পুৰণি বৃক্ক ৰোগ (CKD), বৃক্কৰ কাৰ্যপ্রণালী নষ্ট হোৱাত মাহৰপৰা বছৰ পর্যন্ত সময় লয় বাবে CKDৰ কুপ্রভাৱৰ সৈতে শৰীৰটো বিনষ্ট হৈ পৰে। তাৰোপৰি বৃক্কৰ কাৰ্যপ্রণালীত সৃষ্টি হোৱা সমস্যাৰ ক্ষতিপূৰণত ইয়াৰ এক অগতানুগতিক সামর্থ আছে। এইবিলাক কাৰণতে পুৰণি বৃক্ক ৰোগত আক্রান্ত বহু লোকৰ ক্ষেত্ৰত বৃক্কৰ কাৰ্যপ্রণালীত গুৰুতৰ বিসংগতি দেখা নিদিয়া পর্যন্ত কোনো ধৰণৰ লক্ষণে দেখা নিদিয়ে। বৃক্কই শৰীৰৰ বাবে বহু ভিন্ন ৰকমৰ কাম (বর্জনীয় তথা অতিৰিক্ত তৰল পদার্থসমূহ অপসাৰণ, ৰক্তচাপৰ নিয়ন্ত্রণ, ৰাসায়নিক পদার্থবোৰৰ ভাৰসাম্য ৰক্ষা, লোহিত ৰক্তকণিকা সৃষ্টি ইত্যাদি) সম্পন্ন কৰে। সেইবাবেই, বৃক্কৰ বিভিন্ন ধৰণৰ কাম-কাজৰ অসুবিধাৰ পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি CKDত ব্যক্তিভেদে নিদানিক সমস্যা আৰু লক্ষণবোৰো ব্যাপকভাৱে ভিন্ন হয়। পুৰণি বৃক্ক ৰোগৰ লক্ষণবোৰ কি কি ? এই ৰোগৰ জটিলতাৰ ওপৰত ভিত্তি কৰি পুৰণি বৃক্ক ৰোগৰ লক্ষণবোৰো ভিন্ন হয়। ইয়াক সঠিকভাৱে বুজি পাবলৈ আৰু উত্তম নিয়ন্ত্রণ ব্যৱস্থাৰ বাবে শৰীৰৰ গ্ল'মেৰুলাৰ নিষ্কাসন হাৰ (GFR)ৰ মান অনুসৰি CKDত ৫টা পর্যায়ত ভাগ কৰা হৈছে। বৃক্কই কিমান ভালকৈ তেজৰ পৰা বর্জনীয় পদার্থবোৰ নিষ্কাসিত কৰিছে সেই কথা GFRয়ে প্রতিফলিত কৰে আৰু ইয়াক তেজ পৰীক্ষাত লাভ কৰা ক্ৰিয়েটিনিনৰ মানৰপৰা নির্ণয় কৰিব পাৰি। GFR হৈছে বৃক্কৰ কাম-কাজৰ এক নিখুঁট মানদণ্ড আৰু ইয়াৰ স্বাভাৱিক মান হৈছে ৯০ মিলি/মিনিটতকৈ বেছি। পৰ্যায় পৰ্যায় ১ পৰ্যায় ২ পৰ্যায় ৩ পৰ্যায় ৪ পৰ্যায় ৫ স্বাভাৱিক GFR মৃদু CKD সহিবপৰা CKD গুৰুতৰ CKD অন্তিম পৰ্যায়ৰ CKD >৯০ মি.লি./মিনিট ৬০-৮৯ মি.লি./মিনিট ৪৫-৩০ ৯০ মি.লি./মিনিট ১৫-২৯ ৯০ মি.লি./মিনিট ৃ ১৫ মি.