ছাৰভাইকেল স্পণ্ডিলাইছিছ ডিঙিৰ পিছফালে হোৱা এবিধ ৰোগ । ই ৰাজহাড়ৰ ডিঙিৰ অংশৰ vertibra মাজৰ অংশৰ বিসংগতিৰ বাবে হয় । ইয়াক চিকিৎসা বিজ্ঞানত Degenerative change হোৱা বোলে । কেতিয়াবা দুখ পালেও ইয়াৰ আৰম্ভণি হ’ব পাৰে । বয়সৰ লগে লগে হোৱা পৰিৱৰ্তনৰ কাৰণেও হ’ব পাৰে । cervical অংশৰ তলৰ vertibra ৰ কেইটাত বেছি হয় । ইয়াত সাধাৰণতে osteophytes হাড়ৰ কাষত সৃষ্টি হয় আৰু দুটা vertibra ৰ মাজৰ অংশ কমি আহে । দুয়োটা vertibra ৰ ক্ষয় হ’বলৈ ধৰে ।osteophytes বিলাক লাহে লাহে দুটা ৰ মাজলৈ সোমাই যায় স্নায়ুত হেঁচা দিয়ে । লাহে লাহে কাষৰ কোষবিলাক ফুলি উঠে ।

ৰোগৰ লক্ষণ -

১) ডিঙিৰ পাছফালে গাৰ বাহুৰ ফালে বিষ হয় ।

২) ডিঙিটো stiff হয় । টানি ধৰে ।

৩) মাজে মাজে বিষ হয় ।

৪) কান্ধ অংশত বিষ হ’ব পাৰে ।

৫) স্নায়ুডাল যোৱা পথত বিষ হয় ।

৬) বিষটো খুঁচি ধৰাৰ নিচিনা pins and Needles বুলি কোৱা হয় ।

পৰীক্ষা কৰি চালে :-

*ডিঙিটো অলপ বেঁকা হৈ যায় ।

*ডিঙি বা কান্ধৰ মাংসত বিষ হয় ।

* Xray-vertibra ৰ মাজৰ অংশ কমি আহে ।osteophytes দেখা যায় ।

চিকিৎসা -

*বিষনাশক ঔষধ । ডাক্তৰৰ পৰামৰ্শ মতে খোৱা ।খালী পেটত নাখাব ।

*physiotherapy

*তাপ প্ৰয়োগ কৰা

*S.W.D. (Short Wave Diathermy)

*Traction

*জিৰণি, Collar Support

*অস্ত্ৰোপচাৰ আৱশ্যক হ’ব পাৰে ।

এই সকলোবোৰৰ উপৰি অস্থিৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল ।

প্ৰতিৰোধ -

*গাৰু চাপৰ হ’ব লাগে ।

*পানী বেছি খাব লাগে ।

*গাধোৱা পানী কুহুমীয়া হ’ব লাগে ।

*গধুৰ বস্তু দাঙিব নালাগে ।

*তুলিখন টান হ’ব লাগে ।

*বিষ হৈ থকা অৱস্থাত দিঙিৰ ব্যায়াম কৰিব নালাগে ।

লেখক :- ডা: দুৰ্লভ বৰুৱা

উৎস ;- দৈনিক জনমভূমি