বহুমূত্ৰ বা ডায়েবেটিচ কি ? আমাৰ শৰীৰত থকা পেনক্ৰিয়াচ্ বা অগ্নাশয় নামৰ গ্ৰন্হিটোৰ পৰা ইনচুলিন নামৰ এবিধ হৰমন নি:সৰিত হয়৷ এই ইনচুলিনে আমাৰ খাদ্যৰ পৰা সৃষ্টি হোৱা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷ এই শক্তিয়ে আমাক দৈনন্দিন কাম কৰাত সহায় কৰে ৷ আমাৰ দৈনিক কাম-কাজ সুকলমে সমাপন কৰোঁ শৰীৰত যেতিয়া ইনচুলিনৰ আপেক্ষিক বা সম্পূৰ্ণৰূপে অভাৱ হয়, তেতিয়াই বহুমূত্ৰৰোগে দেখা দিয়ে ৷ বহুমূত্ৰ ৰোগ সম্পূৰ্ণ নিৰ্মূল নহয় ৷ বিভিন্ন উপায়েৰে ব্লাড চুগাৰ বা তেজৰ চেনিৰ পৰিমান স্বাভাৱিক অৱস্হাত ৰাখিব পাৰিলেই আমি ডায়েবেটিচ আৰু ইয়াৰ জটিলতাসমুহৰ পৰা বাচি থাকিব পাৰিম ৷ ডায়েবেটিচ নিয়ন্ত্ৰণৰ চাৰিটা খোজ: ১ম খোজ: ডায়েবেটিচৰ বিষয়ে জানক ২য় খোজ: ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক ৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক ৪ৰ্থ খোজ: নিয়মিত পৰামৰ্শ লওক প্ৰথম খোজ: ডায়েবেটিচৰ বিষয়ে জানক: তেজত চেনিৰ পৰিমান বঢ়া মানেই হ’ল ডায়েবেটিচ ৷ ই সাধাৰণতে দুই প্ৰকাৰৰ: Type 1 ডায়েবেটিচ: এই বিধ ৰোগত দেহত ইনচুলিন একেবাৰে উৎপন্ন নহয় ৷ ইনচুলিনে আমি খাদ্যৰ পৰা চেনিক শক্তিলৈ ৰূপান্তৰিত কৰে ৷ Type 1 ডায়েবেটিচ ৰোগীয়ে সদায়ে ইনচুলিন লব লগা হয় ৷ Type 2ডায়েবেটিচ : এই বিধ ৰোগত দেহে পৰ্য্যাপ্ত পৰিমানৰ ইনচুলিন প্ৰস্তুত নকৰে বা ব্যৱহাৰ কৰিব নোৱাৰে ৷ Type 2 ডায়েবেটিচ ৰোগীয়ে টেবলেট অথবা ইনচুলিন ব্যৱহাৰ কৰিব লাগে ৷ Type 2 ডায়েবেটিচ ৰোগত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা পৃথিবীত বেছি ৷ প্ৰসৱকালীন বহুমূত্ৰ বা ডায়েবেটিচ: গৰ্ভাৱস্হাত হোৱা ডায়েবেটিচ ৷ প্ৰসবৰ পিচত সাধাৰণতে স্বাভাৱিক অৱস্হালৈ আহে কিন্তু ভৱিষ্যতলৈ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷ ই কেচুৱাৰ ওজন অস্বাভাবিক ভাবে বঢ়াব পাৰে অথবা শিশুক ভৱিষ্যতে বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বঢ়াই তোলে ৷ ডায়েবেটিচ গুৰূত্বপূৰ্ণ কোনোবাই যদি কয় যে তেওঁৰ ‘অলপমান ডায়েবেটিচ আছে’ অথবা ‘চুগাৰ অলপমান বেছি আছে’, তেনেহলে ভাব হয় যে ডায়েবেটিচ যেন এটা ডাঙৰ অসুখ নহয় ৷ কিন্তু কথাটো সঁচা নহয় ৷ ডায়েবেটিচ এটা ভয়ানক সমস্যা আৰু তাক সমাধান কৰিবলৈ শিকাটো আপোনাৰ কাম্য ৷ কথাটো সহজ নহয়, কিন্তু মূল্যবান ৷ সকলো বহুমূত্ৰৰোগীয়েই উচিত খাদ্য, ওজনৰ সন্তোলন ৰক্ষা কৰা আৰু সদায় খোজ কৰাত গুৰূত্ব দিব লাগে ৷ নিজৰ আৰু বহুমূত্ৰৰোগৰ প্ৰতি লোৱা সাৱধানতাই আপোনাক সুস্হ কৰি ৰখা আৰু সুস্হ অনুভৱ কৰাত