পিঠিৰ ৰাজহাড়ৰ আঘাত বা ৰোগ হ’লে বিষ ঠিক পিঠিৰ মাজভাগতে হয়। ৰাজহাড় লৰচৰ কৰিলে এই বিষ বেছি হয়। কেতিয়াবা ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ টান হৈ ৰাজহাড়ডাল বেঁকা কৰি দিব পাৰে।

ডিঙিৰ তলৰ পৰা তপিনাৰ ওপৰলৈ আহল-বহল এই অংশকে পিঠি বুলি কওঁহঁক। পিঠিৰ ঠিক মাজেৰে ৰাজহাড়ডাল ওপৰৰ পৰা তললৈ দুটা ডাঙৰ মাংসপেশী আৰু কাষলৈ কামিহাড়ৰ মাজত আৰু কামিহাড়ক আৱৰি বহুতো সৰু-ডাঙৰ মাংসপেশী পিঠিত আছে। ওপৰ আৰু কাষত দুয়োফালে স্কেপুলা দুটা কান্ধৰ হাড়ৰ লগত সংলগ্ন হৈ আছে। এই হাড় দুডালক মাংসপেশীয়ে আৱৰি ৰাখিছে।

পিঠিৰ বিষৰ কাৰণ -

১)ৰাজহাড়ৰ বিষ:

বুকুৰ পিছফালে থকা ৰাজহাড়ত আঘাত পালে ৰাজহাড়ৰ ৰোগ যেনে- সংক্ৰমণ, টেমুনা ডিস্ক পিছলি যোৱা আদি হ’লে পিঠিত বিষ হ’ব পাৰে।

২)কামিহাড়ৰ বিষ:

কামিহাড় ভাঙিলে, কামিহাড়ত হোৱা নানা ৰোগৰ বাবেও পিঠিত বিষ হ’ব পাৰে।

৩)মাংসপেশীৰ বিষ:

পিঠিত থকা মাংসপেশীবোৰত চাপ পৰিলে, অত্যধিক ব্যৱহাৰ কৰিলে আৰু কেতিয়াবা মাংসপেশীৰ ৰোগ বাবে এইবোৰত বিষ হ’ব পাৰে।

৪)পেট আৰু বুকুৰ অংগৰ বিষ:

পিত্তথলীৰ পাথৰ হ’লে সেই বিষ পিঠিৰ সোঁফালে অনুভূত হ’ব পাৰে। তেনেকৈ হাওঁফাঁওৰ বা ইয়াৰ ঢাকনিখনৰ ৰোগ হ’লে বিষ পিঠিত অনুভূত হ’ব পাৰে। কেতিয়াবা বৃক্কত পাথৰ হ’লে বা সংক্ৰমণ হ’লে বিষ কামিহাড়ৰ ঠিক তলতে ৰাজহাড়ৰ কাষত অনুভূত হ’ব পাৰে।

ৰোগৰ লক্ষণ -

পিঠিৰ ৰাজহাড়ৰ আঘাত বা ৰোগ হ’লে বিষ ঠিক পিঠিৰ মাজভাগতে হয়। ৰাজহাড় লৰচৰ কৰিলে এই বিষ কেতিয়াবা ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ টান হৈ ৰাজহাড়ডাল বেঁকা কৰি দিব পাৰে।

কামিহাড়ৰ আঘাত বা ৰোগৰ বাবে হোৱা বিষ সাধাৰণতে উশাহ ল’লে বাঢ়ে। পিঠিৰ মাংসপেশীৰ বিষ সাধাৰণতে লাহে লাহে আৰম্ভ হয়। জিৰণি ল’লে মালিচ কৰি দিলে এই বিষ কমি যায়।

পিত্তথলীত পাথৰ হ’লে বিষ পেটৰ সোঁফালে আৰম্ভ হৈ পিঠিলৈ বিয়পে। হাওঁফাঁওৰ ৰোগ বা ঢাকনীৰ(প্লুৰা) সংক্ৰমণৰ বাবে হোৱা বিষ খুব বেয়াকৈ পিঠিত অনুভৱ কৰিব পাৰি। কেতিয়াবা পিঠিত ছুৰি মৰাৰ দৰে অসহ্য বিষ অনুভৱ হ’ব পাৰে। বৃক্কৰ পাথৰ হ’লে কামিহাড়ৰ ঠিক তলতে, ৰাজহাড়ৰ সমীপতে অনবৰতে লাগি থকা ধৰণৰ বিষ হ’ব পাৰে।

ৰোগ নিৰ্ণয় -

এক্স-ৰে:

ৰাজহাড়ৰ এক্স-ৰে কৰিলে তাৰ আঘাত আৰু ৰোগ ধৰিব পাৰি। বুকুৰ এক্স-ৰে কৰি হাঁওফাঁওৰ ৰোগ ধৰিব পাৰি।

আলট্ৰাছ’নগ্ৰাফী কৰিলে পিত্তথলীৰ পাথৰ ধৰা পৰে।

এম আৰ আই:

কোনো ক্ষেত্ৰত ৰোগ ধৰা নপৰিলে বা ৰাজহাড়ৰ আঘাত ভালদৰে গম পাবলৈ এম আৰ আই কৰিবলগীয়া হ’ব পাৰে।

চিকিৎসা -

পিঠিত বিষ হ’লে বিতত নহ’ব। ধৈৰ্য ধৰি বিষ উপশমকাৰী দৰব খাওক। জিৰণি লওক। মাংসপেশীৰ বিষ হ’লে বা অত্যধিক ব্যায়ামৰ বাবে পেশীত চাপ পৰিলে বিষ লাহে লাহে কমি যাব। নিমখ ভাজি কাপোৰত মেৰিয়াই লৈ গৰম সেক বিষ হোৱা ঠাইত দিব পাৰিলে বহুক্ষেত্ৰত বিষ কমি যায়।

দুই-এদিনতে বিষ নকমিলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোগ নিৰ্ণয়ৰ বাবে কিছুমান পৰীক্ষা-নিৰীক্ষাৰ আৱশ্যক হ’ব পাৰে।

ৰাজহাড়ৰ বিষত বিষ উপশমকাৰী দৰব, জিৰণি আৰু গৰম সেক দিয়াৰ পিছতে বিস নকমিলে ছৰ্টৱেভ-ডায়েথাৰ্মি নামৰ যন্ত্ৰৰে বৈদ্যুতিক সেক দিব পাৰি। এই সেক সাধাৰণ মাংসপেশীৰ বিষতো কাম কৰে। ৰাজহাড়ত টেমুনা বা অন্য সংক্ৰমণ আদি হ’লে সেইবোৰৰ বিশেষ চিকিৎসা চিকিৎসকৰ পৰামৰ্শ অনুযায়ী লোৱাটো ভাল হ’ব।

পিত্তথলীৰ বা বৃক্কৰ পাথৰ আদি ৰোগ চিহ্নিত হ’লে তাৰ বাবে যথোপযুক্ত অস্ত্ৰোপচাৰ কৰিব লাগে।

লেখক: ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা(নিয়মীয়া বাৰ্তা)