অত্যধিক বিষ, কোপ, জ্বৰ, খাব নোৱৰা হ’লে বেক্টেৰিয়াজনিত টনছিলাইটিছ ৰোগ হোৱা বুলি সন্দেহ কৰা হয়।

ইয়াক নিশ্চিত কৰিবলৈ বীজাণুমুক্ত কপাহেৰে টনছিলৰ পৰা লেলাউটি মচি আনি বিজ্ঞানগাৰত বেক্টেৰিয়েল কালচাৰ কৰিব পাৰি।

তেতিয়া কোনবিধৰ বেক্টেৰিয়াই আক্ৰমণ কৰিছে আৰু কেনেধৰণৰ এন্টি বায়’টিকে কাম কৰিব, সেই বিষয়ে গম পোৱা যায়।

মুখগহ্বৰ আৰু খাদ্যনলীৰ মাজতে দুই কাষে দুটা গোটা গ্ৰন্থি থাকে। এই লীমফ গ্ৰন্থি(Lymph Gland) দুটাৰ নামেই টনছিল। চিকিৎসা বিজ্ঞানত ইয়াৰ নাম Palatine Tonsil।

ই দুই টনছিলৰ লগতে আন দুবিধ লীমফ গ্ৰন্থিকো টনছিল বোলে। তাৰে এটা থাকে নাকৰ পিছফালে থকা নেজোফেৰিংক্সত।

আনটো থাকে জিভাৰ পিছফালে থকা পৰিমাণে লীমফ কোষ থাকে। আচলতে সকলো টনছিল একে কোষৰ পৰাই জন্মা। সিঁহতৰ কোমো একেই।

টনছিলবোৰক মুখ আৰু খাদ্যনলীৰ প্ৰহৰী বুলি কোৱা হয়। শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে যেনেকৈ প্ৰথমে প্ৰহৰীয়ে যুদ্ধ কৰে, তেনেকৈ নাক-মুখেৰে সোমোৱা ৰোগৰ বীজাণুবোৰক প্ৰথমে বাধা দিয়ে টনছিলবোৰে।

শৰীৰক ৰোগমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত টনছিলবোৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

নাকেৰে আমি উশাহ-নিশাহ লওঁ। বতাহত বহুধৰণৰ বীজাণু উৰি ফুৰে। এই বীজাণুবোৰ বেক্টেৰিয়া, ভাইৰাছ অথবা ভেঁকুৰজাতীয় হ’ব পাৰে।

নাকৰ ভিতৰত এইবোৰৰ বহু অংশ আঁতৰাই বায়ুক পৰিষ্কাৰ কৰা হয়। বাকীখিনি নাকৰ পিছফালে থকা এডিনইড নামৰ টনছিলে আঁতৰ কৰিবলৈ চেষ্টা কৰে।

এই স্বয়ংক্ৰিয় প্ৰচেষ্টাৰ উদ্দেশ্য হ’ল হাওঁফাওঁলৈ যাতে পৰিষ্কাৰ বায়ু প্ৰৱেশ কৰিব পাৰে। হাঁওফাওঁত থকা বায়ুৰ অক্সিজেন শৰীৰে গ্ৰহণ কৰে আৰু শৰীৰত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

তেনেদৰে আমি মুখেৰে আহাৰ গ্ৰহণ কৰোঁতে আহাৰৰ লগতে বহুধৰণৰ বীজাণু খাদ্যনলীত প্ৰৱেশ কৰে খাদ্য খোৱাৰ পিছত দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যাংশত বিভিন্ন ধৰণৰ বীজাণুৱে বাহ লয়। আচলতে মুখৰ ভিতৰত বহু ধৰণৰ বীজাণু এনেয়েও থাকে।

এই বীজাণুবোৰৰ বিৰুদ্ধে প্ৰথমে যুদ্ধ দিয়ে টনছিলবোৰে। এই যুদ্ধৰ উদ্দেশ্য খাদ্যৰ পৰা বীজাণু যথাসম্ভৱ আঁতৰ কৰা, যাতে খাদ্য পেট পোৱাৰ আগতে বীজাণুমুক্ত হ’ব পাৰে।

নাকৰ পিছফালে অৱস্থিত এডিনইড নামৰ টনছিল জন্মৰ পৰা প্ৰায় ১২/১৩ বছৰ বয়সলৈ সক্ৰিয় হৈ থাকে।

তাৰ পিছত ই লাহে লাহে সংকুচিত হৈ ডেকা বয়সত প্ৰায় নোহোৱা হয়। অৱশ্যে বহুতৰে আকৌ বুঢ়া বয়সলৈকে এডিনইড থকা দেখা যায়।

