আগকথা -

এই গৰমৰ বতৰত মই প্ৰায়েই ২-৩ জন গুলপীয়া খজুৱতিৰ ৰোগী চাই চিকিৎসা আগবঢ়াই আছোঁ৷ উল্লেখযোগ্য যে, প্ৰতিজন ৰোগীৰেই দেহৰ চৰ্মৰ বৰণ বগা আৰু তেওঁলোক মূলতঃ শীতৰ জলবায়ুযুক্ত দেশৰ বাসিন্দা৷

তেওঁলোকৰ ঘৰ ৰাছিয়া, ৰোমানিয়া, তুৰস্ক, পোলেণ্ড, গ্ৰীচ, আলবানিয়া আদি দেশত৷ কৰ্মসূত্ৰে এই উষ্ণ জলবায়ুৰ দেশ কাটাৰলৈ আহিছে আৰু তেওঁলোকে দিনটোত ৮ ৰপৰা ১০ ঘণ্টা সময় কঠোৰ শ্ৰম কৰে৷ কৰ্মস্থলীত কোনো বাতানুকুল ব্যৱস্থা নাথাকে৷ তেওঁলোকৰ শৰীৰ ঘামেৰে প্ৰায়ে ভিজি থাকে৷ তেনে এক পৰিস্থিতি আৰু পৰিৱেশৰ মাজত কাম কৰা কোনো কোনোজন লোক এই গুলপীয়া চৰ্মৰোগত আক্ৰান্ত হৈ চিকিৎসকৰ কাষ চাপে৷

গ্ৰীষ্ম কালত সততে হোৱা এই ৰোগ আমাৰ দেশতো নাথাকিবৰ কথা নাই সেয়ে এই ৰোগৰ বিষয়ে এটি আলোচনা পাঠকৰ জ্ঞাতাৰ্থে আগবঢ়ালোঁ৷ ১৮৬০ চনতে গিলবাৰ্ট নামৰ চিকিৎসা বিজ্ঞানীয়ে এই ৰোগৰ বৰ্ণনা পোনপ্ৰথমবাৰৰ বাবে আগবঢ়ায়৷ শৰীৰে সাময়িক কষ্ট পোৱাৰ বাহিৰে এই ৰোগে গুৰুতৰ ৰূপ ধাৰণ নকৰে আৰু সেয়ে ইয়াক বিশেষ অপকাৰী ৰোগ বুলি গণ্য কৰা নাযায়৷

ৰোগৰ উৎপত্তিৰ কাৰণ -

বিজ্ঞানীসকলে এই ৰোগৰ নিৰ্দিষ্ট কাৰণ এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই৷ কাৰোবাৰ মতে বেক্টেৰিয়া নহ’লে শেলুৱৈয়ে কৰা এলাৰ্জি৷ আন কাৰোবাৰমতে আকৌ ভাইৰাচ(যেনে ৬ বা ৭নং হাৰপিজ ভাইৰাচ)৷

ৰোগৰ লক্ষণসমূহ -

সাধাৰণতে পেটৰ, ডিঙিৰ নহ’লে কাষলতিৰ তলৰ ছালত ২ৰ পৰা ৫ ছেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ডিম্বাকৃতিৰ এটি গুলপীয়া বা ৰঙচুৱা ছাপৰ দৰে আকৃতি দেখা দিয়ে৷ যাক হেৰাল্ড পেটচ্ (Herald patch) বোলে৷

৭ ৰ পৰা ১৪ দিনৰ ভিতৰত সৰু সৰু ৰঙা বা গুলপীয়া উখহা দাগ (Maculo popular rash) ছালত দেখা দিয়ে৷ কেতিয়াবা এনে দাগে খ্ৰীষ্টমাছ-ট্ৰিৰ আকৃতিও লব পাৰে৷ আমি ঘামচি বুলি ভবা প্ৰত্যেকটো খজুৱতি, বিজবিজনি ঘামচি নহৈ গুলপীয়া খজুৱতি ৰোগো হ’ব পাৰে৷ সকলোবোৰ দাগ দেৰ, দুমাহ বা তাৰো কিছুদিনৰ পিছত নোহোৱা হৈ যায়৷ মুখমণ্ডল, মূৰ, হাত আৰু ভৰিৰ তলুৱাত এনে দাগ দেখা নাযায়৷

খজুৱতি -

৬০ শতাংশ ৰোগীৰ কম বা বেছিকৈ খজুৱতি থাকে৷ কিছুমান ৰোগীৰ আনুষংগিকভাৱে আভোক, চৰ্দি, মূৰৰ বিষ, শাৰীৰিক দুৰ্বলতা আদিও দেখা দিয়ে৷

