ঔষধৰ বাবে বৃক্কৰ ক্ষতি হোৱা গুৰুত্বপূর্ণ কাৰণসমূহ হ’ল—

১। বৃক্কই হ’ল ঔষধ আৰু তাৰ বিপাক তত্ববোৰ বৃক্কৰ ক্ষতি কৰিব পাৰে।

২। প্রতি মিনিটত হৃদপিণ্ডই পাম্প কৰা সমুদায় তেজ (১২০০ মিঃ লিঃ)ৰ ২০% দুয়োটা বৃক্কলৈ পৰিশোধনৰ বাবে যায়। শৰীৰৰ বাকী সমস্ত অংগতকৈ প্রতিকেজি ওজন অনুপাতত বৃক্কই সবাতোকৈ অধিক তেজ যোগান পায় এই প্রচুৰ ৰক্ত প্রবাহৰ বাবে হানিকাৰক ঔষধ আৰু ৰাসায়নিক তত্ববোৰ বৃহৎ পৰিমাণে কম সময়ৰ ভিতৰতে বৃক্কলৈ আহে।ই বৃক্কৰ ক্ষতি কৰিব পাৰে।

কিডনীৰ ক্ষতিসাধন কৰা মূল ঔষধসমুহ:

গাৰ বিষ, মূৰৰ বিষ, গাঁঠিৰ বিষ আৰু জ্বৰৰ ঔষধ য’তে ত’তে পোৱা যায় (অভাৰ দ্য কাউণ্টাৰ OTC) আৰু এই ঔষধবোৰ মুকলিমুৰীয়াকৈ সেৱন কৰা হয় ডাক্তৰৰ প্রেছক্ৰিপছন নোহোৱাকৈয়ে। এই ঔষধসমূহেই বৃক্কৰ ক্ষতি হোৱাৰ বাবে প্রধানকৈ দায়ী।

NSAIDS কি হয়?

নন ষ্টেৰইডেল এটি ইনফ্লেমেটৰি ড্রাগছ বিষ, জ্বৰ আৰু প্রদাহ (inflamation) কমাবৰ বাবে সচৰাচৰ ব্যৱহাৰ কৰা ঔষধ। এছপিৰিণ, ডিক্ল’ফেনাক, অইব্রুপ্রফেন, ইন্দোমেথাচিন, কিট’প্রফেন, নিমেছুলাইড, নাপ্র’নে আদি এনে ঔষধ।

NSAIDS য়ে কিডনীৰ ক্ষতিসাধন কৰেনে?

NSAIDS সাধাৰণতঃ ক্ষতিকাৰক নহয় যদিহে সঠিক পৰিমিতিৰে চিকিৎসকৰ তত্ত্বৱধানত সেৱন কৰা হয়। কিন্তু এইটো মনত ৰখাটো গুৰুত্বপূর্ণ যে ঔষধজনিত বৃক্কৰ ক্ষতিৰ ক্ষেত্ৰত এমিন'গ্লইক'ছাইডৰ পিছতে

NSAIDs এ দ্বিতীয় স্থান লাভ কৰি আছে।

NSAIDS য়ে কেতিয়া কিডনীৰ ক্ষতিসাধন কৰে?

NSAIDs কৃত বৃক্কৰ ক্ষতি এনেবোৰ ক্ষেত্ৰত বাঢ়ে

• দীর্ঘদিন ধৰি উচ্চ পৰিমিতিত চিকিৎসকৰ অগোচৰে গ্ৰহণ কৰি থাকিলে।

• বহুতো ঔষধৰ একত্ৰীকৰণেৰে প্রস্তুত কোনো এবিধ ঔষধ বহু সময় ধৰি লৈ থাকিলে (যেনে— APC- এছপিৰিণ, ফেনাছেটিক আৰু কেফেইন)।

• অধিক বয়স্ক লোকে, বৃক্ক বিকল লোকে, ডায়েবেটিছ ৰোগী আৰু ডিহাইড্ৰেছনৰ সময়ত NSAIDs গ্রহণ কৰিলে।

কোনবোৰ পেইন কিলাৰ কিডনী ফেইলাৰ নকৰে?

পেৰাচিটামল (এচাটামিন’ফেন) আনবোৰ NSAIDS তকৈ নিৰাপদ।

হৃদৰোগীক জীৱনজোৰা এছপিৰিণ ব্যৱহাৰ কৰিব দিয়া হয়,ই নিৰাপদ নে?

যিহেতু নিম্ন পৰিমিতিতহে হৃদৰোগীক এছপিৰিণ দিয়া হয়, গতিকে ই নিৰাপদ।

NSAIDS ৰে হোৱা কিডনীৰ ক্ষতিসাধনৰ পুনৰাবৃত্তি ঘতে নে?

হয় আৰু নহয়

হয়,যদিহে অকস্মাত হোৱা বৃক্কৰ ক্ষতি কম সময়ৰ বাবে গ্রহণ কৰা NSAIDs ৰ দ্বাৰা হৈছে, তেন্তে সেয়া সাধাৰণতে ঔষধ বন্ধ কৰি যথোপযুক্ত চিকিৎসাৰে ভাল কৰিব পাৰি।

নহয়,বহু গাঁঠিৰ বিষত ভোগা পুৰণি ৰোগীয়ে দীঘলীয়া সময় ধৰি ল’বলগীয়া হয়। তেওঁলোকে যদি বেছি পৰিমাণৰ ঔষধ বছৰৰ পাছত বছৰ বছৰ ধৰি অবিৰতভাৱে গ্রহণ কৰিয়ে থাকে, তেন্তে ই মন্থৰ গতিত অথচ বর্ধমানভাৱে বৃক্কৰ সৰ্বনাশ কৰি গৈ থাকে। বয়সস্থ মানুহে যদি দীঘলীয়া সময়ৰ বাবে বেছি পৰিমাণৰ ঔষধ ল’বলগা হয়, তেন্তে তেওঁলোকে নিজকে চিকিৎসকৰ নির্দেশনা আৰু তত্বাৱধানৰ অধীন কৰা উচিত।

NSAIDS ৰ দ্বাৰা হোৱা কিডনীৰ ক্ষতিসাধনৰ ৰোগ নিৰ্ণয় লেহেমীয়া কিন্ত সংক্ৰমণ অতি ভয়ানক

প্রস্ৰাৱত প্র’টিন দেখা পোৱাৰ একমাত্র শুংসূত্র যাৰ দ্বাৰা NSAIDs জনিত বৃক্কৰ ক্ষতিৰ উমান লোৱা যায়। যেতিয়া বৃক্কৰ ক্রিয়াশীলতা বেয়া হৈ আহি তেজত ত্রিয়েটিনিনৰ মাত্রা বাঢ়ি আহে।

বৃক্কৰ পীড়া নাশজনিত ক্ষতি ৰোধ কৰিবলৈ লোৱা সহজ নিদানবোৰ হ’ল—

• যিসকল ব্যক্তিৰ বিপদাপন্নতাৰ লেখ উচ্চ তেওঁলোকৰ ক্ষেত্ৰত NSAIDS পৰিহাৰ কৰক।

• পীড়ানাশক অবাধ ব্যৱহাৰ (CTC) এৰাই চলক।

• যাৰ দীঘলীয়া অৱধিৰ বাবে NSAIDs ৰ দৰকাৰ পৰে, তেওঁলোক চিকিৎসকৰ কটকটীয়া তত্বাৱধানত থকা উচিত।

• NSAIDs ৰ খোৰাক আৰু সময়সীমা সীমিত ৰাখক।

• সংমিশ্রিত পীড়ানাশক দীৰ্ঘম্যাদী কৰাৰ পৰা বিৰত থাকক।

• প্ৰচুৰ পৰিমাণে পানী খাওক। দেহৰ জলসাম্য অটুট ৰখপ্টো বৃক্কৰ ৰক্তপ্রবাহ সঠিকভাৱে ৰাখিবলৈ আৰু বৃক্কৰ ক্ষতি ৰোধ কৰিবৰ বাবে গুৰুত্বপূর্ণ।

এমিন'গ্লইক'ছাইড

এমিন'গ্লইক'ছাইডবিলাক চিকিৎসা জগতত সচৰাচৰ ব্যৱহৃত এন্টিবায়’টিক আৰু বৃক্কৰ ক্ষতিকাৰক কাৰণৰূপে অবিৰল। কৰাৰ সাতদিনৰ পৰা দহ দিনৰ ভিতৰতে বৃক্কৰ ক্ষতি আৰম্ভ হয়। এই সমস্যাটো প্রায়ে এইবাবেই ধৰা নপৰে যে প্রস্ৰাৱৰ পৰিমাণ অপৰিৱর্তিত থাকে।বিয়লি বয়স, ডিহাইড্ৰেছন, আগতেই হৈ থকা বৃক্কৰ ৰোগ, পটাছিয়াম আৰু মেগনেছিয়ামৰ অভাব, সৰহ পৰিমাণৰ ঔষধ দীঘলীয়া সময়লৈকে সেৱন, অন্য ঔষধৰ সৈতে মিশ্রিত ৰূপত ব্যৱহাৰ, অণুজৈৱিক সংক্রমণ, যকৃতৰ অসুখ আৰু কনজেষ্টিভ হাৰ্ট ফেইলৰত বৃক্কৰ এমিন'গ্লাইক'ছাইডজনিত ক্ষতিৰ সম্ভাৱনা বেছি।

