বৃক্কৰোগৰ লক্ষণসমূহ বেলেগ বেলেগ মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। লক্ষণসমূহ সাধাৰণতে ৰোগবিধে শৰীৰত কিমান বেছিকৈ শিপাইছে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। কেতিয়াবা কেতিয়াবা লক্ষণসমূহ সাধাৰণ আৰু অস্পষ্ট হয়। সেইবাবে ৰোগটো প্রথম অৱস্থাত নির্ণয় কৰাত অসুবিধা হয়। বৃক্কৰোগৰ সাধাৰণ লক্ষণসমূহ হৈছে মুখমণ্ডল ফুলি উঠা কোনো লোকৰ মুখমণ্ডল, ভৰি আৰু তলপেট ফুলি উঠিলে, তেওঁৰ বৃক্কৰোগ হৈছে বুলি অনুমান কৰিব পৰা যায়। বৃক্কৰোগী উখহাৰ বিশেষ লক্ষণটো হৈছে - বৃক্কৰোগীৰ উখহা সদায় মুখমণ্ডলত আৰম্ভ হৈ চকুৰ পতাৰ তললৈকে হয় আৰু পুৱাৰ ভাগত ই বেছি স্পষ্টকৈ দেখা যায়। (চকুৰ পতাৰ তলৰ অংশ ফুলি অহাটো হৈছে বৃক্কৰোগীৰ ক্ষেত্ৰত সচাৰচৰ দেখা এক লক্ষণ) বৃক্ক বিকল হোৱাৰ এটা গুৰুত্বপূর্ণ আৰু সাধাৰণ কাৰণ হৈছে শৰীৰৰ উখহা অৱস্থা। কিন্তু আমি এটা কথা মনত ৰখা উচিত যে, শৰীৰৰ উখহা অৱস্থাই এজন বৃক্ক বিকল হোৱাৰ ইংগিত নিদিয়ে। কিছুমান বিশেষ বৃক্কৰোগত বৃক্কৰ সাধাৰণ কার্য চলি থকা স্বত্বেও শৰীৰ ফুলি উঠা দেখা যায়। কিছুমান বিশেষ বৃক্কৰোগত বৃক্কৰ সাধাৰণ কার্য চলি থকা স্বত্বেও শৰীৰ ফুলি উঠা দেখা যায়। উদাহৰণস্বৰূপে নেফ্রটিক চিণ্ডম আৰু এটা সমানে মনত ৰাখিব লগীয়া কথা হৈছে যে কম সংখ্যক বৃক্কৰোগীৰ বৃক্ক বিকল হোৱা স্বত্বেও তেওঁলোকৰ শৰীৰ মুঠেও ফুলি উঠা দেখা নাযায়। ভোক নলগা, ওকালি অহা, বমি অহা বৃক্ক বিকল হোৱা এজন ৰোগীয়ে সম্মুখীন হোৱা সাধাৰণ সমস্যাবোৰ হৈছে - ভোক নলগা, খোৱা বস্তুৰ সোৱাদ নোপোৱা, খুউৱ কমকৈ খাদ্য খোৱা ইত্যাদি। অতি গুৰুতৰভাৱে বৃক্ক বিকল হোৱা লোকৰ শৰীৰত বিষাক্ত দ্রৱ্যৰ পৰিমান বৃদ্ধি পোৱাৰ বাবে তেনে লোকৰ ওকালি অহা, বমি অহা আৰু হিকটি অহা আদি লক্ষণে দেখা দিয়ে। উচ্চ ৰক্তচাপ বৃক্ক বিকল হোৱা ৰোগীৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ সচৰাচৰ দেখা যায়। যদি উচ্চ ৰক্তচাপ ডেকা লোকৰ ক্ষেত্ৰত (ত্রিশ বছৰতকৈ কম) হয় বা উচ্চ ৰক্তচাপ অতি বেছিকৈ হয় - তাৰ কাৰণ বৃক্ক ৰোগো হ’ব পাৰে। মূত্র সৃষ্টি প্রক্রিয়া প্রথমে গ্ল'নেৰুলি আহে, য'ত নেকি প্রতি মিনিটত ১২৫ মিঃলিঃ মূত্র শোধন হয়। এইটো অতি আচৰিত কথা যে ২৪ ঘন্টাত ১৮০ লিটাৰ মূত্র সৃষ্টি হয়। ইয়াত কেৱল অনাৱশ্যকীয় দ্রব্য, ধাতু আৰু বিষাক্ত পদার্থবোৰেই নহয়, ইয়াত গ্ল'কুজ আৰু অন্যান্য কিছুমান প্রয়োজনীয় বস্তুও