সেউজচাহ(গ্রীনটি): সেউজ চাহে মানুহৰ দেহত ইনচুলিনৰ দৰে কাম কৰে, আনকি ই বহুমূত্র ৰোগটোক প্রতিৰোধো কৰিব পাৰে। ৱাইল্ড চামন: ৱাইল্ড চামন নামৰ খাদ্যবিধত উচ্চ পৰিমাণৰ ওমেগা-৩ থাকে; ই হৈছে ফেটি এছিডৰ এটা ডাঙৰ উৎস। ৱাইল্ড চামন নামৰ খাদ্যবিধে বহুমূত্র ৰোগৰ উপৰিও হৃদৰোগৰ আশংকাও কমাব পাৰে। মাছ: বিজ্ঞানীসকলৰ মতে মাছত থকা ওমেগা-৩ নামৰ ফেটি - এচিডবিধে ইনচুলিনৰ কাম-কাজৰ উন্নতি সাধে। মাছত থকা ওমেগা-৩ ফেটি এচিডবিধে প্লুক’জৰ ঘনত্ব কমই ডায়েবেটিকছ বা বহুমূত্র ৰোগ হোৱাৰ আশংকা কমাই ৰাখে। এইবিধ এচিড়ত চর্বিহীন প্রটিন আছে। টেঙা দৈ: টেঙা দৈ হ’ল এবিধ স্বাস্থ্যকৰ খাদ্য। কাৰণ ইয়াত চেনিৰ পৰিমাণ বৰ কম থাকে। ই তেজত চেনিৰ পৰিমাণ কমোৱাত সহায় কৰে। দুপৰীয়াৰ আহাৰ অথবা আবেলিৰ জলপানত টেঙা দৈ খাওক, ই বহুমূত্র ৰোগক প্রতিৰোধ কৰে। কণীৰ বগা অংশ: কণীৰ বগা অংশটোত উচ্চ পৰিমাণৰ চর্বিহীন প্রটিন আৰু কম পৰিমাণৰ কার্বহাইড্রেট থাকে। এইবিধ খাদ্যই বহুমূত্র ৰোগৰ প্ৰতিৰোধক হিচাপে কাম কৰে। নেমু টেঙা: নেমু জাতীয় ফলে বহুমূত্ৰ ৰোগৰ প্রতিৰোধ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে দেহত ভিটামিন-চি কমি গ’লে বহুমূত্ৰ ৰোগ হোৱাৰ আশংকা থাকে। নেমুৱে ভিটামিন-চিৰ অভাৱ পুৰণ কৰে। নেমুৰ উপৰিও মৌচুম্বী,কমলা, ৰবাব টেঙা আদিয়ে ইনচুলিনৰ দৰেই বহুমূত্র ৰোগক নিয়ন্ত্রণ কৰি ৰাখিব পাৰে। সেউজীয়া শাক-পাচলি: সেউজীয়া শাক-পাচলিয়ে দুই ধৰণৰ বহুমূত্র ৰোগ হোৱাৰ আশংকা কমায়। পালেং শাক, বন্ধাকবি, চালগোম, ফুলকবি, লেটুচ শাক আদিত কেল’ৰি আৰু কার্বহাইড্ৰেটৰ পৰিমাণ কম থাকে, যাৰ ফলত এনে শাক-পাচলিয়ে, বহুমূত্র ৰোগ হোবাৰ আশংকাশতকৰা ১৪ ভাগ পর্যন্ত কমাই ৰাখে। শস্য বা মাহ জাতীয় খাদ্য: দৈনিক যদি আপুনি মাহ জাতীয় খাদ্য খায়, তেন্তে এনে খাদ্যই আপোনাৰ দেহত থকা চেনিৰ পৰিমাণক নিয়ন্ত্ৰণত ৰাখিব। গতিকে এনে ধৰণৰ খাদ্যই বহুমূত্র ৰোগৰ আশংকা যে কমায়েই, তদুপৰি ই বহুমূত্ৰ ৰোগৰ প্ৰতিৰোধো কৰিব পাৰে। বাদাম: বিজ্ঞানীসকলৰ মতে চীনা বাদামে বহুমূত্র ৰোগ হোৱাৰ আশংকা শতকৰা প্রায় ২১ শতাংশ কমায়। তদুপৰি নিয়মিতভাৱে বাদাম খালে হৃদৰোগ হোৱাৰ আশংকাও কমে। আপুনি যদি আপোনাৰ দৈনিক খাদ্য তালিকাত ১আউন্স আখৰোট বা কাজুবাদাম অন্তর্ভুক্ত কৰে, তেন্তে আপোনাৰ হৃদৰোগৰ সম্ভাৱনাও কমি যাব। মটৰ মাহ: মটৰ মাহ হৈছে বহুমূত্র ৰোগীৰ কাৰণে অতি উপকাৰী খাদ্য। প্রতিদিনই মটৰ মাহ খালে বহুমূত্ৰ ৰোগৰ আশংকা কমি মাহে তেজত চেনিৰ পৰিমাণ কমোৱাত সহায় কৰে গৃহোৱাৰ আশংকাও কমায়। মটৰ মাহত উচ্চ পৰিমাণৰ চর্বিহীন প্রটিন আৰু আঁহজাতীয় পদার্থ থাকে। উৎস: সাদিন।