চমু বিৱৰণ

ডেংগু নামৰ ৰোগবিধ একে নামৰ ভাইৰাছৰ দ্বাৰা হয়। কেইবছৰমান পূৰ্বে এই ৰোগবিধে ৰাজধানী দিল্লী মহানগৰীকে ধৰি ভাৰতৰ পশ্চিমাঞ্চলৰ কেইবাখনো ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অসমতো ডেংগু ৰোগত আক্ৰান্ত কেইবাজনো লোক হস্পিতালত ভৰ্তি হৈছে বুলি বাতৰি ওলাইছে যদিও বিশেষজ্ঞসকলৰ দ্বাৰা এই তথ্য সমৰ্থিত হোৱা নাই।

ডেংগু ৰোগৰ বুৰঞ্জী

ভাৰতৰ ডেংগু ৰোগ আক্ৰমণৰ বুৰঞ্জী অতি পুৰণি। ডেংগু ভাইৰাছ চাৰি প্ৰকাৰৰ (এক, দুই, তিনি আৰু চাৰি) আছে আৰু ই ‘এইডছ ইজিপ্টি’ নামৰ মহৰ জৰিয়তে বিয়পি পৰে। ডেংগু ৰোগাক্ৰান্ত মানুহ কেতিয়াবা এজন-দুজন দেখা যায় আৰু কেতিয়াবা মহামাৰীৰ ৰূপত এই ৰোগ দেখা দিব পাৰে। সাধাৰণতে বাৰিষা কালত মহৰ বংশবৃদ্ধি হয় আৰু সেই সময়তেই মহামাৰীৰ আশংকা বাঢ়ি যায়। সেয়েহে যিবোৰ অঞ্চলত মহৰ প্ৰকোপ অধিক তেনেবোৰ অঞ্চলতহে এই ৰোগ বেছিকৈ হোৱাৰ আশংকা বাঢ়ি যায়। যোৱা কেইবছৰমানত ভাৰতত এই ৰোগৰ প্ৰকোপ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ১৯৮০ চনত ভাৰতত এই ৰোগাক্ৰান্ত মানুহৰ সংখ্যা আছিল ৪,৬০১ জন। এই বছৰত এতিয়ালৈকে তিনিশৰো অধিক লোক এই ৰোগত ভুগি মৃত্যুমুখত পৰিছে।

‘এইডছ ইজিপ্টি’ নামৰ মহবিধে আক্ৰান্ত ৰোগীজনৰ দেহৰ পৰা তেজ ৰোগ আৰম্ভ হোৱাৰ প্ৰথম তিনিদিনৰ ভিতৰত খালে ভাইৰাছবিধ মানুহৰ পৰা মহলৈ বিয়পি পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এটি হিচাপ মতে প্ৰতি বছৰেই সমগ্ৰ বিশ্বতেই ৩০-৬০ নিযুত মানুহ ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে আৰু ইয়াৰ গৰিষ্ঠসংখ্যক মানুহেই এই ৰোগত ভোগে। গ্ৰীষ্মমণ্ডলত অৱস্থিত দেশসমূহৰ (বিষুৱ ৰেখাৰ ওচৰে-পাঁজৰে) জনসাধাৰণ এই ৰোগত সৰহকৈ আক্ৰান্ত হয়। ১৯৯২ চনৰ এটি পৰিসংখ্যা মতে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ আধাৰো অধিক বাসিন্দা এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে। এই ৰোগৰ আক্ৰমণৰ ধৰণো সলনি হৈছে আৰু আশীৰ দশকত আমেৰিকা মহাদেশ আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত ক্লাছিকেল ডেংগুৰ সলনি হিমোৰেজিক ডেংগুৰ প্ৰাদুৰ্ভাৱ বেছিকৈ ঘটা পৰিলক্ষিত হয়।

ডেংগু ৰোগৰ প্ৰকাৰ

উপসৰ্গসমূহৰ দিশৰ পৰা আলোচনা কৰিলে ডেংগু ৰোগক তিনিটা ভাগত ভগাব পাৰি। সেইবোৰ হৈছে- (১) ক্লাছিকেল ডেংগু, (২) হিমোৰেজিক ডেংগু আৰু (৩) ডেংগু শ্বক ছিনড্ৰ’ম।

