পটাচিয়াম নামৰ মিনাৰেলবিধে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বঢ়োৱাত বহু পৰিমাণে সহায় কাৰে। ই ‘টিছু মিনাৰেল’ হিচাপে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গড় হিচাপে এজন প্ৰাপ্ত বয়ষ্ক মানুহৰ শৰীৰত ১২০ গ্ৰাম পটাচিয়াম থাকে। তাৰোপৰি ২৪৫ গ্ৰাম পটাচিয়াম ক্ল’ৰাইড থাকে। পটাচিয়াম হ’ল ঈষৎ সেউজীয়া বগা ৰঙৰ ধাতব উপাদান। অধিক পৰিমাণে এলকোহল, কফি, চেনি আদি সেৱল কৰিলে শৰীৰত পটাচিয়ামৰ পৰিমাণ হ্ৰাস পায়। সাধাৰণতে সুস্বাস্থ্যৰ অধিকাৰী এজন মানুহৰ নিয়মিত খাদ্যত থকা শতকৰা ৯০% ভাগ পটাচিয়াম প্ৰস্ৰাৱৰ লগত নিৰ্গমন হয়। কিবা কাৰণত শৰীৰৰ কোষবিলাকে পটাচিয়াম সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলে প্ৰস্ৰাৱত বেছি পৰিমাণে পটাচিয়াম নিৰ্গত হয়। খাৰুৱা উপাদান হিচাপে পটাচিয়ামৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। পটাচিয়ামে অধিক অম্লপিত্ত হোৱাত বাধা দিয়ে। হৃদযন্ত্ৰৰ নিয়মিত কাম-কাজ সুকলমে চলোৱাত পটাচিয়ামৰ মুখ্য দায়িত্ব থাকে। হৰমোন নিঃসৰণ কৰাত পটাচিয়ামে সহায় কৰাৰ বাবে বৃক্ক বা কিডনিৰ অসুখ হোৱাত বাধা দিয়ে। পটাচিয়ামে ৰক্তচাপ নিম্নগামী কৰাতো সহায় কৰে। আমি খোৱা বিভিন্ন খাদ্যত পটাচিয়াম পোৱা যায়। বিশেষকৈ বিভিন্ন দাইলজাতীয় খাদ্য, যেনে- *মগুমাহ, *লুবিয়া, *বুটমাহ, *মাটিমাহ, আদিত যথেষ্ট পৰিমাণে পটাচিয়াম পোৱা যায়। এইবিলাকৰ উপৰিও শাক-পাচলি, বেল, মৌচুম্বি, এপ্ৰিকট আদি ফল-মূলতো পটাচিয়াম পোৱা যায়। ব্লাড ছুগাৰ: লো-ব্লাড চুগাৰত পটাচিয়াম বৰ উপকাৰী। এই অসুখত মানসিক উৎকণ্ঠা, সামান্য পৰিশ্ৰমতে ভাগ লগা, দুৰ্বল অনুভৱ কৰা, হাত-ভৰি কঁপা, শৰীৰ ঘামি যোৱা মূৰৰ বিষ আদি লক্ষণবোৰে দেখা দিয়ে। এই অসুখৰ লক্ষণবোৰ ৰাতিপুৱা বেছিকৈ প্ৰকাশ পায় আৰু গধূলি হোৱাৰ আগলৈকে থাকে। এনে ক্ষেত্ৰত চেনি আৰু পটাচিয়াম ব্যৱহাৰ কৰিলে উত্তম ফল পাব পাৰি। *মাংসপেশীৰ বিষ, *পেশীৰ জড়তা আৰু