হঠাৎ ঠাণ্ডা লাগি যিবোৰ অসুখ হয় তাৰ ভিতৰত ‘বেলচ পলচি’ অন্যতম। চলিত ভাষাত ইয়াক কোৱা হয় ফেচব পেৰালাইচিচ। এই ৰোগত মুখমণ্ডলৰ এটা অংশ বেঁকা হয়। চিকিৎসাবিজ্ঞানী বেলচে প্ৰথমতে এই ৰোগ সম্পৰ্কে সকলোকে অবগত কৰাইছিল বাবে তেখেতৰ নাম অনুসৰি ইয়াক বেলচ পলচি বোলা হয়। কাৰণ আৰু লক্ষণ - ষ্ট্ৰোক হ’লেও বহুসময়ত মুখমণ্ডলৰ এটা অংশ বেঁকা হয়। পিছে ইয়াৰ লগত বেলচ পলচিৰ এটা পাৰ্থক্য আছে। আমাৰ কৰ্ণৰ কাষত একধৰণৰ ফেচিয়েল নাৰ্ভ আছে। এই নাৰ্ভত হঠাৎ ঠাণ্ডা লাগিলে সেই ঠাইত একধৰণৰ প্ৰদাহ হয়। নাৰ্ভৰ যিটো অংশ বেঁকা হৈ যায়। এই ৰোগৰ লক্ষণ হ’ল- মুখ বেঁকা হোৱা, চকুৰে অনবৰতে পানী ওলোৱা, মৃদু শব্দকো অত্যন্ত ডাঙৰকৈ শুনা, জিভাৰ স্বাদ নাইকিয়া হোৱা, ওঁঠ চেপি ফুঁ দিব নোৱাৰা, ভ্ৰু উঠা নমা কৰাৰ ক্ষমতা হেৰুওৱা আদি। চিকিৎসা - ষ্ট্ৰোকৰ বাবে বা মূৰৰ ভিতৰত হোৱা টিউমাৰৰ বাবে- চকুৰে পানী ওলোৱা, মুখ বেঁকা হোৱা আদি লক্ষণ প্ৰকাশ পোৱাটো কেইটামান পৰীক্ষাৰ মাধ্যমেৰে নিশ্চিত হ’ব পৰা যায়। এনেবিলাক পৰীক্ষাত ষ্ট্ৰোক বা বেলচ পলচিৰ বাবে মুখ বেঁকা হোৱা উপসৰ্গটো নিশ্চয় কৰা হয়। বেলচ পলপিৰ বাবে এনে হোৱাটো নিশ্চিত হ’লে মূলতঃ বিষনাশক আৰু ষ্টেৰয়েড জাতীয় ঔষধেৰে ইয়াৰ চিকিৎসা আৰম্ভ কৰা হয়। এই ৰোগৰ চিকিৎসা অত্যন্ত দীৰ্ঘম্যায়ী। এক-দুবছৰ বা তাতকৈ বেছি সময়ো লাগিব পাৰে। ইলেকট্ৰিক শ্বক দিও ইয়াৰ চিকিৎসা কৰা হয়। ফিজিওথেৰাপিষ্টৰ সহায়ত দীৰ্ঘদিন নিয়মিত ব্যায়াম কৰিব লগাও হয়। এনেধৰণৰ ব্যায়ামৰ জৰিয়তে মুখৰ চেহেৰা সম্পূৰ্ণ পূৰ্বৰ দৰে নহ’লেও ৯০ পৰা ৯৫ শতাংশ স্বাভাৱিক হয়। দুটা প্ৰয়োজনীয় চিকিৎসা - উল্লেখ কৰিব খোজা চিকিৎসা পদ্ধতি দুটা অতি সাধাৰণ যেন লাগিলেও খুব গুৰুত্বপূৰ্ণ। পদ্ধতি দুটা হ’ল- নিয়মিত বেলুন ফুলোৱা আৰু শঙ্খ বজোৱাৰ অভ্যাস কৰা। আক্ৰান্ত হোৱাৰ পিছত প্ৰথমতে এই দুটাৰ কোনো এটাও কৰা সম্ভৱ নহয়। ৰোগীয়ে বেলুন ফুলাব বা শঙ্খ বজাবলৈ গ’লে কাষেৰে বতাহ ওলাই যাব। নিয়মিত অভ্যাস কৰিলে লাহে লাহে দুয়োটা সম্ভৱ হ’ব আৰু এই অভ্যাসৰ দ্বাৰাই বেলচি পলচি ৰোগ লাহে লাহে নিৰাময়ৰ ফালে আহিব। অন্যভাবে ক’বলৈ গ’লে চিকিৎসাৰ দ্বাৰা কিমানখিনি উন্নতি হৈছে সেইটোও এই ব্যৱস্থাৰ যোগেদি বুজা যাব। সুস্থ হোৱাৰ সম্ভাৱনা কাৰ কিমান - দুই-তিনিবছৰ বয়সীয়া শিশু বা কিছু বয়ষ্ক ৰোগীৰ ক্ষেত্ৰত চিকিৎসাত সুস্থ হোৱাৰ সম্ভাৱনা কম থাকে। ইয়াৰ বাহিৰে অন্যান্য ক্ষেত্ৰত ৯০ শতাংশ ৰোগী চিকিৎসাৰ দ্বাৰা আৰোগ্য হয়। কিন্তু যদি ব্লাডপ্ৰেছাৰ, ডায়েবেটিচ আদি ৰোগ থাকে তেন্তে সুস্থ হোৱাৰ সম্ভাৱনা কমি যায়। এই ৰোগত চকুৰে পানী ওলোৱা ৰোগী সুস্থ হোৱাৰ সম্ভাৱনা বেছি থাকে। যিসকলৰ চকুৰে পানী নোলায়, চকু শুকান হৈ পৰে তেনে ৰোগীৰ সুস্থ হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়। সচেতনতা - সতৰ্কতামূলক ব্যৱস্থাৰ যোগেদি ৰোগৰ পৰা বাচি থাকিব পাৰি। ঠাণ্ডা মূৰত যাতে নালাগে তাৰ বাবে সাৱধান হ’ব লাগে। শীতকালত কাণঢকা টুকী বিশেষকৈ শিশু আৰু বৃদ্ধৰ বাবে অতি প্ৰয়োজনীয় আভৰণ। বাইক, চাইকেল চলোৱা, বাছ, ৰেলৰ খিৰিকিৰ দাঁতিত বহি ভ্ৰমণ কৰাসকলেও কাণঢকা টুপী পিন্ধা উচিত। একেৰাহে কেইবাটাও আইচক্ৰীম খোৱাও উচিত নহয়। সচেতনতাই বেলচ পলচি দূৰতে বিদূৰ কৰে। লেখক: ৰেবা বৰুৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)