প্ৰথমবিধ ৰোগৰ অস্তিত্বৰ উমান আমাৰ দেশত বহুদিনৰে পৰাই পোৱা যায়। শেহতীয়া বাতৰি অনুযায়ী অসমত জাপানী এনকেফেলাইটিছ ৰোগৰ পাছত দেখা দিছে ডেংগি বা ডেংগুৰ ভয়াৱহ ৰূপে। ২৭ খন জিলাৰ ভিতৰত ১৯ খনতেই এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। নগৰীয়া ৰোগ ৰূপে স্বীকৃত এই ৰোগৰ ভয়াৱহ ৰূপ প্ৰতিফলিত হৈছে খোদ ৰাজধানী মহানগৰীত। স্বাস্থ্য বিভাগৰ তথ্য অনুযায়ী গুৱাহাটীত এতিয়ালৈকে ৫০৪ জন লোক এই ৰোগত ভুগিছে। ইয়াৰে ভিতৰত দুজন লোকৰ মৃত্যু হৈছে। তদুপৰি অসমৰ অন্যান্য বিভিন্ন জিলাত এই বছৰ আজিৰ তাৰিখলৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা এনেধৰণৰ- শিৱসাগৰ (৭ জন), লক্ষীমপুৰ (২ জন), তিনিচুকীয়া (৫ জন), নলবাৰী (৪ জন), নগাঁও (৪ জন), মৰিগাঁও (৩ জন), কামৰূপ (গ্ৰাম্য- ৭ জন), যোৰহাট (৩ জন), ডিব্ৰুগড় (১৬ জন)। আমাৰ সচেতন পঢ়ুৱৈসকল এই তথ্যৰ বিষয়ে জ্ঞাত হৈ চিন্তিত নিশ্চয়কৈ হ’ব যদিও বিভিন্ন দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছে।

ডেংগু ৰোগৰ দ্বিতীয় প্ৰকাৰৰ নাম হৈছে হিমোৰেজিক ধৰণৰ। এইবিধ ৰোগ প্ৰথম বিধতকৈ বেছি মাৰাত্মক হয় আৰু কেইবাপ্ৰকাৰৰো ডেংগু ভাইৰাছে মিলি এইবিধ ৰোগ সৃষ্টি কৰে। সাতে-পাঁচে মিলি ৰোগীজনৰ অৱস্থা কাহিল হৈ পৰে। প্ৰকৃততে প্ৰথম প্ৰকাৰৰ ডেংগু ভাইৰাছে আক্ৰমণ কৰাৰ পাছতেই ৰোগীজন সংবেদনশীল হৈ পৰে। ইয়াৰ পাছত ‘ভূতৰ ওপৰত দানহ পৰাদি’ দ্বিতীয় প্ৰকাৰৰ ভাইৰাছে আক্ৰমণ কৰিলে ৰোগীৰ প্ৰতিৰক্ষা ব্যৱস্থা ছেদেলি-ভেদেলি হৈ পৰে। এই প্ৰকাৰৰ ডেংগু ৰোগ পোন্ধৰ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ হোৱা দেখা যায়। এই প্ৰকাৰৰ ৰোগৰ উপসৰ্গসমূহ এনেধৰণৰ- (১) জ্বৰ, (২) ৰক্তক্ষৰণঃ দেহৰ বিভিন্ন ঠাইৰ পৰা তেজ ওলাবলৈ ধৰে। ৰোগীয়ে তেজ বমি কৰিব পাৰে, নাকেদি তেজ নিৰ্গত হ’ব পাৰে, দাঁতৰ আলুৰ পৰাও তেজ নিঃসৰণ হয়। সিৰাৰ তেজ পৰীক্ষা কৰিলেও প্লেটলেটৰ সংখ্যা কমি যোৱা দেখা যায়। (প্ৰতি মিঃ লিঃ তেজত এক লাখৰো কম হয়)। তদুপৰি হিমাটোক্ৰিটৰ মান শতকৰা কুৰিভাগ বাঢ়ি যায়।

বিভিন্ন দেশত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ

এছিয়া মহাদেশৰ অন্যান্য কেতবোৰ দেশতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছে। সেই দেশবোৰ হৈছে ব্ৰহ্মদেশ, বাংলাদেশ, থাইলেণ্ড, শ্ৰীলংকা, মালয়েছিয়াচ ছিংগাপুৰ, ফিলিপাইনছ আৰু পূৱ আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহ। মানুহ আৰু মহ দুয়োৰে দেহতেই ডেংগু ভাইৰাছৰ বংশবৃদ্ধি ঘটিব পাৰে। আনকি পৰীক্ষাগাৰত এইটোও প্ৰমাণ কৰা হৈছে যে নাৰীৰ ডিম্বকোষৰ জৰিয়তে এই ভাইৰাছবিধ বিয়পিব পাৰে। আগতেই উল্লেখ কৰিছো যে এজন ৰোগাক্ৰান্ত ব্যক্তিৰ শৰীৰৰ তেজ পান কৰিলে মহৰ দেহলৈ এই ৰোগৰ বীজাণু বিয়পি পৰে। তেজ খোৱাৰ ৮-১০ দিনৰ পাছত মহটোৱে সেইবীজাণুবোৰ পুনৰ মানুহৰ দেহলৈ বিয়পাই দিব পৰা হয়। নাৰী-পুৰুষ নিৰ্বিশেষে সকলো বয়সৰে মানুহ এই ৰোগত আক্ৰান্ত হ’ব পাৰে। শিশুসকলৰ মাজত এই ৰোগৰ তীব্ৰতা প্ৰাপ্তবয়স্কসকলৰ তুলনাত কম হয়। বীজাণুবিধ মানুহৰ দেহত প্ৰৱেশ কৰাৰ পাছত প্ৰথমে প্ৰায় এসপ্তাহমানলৈ কোনোধৰণৰ উপসৰ্গ দেখা নিদিবও পাৰে। ইয়াৰ পাছত হঠাতে কঁপি কঁপি জ্বৰ উঠে আৰু এই জ্বৰ কেতিয়াবা এসপ্তাহলৈকে থাকিব পাৰে। ইতিমধ্যে উল্লেখ কৰা ডেংগু ভাইৰাছসমূহৰ যিকোনো এবিধৰ দ্বাৰা আক্ৰান্ত হ’লে ৰোগীজনৰ বাকীকেইপ্ৰকাৰ ভাইৰাছৰ বিপক্ষেও প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় হৈ উঠে। অৱশ্যে ডেংগু ৰোগৰ কবলত পৰি মহামাৰীৰ বাদে অন্য সময়ত তেনেই তাকৰ সংখ্যক ৰোগীৰহে মৃত্যু হয়।

অন্যান্য উপসৰ্গঃ

জ্বৰ উঠিলে কঁপনি আহে আৰু জ্বৰ এৰিলে সময়ত ঘাম বাহিৰ হয়। মূৰৰ সন্মুখভাগত অত্যন্ত বিষ অনুভূত হয় আৰু কেতিয়াবা পিঠিৰ বিষো অত্যন্ত বেছি হ’ব পাৰে। দীঘল হাড়বোৰৰ গুৰিতে বিষ হয় আৰু সেয়েহে ইংৰাজীত এই ৰোগক ‘বেক বোন ফিভাৰ’ (হাড় ভগা জ্বৰ) বোলে। সোৱাদ আৰু ঘ্ৰাণ অনুভূতিৰো পৰিৱৰ্তন ঘটে। এই ৰোগ হ’লে ৰোগীৰ মুখমণ্ডল ৰঙচুৱা হৈ পৰে আৰু প্ৰায় ষষ্ঠ দিনৰ পৰা দেহৰ বিভিন্ন ঠাইত ৰঙচুৱা গুটি ওলাবলৈ ধৰে। এনেধৰণৰ গুটিৰ অস্তিত্ব দুই ঘণ্টাৰ পৰা কেইবাদিনোলৈকে ৰোগীৰ দেহত থাকিব পাৰে। বিশেষকৈ হাত আৰু ভৰিত এই উপসৰ্গ বেছিকৈ দেখা যায়। সমগ্ৰ দেহৰে লসিকা গ্ৰন্থিসমূহৰ আকৃতি বাঢ়ি যায় আৰু প্লীহা বা স্পীলিনো তেনেদৰে ডাঙৰ হৈ পৰে। নাড়ীৰ স্পন্দনৰ হাড়ৰ বৃদ্ধি অৱশ্যে দেহৰ উত্তাপ বৃদ্ধিৰ সমানুপাতিক নহয়। দৃষ্টিশক্তিৰো তাৰতম্য ঘটিব পাৰে। ৰোগীৰ মানসিক অৱস্থাৰো পৰিৱৰ্তন ঘটিব পাৰে আৰু কেতিয়াবা হতাশা, নিদ্ৰাহীনতা আৰু মানসিক অস্থিৰতাত ভুগিব পাৰে। সাধাৰণতে এই ৰোগৰ দৈৰ্ঘ ৬-৯ দিনলৈকে হ’ব পাৰে। এই ৰোগৰ কেতবোৰ জটিলতা হৈছে-