লি./মিনিট CKDৰ প্রাথমিক পর্যায়ত অধিকাংশ লোকৰে কোনোধৰণৰ লক্ষণ দেখা নিদিয়ে। CKDৰ পর্যায় ১ (বৃক্কৰ কাম-কাজ ৯০-১০০ শতাংশ) বৃক্কৰ অনিষ্ট নোহোৱাকৈ CKD কেৱল নৈমিত্তিক পৰীক্ষাগাৰৰ জৰিয়তেহে নির্ণয় কৰিব পাৰি বা অন্য ৰোগৰ মূল্যায়ন কৰোতে আকস্মিকভাৱেহে এই ৰোগ ধৰা পৰে। পর্যায়ৰ CKDৰ সূচকসমূহ হ’ব পাৰে প্রস্ৰাৱত প্রটিন হ্রাস পোৱা, এখন এক্স-ৰে'ত গাঁথনিগত অনিষ্ট দেখা পোৱা, আলট্ৰাচাউণ্ড, এম.আৰ.আই বা চিটি নাইবা বৃক্ক ৰোগৰ পৰিয়ালকেন্দ্রিক ইতিহাস। CKD ৰ পৰ্যায় ২ (বৃক্কৰ কাম-কাজ ৬০-৮৯ শতাংশ) মৃদু CKD- ৰোগীসকল লক্ষণহীন হ’ব পাৰে কিন্তু পৰ্যায় CKDৰ সূচকসমূহ হ’ব পাৰে নিশাৰ ভাগত সঘনাই প্রস্ৰাৱ লগা, উৰ্দ্ধগামী ৰক্তচাপ, প্ৰস্ৰাৱৰ অস্বাভাৱিক বা অলপ বেছি পৰিমাণৰ চিৰাম ত্ৰিয়েটিনিন। CKDৰ পর্যায় ৩ (বৃক্কৰ কাম-কাজ ৩০-৫৯ শতাংশ) সহি থাকিব পৰা CKD। ৰোগীসমূহ লক্ষণহীন হ’ব পাৰে বাবে প্ৰস্ৰাৱৰ অস্বাভাৱিকতা আৰু উৰ্দ্ধগামী চিৰাম ত্ৰিয়েটিনিনৰ লগতে অলপ লক্ষণ দেখা দিব পাৰে। CKDৰ পর্যায় ৪ (বৃক্কৰ কাম-কাজ ১৫-২৯ শতাংশ) গুৰুতৰ CKD পৰ্যায় ৪ CKDত অলপ অস্পষ্ট তথা অনির্দিষ্ট লক্ষণসমূহৰ পৰা আৰম্ভ কৰি অতি গুৰুতৰ লক্ষণৰ বিভিন্ন ধৰণৰ ব্যাপক লক্ষণ থাকে, ই প্ৰায়ে নিৰ্ভৰ কৰে তলত উল্লেখ কৰা বৃক্ক বিকল হোৱা কাৰণসমূহ আৰু সংশ্লিষ্ট অসুস্থতাৰ ওপৰত। CKDৰ পৰ্যায় ৫ (বৃক্কৰ কাম-কাজ ১৫ শতাংশতকৈ কম) অতি গুৰুতৰ বা অন্তিম পর্যায়ৰ বৃক্ক বিকলতা হৈ পৰা পর্যায়। সহিব, অলপ সহি থাকিব পৰা তথা অতি গুৰুতৰ লক্ষণৰ পৰা আৰম্ভ কৰি জীৱনৰ প্রতি ভাবুকি স্বৰূপ বিভিন্ন ধৰণৰ সমস্যা পর্যন্ত বিভিন্নধৰণৰ ব্যাপক লক্ষণ থাকে। এই পর্যায়ৰ শক্তিশালী ঔষধ প্রয়োগ কৰা সত্বেও বৃক্ক বিকল হোৱাৰ লক্ষণ তথা সম্ভাৱনা বৃদ্ধি পায় আৰু অধিকাংশ ৰোগীৰে ডায়েলাইছিছ বা বৃক্ক সংৰোপণ কৰা প্রয়োজন হয়। অতি কম বয়সতে গুৰুতৰ অনিয়ন্ত্রিত ৰক্তচাপ হৈছে অতি স্বাভাৱিক উপস্থিতি। বৃক্ক ৰোগৰ সাধাৰণ লক্ষণসমূহ হৈছে • ভোক কমে, মুৰ ঘুৰায় আৰু আৰু বমি হয়। • দুর্বল, নিস্তেজ আৰু ওজন হ্রাস হয় • ভৰিৰ নিম্নাংশ, হাত