সিৰামূৰিয়ে ধৰা, *গা দুৰ্বল লগা, *খাবলৈ মন নোযোৱা অৱস্থাত চেনি আৰু পটাচিয়াম ক্লৰাইড ব্যৱহাৰ কৰিলে এই লক্ষনবোৰ নাইকিয়া হয়। পটাচিয়াম মাংসপেশীৰ বিষ, ভৰি টানি ধৰা আদি অসুখত অতি দৰকাৰী। ডাঃ হাবাৰ্ট নামৰ জাৰ্মানীৰ এজন চিকিৎসকে কেইজনমান স্বাস্থ্যবান স্বেচ্ছাসেৱকৰ ওপৰত পটাচিয়ামৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন চলাইছিল। তেওঁ কিছুদিন ধৰি একেৰাহে ৰিফাইন কৰা খাদ্য তেওঁলোকক খাবলৈ দিয়াৰ ফলৰ প্ৰমাণ পালে যে তেওঁলোকৰ দেহত পটাচিয়ামৰ অভাৱ হৈছে আৰু তেওঁলোকে দেহত পটাচিয়ামৰ অভাৱ হৈছে আৰু তেওঁলোকে এসপ্তাহৰ ভিতৰতে মাংসপেশীৰ দুৰ্বলতা অনুভৱ কৰিছে। অত্যন্ত ভাগৰ লগা, কোষ্ঠকাঠিন্যতাত ভোগা আৰু মানসিক শিথিলতা আদি উপস্ৰ্গবিলাক বৃদ্ধি পাব ধৰিছে। যেতিয়া তেওঁলোকক দিনে দহ গ্ৰামকৈ কিছুদিনলৈ পটাচিয়াম ক্ল’ৰাইড খাবলৈ দিয়া হ’ল- তেতিয়াহে তেওঁলোকৰ শৰীৰৰ পৰা এই লক্ষণবোৰ নাইকিয়া হ’ল। চায়েটিকাৰ নাৰ্ভৰ বিষত ভোগা মানুহৰ বাবেও পটাচিয়াম অতি প্ৰয়োজন। বিশেষকৈ- *ভৰিৰ কলাফুল টানি ধৰা, *ভৰিত বিষ হোৱা আদি লক্ষনত পটাচিয়ামৰ নিয়মিত ব্যৱহাৰে এনে ৰোগবিলাকৰ উপশম ঘটায়। শাক-পাচলিৰ ৰস, পটাচিয়ামযুক্ত আহাৰৰ ব্যৱহাৰে এনেধৰণৰ চায়েটিকাৰ বিষ ভাল কৰাত বহু পৰিমাণে সহায় কৰে। পটাচিয়ামৰ উত্তম উৎস(প্ৰতি এশ গ্ৰামত)- খাদ্যৰ নাম মিলিগ্ৰাম বজৰা ৩০৭ মিঃগ্ৰাম আটা ৩১৫ মিঃগ্ৰাম চাউল ১৫৪ মিঃগ্ৰাম মটৰ মাহ ৭৫০ মিঃগ্ৰাম মচুৰ মাহ ৬২৯ মিঃগ্ৰাম ৰঙা আলু ৩৯৩ মিঃগ্ৰাম চজিনা পাত ২৫৯ মিঃগ্ৰাম আলু ২৪৭ মিঃগ্ৰাম অমিতা(কেঁচা) ২১৬ মিঃগ্ৰাম বেঙেনা ২০০ মিঃগ্ৰাম কেৰেলা ১৭১ মিঃগ্ৰাম বিলাহী ১১৪ মিঃগ্ৰাম বেল ৬০০ মিঃগ্ৰাম মৌচুম্বী ৪০০ মিঃগ্ৰাম তৰমুজ ৩৪১ মিঃগ্ৰাম আম ২০৫ মিঃগ্ৰাম বগৰী ২৪৭ মিঃগ্ৰাম ৰৌ মাছ ২৮৮ মিঃগ্ৰাম কাৱৈ মাছ ১৯৫ মিঃগ্ৰাম মাগুৰ মাছ ১৪৭ মিঃগ্ৰাম গৰুৰ গাখীৰ ১৪০ মিঃগ্ৰাম দৈ(গৰুৰ) ১৩০ মিঃগ্ৰাম লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)