ইনচুলিন(insulin) নামৰ হৰমনবিধে আমাৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে। যেতিয়া আমাৰ শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে বা ইনচুলিন উৎপাদন কৰাত বাধাপ্ৰাপ্ত হয় তেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ স্বাভাৱিক মাত্ৰাতকৈ বাঢ়ি যায় যাক আমি ব্লাড চুগাৰ(blood sugar) বঢ়া বুলি কওঁ। তেজত চুগাৰৰ পৰিমাণ বাঢ়ি যোৱা এই ৰোগটোকেই ডায়েবেটিচ বুলি কোৱা হয়।

ডায়েবেটিচ ৰোগে লাহে লাহে শৰীৰৰ বিভিন্ন অংগৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাবলৈ ধৰে। বিশেষকৈ ৰক্তবাহী নলিকা আৰু স্নায়ুসমূহৰ ওপৰত। সেইবাবে ডায়েবেটিচ ৰোগী সকলে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখাটো বাঞ্চনীয়।

ডায়েবেটিচ ৰোগী সকলে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখাৰ লগতে ভৰি দুখনৰ বিশেষ ভাৱে যত্ন লোৱা উচিত। এই বিষয়ে তলত আলোচনা কৰা হ’ল :-

ডায়েবেটিচ ৰোগীৰ বাবে কিয় ভৰিৰ বিশেষ যত্নৰ আৱশ্যক -

তেজত বৰ্দ্ধিত চুগাৰৰ পৰিমাণে পিছলৈ গৈ শৰীৰৰ স্নায়ুসমূহ নষ্ট কৰিব পাৰে আৰু ভৰিলৈ তেজ চলাচল প্ৰক্ৰিয়াটো ব্যাঘাত জন্মাব পাৰে।কাৰণ ডায়েবেটিচৰ ফলত ভৰিৰ সৰু সৰু ৰক্তবাহী নলিকাসমূহ কঠিন হৈ পৰে। ইয়াৰ ফলতেই তেজ চলাচল বাধাপ্ৰাপ্ত হয়।এইবোৰ কাৰকে ভৰিদুখনৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিহেতু খোজ কাঢ়োতে ভৰি দুখন আঘাতপ্ৰাপ্ত হোৱাৰ বহুত সম্ভাৱনা থাকে,স্নায়ুকোষৰ দুৰ্বলতা বা স্নায়ুকোষ নষ্ট হোৱাৰ ফলত আঘাত পালেও ৰোগীয়ে কোনো ধৰণৰ বিষ-দুখ অনুভৱ নকৰিবও পাৰে। সাধাৰণ এটা আঘাতো যদি অৱহেলা কৰি সময়ত উচিত চিকিৎসা কৰা নহয় তেতিয়া সেই সৰু বা সাধাৰণ আঘাতেই গৈ অতি গুৰুতৰ ৰূপ ধাৰণ কৰিব পাৰে। আকৌ এইসকল ৰোগীৰ যিহেতু ভৰিৰ তেজ চলাচল বাধাপ্ৰাপ্ত হয়, সেয়েহে কেনেবাকৈ আঘাতপ্ৰাপ্ত ঠাইত সংক্ৰমণ হলে, সেই ঘাঁ শুকুৱাবলৈ অতি কঠিন হয়। শেষত সেই ঘাঁ বাঢ়ি গলে ভৰি কাটি পেলাব লগীয়া হব পাৰে।

ডায়েবেটিচ ৰোগীয়ে কেনেকৈ লব ভৰিৰ যতন -

ভৰি দুখনক গুৰুতৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ ডায়েবেটিচ ৰোগী সকলে তলত উল্লেখ কৰা নিয়ম সমূহ মানি চলা উচিত।

*আপোনাৰ ভৰিদুখনত সদায় ভালদৰে চকু ফুৰাওক। কৰবাত কেনেবাকৈ কাটিছে নেকি, ভৰি ৰঙা পৰিছে বা ফুলিছে নেকি, পানীজ্বলাৰ নিচিনা কিবা আছে নেকি, নখবোৰ ঠিকে আছে নে নাই আদি সকলোবোৰ লক্ষ্য কৰক। যদি কিবা সমস্যা দেখা যেন পায় চিকিৎসকৰ ওচৰ চাপক
ভৰিৰ তলুৱা পৰীক্ষা কৰিবলৈ এখন মেগনিফাইং হেণ্ড মিৰৰ (magnifying hand mirror)ব্যৱহাৰ কৰিব পাৰে।

*সদায় আপোনাৰ ভৰি দুখন কুহুমীয়া গৰম পানীৰেহে ধুব। ভৰি পৰিষ্কাৰ কৰিবলৈ কোমল কাপোৰ বা স্পন্জ ব্যৱহাৰ কৰিব। ভৰি ধুবলৈ কেতিয়াও বেছি গৰম পানী ব্যৱহাৰ নকৰিব। তাৰ পিছত শুকান কাপোৰেৰে মৃদু চাপ দিহে পানী টুকি লব। আঙুলিৰ ফাঁকবোৰ শুকুৱাবলৈ নাপাহৰিব।

*ভৰিদুখন আৰ্দ্ৰ কৰি ৰাখিবলৈ ধোৱাৰ পিছত সদায় মইচাৰাইজাৰ লগাব, যাতে খজুৱতি বা ভৰি ফটাৰ পৰা হাত সাৰি থাকিব পাৰি। কিন্তু আঙুলিৰ ফাঁকবোৰত কেতিয়াও মইচাৰাইজাৰ নাসানিব। কাৰণ ইয়াৰ ফলত ভেঁকুৰজনীত সংক্ৰমণ হব পাৰে।

*নখবোৰ সদায় চুটিকৈ ৰাখিব। নখ কাটোতে সদায় সাৱধান হব। কিন্তু অতি বেছি চুটিকৈ নখ কাটিলে ভৰিৰ আঙুলিৰ নখবোৰ মাংসৰ ভিতৰলৈ সোমাই যাব পাৰে যাক ইনগ্ৰয়িং টো(ingrowing toe nails) নেইলছ বুলি কোৱা হয়। ই অতি বিষযুক্ত হয়।

*ভৰিত কৰ্ণ(corn)অৰ্থাৎ ভৰি বা হাতৰ ছাল কঠিন হৈ উখহি উঠা অৱস্থা, আদি হলে নিজে কাটিবলৈ কেতিয়াও চেষ্টা নকৰিব। লগে লগে চিকিৎসকৰ পৰামৰ্শ লব।

*সদায় শুকান আৰু পৰিষ্কাৰ মোজাহে পিন্ধিব। প্ৰতিদিনে মোজাযোৰ সলনি কৰিব। ডায়েবেটিচ ৰোগীৰ বাবে বিশেষ ভাৱে নিৰ্মিত মোজা কিনিবলৈ পোৱা যায়।

*ঠাণ্ডাৰ দিনত ভৰিৰ বাবে কেতিয়াও হিটিং পেড বা গৰম পানীৰ বটল ব্যৱহাৰ নকৰিব। তাৰ সলনি ভৰিত মোজা পিন্ধি থাকক।

*জোতাযোৰ পিন্ধাৰ আগতে ভালদৰে জোকাৰি লওঁক। কাৰণ জোতাৰ ভিতৰত কিবা এনেকুৱা বস্তু সোমাই থাকিব পাৰে যিয়ে আপোনাৰ ভৰিক আঘাতপ্ৰাপ্ত কৰিব পাৰে। আৰু স্নায়ুকোষ দুৰ্বল হোৱা বাবে সেই আঘাতৰ বিষ আপুনি অনুভৱ নকৰিবও পাৰে।

*ভৰি দুখন সদায় শুকান আৰু গৰম কৰি ৰাখিব। বৰষুণত বা বৰফত(যিসকলে বৰফ পৰা ঠাইত বাস কৰে) ভৰি দুখন কেতিয়াও উন্মুক্ত হবলৈ নিদিব।

*যদি আপোনাৰ ভৰিদুখন বেছিকৈ ঘামি থাকে তেন্তে ভৰিৰ তলুৱাত এন্টিপাৰ্চপিৰেণ্ট(antiperspirant)অৰ্থাৎ কিছুমান স্প্ৰে বা মলম জাতীয় বস্তু যিয়ে ভৰি বা হাত বেছিকৈ ঘমাটো কম কৰে, আদি ব্যৱহাৰ কৰিব পাৰে।

*খালি ভৰিৰে কেতিয়াও খোজ নাকাঢ়িব। আনকি ঘৰৰ ভিতৰতো। কোনো আঘাতৰ পৰা বাচি থাকিবলৈ সদায় জোতা বা চেন্ডেল পৰিধান কৰি থাকিব।

*নিয়মীয়াকৈ ব্লাড চুগাৰ পৰীক্ষা কৰক। চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ আপোনাক চিকিৎসকে দিয়া পৰামৰ্শসমূহ সদায় মানি চলক।

*ধূম্ৰপান কৰাৰ পৰা বিৰত থাকক। ধূম্ৰপানৰ ফলত ভৰিৰ ৰক্ত চলাচলত ব্যাঘাত জন্মে।

*সময়ে সময়ে চিকিৎসকৰ ওচৰলৈ গৈ ভৰি দুখন পৰীক্ষা কৰাওক।

লেখিকা :- ডাঃ বন্দনা শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