সততে দেখা পোৱা মুখগহ্বৰৰ টনছিল দুটা শিশুৰ পৰা বুঢ়ালৈকে সকলোৰে থাকে। কিছুমানৰ আকাৰ ডাঙৰ হয় আৰু আনবিলাকৰ সৰু হয়।

জিভাৰ পিছফালে থকা জিভাৰ গুৰিৰ টনছিল সততে দেখা পোৱা নাযায়। ই এন টি বিশেষজ্ঞসকলে আইনাৰ সহায়ত ইয়াক নিৰীক্ষণ কৰে।

খাদ্যৰ পৰা হোৱা বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ ফলত এই টনছিলবোৰ ডাঙৰ হোৱা দেখা যায়।

এতিয়া আহোঁ টনছিলবোৰৰ কাৰ্য প্ৰক্ৰিয়ালৈ। টনছিলবোৰত তেজ চলাচল কৰা সিৰা-উপসিতা, ধমনী, স্নায়ু আদিৰ লগতে প্ৰচুৰ লীমফইড টিছু থাকে।

এই টনছিলবোৰে ডিঙিৰ দুইকাষে অৱস্থিত লীমফ গুৰিবোৰৰ সৈতে সংযোজিত হৈ থাকে। সেয়ে টনছিলত ৰোগ সংক্ৰমণ হ’লে ডাঙৰ লীমফ গুটিবোৰো ডাঙৰ হয় আৰু বিষ অনুভৱ হয়।

সৰুতে প্ৰায়ে টনছিলাইটিছ ৰোগ হোৱা দেখা যায়। টনছিলাইটিছ মানে টনছিলৰ প্ৰদাহ। বিভিন্ন কাৰণত টনছিলৰ প্ৰদাহ হয়।

বেক্টেৰিয়া বা ভাইৰাছজাতীয় বীজাণুৱে আক্ৰমণ কৰি টনছিল ফুলি উঠে, বিষায়। বিভিন্ন এলাৰ্জিক কাৰণতো টনছিল ফুলি উঠা দেখা যায়।

টনছিলৰ প্ৰদাহ সাধাৰণতে তিনি প্ৰকাৰৰ হোৱা দেখা যায়।

*হঠাতে টনছিল বিষাই ফুলি উঠা,

*জ্বৰ হোৱা,

*খাব নোৱৰা হোৱা আদি উপসৰ্গ দেখা দিলে একিউট টনছিলাইটিছ হোৱা বোলে।

কমকৈ ডিঙি বিষাই থাকি, টনছিল ফুলি অলপ জ্বৰ আৰু অলপ অসুবিধা হৈ থাকিলে ছাব একিউট টনছিলাইটিছ বোলে। বছৰত কেইবাবাৰো টনছিলাইটিছ বোলে।

বছৰত কেইবাবাৰো টনছিলাইটিছ হৈ পঢ়া-শুনা বা কাম-কাজৰ ক্ষতি হৈ থাকিলে ক্ৰ’নিক টনছিলাইটিছ বোলা হয়।

ঋতু পৰিৱৰ্তনৰ সময়ত মানুহৰ প্ৰায়ে-

*কাহ,

*কফ,

*চৰ্দি আদি হোৱা দেখা যায়।

*হাঁচি হয়,

*নাকেৰে পানী বয়,

*নাক বন্ধ থাকে,

*মুখেৰে উশাহ ল’ব লাগে,

*অলপ জ্বৰ থাকে।

শৰৎ কাল আৰু বসন্ত কালত এনে ৰোগ অধিক হোৱা দেখা যায়।

*অত্যধিক বিষ,

*কোপ,

*জ্বৰ,

*খাব নোৱৰা হ’লে বেক্টেৰিয়াজনিত টনছিলাইটিছ ৰোগ হোৱা বুলি সন্দেহ কৰা হয়।

ইয়াক নিশ্চিত কৰিবলৈ বীজাণুমুক্ত কপাহেৰে টনছিলৰ পৰা লেলাউটি মচি আনি বিজ্ঞানগাৰত বেক্টেৰিয়েল কালচাৰ কৰিব পাৰি।

তেতিয়া কোনবিধৰ বেক্টেৰিয়াই আক্ৰমণ কৰিছে আৰু কেনেধৰণৰ এন্টি বায়’টিকে কাম কৰিব, সেই বিষয়ে গম পোৱা যায়।

সাধাৰণতে ষ্ট্ৰেপটোকক্কাছ(Streptococcus) নামৰ বেক্টেৰিয়াই অধিক পৰিমাণে টনছিলাইটিছ ৰোগ সৃষ্টি কৰা দেখা যায়। পেমিচিলিন অথবা পেনিচিলিনজাতীয় আন এন্টিবায়’টিকবোৰে ষ্ট্ৰেপটোকক্কাছ বেক্তেৰিয়া ধ্বংস কৰিব পাৰে।

এন্টিবায়’টিক প্ৰয়োগ কৰাৰ আগতে জ্বৰ-বিষ আদিৰ বাবে সাধাৰণ ঔষধ যেনে-

*এন্টিছেপ্টিক,

*ডিঙিৰ কুলকুলি কৰা ঔষধ,

*জ্বৰ-বিষ কমোৱা এছপিৰিনজাতীয় ঔষধ,

*এলাৰ্জী কম কৰা এন্টি-হিষ্টামিন আদি ঔষধ প্ৰয়োগ কৰা হয়।

এছপিৰিন খাব পাৰি আৰু বিষ কমাবলৈ কুলকুলি কৰিবও পাৰি। অৱশ্যে আজিকালি এছপিৰিনৰ সলনি পেৰাচিটামল, আইবুপ্ৰফেন আদি ঔষধ অধিক ব্যৱহাৰ হয়।

পেনিচিলিন, এৰিথ্ৰমাইচিন আদি ঔষধ সততে টনছিলাইটিছ ৰোগত ব্যৱহাৰ হয়। কেতিয়াবা ঔষধ পানীত গুলি খোৱাৰ ব্যৱস্থা কৰিব লাগে।

কাৰণ টনছিল ফুলি উঠা বাবে গিলিবলৈ অসুবিধা হয়। কেতিয়াবা সিৰা ফুটাই ঔষধ তেজত মিহলি কৰি দিবলগীয়া হয়।

বাৰে বাৰে টনছিলাইটিছ হৈ থাকিলে পঢ়া-শুনা বা কাম-কাজৰ ক্ষতি হয়। তেনেক্ষেত্ৰত ই এন টি বিশেষজ্ঞসকলে মুখৰ ভিতৰেদি অস্ত্ৰোপচাৰ কৰি টনছিলবোৰ কাটি আঁতৰাই দিয়ে। ইয়াক টনছিলেক্টমী বোলে।

সঘনাই টনছিলৰ ৰোগ হৈ থাকিলে ইয়াৰ পৰা বাত বিষ, বৃক্কৰ ৰোগ বা কলিজাৰ অসুখ হ’ব পাৰে। সেয়ে সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ডাক্তৰে টনছিল অপাৰেচনৰ পৰামৰ্শ দিয়ে।

বহু শিশুৰ ক্ষেত্ৰত শীতল খাদ্য খালে টনছিলৰ ৰোগ হোৱা দেখা যায়। টেঙাজাতীয় আৰু কেঁচা ফলমূল খালেও কিছুমানৰ টনছিলৰ অসুখে উক দিয়ে।

ইয়াৰ প্ৰধান কাৰণ এলাৰ্জী আৰু তাৰ পিছে পিছে হোৱা বেক্টেৰিয়াৰ আক্ৰমণ।

মধ্য বয়সত বা বৃক্ক বয়সত এফালৰ টনছিল ডাঙৰ হ’লে ডাক্তৰে অধিক সাৱধানতাৰে পৰীক্ষা কৰে। এনেক্ষেত্ৰত টনছিলত কৰ্কট ৰোগ হৈছে নেকি পৰীক্ষা কৰি চোৱা উচিত।

তেনেক্ষেত্ৰত টনছিলৰ এটা অংশ বা সম্পূৰ্ণ টনছিলটো কাটি পেথোলজিকেল পৰীক্ষা কৰিব লাগে। ইয়াক বায়’পসী কৰা বোলে। কৰ্কট ৰোগ প্ৰমান হ’লে সেইমতে চিকিৎসা কৰিলে সুফল পোৱা যায়।

টনছিলত কেতিয়াবা বগা শিলগুটিৰ নিচিনা গোটা বস্তু হয়। ইয়াক টনছিলৰ পাথৰ বা Tonisillolith বোলা হয়। এই পাথৰ সহজে আঁতৰ কৰিব পাৰি।

বহুতে টনছিলৰ অসুখত ভুগি কষ্ট পায়। কিন্তু আজিকালি উন্নত ঔষধৰ আৱিষ্কাৰ হোৱাত টনছিলৰ অসুখৰ চিকিৎসা অধিক ফলপ্ৰসূ হৈছে।

লেজাৰ আদি উন্নত ব্যৱস্থাৰ প্ৰয়োগেৰে টনছিলৰ অস্ত্ৰোপচাৰো অধিক সুবিধাজনক আৰু কম বেদনাদায়ক হৈছে।

লেখক: ডাঃ বিশ্বনাথ শৰ্মা(নিয়মীয়া বাৰ্তা)