ডায়েবেটিছে সাধাৰণতে চকুৰ ৰেটিনা প্ৰভাৱিত কৰে। ডায়েবেটিক ৰেটিন’পেথী ৰোধ কৰাৰ উত্তম উপায়টো হৈছে তেজত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণাধীন কৰি ৰখা। ডায়েবেটিছৰ দ্বাৰা প্ৰভাৱিত ৰেটিনা লেজাৰ থেৰাপীৰ দ্বাৰা আৰোগ্য হোৱা ৰেটিনা প্ৰাৰম্ভিক অৱস্থাত কোনো ধৰণৰ ধৰিব পৰা লক্ষণ বা বিষ আদি নাথাকে। পিছৰ পৰ্যায়ত, অস্পষ্ট দেখা। চকুৰে ভাহি থকা কণিকা (আন্ধাৰ যেন দাগ) বা ক’লা ৰেখা দেখা। আপুনি যদি ডায়েবেটিছত ভুগি আছে, তেন্তে ৰেটিন’পেথী হৈছে নেকি সেয়া জানিবৰ বাবে নিয়মিয়াকৈ চকু পৰীক্ষা কৰাই থাকক। চিকিৎসা/লেজাৰ থেৰাপীৰ দ্বাৰা ৰেটিন’পেথীৰ প্ৰভাৱ ৰোধ কৰিব পাৰি। চৰকাৰী চিকিৎসালয়, আঞ্চলিক অপথেলম’লজী প্ৰতিষ্ঠান আৰু চিকিৎসা মহাবিদ্যালয়সমূহে এই চিকিৎসা সেৱা বিনামূলীয়াকৈ প্ৰদান কৰে। কৰ্নিয়েল দৃষ্টিহীনতাৰ প্ৰতিৰোধ শৈশৱ কালৰ পুষ্টিহীনতা, আঘাত বা সংক্ৰমণ আদিৰ ফলত কৰ্নিয়েল দৃষ্টিহীনতা আৰু দৃষ্টিশক্তি হ্ৰাস পোৱা বা দৃষ্টিশক্তি লোপ পোৱা সমস্যাই দেখা দিয়ে। আপোনাৰ চকুদুটা আঘাতৰ পৰা বচাই ৰাখক। জোঙা বস্তু, কাড়, কেঁচী, কটাৰী, বেজী আদিৰ নিচিনা তীক্ষ্ণ বস্তু বা আটচ্বাজী, এচিড আদিৰ দৰে হানিকাৰক বস্তু শিশুৰপৰা আঁতৰাই ৰখা উচিত। অস্ত্ৰোপচাৰৰ পাছৰ জটিলতা আৰু সংক্ৰমণসমূহৰ পৰা আপোনাৰ চকুদুটা সুৰক্ষিত ৰাখক। অপুষ্টি: শিশুক ভাৰসাম্য আহাৰ (ভিটামিন ‘এ’ সমৃদ্ধ) খুৱাওক, যেনে: পালেং, মেথিশাক, জিলমিল, লাই, মূলাশাক আদিৰ দৰে সেউজীয়া শাক-পাচলি আৰু হালধীয়া বৰণৰ ফল। অপৰিষ্কাৰ আঙুলিৰে চকু নুচুব বা নখজুৱাব। নেত্ৰ বিশেষজ্ঞৰ পৰামৰ্শ মানি চলক। ট্ৰক’মা ট্ৰক’মা হৈছে এবিধ সংক্ৰামিত ৰোগ। ই চকুৰ পতাৰ আভ্যন্তৰীণ অংশ প্ৰভাৱিত কৰে। চকুৰ পতা সংক্ৰমিত হোৱাৰ পাছত, ই কৰ্নিয়াৰ সৈতে ঘঁহা খাই আৰু কৰ্নিয়াৰ ক্ষতি কৰে। ইয়াৰ ফলস্বৰূপে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰে। লক্ষণ আৰু উপসৰ্গসমূহ চকুত ধূলি-মাকতি লগা যেন অনুভৱ হোৱা। চকুৰ সংযোগ অংশসমূহত সৰু কিবা বস্তু সোমাই পৰা যেন অনুভৱ হোৱা। সাধাৰণতে ই দুয়োটা চকু প্ৰভাৱিত কৰে। চকুৰ পতাৰ ভিতৰৰ ফাল অলপ ওলাই পৰা আৰু চকুৰপৰা একেৰাহে ফেচকুৰি ওলাই থকা। ব্যক্তিগত অনাময় আৰু পৰিবেশ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো হৈছে ট্ৰক’মা প্ৰতিৰোধ কৰাৰ উত্তম উপায়। ওপৰত উল্লেখ কৰা লক্ষণসমূহৰ যিকোনোটো পৰিলক্ষিত হ’লে তৎকালেই নেত্ৰ বিশেষজ্ঞৰ কাষ চাপক। ৰিফ্ৰেক্টিভ ইৰ’ৰ ৰিফ্ৰেক্টিভ ইৰ’ৰ (প্ৰতিসৰণৰ ভুল) হোৱাৰ কাৰণ হৈছে চকুৰ মণিৰ অস্বাভাৱিক আকাৰ আৰু গঠন। বহুসময় ধৰি কিতাপ পঢ়া আৰু ভিডিঅ’ স্ক্ৰীণ চোৱাৰ ফলতো এই সমস্যাৰ সৃষ্টি হ’ব পাৰে। ল'ৰাটোৱে ভালকৈ পঢ়িব পৰা নাই তলত উল্লেখ কৰা লক্ষণসমূহৰ পৰা আপুনি শিশুৰ ৰিফ্ৰেক্টিভ ইৰ’ৰ হৈছে নেকি তাক ধৰিব পাৰিব: যদি ওচৰতে থকা বা দূৰত থকা বস্তু সঠিক ভাৱে দেখা পোৱা নাই, যেনে– ব্লেক ব’ৰ্ডৰ আখৰবোৰ। ধোঁৱা-ধোঁৱা যেন দেখা। চকুৰ ওচৰে-পাজৰে থকা কামবোৰ কৰোতে মূৰ বিষ হোৱা বুলি ক’লে। শিশুৰ পঢ়াৰ প্ৰতি আগ্ৰহ কম হ’লে। সঠিক চছমাৰ দ্বাৰা ইয়াক নিশ্চিতভাৱে দূৰ কৰিব পাৰি। চৰকাৰী চিকিৎসালয়ত এই চছমাবোৰ বিনামূল্যে যোগান ধৰা হয়। গ্লুক’মা গ্লুক’মাক দৃষ্টিশক্তি হৰণকাৰী বুলি কোৱা হয়। ক’মা হৈছে চকুৰ দৃষ্টিশক্তি প্ৰভাৱিত কৰা এক ভয়ানক ৰোগ। সুস্থ চকুৰ দৃষ্টিত গ্লুক'মা আক্ৰান্ত চকুৰ দৃষ্টিত এই ৰোগ সচৰাচৰ ৪০+ বয়সৰ লোকৰ ক্ষেত্ৰত দেখা যায়, বিশেষকৈ যিসকলৰ বংশত গ্লুক’মা ৰোগ হোৱাৰ ইতিহাস আছে। লক্ষণ আৰু উপসৰ্গসমূহ আপোনাৰ চকু দুটাৰ চাৰিওকাষে যদি আপুনি ৰঙীণ আঙুঠিৰ নিচিনা কিবা দেখিছে, বিষ অনুভৱ কৰিছে, সঠিক দৃষ্টিশক্তিৰ অভাৱ ঘটিছে আৰু পোহৰ কম হোৱা যেন দেখিছে, তেন্তে এয়া গ্লক’মা হ’ব পাৰে। সঘনাই চছমা সলনি কৰিবলগীয়া হোৱা। যেতিয়াই তেতিয়াই মূৰ বিষ হৈ থকা আৰু চকুৰ বিষ হোৱা। গ্লক’মাৰ সঠিক আৰু নিয়মীয়া চিকিৎসাই দৃষ্টিহীনতাত ভোগাটো প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। কেটেৰেক্ট এই স্থিতি সাধাৰণতে বৃদ্ধাৱস্থাত পৰিলক্ষিত হয়। অস্ত্ৰোপচাৰৰ পূৰ্বে অস্ত্ৰোপচাৰৰ পিছত কেটেৰেক্টৰ পৰা হোৱা দৃষ্টিহীনতা অস্ত্ৰোপচাৰৰ দ্বাৰা দূৰ কৰিব পৰা যায়। কেটেৰেক্টৰ অস্ত্ৰোপচাৰ সহজ আৰু সুৰক্ষিত। লক্ষণ আৰু উপসৰ্গসমূহ দৃষ্টিশক্তি ক্ৰমান্বয়ে হ্ৰাস পোৱা। চকুৰ মণিটো ধূসৰ বৰণৰ হৈ পৰা। এই ৰোগৰ পৰিপ্ৰেক্ষিতত চকুৰ বিষ নহয়। কেটেৰেক্ট পৈণত হোৱালৈ অপেক্ষা নকৰিব। তৎকালেই নেত্ৰ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক। চৰকাৰী চিকিৎসালয় আৰু বেচৰকাৰী সংস্থাবোৰে কেটেৰেক্টৰ চিকিৎসাৰ বাবে চছ্মাৰে সৈতে বিনামূলীয়া সা-সুবিধা আগবঢ়ায়। অধিক জানিবৰ বাবে, আপোনাৰ নিচেই কাষত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বা চৰকাৰী চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰক। দৃষ্টিহীনতা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী, স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৱেবছাইট: www.mohfw.nic.in