থাকে। বৃক্কই অতি বিচক্ষণতাৰে পুনৰ শোষণ কার্যও কৰি যায়। টিউবুলছত প্রৱেশ কৰা ১৮০ লিটাৰ জুলীয়া পদার্থৰ ৯৯ শতাংশ বাচি বাচি পুনৰ শোষণ হয়। কেৱল ১ শতাংশহে প্রস্ৰাৱ ৰূপে আমাৰ শৰীৰৰ পৰা ওলাই যায়। (অতি বেছিকৈ বা অতি কমকৈ প্রস্ৰাৱ হোৱাটোৱে সূচায় যে, তেওঁৰ বৃক্ক পৰীক্ষাৰ প্রয়োজন হৈছে।) এই বিচক্ষণ প্রক্রিয়াটোৰে সকলোবোৰ অত্যাৱশ্যকীয় দ্রৱ্য বা ১৭৮ লিটাৰ জুলীয়া দ্রব্য টিউবুলেচত শোষণ হয়। আৰু মাত্র ১-২ লিটাৰ পানী, অপ্রয়োজনীয় পদার্থ, অলাগতিয়াল খনীজ পদার্থ সমূহ আৰু আন বিষাক্ত দ্রৱ্য শৰীৰৰ পৰা বাহিৰ হয়। ৰক্তহীনতা বা এনিমিয়া আৰু দুর্বলতা ৰক্তহীনতা বা এনিমিয়া (তেজত হিম'গ্লবিনৰ মাত্রা কম থকা) ৰোগৰ সমস্যাবোৰ হৈছে অলপতে ভাগৰ লগা, দুর্বল অনুভৱ, কামত মনোযোগ দিৱ নোৱাৰা আদি। কোনো কোনো সময়ত এই সমস্যাবোৰে ক্ৰণিক বৃক্কৰোগৰ প্রাথমিক অৱস্থাটো পোৱা যায়। যদি এনিমিয়াৰ দৰৱে কাম নকৰে, তেতিয়া বৃক্ক বিকল হৈ পৰিব পাৰে। অনির্দিষ্ট সমস্যা তলপিঠিৰ বিষ, গাৰ বিষ, খজুৱতী আৰু ভৰি সিৰামুৰি ধৰা আদি বৃক্ক ৰোগৰ সাধাৰণ সমস্যা। বাঢ়ণত বাধা হোৱা, সৰুফুটিয়া হোৱা, ভৰি বেকা হোৱা আদি সমস্যা সমূহ বৃক্ক বিকল হোৱা ল’ৰা ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায়। মূত্র সন্মন্ধীয় সমস্যা সাধাৰণ মূত্ৰ সম্বন্ধীয় সমস্যাবোৰ হৈছে- ১) মূত্ৰৰ পৰিমাণ কমি যোৱা, যাৰ ফলত শৰীৰ ফুলি উঠে। ই বিভিন্ন ধৰণৰ বৃক্কৰোগীৰ সাধাৰণ সমস্যা। ২) সঘনাই প্রস্ৰাৱ হোৱা, প্রস্ৰাৱত জ্বলা-পোৰা কৰা, আৰু প্রস্ৰাৱত তেজ বা পুঁজ যোৱাটো মূত্র নলীৰ সংক্রমণৰ লক্ষণ। ৩) প্রস্ৰাৱৰ প্রবাহত বাধা হোৱা। ইয়াৰ পৰা কেতিয়াবা মূত্ৰত্যাগত জোৰ পৰিব পাৰে। কেতিয়াবা প্রস্ৰাৱৰ প্ৰৱাহ খুৱ খীন হয় বা টোপ টোপকৈ পৰে। অতি বেছি অৱস্থাত প্রস্ৰাৱ একেবাৰে বন্ধ হয়। এজন মানুহৰ যদি ওপৰত উল্লেখ কৰা যিকোনো এটা লক্ষণ দেখা দিয়ে,এইয়া প্রমান নকৰে যে তেওঁ এজন বৃক্ক ৰোগী। কিন্তু, এই লক্ষণসমূহে দেখা দিলে, চিকিৎসকৰ পৰামৰ্শ লোৱাটোও একান্ত প্রযোজনীয়। এইটো আমি মনত ৰখা উচিত যে ভয়ংকৰ বৃক্কৰোগ অতি সন্তপণে কোনো লক্ষণ নেদেখুৱাকৈ বহুদিন ধৰি হৈ থাকিব পাৰে। (আগবয়সত যদি তীব্র উচ্চ ৰক্তচাপ ধৰা পৰে, তেন্তে বৃক্কৰোগৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা গ্রহন কৰা উচিত) উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান