যি ৰোগৰ সংক্ৰমণ পানীত থকা বেক্টেৰিয়া, প্ৰট’ঝৱা আৰু আন অণুজীৱৰ দ্বাৰা হয় তাকেই পানীৰ পৰা হোৱা ৰোগ বুলি কোৱা হয়। কেৱল পানী সেৱন কৰিলেই যে ৰোগ হ’ব তেনে নহয়, দূষিত পানীৰে গা ধূলে, বাচন-বৰ্তন ধুলে, কাপোৰ-কানি ধুলেও ৰোগৰ সংক্ৰমণ হয়। এনেদৰে সংক্ৰমিত ৰোগসমূহ- *প্ৰট’ঝৱাৰ বাবে- এমিবায়চিচ, যাক সৰ্বসাধাৰণে ডিচেন্ট্ৰি বুলি কয়। যদিও ডিচেন্ট্ৰি আচলতে বেলেগ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হয়। *টাইফয়ড ৰোগ। *ডায়েৰিয়া। পানীৰ পৰা সংক্ৰমিত ৰোগ কেনেদৰে হ’ব পাৰে আৰু তাৰ লক্ষণসমূহ কেনে হয় তাৰে চমু আভাস বাঁওফালে এখন তালিকাৰ জৰিয়তে দাঙি ধৰা হ’ল- ডায়েৰিয়ানো আচলতে কি - *পাতল আৰু পনীয়াকৈ শৌচ হোৱা, তিনিবাৰতকৈ বেছিকৈ হোৱা, শৌচৰ পৰিমাণ যথেষ্ট হোৱা আৰু শৌচৰ গাঁথনিৰ পৰিৱৰ্তন। কোনবোৰ অৱস্থা ডায়েৰিয়া নহয়: *ঘনাই শৌচ হোৱা কিন্তু শৌচৰ গাঁথনিত পৰিৱৰ্তন নোহোৱা। *স্তনপান কৰি থকা শিশুৰ আঠালেতীয়া, ফটা গাখীৰসদৃশ শৌচক ডায়েৰিয়া বুলি নকয়। *কিবা এটা খাই উঠাৰ পাচতেই শৌচ কৰিবলগা হোৱাটো ডায়েৰিয়া নহয়। ডায়েৰিয়াৰ প্ৰকাৰ - *তীব্ৰতাৰে হোৱা পনীয়া শৌচ(একুইট ৱাটাৰি ডায়েৰিয়া)। *ডায়েৰিয়া যদি দুসপ্তাহ ধৰি হৈ থাকে তাক ক্ৰণিক ডায়েৰিয়া বুলিও ক’ব পাৰি। *ডিচেন্ট্ৰিও হৈছে একপ্ৰকাৰৰ ডায়েৰিয়া। ডায়েৰিয়াৰ লগতে শৌচত তেজ মিহলি হৈ থকা, লগতে পেট কামোৰণি, জ্বৰ, ওজন হ্ৰাস পোৱা লক্ষণ থকা। কি কি কাৰকে ডায়েৰিয়া ৰোগৰ সম্ভাৱনা বঢ়াই তোলে: *ছমাহ বয়সপৰ্যন্ত কেৱল মাকৰ গাখীৰ পানে শিশুৰ ডায়েৰিয়া সম্ভাৱনীয়তা বৃদ্ধি কৰে। সেয়েহে মাকৰ গাখীৰৰ লগতে বাহিৰৰ গাখীৰ, মৌ ইত্যাদি দিয়াও প্ৰয়োজনীয়। *খাদ্যবস্তু ভালদৰে সংৰক্ষণ নকৰা তথা বনোৱা আহাৰ মুকলিকৈ মহ, মাখি পৰাকৈ থৈ দিয়াৰ ফলতো তেনে খাদ্য খোৱা ব্যক্তিৰ ডায়েৰিয়া হ’ব পাৰে। *খোৱা পানী শৌচৰ দ্বাৰা নিৰ্গত বেক্টেৰিয়াৰ সংস্পৰ্শত অহা ডায়েৰিয়াৰ এক অন্যতম কাৰণ- জমা ৰখা খোৱাপানী লেতেৰা হাতেৰে স্পৰ্শ কৰাও এক কাৰক। *শৌচ কৰি আহি হাত ভালদৰে চাবোনেৰে নোধোৱাৰ ফলত এই ৰোগ সংক্ৰমিত হ’ব পাৰে। *শিশুৰ শৌচ সুব্যৱস্থাৰে চাফা নকৰাৰ ফলত এই ৰোগ হ’ব পাৰে। *মুকলিত শৌচ কৰা, খোৱাপানীৰ উৎসৰ কাষত শৌচ ঘৰ থকা ঘৰ, পিটলেট্ৰিন প্ৰতিষ্ঠা কৰা আদিও ইয়াৰ অন্যতম কাৰণ। ডায়েৰিয়া শ্ৰেণীকৰণ - *শৰীৰত সাংঘাতিক পানীৰ অভাৱ, *অলস বা অজ্ঞান, *চকু সোমাই যোৱা, *পি খাব নোৱাৰা, *চিকুটি টানি ধৰা, *ছালখন এৰি দিয়াৰ পাচত ধীৰে ধীৰে নামি যোৱা শৰীৰত পানীৰ অভাৱ কিছু পৰিমাণে আছে বা পানীৰ অভাৱ নাই, *অস্থিৰ হৈ থকা, *বাৰে বাৰে পানী খাবলৈ বিচৰা, চিকিৎসা - মাকৰ লগত অতি সোনকালে চিকিৎসালয়লৈ প্ৰেৰণ। পথত গৈ থকা অৱস্থাত অ-আৰ-এছ মিশ্ৰণ প্ৰতি মিনিটত এক চামুচ দি খাব লাগে। অ’-আৰ-এছ সেৱন কৰাবই লাগিব। মাকৰ গাখীৰ ঘন ঘনকৈ পিবলৈ দিয়া। আহাৰ আৰু পানীয় আগতে যিদৰে খুৱাই তেনেকৈ খুৱাই যোৱা। তেজ গ্ৰহণী(Dysentery): *শৌচত তেজ পৰিছে, *পেটৰ বিষ থকা, *জ্বৰ থকা। চিকিৎসা: চিকিৎসালয়লৈ প্ৰেৰণ, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা। অ’-আৰ-এছ জীৱনদায়িনী ঔষধ বুলি ধৰা হয় ডায়েৰিয়া ৰোগৰ ক্ষেত্ৰত। এটা শিশুক কিমান পৰিমাণৰ ‘অ’-আৰ-এছ’ দিয়া উচিত - আনুমানিক হিচাপ(শিশুৰ ওজন*০.০৭৫ মিঃলিঃ)। শিশু এটাৰ ডায়েৰিয়া হ’লেই অকণো পলম নকৰি অ’-আৰ-এছ সেৱন কৰাব লাগে। অ’-আৰ-এছ যোগাৰ নোহোৱালৈকে পানী, নিমখ, চেনিৰ মিশ্ৰণ(১ লিটাৰ পানীত ৮ চামুচ চেনি, ১ চামুচ নিমখ) কিছুসময়ৰ বাবে দিলেও এই মিশ্ৰণ অ’-আৰ-এছৰ পৰিৱৰ্তে বুলি কেতিয়াও ধৰিব নালাগে। মাতৃগৰাকীক কিদৰে শিক্ষা দিয়াব, অ’-আৰ-এছ মিশ্ৰণৰ ওপৰত: *প্ৰতি এক-দুমিনিটৰ মূৰে মূৰে এক চামুচকৈ অ’-আৰ-এছ দিয়া হওক- দুবছৰ তলৰ সৰু শিশুৰ ক্ষেত্ৰত। *শিশুটোৰ বমি হ’লে দহ মিনিট সময় অপেক্ষা কৰি পুনৰ দুই-তিনি মিনিটৰ মূৰে মূৰে অ’-আৰ-এছ দিয়া হওক। *স্তনপান কৰি থকা শিশুক ঘনাই স্তনপান কৰোৱা হওক। *কিমানখিনি অ’-আৰ-এছ দিয়া হ’ল আৰু কিমানবাৰ শৌচ কৰি আছে তাৰ এটা হিচাপ ৰখা হওক। অ’-আৰ-এছ দিয়াটো কেতিয়া বন্ধ কৰিব লাগে: চকুৰ পতা, চকুৰ গুৰি উখহি উঠা যেন হ’লে। অ’-আৰ-এছ বন্ধ কৰি দিলেও পানী খুৱাই থাকিব লাগে। চাৰিঘন্টামান অ’-আৰ-এছ দিয়াৰ পাচত শিশুটোৰ ডায়েৰিয়া বন্ধ হ’লে অ’-আৰ-এছ বন্ধ কৰি পানী আৰু আন জুলীয়া আহাৰ খুৱাই থাকিব লাগে। অ’-আৰ-এছ মিশ্ৰণ বনোৱা পানী উতলাই ল’ব লাগে নেকি? ঘৰত আন সদস্যই খাবলৈ ব্যৱহাৰ কৰা পানীৰেই অ’-আৰ-এছ মিশ্ৰণ বনোৱা উচিত। অ’-আৰ-এছ মিশ্ৰণ কেনেকুৱা অসুস্থতাত সহায়কাৰী - *শৰীৰত সাংঘাটিক পানীৰ অভাৱ হ’লে(Diarrhoea with severe dehydration) এনে অৱস্থাত তড়িৎ গতিৰে শৰীৰক পানীৰ প্ৰয়োজন হয়। ফলত ‘ৰিনঝাৰ লেকটেট’ নামৰ চেলাইন ৰক্তবাহী নলীত দিবই লাগে। *শিশুটোৰ পেট ফুলি উঠা, পেটত কোনো অন্তৰ্ভাগৰ বুৰবুৰণিৰ(ক্ষুদ্ৰান্ত-বৃহদ্ৰান্তৰ চলাচল) শব্দ নথকা, একেৰাহে বমি হৈ থকা। *ডায়েৰিয়া হোৱাৰ লগে লগে প্ৰতি ঘন্টাত পোন্ধৰ মিঃলিঃ/প্ৰতি কেজি ওজন কমিবলৈ লোৱা। উপৰি উক্ত অসুস্থতাত চেলাইন নিতান্তই দিয়া জৰুৰী। ডায়েৰিয়া হোৱা শিশুক ঝিংক বড়ি দিয়াটো অতিকৈ জৰুৰী। বয়স অনুযায়ী ইয়াৰ মাত্ৰা নিৰ্ণয় কৰা হয়। দহ-চৈধ্য দিনলৈ ঝিংক দিয়া হয়। যি শিশুৰ ডায়েৰিয়া দুসপ্তাহতকৈ অধিক সেই শিশুক কিদৰে চিকিৎসা কৰা হয়: শৰীৰত পানীৰ অভাৱ - *অ’-আৰ-এছ, *ঘৰতে পোৱা আন জুলীয়া আহাৰ, *স্তনপান ঘনাই, *অত্যধিক পানীৰ অভাৱত চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা কৰাওক। শৰীৰত কোনো সংক্ৰমণৰ লক্ষণ: এন্টিবায়টিকৰ প্ৰয়োগ প্ৰয়োজন অনুসৰি লগতে শৰীৰত পানীৰ অভাৱ আছে নেকি তাক লক্ষ্য কৰি চিকিৎসা দিয়া ৫-৭ দিন পাচত পুনৰ পৰীক্ষা কৰাওক- স্বাস্থ্যৰ উন্নতি নঘটা: *ৰক্ত পৰীক্ষাৰ প্ৰয়োজন হ’ব পাৰে, *এন্টিবায়’টিক সলনি কৰিবলগা হ’ব পাৰে, *খাদ্য প্ৰস্তুত কৰাত পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰখা, *পৰিশোধিত পানী ঘনাই দিয়া- ডায়েৰিয়া বন্ধ হোৱা, *শৰীৰত পানীৰ অভাৱ নথকা, *একো চিকিৎসা নালাগে, *কেৱল পুষ্টিকৰ আহাৰ, *পৰিষ্কাৰ-পৰিচ্ছন্নতা। ডিচেন্ট্ৰি কিদৰে চিকিৎসা কৰিব পাৰি - ডায়েৰিয়া লগতে শৌচত ৰক্ত থকা ট্ৰাইমিথ’প্ৰিম(চেপট্ৰান) নামৰ ঔষধ দিয়া+চালফামিথ’ক্সাঝ’ল। (১০ মিঃগ্ৰাম/কেজি/দিন) দুটা বিভক্ত দ’জ(10 mg/kg/day in 2 divided doses) পাঁচদিনলৈ আজিকালি আৰু উন্নত মানৰ এন্টিবায়’টিক চিফ’টেক্সিম’ ব্যৱহাৰ কৰা হয়। জ্বৰৰ বাবে- পেৰাচিটামল দ্ৰব্য। অ’-আৰ-এছ আৰু আন জুলীয়া আহাৰ। দুদিনৰ অন্তৰত পুনৰ পৰীক্ষা কৰা: ৰোগীৰ ৰোগ মুক্ত হ’বলৈ লোৱা সম্পূৰ্ণ পাঁচদিনৰ দৰবৰ ক’ৰ্ছ শেষ কৰিবলৈ উপদেশ দিয়া। ৰোগীৰ স্বাস্থ্যৰ উন্নতি নঘটা- চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা দিয়া। খোৱা পানী পৰিষ্কাৰ কৰি কেনেকৈ ৰাখিব পাৰি: *পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। পানী উতলিবলৈ আৰম্ভ কৰাৰ পাচত প্ৰায় দহ মিনিট ধৰি উতলি থাকিব দিব লাগে। *যিটো পাত্ৰত উতলোৱা হয় সেইটোতে ঠাণ্ডা হ’বলৈ দিব লাগে। *সদায় ঢাকনি থকা বাচনহে ব্যৱহাৰ কৰিব লাগে। *পানীৰ পাত্ৰৰ পৰা খোৱাপানী উলিয়াবলৈ দীঘল হেণ্ডেল থকা মগ বা গিলাছ ব্যৱহাৰ কৰিব লাগে। *খোৱা পানীৰ উৎসৰ কাষত খোলা পায়খানা পিটলেট্ৰিন আদি পাতিব নালাগে। *পায়খানা কৰি উঠি হাত-ভৰি চাবোনেৰে ভালদৰে ধুব লাগে। *যিটো উৎসৰ পৰা পানী সংগ্ৰহ কৰে তাত জন্তু জানোৱাৰ যাতে সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। কুঁৱা, পুখুৰী আদিত পটাছ জাতীয় বীজাণু নাশক দ্ৰব্য কিছুমাহৰ অন্তৰে অন্তৰে দিয়াব লাগে। ‘এলাম’ নামৰ আন এটা দ্ৰব্যও পানী পৰিষ্কৰণত সহায় কৰে। পানীৰ পৰা হোৱা ৰোগ ইয়াৰ কিদৰে সংক্ৰমণ হয় বেমাৰৰ লক্ষণ *এমিবায়চিচ(Amoebiosis) *এককোষী জীৱ প্ৰট’ঝৱাৰ দ্বাৰা এই ৰোগ হয়, *অপৰিষ্কাৰ হাতৰ পৰা মুখলৈ পৰিশোধন নকৰা পানী, *শৌচ কৰি হাত ভালকৈ নুধুই সেই হাত ব্যৱহাৰ কৰিলে, *মাখি আদি পানীত পৰি থাকিলে। *পেটৰ আমনি *ভোক নলগা *ঘনাই পায়খানা হৈ থকা *কেতিয়াবা শৌচ খোলোচা নোহোৱা *জ্বৰ *ঝিয়াৰদিয়াচিচ(Giardiasis) অপৰিষ্কাৰ হাতৰ দ্বাৰা সংক্ৰমণ হয়(ফিক’অৰেল)- *দূষিত পানী, *মুকলিত মলত্যাগ, *ভূগৰ্ভৰ পানী দূষিত হোৱা, *জন্তু আৰু মানুহে একেটা উৎসৰ পানী ব্যৱহাৰ কৰা(পুখুৰী, নদী)। *ডায়েৰিয়া *পেটৰ বিষ *পেট ফুলি থকা *জ্বৰ জ্বৰ ভাব *ডিচেন্ট্ৰি(Dysentery) চিগেলা নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। দূষিত পানী সেৱন কৰাৰ দ্বাৰা এই ৰোগ মানুহৰ শৰীৰলৈ বিয়পে। *ঘনাই ঘনাই শৌচ লাগি থকা লগতে শৌচৰ লগত তেজ, *মিউকাচ নিৰ্গত হোৱা পেটৰ বিষ, *জ্বৰ জোবৰ ভাব থকা। *টাইফয়ড জ্বৰ যিবোৰ খোৱাপানীৰ উৎস মানুহৰ শৌচৰ দৰে আৱৰ্জনাৰে দূষিত হয় সেইবোৰে এই ৰোগ বিয়পোৱাত সহায় কৰে। তদুপৰি যিজন ব্যক্তিৰ শৰীৰত এই ৰোগৰ বীজাণু থাকে তেওঁৰ পায়খানাৰ লগত এই বীজাণু নিৰ্গত হয়। তেনে মানুহজনে যদি অপৰিষ্কাৰ হাতেৰে আন মানুহক খাদ্য পৰিৱেশন