বয়স-

সাধাৰণতে ১০ ৰ পৰা ৩৫ বছৰৰ পুৰুষ বা মহিলাই এই ৰোগত ভোগে৷ ৬০ বছৰৰ ওপৰৰ লোকৰ এই ৰোগ হোৱা দেখা নাযায়৷

ইমিউনিটি-

এবাৰ এই অসুখ হলে দুনাই আকৌ হোৱা দেখা নাযায়৷

সংক্ৰমণশীলতা-

এই ৰোগ সংক্ৰামক নহয়৷

জটিলতা-

সধাৰণতে এই ৰোগে কোনো জটিলতাৰ সৃষ্টি নকৰে৷ চৰ্মৰ বৰণ ক’লা কিছুলোকৰ ছালত অসুখৰ পিছত মূগা দাগ বহুদিনলৈ থাকি যাব পাৰে৷ আন কিছুমানৰ ৰোগাক্ৰান্ত অংশত ছালৰ বৰণ ডাঠ (Hyperpigmentation) বা পাতল (Hypopigmentation) হব পাৰে৷

ৰোগৰ চিনাক্তকৰণ -

ৰোগৰ বৰ্ণনা আৰু লক্ষণসমূহৰ পৰা ৰোগ চিনাক্তকৰণ সহজে কৰিব পাৰি৷ তথাপিও সন্দেহ ওপজাব পৰা আন কিছুমান ৰোগ হ’ল- খৰ (Eczema), ৰিংৱৰ্ম, চৰিয়াচিচ, চিফিলিচ আৰু বগাচোম (Tinea versicolor)৷ প্ৰয়োজন সাপেক্ষে ৰোগ নিৰ্ণয় কৰিবলৈ ছালৰ বায়’প্সি কৰিব পাৰি৷ ফাংগাছ বা শেলুৱৈ চিনাক্ত কৰিবলৈ পটেচিয়াম পেৰ’ক্সাইডৰ সহায় লব পাৰি৷ চিফিলিচৰ সন্দেহ হ’লে তাৰ নিৰ্দিষ্ট পৰীক্ষা কৰিব লাগিব৷

ৰোগৰ চিকিৎসা -

পোনতেই সোঁৱৰাই দিওঁ এই ৰোগৰ সময়ৰ লগে লগে নিজে নিজে উপশম ঘটিব পাৰে৷

*ছালৰ জ্বলা-পোৰা, বিজবিজনি আদি কষ্টৰ নিৰাময়ৰ বাবে- কেলামিন, মইষ্টাৰাইজাৰ, মেণ্ঠল লোচন৷

*খজুৱতি কমাবলৈ-এণ্টিএলাৰ্জিক দৰৱ যেনে ফেক্সডিন, ল’ৰাটিডিন, চেট্ৰিজিন৷

*ষ্টেৰয়ড- খোৱা (প্ৰেডনিচলন, বিটামিঠাচন) আৰু লগোৱা ক্ৰীম (হাইড্ৰকৰ্টিচন)৷

*এণ্টিভাইৰেল- এচাইক্লভিৰ নহলে ফেমিচাইক্লভিৰ কোনো কোনোৱে প্ৰয়োগ কৰে৷

*এৰিথ্ৰমাইচিন এণ্টিবায়টিকৰ প্ৰয়োগ বিবাদজনক৷

*সূৰ্য্যৰ ৰশ্মি আৰু আলট্ৰাভায়লেট ৰশ্মিৰ প্ৰয়োগ চিকিৎসকৰ পৰামৰ্শ অনুসৰি৷

*গৃহ চিকিৎসা আৰু প্ৰাথমিক প্ৰতিবিধান:

*গৰম পানীৰে গা নুধুব৷ ৰোগীয়ে শীতল জলেৰে স্নান কৰাটো বাঞ্ছনীয়৷

*গা-ধোৱা পানী অ’টমিল মিহলাই লব পাৰে৷

*কপাহী কাপোৰ পিন্ধিব৷ শৰীৰ শুকুৱাই ৰাখিবৰ প্ৰয়াস কৰিব৷

*অসুখৰ সময়ত কছৰৎ নকৰিব৷

*ফলমূল আৰু শাকপাচলি বেচিকৈ খাব৷

*পানী যথেষ্ট পৰিমাণে গ্ৰহণ কৰিব৷

*৩ মাহলৈ এনে ৰোগৰ উপশম নঘটিলে চিকিৎসকৰ কাষ চাপিব৷

লেখক: ডাঃ ভূপেন শইকীয়া