(১) ছালৰ পৰা ৰক্তক্ষৰণ,

(২) অটাইটিছ মিডিয়া নামৰ কাণৰ ৰোগ,

(৩) হাওঁফাওঁৰ ৰোগ নিউমোনিয়া আৰু ব্ৰোংকো নিউমোনিয়া,

(৪) বিৰল ক্ষেত্ৰত জণ্ডিচ,

(৫) চকুৰ ৰোগ আইৰাইটিছ,

(৬) জননেন্দ্ৰিয়ৰ ৰোগ আৰ্কাইটিছ, আফাৰাইটিছ,

(৭) মানসিক ৰোগ হতাশা।

এই ৰোগ হ’লে তেজৰ দুটামান পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছোৱেই।

সঠিক ৰোগ নিৰ্ধাৰণৰ বাবে এনেবোৰ পৰীক্ষাৰ দৰকাৰ-

(১) তেজৰ শ্বেত ৰক্তকণিকাৰ সংখ্যাগতভাৱে হ্ৰাস পোৱা যায়।

(২) প্ৰস্ৰাৱত এলবুমিন নামৰ প্ৰ’টিনবিধ থাকিব পাৰে।

(৩) কমপ্লিমেণ্ট ফিব্ৰোচন পৰীক্ষাবিধে ধনাত্মক ফলাফল দেখুৱাব পাৰে।

(৪) সক্ৰিয় অৱস্থাত থাকিলে ভাইৰাছবিধ আণুবীক্ষণিক পৰীক্ষাৰ সহায়ত তেজত ধৰা পেলাব পাৰি।

এই ৰোগৰ চিকিত্সাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ হৈছে-

(১) শৰীৰৰ বিষ উপশম ঘটাবৰ বাবে বেদনানাশক দৰব আৰু কেতিয়াবা নিদ্ৰাদায়ক দৰব ব্যৱহাৰ কৰিব লাগে।

(২) ৰক্তক্ষৰণ বন্ধ কৰিবলৈ হেপাৰিণ, ভিটামিন ‘কে’ আদি দৰব ব্যৱহাৰ কৰা হয়।

(৩) সময়বিশেষে কৰ্টিছোন বা ষ্টেৰোডি শ্ৰেণীৰ দৰব ব্যৱহাৰ কৰা হয়।

(৪) প্ৰয়োজনসাপেক্ষে সিৰাইদি চেলাইন দিয়াৰো ব্যৱস্থা কৰা হয়।

শেহত কওঁ যে অসমত ব্যাপকভাৱে প্ৰাদুৰ্ভাৱ থকা মেলেৰিয়া ৰোগৰ সৈতে ডেংগু ৰোগৰ বহুখিনি উপসৰ্গত সাদৃশ্য আছে। দুয়োটা ৰোগৰ প্ৰভেদ নিৰ্ধাৰণৰ বাবে তেজ পৰীক্ষা কৰাই হৈছে সৰ্বোত্তম উপায়।

লেখকঃ ডাঃ মিহিৰ কুমাৰ গোস্বামী

উৎসঃ অসমীয়া খবৰ