থাইৰডৰ বিষয়ে জনা দৰকাৰ থাইৰড এটা সৰু গ্ৰন্থি। ই দেখাত পখিলাৰ দৰে। ই ডিঙিৰ তল অংশৰ মাজভাগত থাকে। দেহৰ মেটাবলিজিম নিয়ন্ত্ৰণ কৰাটো এই গ্ৰন্থিৰ প্ৰাথমিক কাম। থাইৰডে হৰমন উত্পন্ন কৰে, যিয়ে কোষবিলাকক কিমান শক্তি ব্যৱহাৰ কৰিব লাগে সেইটো ঠিক কৰি দিয়ে। সঠিকভাৱে কাম কৰি থকা থাইৰড গ্ৰন্থিয়ে দেহৰ মেটাবলিজিমৰ কাম-কাজ সঠিকভাৱে চলিবলৈ উপযুক্ত হাৰত হৰমন নিঃসৰিত কৰে। এই হৰমনবোৰ ব্যৱহাৰ হোৱাৰ লগে লগে থাইৰড গ্ৰন্থিয়ে পুনৰ হৰমন উত্পাদন কৰি দিয়ে। তেজত হৰমনৰ পৰিমাণৰ ওপৰত পিটুইটেৰী গ্ৰন্থিয়ে পৰ্য্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰে। লাওখোলাৰ ভিতৰত মগজুৰ ঠিক তলতে থকা পিটুইটেৰী গ্ৰন্থিয়ে তেজত থাইৰড হৰমনৰ পৰিমাণ কম বা অধিক থকাটো প্ৰত্যক্ষ কৰিলে ই নিজে এবিধ হৰমন নিঃসৰিত কৰি থাইৰড গ্ৰন্থিলৈ পঠায় আৰু কি কৰিব লাগিব তাৰ নিৰ্দেশ দিয়ে। থাইৰড ৰোগ কি আৰু কাৰ এনে ৰোগ হব পাৰে? প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ হৰমন থাইৰডৰ পৰা নিঃসৰিত হ’লে শৰীৰে দ্ৰুত হাৰত শক্তি ব্যৱহাৰ কৰে। ইয়াক হাইপাৰথাইৰডিজিম বোলা হয়। প্ৰয়োজনতকৈ কম হৰমন নিঃসৰিত হ’লে- শৰীৰে অতি লেহেম গতিত শক্তিৰ ব্যৱহাৰ কৰে। ইয়াক হাইপ’থাইৰডিজিম বোলা হয়। যিকোনো লিংগ আৰু বয়সৰ মানুহৰে থাইৰড ৰোগ হব পাৰে। অৱশ্যে মহিলাসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ৫ পৰা ৮ গুণ বেছি। থাইৰড কিয় হয়? থাইৰড ৰোগ হোৱাৰ বিভিন্ন কাৰণ আছে। তলত হাইপ’থাইৰডিজিম হোৱাৰ কেইটামান কাৰণ উল্লেখ কৰা হ’ল: থাইৰড গ্ৰন্থিৰ এক ধৰণৰ প্ৰদাহ হ’ল থাইৰইডিটিছ। ইয়াৰ ফলত এই গ্ৰন্থিয়ে কম পৰিমাণৰ হৰমন উত্পাদন কৰে। বংশগতভাৱে হোৱা দেহৰ প্ৰতিৰোধক প্ৰক্ৰিয়াত হোৱা হাছিম’ট’ থাইৰইডিটিছ নামৰ ৰোগৰ বাবে। মহিলাই সন্তান প্ৰসৱ কৰাৰ পাছত ৫-৯ শতাংশ মহিলাৰ প্ৰসৱোত্তৰ থাইৰইডিটিছ হব পাৰে। এই অৱস্থা স্থায়ী নহয়। দেহত আয়ডিন কম হোৱাৰ বাবে বিশ্বৰ ১০০ নিযুত লোকে এই ৰোগত ভুগিছে। থাইৰডে হৰমন উত্পন্ন কৰিবলৈ আইৰণ ব্যৱহাৰ কৰে। প্ৰতি ৪০০০ নবজাতকৰ মাজত এটি শিশুৰ থাইৰড গ্ৰন্থি অকামিলা হোৱা দেখা যায়। লগে লগে এই সমস্যাৰ বাবে বাধাগ্ৰস্থ হয়। তলত উল্লেখ কৰা কাৰণবোৰৰ বাবে হাইপাৰ থাইৰডিজিম হয়: গ্লেভছ ৰোগ হ’লে থাইৰড গ্ৰন্থিটো অতি বেছি কাৰ্য্যক্ষম হৈ পৰে আৰু অধিক মাত্ৰাত হৰমন নিঃসৰিত কৰে। মডুলাছ অতি বেছি সক্ৰিয় হৈ পৰে। থাইৰইডিটিছ নামৰ বিসংগতিৰ বাবে হাইপাৰথাইৰডিজিম হৈ কিছু সপ্তাহ বা কিছু মাহ্ গ্ৰন্থিত জমা হৈ থকা হৰমনবোৰ নিঃসৰিত হব পাৰে। এই অৱস্থা বেদনাদায়ক হবও পাৰে নহবও পাৰে। বেদনাহীন ধৰণৰ এই অৱস্থা শিশু জন্মৰ পাছত মহিলাসকলৰ হোৱা দেখা যায়। কিছুমান ঔষধ যোগে অধিক পৰিমাণৰ আয়ডিন গ্ৰহণ কৰাৰ ফলতো থাইৰডে অধিক বা কম পৰিমাণৰ হৰমন নিঃসৰিত কৰিব পাৰে। হাইপ’থাইৰডিজিম আৰু হাইপাৰথাইৰ’ডিজিমৰ লক্ষণ কি? হাইপ’থাইৰডিজিমৰ লক্ষণবোৰ হ’ল অৱসাদ। অতি বেছি ঋতুস্ৰাব। কথা পাহৰি যোৱা। ওজন বৃদ্ধি। শুকান খহতা ছাল আৰু চুলি। কন্ঠ কৰ্কশ হোৱা। ঠাণ্ডা সহ্য কৰিব নোৱাৰা। হাইপাৰথাইৰ’ডিজিমৰ লক্ষণবোৰ হ’ল: স্নায়ুৰ দূৰ্বলতা/খিংখিঙিয়া ভাৱ। পেশী দূৰ্বলতা। ঋতুস্ৰাবৰ পৰিমাণ কমি যোৱা। ওজন কমি যোৱা। ভালদৰে টোপনী নোহোৱা। থাইৰড গ্ৰন্থি উখহি উঠা। দৃষ্টি শক্তিৰ সমস্যা বা চকু পুৰি থকা। তাপ সহ্য কৰিব নোৱাৰা। থাইৰড ৰোগ হোৱাৰ লগে লগেই ধৰা পৰিলে এনে লক্ষণ দেখাৰ দিয়াৰ আগতেই চিকিত্সা কৰি নিৰাময় বা নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পৰা নাযায়। অৱশ্যে উপযুক্ত যত্ন আৰু ব্যৱস্থাপনাৰে এক সুস্থ আৰু স্বাভাৱিক জীৱন-যাপন কৰিব পাৰি। উৎস: আইএনডিজি দল।