যাদি৷

উল্লেখ কৰা বনৌষধিসমূহ চিকিৎসকৰ তত্বাবধানত উচিত মাত্ৰাতহে সেৱন কৰাতো আৱশ্যকীয়৷ ইয়াৰে প্ৰায়বোৰ বনৌষধি শৰীৰৰ ইমিউনিটি বঢ়ায়৷ কিন্তু কোনো কোনোটোৱে আন আন ঔষধৰ (যেনে এন্টিকোএগুলেন্ট, এন্টিডায়েবেটিক, এন্টিহাইপাৰটেনচিভ দৰব) সৈতে Drug interaction কৰিব পাৰে৷ মোৰ শেহতীয়া কিতাপ 'চিনাকি পাচলিৰ অচিনাকি গুণ'ত পূনৰ্ণৱা আৰু দূপৰ টেঙাৰ উপকাৰিতাৰ বিষয়ে বহলাই বৰ্ণনা কৰা হৈছে৷ পূনৰ্ণৱাৰ টেবলেট আৰু চিৰাপ আয়ুৰ্বেদিক ফাৰ্মাচী সমূহত সহজে উপলব্ধ৷ ডালচেনি পাউদাৰ খোৰাক হ'ল দিনটোত আধা চামুচৰ পৰা এচামুচ৷ এই পৰিমাণৰ বেচি খোৱাতো হানিকাৰক হব পাৰে৷ ই কিডনিৰ ক্ৰিয়াৰ উন্নতি সাধে, প্ৰসাবৰ পৰিমাণ বঢ়ায় আৰু তেজৰ চুগাৰো নিয়ন্ত্ৰণত সহায়ক হয়৷ ডালচেনি যি কোনো সময়তে লব পাৰে৷ চাহ, দৈ, মৌৰ সৈতেও মিহলাই ডালচেনিৰ গুৰি খাব পাৰে৷ ইয়াৰ কেপচুলো উপলব্ধ৷

কিডনিৰ স্বাস্থ্যৰ বাবে আপেল চিডাৰ ভিনেগাৰ আৰু অলিভ অইল উপযোগী খাদ্য পদাৰ্থ৷ কিডনিৰ স্বাস্থ্যৰ বাবে আন লাগতিয়াল পাচলি আৰু ফল কিছুমান হ'ল - ৰেড পেপাৰ বেল (কেপচিকাম), নেমু, পিয়াঁজ, নহৰু, বন্ধাকবি,ফুলকবি, তিঁয়হ, তৰমুজ, বিন(যদিহে গাউট নাথাকে), আপেল, ৰেচবেৰী, ব্লোবেৰী, চেৰি৷

জীৱনশৈলীৰ সালসলনি কি কি কৰা উচিত?

*মাংসপেশীত চাপ পৰা সকলো কঠোৰ অনুশীলন বাদ দিব লাগিব৷

*বুলৱৰ্কাৰ, কুস্তি, চাইকেলিংঙৰ সলনি খোজ কঢ়া, লঘু ব্যায়াম, আসন, সাঁতোৰ আদি গ্ৰহণ কৰিব লাগিব৷

*টোপনি খতি নকৰি দিনটোত নিয়মীয়া ৭/৮ঘন্টা বিশ্ৰাম কৰা প্ৰয়োজনীয়৷

*সকলো ধৰণৰ ধূম্ৰপান পৰিত্যাগ কৰিব৷ ধপাতৰ নিকটিনে কিডনিৰ অহিত সাধে৷ উচ্চ ৰক্তচাপ কৰে৷

দিনটোত আমি নিমখ কিমান গ্ৰহণ কৰা উচিত?

এজন সুস্থ লোকে স্বাভাৱিক অৱস্থাত দিনটোত ১৫০০ মিলিগ্ৰাম(অৰ্থাৎ এচামুচৰ সামান্য কম) নিমখ গ্ৰহণ কৰা উচিত৷ বিভিন্ন অসুখ ভোগা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিমখৰ পৰিমাণ ঠিৰাং কৰাতো বাঞ্চনীয়৷ সাধাৰণ নিমখত ৭০ শতাংশ চ'ডিয়াম আৰু ৩০শতাংশ ক্লৰাইড থাকে৷ লো-চল্ট(Lo Salt)ত চ'ডিয়ামৰ সলনি থাকে প'টেচিয়াম৷ প'টেচিয়ামে তেজৰ নলী শিথিল কৰি ৰক্তচাপ কমোৱাত সহায় কৰে৷ সেয়ে বেচি উচ্চ ৰক্তচাপ থকা ৰোগীক চিকিৎসকে লো-চল্ট খাবলৈ পৰামৰ্শ দিয়ে৷

প্ৰসংগক্ৰমে জনাওঁ যে আজিকালি বজাৰত উপলব্ধ নিমখবিলাক হ'ল আয়ডিনযুক্ত৷ আয়ডিনৰ অভাৱত, গৰল, থাইৰয়েডৰ অসুখ, মস্তিষ্কৰ বিকাৰ হব পাৰে সেয়ে ভাৰত চৰকাৰে আইন অনুসৰি কেবল আয়ডিনযুক্ত নিমখহে বিক্ৰীৰ অনুমতি দিছে৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: অসমীয়া সুখ-দুখ