বিশ্ব ব্যাপি ১৪ মিলিয়ন লোক এই বহুমূত্ৰ ৰোগৰ চিকাৰ হৈছে আৰু দিনক দিনে ইয়াৰ সংখ্যা দ্ৰূত-গতিত বৃদ্ধি হৈ আছে। ইতিমধ্যে ভাৰতবৰ্ষই বিশ্বৰ ডায়েবেটিছ কেপিটেইল অৰ্থাত হহুমূত্ৰ ৰোগৰ ৰাজধানী ৰুপে স্বীকৃতি পাইছে। দেশৰ জনসংখ্যাৰ ৫% লোক এই বহুমূত্ৰ ৰোগৰ স্বীকাৰ হৈছে।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে উন্নত দেশতো 2.5 কৌটি মানুহ এই ৰোগত আক্ৰান্ত হৈছে। বৰ্তমান সময়ত ব্যস্ততাপূৰ্ণ আধুনিক জীৱন যাপনৰ লগে লগে বিভিন্ন অনিয়ম, দুচিন্তা, উদ্দেগ-উৎকণ্ঠাও মানুহৰ জীৱন সংগী হৈ পৰিছে। আৰু ইয়াৰ লগে লগে মানুহৰ দেহত বিভিন্ন ধৰনৰ দূৰাৰোগ্য ৰোগে দেখা দিব ধৰিছে।

এই ডায়েবেটিচত আক্ৰান্ত হোৱা অধিকাংশই গমেই নাপাই যে তেওঁ ডায়েবেটিচত ভোগিছে। আপোনি ডায়েবেটিচট আক্ৰান্ত হৈছে নে নাই সেই বিষয়ে জনাটো খুবেই জৰুৰী হয়। কাৰণ এই ডায়েবেটিচ ৰোগৰ সৈতে চকু, কিডনি, থাইৰয়েড, আদি দেহৰ গুৰুত্বপুৰ্ণ অংগ-পতঙ্গৰ সম্পৰ্ক আছে।

ডায়েবেটিচ নিয়ন্ত্ৰনৰ বাহিৰ হৈ গলে এই অংগ সমূহ আংশিক বা সম্পুৰ্ণ অচল হৈ পৰাৰো সম্ভাৱনা আছে। গতিকে আপোনি ডায়েবেটিচত আক্ৰান্ত নেকি তাক জানিবৰ বাবে এই ১০ টা লক্ষণ ভালদৰে জানি লওঁক।

১)অসাৰতাঃ-

হাত, ভৰি, আঙুলি ও ভৰীৰ পতা যদি সামান্যত্বম অসাৰ অথবা গধূৰ আৰু অচল অনুভৱ হয় তেনেহলে সতৰ্ক হওঁক। কাৰণ তেজত চুগাৰৰ পৰিমান বাঢ়ি গলে হাত-ভৰিত অসাৰতা অনুভৱ হব পাৰে। ডায়েবেটিচৰ প্ৰাৰম্ভিক লক্ষণ সমূহৰ মাজত এইটোও এটা।

২)ঘনাই-ঘনাই প্ৰস্ৰাব কৰাঃ-

সাধাৰণতে ডায়েবেটিচত আক্ৰান্ত হ’লে ঘনে-ঘনে প্ৰস্ৰাৱ হয়। এই ধৰণৰ সমস্যাৰ বাবেই চিকিৎসকৰ কাষ চাপে বেছিভাগ ৰোগিয়ে। অতিৰিক্ত মূত্ৰ ত্যাগৰ বাবে শৰীৰত মাৰাত্মক ভাৱে পানী শূন্যতা হয়।
৩)দেহৰ উজন কমি যোৱাঃ-

অতি দ্ৰুত ও অৱৰ্ননীয় ভাৱে শৰীৰৰ উজন হ্ৰাস হ’ব পাৰে। কাৰণ ডয়েবেটিচত আক্ৰান্ত হ’লে শৰীৰে সঠিক ভাৱে গ্লুকজ শোষণ কৰিব নোৱাৰে।

৪)ভোক বৃদ্ধি হোৱাঃ-

হঠাৎ ওজন কমাৰ লগতে ভোক ও বাঢ়ি যায়। এনেকোৱা হলে বহু লোকে নিজৰ ইচ্ছা মতে খোৱা আৰম্ভ কৰি দিয়ে। কিন্তু দেহত যে কোষ সমূহৰ প্ৰয়োজনীয় শক্তি লোপ পাইছে সেইকথা অনুধাৱন কৰিব নোৱাৰে।

৫)চকুৰে অন্ধকাৰ বা জিল-মিল দেখাঃ-

ডায়েবেটিচৰ এটি সাধাৰণ উপসৰ্গ হৈছে চকুৰে জিল-মিল দেখা বা দৃষ্টিশক্তি ক্ষীণ হৈ অহা। তেজত গ্লুকজৰ পৰিমান বাঢ়ি গলে সাধাৰণতে এনেকুৱা হয়। যদি সময় মতে ডায়েবেটিচ হৈছেনে নাই পৰীক্ষা কৰা নহয় তেনেহলে ৰেগীৰ সম্পুৰ্ণ দৃষ্টিশক্তিলোপ হাৱাৰো সম্ভাৱনা থাকে।

৬)শুকাণ আৰু সৰ-সৰীয়া ছালঃ-

ডায়েবেটিছত স্বভাৱিক ৰক্ত প্ৰবাহ প্ৰক্ৰিয়া আক্ৰান্ত হলে আমাৰ চালৰ ঘাম গ্ৰন্থিৰ কৰ্ম ক্ষমতা সম্পুৰ্ণ বিলুপ্ত হৈ যায়। ফলত চালত খজুৱতি অুভৱ হয়, শুকান আৰু সৰখৰীয়া হৈ যায়।

৭)সাংঘাতিক অৱসাদ গ্ৰস্ততাঃ-

শৰীৰ অৱসাদ বা অৱসন্নতাত উৎসাহ উদ্দিপনা ও উদ্যম ধৰী ৰখাৰ অসম্ভৱ প্ৰায় হৈ পৰে।

৮)অত্যন্ত পিয়াহ অনুভৱঃ-

প্ৰচুৰ পানী খোৱাৰ পাছতো পিয়াহ অনুভৱ হোৱা ডায়েবেটিছৰ সাধাৰণ লক্ষম সমূহৰ ভিতৰত ই ও এটা।
৯)কটা-চিঙা বা ঘাঁ শুকোৱাত বিলম্বঃ-

সামান্য কটা-চিঙা বা ঘাঁ খুব লাহে লাহে শুকাই। তেজত গ্লুকজ বেছি হুৱা ই ও এটা প্ৰধান লক্ষণ।

১০)দাঁতৰ আলু ফুলি উঠাঃ-

দাঁতৰ আলু ফুলি উঠাও ডায়েবেটিচৰ লক্ষণ হব পাৰে। দাঁতৰ আলু ফুলি যোৱা,ৰঙা হোৱা অস্বস্থি বা যন্ত্ৰনা অনুভৱ হোৱা আদি।

লেখক: ডাঃ হৰিকান্ত দাস।

ফোন নম্বৰ- 9954340102