সহায় কৰাৰ উপৰিও তলত উল্লেখ কৰা জটিলতাসমুহ দূৰ কৰাত সহায় কৰে : হৃদৰোগ আৰু পক্ষাঘাত চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷ স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সমায়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷ বৃক্ক বা কিডনি বিকলতা ৷ দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷ হৃদৰোগ আৰু পক্ষাঘাত চকু আৰু দৃষ্টিশক্তি—বহুমূত্ৰৰোগ দৃষ্টিহীনতাৰ অন্য এক প্ৰধান কাৰণ ৷ স্নায়ু ৰোগ; হাত-ভৰি জিনজিনোৱা বা বিষোৱা ৷ বহু সময়ত বহুতে ভৰি বা আঙুলি হেৰুৱাব লগীয়া হয় ৷ বৃক্ক বা কিডনি বিকলতা ৷ দাঁতৰ আলুৰ অসুখ বা অকালতে দাঁত সৰা ৷ তেজৰ চেনিৰ পৰিমান সঠিক থাকিলে আপুনি: সতেজ অনুভৱ কৰিব ভাগৰ কম লাগিব, পিয়াহ লগা বা ঘনাই পেচাব কৰাৰ পৰা মুক্ত হব ঘাঁ আদি সোনকালে শুকাব, চালৰ অথবা পেচাবৰ অসুখ কম হব দৃষ্টি শক্তি, ভৰি বা দাঁতৰ অসুখ কম হব৷ আপোনাৰ কি ধৰণৰ ডায়েবেটিচ হৈছে স্বাস্থ্য কৰ্মীৰ পৰা জানি লওক ৷ জানি লওক ডায়েবেটিচ কিয় বিপদজনক৷ জানি থওক, কিয় ডায়েবেটিচৰ যত্ন ললে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যত সুন্দৰ হৈ উঠিব পাৰে ৷ ২য় খোজ : ডায়েবেটিচৰ ABC ৰ বিষয়ে জানক: আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়সমুহৰ বিষয়ে কথা পাতক কেনেকৈ আপোনাৰ A1c, Blood pressure আৰু Cholesterol নিয়ন্ত্ৰন কৰিব পাৰি ৷ইয়াৰ দ্বাৰা আপুনি হৃদৰোগ, পক্ষাঘাত (ষ্ট্ৰোক, বা ডায়েবেটিচৰ অন্যান্য জটিলতাসমুহৰ পৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমাব পাৰিব ৷ বহুমূত্ৰৰোগৰ ABC হ’ল: A মানে হ’ল A1c Test: এই পৰীক্ষাই বিগত তিনি মাহৰ আপোনাৰ তেজৰ চেনিৰ পৰিমানৰ বিষয়ে আভাস দিয়ে ৷ ইয়াক আমি ৭% ৰ তলত ৰাখিবলৈ যত্ন কৰা উচিত ৷ তেজৰ অত্যাধিক চেনিৰ পৰিমানে আপোনাৰ হৃৎপিণ্ড আৰু ৰক্তসঞ্চালন প্ৰণালী, বৃক্ক, ভৰি আৰু চকুৰ ক্ষতিসাধন কৰিব পাৰে ৷ B মানে হ’ল Blood Pressure: ব্লাড প্ৰেচাৰৰ লক্ষ্য সীমা ১৩০/৮০ হব লাগে ৷ উচ্চ ৰক্ত চাপ বা ব্লাড প্ৰেচাৰে আমাৰ হৃদপিণ্ডক কষ্টেৰে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰে ৷ ইয়াৰ ফলত হৃদৰোগ (Heart attack), পক্ষাঘাত (Stroke) আৰু বৃক্কৰোগ (Kidney disease)হব পাৰে ৷ C মানে হ’ল cholesterol : বহুমুত্ৰ ৰোগীৰ LDL ৰ লক্ষ্য ১০০ মি.গ্ৰা/ডে.লি তকৈ কম পুৰুষ বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৪০ মি.গ্ৰা/ডে.লি তকৈ বেছি মহিলা বহুমুত্ৰ ৰোগীৰ HDL ৰ লক্ষ্য ৫০মি.গ্ৰা/ডে.