দুখন বা চকুৰ চাৰিওফালৰ মুখমণ্ডল ওখহে। • উচ্চ ৰক্তচাপ, বিশেষকৈ কম বয়সত বা গুৰুতৰ অনিয়ন্ত্রিত হাইপাৰটেনছন। • বৃক্কৰ দ্বাৰা হ্ৰাসমান ইৰিথ্ৰ’পয়েটিন সৃষ্টিৰ বাবে হোৱা ৰক্তহীনতাৰ ফলত শেতা পৰি যোৱা • টোপনিৰ সমস্যা, মনযোগৰ অভাৱ আৰু আচন্দ্ৰাই কৰা। • কামীহাড়ৰ তলত পিঠিৰ বিষ হোৱা। • স্বাভাৱিকতকৈ বেছি সঘনাই প্রস্ৰাৱৰ অনুভৱ হোৱা, বিশেষকৈ নিশাৰ ভাগত (নক্টাৰিয়া)। • বৃক্কৰ দ্বাৰা খাদ্যপ্রাণ ডি সক্রিয় ৰূপত কমকৈ উৎপাদিত হোৱা বাবে প্রাপ্তবয়স্কৰ ক্ষেত্ৰত হাড়ৰ বিষ আৰু হাড় ভঙা বা ফটা আৰু শিশুৰ ক্ষেত্ৰত বিলম্বিত বিকাশ। • পুৰুষৰ ক্ষেত্ৰত যৌন কামনা হাস পোৱা তথা লিংগ উত্থান কার্যপদ্ধতিত ত্ৰুটি আৰু মহিলাৰ ক্ষেত্ৰত মাহেকীয়া ঋতুস্ৰাৱত অসুবিধা ঘটা। • কাৰ্ডিঅ’ভাচকুলাৰ মৃত্যুৰ লক্ষণীয় বৃদ্ধিত বৃক্কৰ ৰোগসমূহ বিষমভাৱে জড়িত। উচ্চ ৰক্তচাপত ভুগি থকা এজন ৰোগীৰ CKD হৈছে বুলি কেতিয়া সন্দেহ কৰা হয় ? উচ্চ ৰক্তচাপ (হাইপাৰটেনছন) থকা এজন ৰোগীৰ CKDআছে বুলি সন্দেহ কৰা হয়, যদিহে – CKD হৈছে চিকিৎসা নকৰাৰ বাবে তেজত হিম'গ্লবিন হ্রাস পোৱাৰ এটা গুৰুত্বপূর্ণ কাৰণ। • উচ্চ ৰক্তচাপ চিনাক্ত কৰাৰ সময়ত ৰোগীৰ বয়স ৩০ বছৰৰ কম বা ৫০ বছৰৰ অধিক হয়। • ৰোগ নির্ণয় কৰাৰ সময়ত যদিহে ৰক্তচাপ অতি বেছি হয়। • নিয়মিত চিকিৎসা সত্বেও গুৰুতৰ নিয়ন্ত্রণ কৰিব নোৱাৰা উচ্চ ৰক্তচাপ হয়। • উচ্চ ৰক্তচাপৰ বাবে চকুৰে দেখাত সমস্যা হয়। • প্রস্ৰাৱত প্র’টিনৰ উপস্থিতি থাকে। • CKD হোৱাৰ ইংগিত বহন কৰা কিছুমান লক্ষণ যেনে ওখহা, ভোক কমা, দুর্বলতা ইত্যাদিবোৰৰ লগত উচ্চ ৰক্তচাপ জড়িত। পুৰণি বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পর্যায়ৰ সম্ভাব্য জটিলতাসমূহ কি কি ? CKDত আগ্রাসিত গুৰুতৰ বৃক্ক বিকল হোৱা পর্যায়ে জীৱনৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পৰা জটিলতালৈ ঠেলি দিব পাৰে। সম্ভাৱ্য জটিলতাসমূহ হৈছে – • অধিক পৰিমাণে তৰল পদার্থ ধৰি ৰখাৰ ফলত শ্বাস-প্রশ্বাস তথা বুকু বিষৰ গুৰুতৰ অসুবিধা, বিশেষকৈ হাওফাওত (পালম'নেৰী এডিমা) আৰু অতি উচ্চ হাৰৰ ৰক্তচাপ। • গুৰুতৰভাৱে ওকালি অহা ভাৱ আৰু বমি হোৱা। • গুৰুতৰ দুৰ্বলতা। • কেন্দ্রীয় স্নায়ুতন্ত্রৰ জটিলতাসমূহ : বিভ্রান্তি, অত্যাধিক টোপনি, কঁপনি আৰু দীঘলীয়া সংজ্ঞাহীন অৱস্থা • তেজত পটেছিয়ামৰ পৰিমাণ অধিক হোৱা (হাইপাৰকেলেমিয়া), যিয়ে হৃদযন্ত্ৰৰ কাম কৰাৰ ক্ষমতা ভাৰসাম্যহীন কৰি তুলিব পাৰে, ই জীৱনৰ প্রতি ভাবুকি স্বৰূপ হ’ব পাৰে। • পেৰিকার্ডাইটিছ, চেকৰ নিচিনা পাতল ঝিল্লী, যিয়ে হৃদপিণ্ডটো আৱৰি ৰাখে (পেৰিকার্ডিয়াম), ইয়াৰ ওপৰত ঘা লাগে। দুর্বল হোৱা, ভোক কমা, ওকালি অহা আৰু ওখহাটো হৈছেCKD ৰ সাধাৰণ প্রাৰম্ভিক লক্ষণ। পুৰণি বৃক্ক ৰোগৰ ৰোগ নির্ণয় ? পুৰণি বৃক্ক ৰোগে ইয়াৰ প্ৰাৰম্ভিক পর্যায়তে সাধাৰণতে কোনো লক্ষণ প্রকাশ নকৰে। কেৱল পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষাইহে ইয়াৰ যিকোনো বিকশিত সমস্যা বিচাৰি উলিয়াব পাৰে। নিদানিক মানৰ ওপৰত ভিত্তি কৰি যেতিয়া CKD বুলি সন্দেহ কৰা হয় বা পুৰণি বৃক্ক ৰোগৰ বাবে বিপদগ্ৰস্ত ৰোগীজনৰ নৈমত্তিক মূল্যায়ন হিচাপে এটা গৱেষণাগাৰিক পৰীক্ষাৰ নির্দেশ দিয়া হয়। CKDৰ বাবে তিনিটা সহজ স্ক্রিনিং টেষ্ট হৈছে ৰক্তচাপৰ জোখ-মাখ লোৱা, এলবুমিনৰ বাবে প্রস্ৰাৱ পৰীক্ষা আৰু চিৰাম ত্রিয়েটিনিন তেজ পৰীক্ষা। ১) হিম'গ্লবিন CKD থকা এজন ৰোগীৰ তেজ পৰীক্ষাত সাধাৰণতে হিম'গ্লবিনৰ পৰিমাণ কম পোৱা যায়। হিম'গ্লবিনৰ পৰিমাণ কম (ৰক্তহীনতা) হয় বৃক্কৰ দ্বাৰা ইৰিথ্ৰ’পয়টিনৰ উৎপাদন কম হোৱাৰ বাবে। ২) প্রস্ৰাৱ পৰীক্ষা প্রস্ৰাৱত এলবুমিন বা প্রটিনৰ উপস্থিতি (ইয়াক এলবুমিনুৰিয়া বা প্রটিনিউৰিয়া বুলি কোৱা হয়) হৈছে পুৰণি বৃক্ক ৰোগৰ এটা প্রাৰম্ভিক লক্ষণ। আনকি প্রস্ৰাৱত অতি কম পৰিমাণৰ এলবুমিন থকাটো যাক মাইক্ৰ'এলবুমিনুৰিয়া