বৃক্কৰ এমিন'গ্লাইক'ছাইডজনিত ক্ষতি ৰোধ কৰাৰ কাৰণবোৰ হ’ল—

• উচচ বিপন্নতা লেখৰ ব্যক্তিসকলৰ ক্ষেত্ৰত এমিন'গ্লইক'ছাইডৰক ব্যৱহাৰত সাৱধানতা অৱলম্বন। বিপদজনক কাৰকসমূহ শুধৰোৱা নাইবা আঁতৰোৱা।

• দিনটোত ভাগ ভাগকৈ দিয়াতকৈ এবাৰেই এমিন'গ্লাইক'ছাইডৰ সেৱন।

• সঠিক পৰিমিত আৰু সময়সীমা এমিন'গ্লইক'ছাইডৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক |

• পূর্বে কিবা বৃক্কৰ অসুখ থাকিলে ঔষধৰ পৰিমাণৰ সাল-সলনি ঘটাওক।

• এদিন এৰি এদিনকৈ নিয়মিতভাৱে ছিৰাপ-ত্রিয়েটিনিন ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰক

ৰেডিঅ’গ্ৰাফিক কণ্টাক্ট মেডিয়া (এক্সৰে-ডাই)

ৰেডিঅ’গ্ৰাফিক কণ্টাক্ট মেডিয়া (এক্সৰে-ডাই) জনিত চিকিৎসালয়ত ভৰ্তি ৰোগীৰ বৃক্ক বিকলতাৰ অবিৰল কাৰণ- যিটো সাধাৰণতে আকৌ ভাল কৰিব পাৰি। ডায়েবেটিছ, ডিহাইড্রেছন, হাৰ্ট ফেইলৰ, পূৰ্বৰে পৰা থকা বৃক্কৰ অসুখ, বয়োবৃদ্ধ লোক আৰু সাময়িকভাৱে ব্যৱহাৰ কৰা অন্য ঔষধৰ বাবে

কন্ট্রাষ্টজনিত বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বাঢ়ে। বৃক্কৰ কণ্ট্ৰাষ্টজনিত ক্ষতি ৰোধ কৰাৰ বিভিন্ন নিদান আছে। তাৰে গুৰুত্বপূর্ণ নিদানসমূহ হ’ল— আটাইতকৈ নিম্ন পৰিমিতিৰ কন্ট্রাষ্টৰ ব্যৱহাৰ, নন-আয়নিক কষ্ট্ৰাষ্ট এজেণ্টৰ ব্যৱহাৰ, IV ফ্লুইডৰ দ্বাৰা জলসাম্য বৰ্তাই ৰখা, ছ’ডিয়াম বাইকার্বোনেট আৰু এচিটাইলচিষ্টিনৰ প্রয়োগ।

বৃক্ক নষ্ট কৰা আন আন ঔষধবোৰ

বৃক্ক নষ্ট কৰা আন আন ঔষধবোৰ হ’ল কেইবিধমান এণ্টিবায়’টিক, এন্টিকেন্সাৰ ঔষধ, এণ্টি টিউবাৰকুলাছ ঔষধ আদি।

• প্রাকৃতিক চিকিৎসাৰ ঔষধ (আয়ুৰ্বেদিক ঔষধ, চীনদেশীয় ভেষজ আদি) আৰু খাদ্যৰ পৰিপূৰক বিলাকৰ কোনো পাৰ্শ্বক্রিয়া নাই বোলা জনপ্রিয় বিশ্বাস আচলতে ভুল।

• কোনো কোনো এনে ঔষধত গধুৰ ধাতু আৰু বিষাক্ত পদার্থ থাকে, যি বৃক্কৰ ক্ষতি কৰিব পাৰে।

• এইবোৰ শাখাৰ কোনো কোনো ঔষধ বৃক্ক বিকল ৰোগীৰ বাবে বিপজ্জনক হ’ব পাৰে।

• পটাছিয়াম সমৃদ্ধ কেতবোৰ ঔষধ বৃক্ক বিকল ৰোগীৰ বাবে মাৰাত্মক সিদ্ধ হ’ব পাৰে।

উৎস: কিডনী ইডুকেশ্বন ফাউনডেশ্বন