কৰে, তেতিয়াও এই ৰোগ বিয়পি পৰে। যেনে: *হোটেলৰ কৰ্মচাৰী, *ৰে’লৰ ভেণ্ডৰ বাহিৰত পথৰ কাষৰ খাদ্যৰ দোকানী ইত্যাদি। *অত্যধিক জ্বৰ ১০৪° F পৰ্যন্ত, *জ্বৰ একেৰাহে আহি থকা, *জ্বৰ এৰিলে অত্যধিক ঘামা, *ডায়েৰিয়াসদৃশ লক্ষণ পেটৰ বিষ, *দুৰ্বল হৈ পৰা, *কিছুমানৰ ক্ষেত্ৰত ৰঙা ৰঙা দাগ, *পেট, বুকুত চকলা-চকল ৰূপত দেখা দিয়া। *বউটিলিজম(Boutulism) এই ৰোগ বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণে হয়। সাধাৰণতে শৰীৰত কোনো কটা অংশ, ঘা বা যিকোনো ছালৰ মুকলিভাৱে থকা সংক্ৰমণৰ মাধ্যমেৰে দূষিত পানীৰ পৰা বেক্ট্ৰেৰিয়া মানুহজনৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। যদি তেনে দূষিত পানীৰে মানুহ এজনে যেতিয়া গা ধোৱে বা সেই পানী সেৱন কৰে তেতিয়া এই ৰোগ বিয়পি পৰে। বাহিৰত মুকলিতে থোৱা খাদ্যবস্তু, অপৰিষ্কাৰ হাতেৰে প্ৰস্তুত কৰা খাদ্য খালেও এই ৰোগ বিয়পে। *মুখখন শুকান শুকান লাগি থকা, *চকুৰে ধোঁৱা-কোৱা দেখা, *মাংস্পেশী দুৰ্বল হোৱা, *উশাহ লোৱাত কষ্ট, *বমি, *ডায়েৰিয়া, *শ্বাস-প্ৰশ্বাস যন্ত্ৰ বিকল হৈ মৃত্যুপৰ্যন্ত হ’ব পাৰে। *কলেৰা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এই ৰোগ হয়। দূষিত খোৱাপানীৰ জৰিয়তেই এই ৰোগ বিয়পে। সংকটজনক স্থিতিত ১২-১৮ ঘন্টাৰ ভিতৰত পৰিব পাৰে। অত্যধিক পানীয় শৌচ, বমি হ’বলৈ লয় আৰু মানুহজনৰ নিৰ্জলীকৰণ(Dehydration) ঘটি মৃত্যু হ’ব পাৰে। *কাণৰ সংক্ৰমণ বেক্টেৰিয়া, ভেকুৰ আদিৰ দ্বাৰা সংক্ৰমণ- পুখুৰী, লেতেৰা পানী আদিত স্নান কৰিলে, সাঁতুৰিলে বেক্টেৰিয়া সংক্ৰমণ হ’ব পাৰে। *কাণৰ বিষ, *কাণৰ খজুৱতি, *কান সোপা মাৰি ধৰা। সংক্ৰমণ গভীৰ হ’লে কাণৰ পৰ্দা ফাটি কাণৰ পৰা ৰস নিৰ্গত হয়। *জণ্ডিচ হিপাটাইটিছ ‘A’ বা ‘E’ ভাইৰাচ সংক্ৰমণৰ দ্বাৰা এই ৰোগ হয়। দূষিত পানী, ৰোগ হোৱা ব্যক্তিজনৰ মলমূত্ৰ আদিৰ নিষ্কাষণ ভালদৰে নকৰিলে তাৰ দ্বাৰা খোৱাপানী দূষিত হৈ পৰে। অপৰিষ্কাৰ হাতেৰে খাদ্য খালে বা পৰিৱেশন কৰিলেও এই ৰোগ বিয়পিব পাৰে। *জ্বৰ, *গাৰ বিষ এক সপ্তাহ পৰ্যন্ত, *ভোক কমি যোৱা, *গাঢ় ৰঙৰ পেচাব, *ছাল আৰু চকু হালধীয়া পৰা, এই অৱস্থাতো প্ৰায় চাৰি সপ্তাহমান থাকিব পাৰে। লেখক: ডাঃ মৌচুমী বৰকটকী(সাদিন)