লি তকৈ বেছি LDL বা ‘বেয়া কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীবোৰ চামনিৰে বন্ধ কৰি দিব পাৰে ৷ইয়াৰ ফলত আপোনাৰ হৃদৰোগ বা ষ্ট্ৰোক কব পাৰে ৷HDL বা ‘ভাল কলেষ্টৰলে’ আপোনাৰ ৰক্তবাহী নলীৰ কলেষ্টৰলৰ চামনিবোৰ আঁতৰাই নিয়ে ৷ আপোনাৰ চিকিৎসকক সোধক: আপোনাৰ A1C, ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ পৰিমান কিমান ? আপোনাৰ A1C ব্লাড প্ৰেচাৰ আৰু কলেষ্টৰলৰ পৰিমান কিমান হোৱা উচিত ? লক্ষ্যত উপনীত হবলৈ আপুনি কি কৰিব লাগিব ? এই সংখ্যাসমুহ আপোনাৰ বহীত লিপিবদ্ধ কৰি ৰাখক ৷ যদিও বহুমূত্ৰৰোগীৰ Hb A1c লক্ষ্য ৭% তকৈ কম, সকলোৰে ক্ষেত্ৰত ই প্ৰযোজ্য নহবও পাৰে ৷ আপোনাৰ চিকিৎসকৰ সৈতে এই বিষয়ে আলোচনা কৰক ৷ ৩য় খোজ: ডায়েবেটিচ নিয়ন্ত্ৰণ কৰক: বহুতো ডায়েবেটিচ ৰোগীয়ে স্বযত্নেৰে বহুমূত্ৰৰোগ প্ৰসুত দীৰ্ঘকালীন সমস্যাসমুহ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় ৷চিকিৎসক আৰু চিকিৎসা-কৰ্মীৰ সহযোগত আপুনি ডায়েবেটিচ নিয়ন্ত্ৰণৰ ABC লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰক ৷ এই স্বযত্ন-পৰিকল্পনা ব্যৱহাৰ কৰক ৷ আপোনাৰ ডায়েবেটিচ খাদ্য তালিকা অনুসৰণ কৰক ৷ আপোনাৰ হাতত যদি তেনে তালিকা নাই তেন্তে চিকিৎসক-স্বাস্হ্য কৰ্মীক তিনি তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ কৰক স্বাস্হ্যকৰ খাদ্য খাওক যেনে ফলমূল আৰু শাক-পাচলি, মাছ, কাঠ মাংস, ছাল ছেলুৱা কুকুৰা, শুকান বুট বা মটৰ, ডাইল জাতীয় খাদ্য, মাখন-ৰহিত গাখীৰ৷ মাছ-মাংস পৰিমান হব লাগে প্ৰায় ৮৫ গ্ৰাম বা এজাপ তাচৰ সমান ৷ পানীত সিজাই বা খৰিকা্ত দি খাব ৷ কম চৰ্বী আৰু কম নিমখ থকা খাদ্য খাব ৷ আঁহ থকা খাদ্য যেনে সম্পূৰ্ণ চাউল বা ঘেঁহু, ৰুটী ইত্যাদি ৷ প্ৰতি দিন ৩০-৬০ মিনিট ব্যায়াম কৰক ৷ খৰকৈ খোজ কৰাটো এটা সুন্দৰ ব্যায়াম ৷ হিচাবৰ ওজন ৰক্ষা কৰক ৷ ইয়াৰ বাবে খাদ্য তালিকা ব্যৱহাৰ আৰু ব্যায়াম কৰক ৷ যদিহে গা-মন ভাল নালাগে, চিকিৎসকৰ সহায় লওক ৷ মানসিক চিকিৎসক আৰু পৰামৰ্শদাতা, সাহাৰ্য্য গোট, ধৰ্ম বা আধ্যাত্মিক সংগ, বন্ধু-বান্ধৱ বা পৰিয়ালৰ সদস্যই যিসকলে আপোনাৰ সমস্যা বুজে, তেওঁলোকে আপোনাক যঠেষ্ট মানসিক সকাহ দিব পাৰে ৷ মানসিক হেঁচা মোকাবিলা কৰিবলৈ শিকক ৷ মানসিক দুশ্চিন্তাই আপোনাৰ ব্লাড চুগাৰ বা তেজৰ চেনিৰ পৰিমান বঢ়াব পাৰে ৷ যদিও দুশ্চিন্তা কমোৱা বৰ কঠিন, তথাপি তাৰ উপায় আছে ৷ ধুমপান বৰ্জন কৰক ৷ সুস্হ যেন অনুভৱ কৰিলেও ঔষধ সেৱন বন্ধ নকৰিব ৷ হৃদৰোগ বা ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে আপোনাৰ এচপিৰিনৰ প্ৰয়োজন আছে নেকি চিকিