সাধাৰণতে অনিয়ন্ত্ৰিত ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ থকা ৰোগীৰ পিছলৈ বৃক্ক বিকলতা বা কিডনি ফেইলৰ হোৱাৰ সম্ভাৱনা বেছি থাকে যদিও আজিকালি খেতি-বাতিত অনিয়ন্ত্ৰিত হাৰত ব্যৱহৃত কৃত্ৰিম সাৰ আৰু কীটনাশক ৰাসায়নিক দ্ৰব্য আদিৰ প্ৰভাৱত লগতে ফৰ্মেলিনযুক্ত মাছ, ৰাসায়নিক দ্ৰব্য মিশ্ৰিত মাংস আদিৰ অধিক সেৱনৰ ফলতো কিডনি ফেইলৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এইটো খুব চিন্তনীয় বিষয়। কাৰণ কিডনি ফেইলৰ হোৱাৰ পিছত ইয়াক স্বাভাৱিক ৰূপলৈ অনাটো প্ৰায় অসম্ভৱ। তলত এনে ৰোগীয়ে সাধাৰণতে সেৱন কৰিব পৰা খাদ্য আৰু বৰ্জনীয় খাদ্য সমূহৰ নাম উল্লেখ কৰা হ'ল।
পথ্য :-
প্ৰধান খাদ্য :-( দৈনিক প্ৰায় ২০০ গ্ৰাম) যেনে- ঘেঁহুৰ পৰা তৈয়াৰী ৰুটী, ভাত, মাকৈ, চাগু, ডালিয়া ইত্যাদি।
শাক পাচলি - (দৈনিক ৩০০গ্ৰাম) জিকা, ৰঙা মূলা, পটল, কেপ্সিকাম, বন্ধাকবি, ৰঙালাও, তিতা কেৰেলা, ভাত কেৰেলা, ধনীয়া, কোমোৰা, মৰিচা, চালগোম, গাজৰ, পুনৰ্নভা শাক, পানীলাও ইত্যাদি ।
ফলমূল - (দৈনিক ১৫০ গ্ৰাম) আঙুৰ, ষ্ট্ৰবেৰি, আপেল, আনাৰস, তৰমূজ, অমিতা, চেৰি ইত্যাদি ।
শুকান ফল (যদিহে ৰোগীৰ ফছফৰাছৰ মাত্ৰা স্বাভাবিক আছে ) - আখৰোট (২বা ৩ টা)।
দাইল(দৈনিক ১৫ গ্ৰাম) - মূগ দাইল, মচুৰ দাইল, ৰহৰ দাইল, কুলথী দাইল ।
চৰ্বীজাতীয় খাদ্য (দৈনিক ২০গ্ৰাম)- মিঠাতেল, অলিভ অইল ইত্যাদি।
গাখীৰজাতীয় খাদ্য - (দৈনিক ৪০-৫০ মিলিলিটাৰ) Toned milk, ঘৰত বনোৱা গাখীৰৰ শুদ্ধ ঘীঁ।
আমিষ (দৈনিক ১৫ - ২০ গ্ৰাম) - কণীৰ বগা অংশ, হোৱাইট্ মিট্ (White meat)
মছলাজাতীয় খাদ্য - ইলাচী, ক'লা জালুক, ধনীয়া, পদিনা, মেথি গুটি ইত্যাদি ।
অপথ্য:-

প্ৰধান খাদ্য - ওটচ্, ব্ৰাউন ৰাইচ্, ছয়াবিন।
শাক পাচলি - বীট, মেথি শাক, পালেং, বেঙেনা,ফুলকবি, ব্ৰুকলি, সৰিয়হৰ শাক, বীনচ্, লেচেৰা , আলু, ৰঙা বা মিঠা আলু, বিলাহী, ক্সোৱাচ্ ইত্যাদি।
ফলমূল - ডালিম, নেমু, নাৰিকল আৰু নাৰিকলৰ পানী, আম, কল, কমলা, মোচুম্বী, নাচপতি, নৰা বগৰী, আহোম বগৰী, মধুৰিআম, কিৱি ইত্যাদি ।
শুকান ফলমূল - চীনা বাদাম, কাজু বাদাম, পিষ্টা বাদাম, খেজুৰ, খিচমিচ, শুকান বগৰী ইত্যাদি।
চৰ্বীজাতীয় খাদ্য - মাখন(butter), বানিজ্যিক ঘীঁ।
আমিষ খাদ্য - যিকোনো ৰেড মিট (red meat) আৰু dark meat, মাছ ।
গাখীৰ জাতীয় খাদ্য - ফ্লেভাৰযুক্ত গাখীৰ।
একেবাৰে বৰ্জনীয় খাদ্য - সাগৰীয় খাদ্য, ছফ্ট বা কল্ড ড্ৰিংকচ্, উচ্চ প্ৰটিনযুক্ত খাদ্য, পৰিপূৰক প্ৰটিন বা প্ৰটিন চাপ্লিমেণ্ট , মদ্যপান, কফি, ধূম্ৰপান, বেকাৰীৰ প্ৰডাক্ট, ছয়াৰ পৰা বনোৱা গাখীৰ, চাটনি, আচাৰ, চকলেট, জাংকফুদ, ফাষ্টফুড, পেকেটত ৰখা খাদ্য, কেঁচা নিমখ, দুই প্ৰকাৰৰ প্ৰটিনযুক্ত খাদ্য একেলগে খাব নালাগে। বৃক্ক বিকলতা যুক্ত লোকে নিজৰ পেচাবৰ পৰিমাণ অনুপাতে পানী বা পনীয়া দ্ৰব্য সেৱন কৰিব লাগে। সাধাৰণতে দৈনিক ৭০০ মিলিলিটাৰৰ পৰা ১.৫ লিটাৰ পানী সেৱন কৰা উচিত। আনহাতে খাদ্যবস্তু সাধাৰণ নিমখৰ সলনি সৈন্ধৱ নিমখ কম পৰিমাণে দি ৰান্ধিব লাগে।
ওপৰত উল্লেখ কৰা পথ্যাপথ্য সমূহ সকলো কিডনি ফেইলৰ ৰোগীৰ বাবে একে নহব পাৰে। ইয়াত সাধাৰণ ধাৰণাৰ ভিত্তিত এটা চমু আভাস দিবলৈকেহে চেষ্টা কৰা হৈছে। প্ৰত্যেক গৰাকী ৰোগীৰ যিহেতু সমস্যা সমূহ সুকীয়া হয় গতিকে পথ্যাপথ্য সমূহো সুকীয়া হয়। গতিকে যিকোনো খাদ্য সেৱনৰ আগতে চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱা বাঞ্চনীয়।

লেখক: ডা: মুকুল শৰ্মা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