গ্ৰীষ্ম আৰম্ভ হোৱাৰ লগে লগে আমাৰ ছালখনৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে এই সময়ছোৱাত ছালৰ ভালদৰে যত্ন নল’লে নানা ধৰণৰ ছালৰ ৰোগ দেখা দি সৌন্দৰ্যত বাধাৰ সৃষ্টি কৰাও দেখা যায়। এইখিনি সময়ত আমাৰ ইয়াত তাপৰ মাত্ৰা ৩০ ডিগ্ৰীৰপৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ মাজত থাকে। কিন্তু পৃথিৱীৰ কোনো কোনো ঠাইত ইয়াতকৈ উচ্চ তাপমাত্ৰা পোৱা যায়।

এই সময়ত আগতে মানুহে কপাহী কাপোৰহে ব্যৱহাৰ কৰিছিল। কিন্তু বৰ্তমান সময়ত বেছিভাগেই পলিষ্টাৰ মিশ্ৰিত কাপোৰ ব্যৱহাৰ কৰা দেখা যায়। পলিষ্টাৰ মিশ্ৰিত কাপোৰ হ’লে ইয়াৰ ৬০ শতাংশ কপাহী সূতা আৰু ৪০ শতাংশ পলিষ্টাৰ সূতা থকা বাঞ্ছনীয়। নহ’লে শৰীৰৰপৰা ঘাম নিৰ্গত হোৱাত বাধাৰ সৃষ্টি হ’ব। এইটো সকলোৰে জ্ঞাত যে আমি সুস্থ হৈ জীয়াই থাকিবলৈ হ’লে শৰীৰৰ ভিতৰৰ উত্তাপ ৩৬ ডিগ্ৰী ছেলচিয়াছ বা ইয়াৰ ওচৰে-পাঁজৰে থাকিব লাগে আৰু ইয়াকে নিয়ন্ত্ৰণ কৰিবলৈ শৰীৰৰপৰা ঘাম ওলায়। যেতিয়া শৰীৰৰ ভিতৰৰ উত্তাপ বৃদ্ধি হয়, তেতিয়া অধি চৰ্মৰ তলতে থকা ঘাম গ্ৰন্থিৰপৰা ঘাম নিঃসৰণ হৈ ওপৰৰ তৰপলৈ আহি বাষ্পত পৰিণত হয়। ফলত আমাৰ শৰীৰটো শীতল হয়। এই ঘামৰ পৰিমাণ শৰীৰৰ ভিতৰৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰে। উত্তাপ বেছিকৈ ওলায়।

ল’বলগীয়া সাৱধানতা -

*এই সময়ত কপাহী ঢিলা পোছাক পৰিধান কৰা উচিত। নতুবা ৪০-৬০ অনুপাতৰ কপাহী পলিষ্টাৰ মিশ্ৰ সূতাৰো কাপোৰ ব্যৱহাৰ কৰিব পাৰে। কাৰণ অকল পলিষ্টাৰ বা নাইলনৰ সূতাৰপৰা বনোৱা পোছাক পিন্ধিলে শৰীৰৰপৰা ঘাম ওলাই যোৱাত বাধাৰ সৃষ্টি হ’ব, ফলত ছালখনত নানা সমস্যাই দেখা যায়।

*বজাৰত পোৱা সাধাৰণ টেলকাম পাউদাৰ ব্যৱহাৰ কৰা অনুচিত। কাৰণ ইয়াত থকা জিংক আৰু ছিলিকেটে আমাৰ ছালত থকা ঘাম ওলোৱা সৰু সৰু ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। তাৰ ফলত সেই ঠাইখিনি ৰঙচুৱা হৈ পৰে আৰু কিছুদিনৰ পিছত সৰু সৰু ফোঁহা ওলোৱা দেখা যায়। যদিহে ফোঁহাবোৰ বেছি দিনলৈ থাকি পকিবলৈ আৰু খজুৱাবলৈ আৰম্ভ কৰে, তেতিয়া ততালিকে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত। কাৰণ ই সংক্ৰমিত হ’ব পাৰে। তদুপৰি এই পাউদাৰৰ কণিকাবোৰ অতি সূক্ষ্মতৰ হোৱা বাবে সৰু ল’ৰা-ছোৱালীৰ উশাহৰ লগত ভিতৰলৈ গৈ মৃত্যুমুখত পেলোৱাৰো দৃষ্টান্ত আছে।

*শৰীৰৰপৰা ঘাম ওলাই থাকিলে ছালত কোনো প্ৰকাৰৰ প্ৰসাধন ব্যৱহাৰ নকৰাই শ্ৰেয়।

*যিমান দূৰ পৰা যায় সূৰ্যৰ পোনপটীয়া তাপৰপৰা নিজক ৰক্ষা কৰি চলিব লাগে। বাহিৰলৈ ওলালে শৰীৰৰ যিবোৰ অংশ ওলাই থাকে সেইবোৰত ছানস্ক্ৰীণ লোচন লগোৱাৰ উপৰি ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিবলৈ অৱহেলা নকৰিব।

*ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ অতি কমেও দুবাৰকৈ গা ধোৱা উচিত। গাত ঘামচি ওলালে এবাল্টি পানীত কেইটামান গোলাপৰ পাহি মোহাৰি দি সেই পানীৰে গা ধুব লাগে। ঘামচি ওলোৱা ঠাইখিনিত পোনে পোনে চাবোৰ লগাই ব্যৱহাৰ নকৰি কোমল কাপোৰ এখনত বিশেষকৈ ট্ৰাইক্লৰ হেক্সিডিন থকা চাবোৰ লগাই ব্যৱহাৰ কৰিব লাগে। তাৰ পিছত চেঁচা পানীৰে ভালকৈ ধুব লাগে।

লেখিকা: অপৰাজিতা ভূঞা(দৈনিক অসম)