বুলি কোৱা হয়, ইও ডায়েবেটিছত পুৰণি বৃক্ক ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। প্ৰস্ৰাৱত প্রটিনৰ উপস্থিতি জ্বৰ বা গধুৰ ব্যায়ামৰ বাবেও হ’ব পাৰে। গতিকে CKDৰ ৰোগ নির্ণয়ৰ ওপৰত অন্তিম সিদ্ধান্ত লোৱাৰ আগেয়ে প্র’টিনিউৰিয়াৰ অন্যান্য কাৰণসমূহ কর্তন কৰি লোৱাটো উত্তম। ৩) চিৰাম ক্রিয়েটিনিন, ব্লাড ইউৰিয়া নাইট্র’জেন আৰু EGFR বৃক্ক বিকল হোৱাটো নির্ণয় আৰু নিৰীক্ষণ কৰিবলৈ এইকেইটা হৈছে সহজ তথা অতি বেছিকৈ ব্যৱহৃত পৰীক্ষা। বৃক্কৰ কাম-কাজ অতি নিকৃষ্ট হৈ পৰাৰ লগে লগে ত্রিয়েটিনিন আৰু ইউৰিয়াৰ পৰিমাণো বাঢ়ি যায়। ত্রিয়েটিনিনৰ নিয়মিত নিৰীক্ষণে CKDৰ বৃদ্ধি আৰু চিকিৎসাৰ ফলাফল গম পোৱাত সহায় কৰে। তিনিটা সহজ পৰীক্ষাই আপোনাৰ বৃক্কদ্বয় সুৰক্ষিত কৰিব পাৰে। তেজত ক্রিয়েটিনিনৰ স্তৰ হৈছে বৃক্কৰ কাম-কাজৰ এটা উপকাৰী মাগদর্শন, কিন্তু GFR (EGFR)ৰ মান নির্ণয় কৰাটো হৈছে অধিক নিখুঁত পৰিমাপ। eGFR পৰীক্ষাই বৃক্ক ৰোগৰ প্রাথমিক পর্যায় চিনাক্ত কৰে আৰু ই কেৱল ক্রিয়েটিনিন পৰীক্ষাতকৈ অধিক নিৰ্ভৰযোগ্য। ইeGFR ৰ বয়স, লিংগ, তেজত থকা ক্রিয়েটিনিনৰ স্তৰৰ ওপৰত হিচাপ কৰা হয়। এই eGFR পৰীক্ষা আগ্রাসন আৰু জটিলতা নির্ণয় তথা নিৰীক্ষণত উপকাৰী। এই পর্যায়কৰণে ইয়াৰ সঠিক নিয়ন্ত্রণৰ বাবে অতিৰিক্ত পৰীক্ষা-নিৰীক্ষা কৰা আৰু পৰামর্শ প্রদানৰ অনুমোদনত উপকাৰী বিবেচিত হৈছে। ৪) বৃক্ক আল্ট্ৰাচাউণ্ড পুৰণি বৃক্ক ৰোগীৰ ৰোগ নির্ণয়ত আল্ট্ৰাচাউণ্ড হৈছে এটা সহজ অতি সফল পৰীক্ষা। আকাৰত সৰু হৈ পৰা বৃক্কদ্বয় হৈছে পুৰণি বৃক্ক ৰোগৰ লক্ষণ তদুপৰি যেতিয়া প্রাপ্তবয়স্কৰ পলিচিষ্টিক বৃক্ক ৰোগ, ডায়েবেটিক নেফ্ৰ'পেথি আৰু এমিলইডছিছৰ বাবে CKD হয় তেতিয়া বৃক্কদ্বয়ৰ আকাৰ স্বাভাৱিক বা অতি বৃহৎ হোৱা দেখা যায়। প্রস্ৰাৱনলীৰ বাধাগ্রস্ততা বা বৃক্কত পাখৰৰ বাবে হোৱা CKD নির্ণয় কৰিবলৈও আল্ট্ৰাচাউণ্ডৰ ব্যৱহাৰ কৰা হয়। ৫) অন্যান্য পৰীক্ষা-নিৰীক্ষাসমূহ CKDয়েই হৈছে বৃক্কদ্বয়ৰ বিভিন্ন কাম-কাজত অসুবিধা সৃষ্টিৰ কাৰক। এই অসুবিধাসমূহৰ মূল্যায়ন কৰিবলৈ বিভিন্নধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰা হয়। CKD থকা ৰোগীসকলৰ সঘনাই কৰা বিভিন্ন ধৰণৰ তেজ পৰীক্ষাসমূহ হৈছে ইলেক্ট্র’লাইচ আৰু এচিডভিত্তিক সন্তুলন পৰীক্ষাৱলী (ছডিয়াম, পটেছিয়াম মেগনেছিয়াম, বাইকাৰ্বোনেট), ৰক্তহীনতাৰ পৰীক্ষা (হেমাট’ত্রিট, ফেৰাটিন, ট্রেন্সফেৰিণ, চেটযুৰেছন, পেৰিফেৰেল ছীমাৰ), হাড়ৰ ৰোগসমূহৰ এলবুমিন, কলেষ্টেৰল, ট্রাইগ্লচাৰইডচ্, ব্লাড গ্লুক'জ আৰু হিম'গ্লবিন Alc) আৰু ECG তথা ইলেক্ট্রকার্ডিঅ’গ্ৰাফী। আল্ট্ৰাচাউণ্ডত দেখা পোৱা সৰু তথা সংকোচিত বৃক্কদ্বয় হৈছে পুৰণি বৃক্ক ৰোগৰ নির্দেশক চিহ্ন। এজন CKD থকা ৰোগীয়ে কেতিয়া চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত? CKD থকা ৰোগীয়ে তাৎক্ষণিক চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে, যদিহে তেওঁ বা তাইৰ তলত দিয়াবোৰ দেখা পোৱা যায়। • কাৰণ নোহোৱাকৈ দ্রুতগতিত ওজন বাঢ়ে, প্রস্ৰাৱৰ পৰিমাণ লক্ষণীয়ভাৱে হাস পায়, ওখহাৰ প্রকোপ বৃদ্ধি পায়, বিচনাত শুই থকা অৱস্থাত শ্বাস-প্রশ্বাস চুটি চুটি হোৱা বা উশাহ-নিশাহত কষ্ট পোৱা | • বুকুৰ বিষ, অতি মন্থৰ বা দ্রুততৰ হৃদস্পন্দন। • জ্বৰ, গুৰুতৰ ডায়েৰিয়া, বিষমভাৱে ভোক কমি যোৱা, গুৰুতৰভাৱে বমি হোৱা, বমিত তেজ অহা বা কাৰণবিহীনভাৱে ওজন হাস পোৱা | • পেশীসমূহৰ যি ক্ষমতা তাৰ তুলনাত হঠাতে অতি গুৰুতৰ পেশীৰ দুৰ্বলতা। • বিভ্রান্তি, কলমটিয়াই থকা বা শৰীৰৰ কঁপনি বাঢ়ি অহা। • সুনিয়ন্ত্রিত উচ্চ ৰক্তচাপৰ হঠাৎ অধিক অৱনতি ঘটা। • প্রস্ৰাৱ হালধীয়া হোৱা বা অত্যধিক ৰক্তক্ষৰণ হোৱা। জ্বৰ, নতুন লক্ষণসমূহ বাঢ়ি যোৱা বা বৃক্কৰ লক্ষণসমূহৰ দ্রুত অৱনতিয়ে জৰুৰীকালীন মনোযোগ বিচাৰে। উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন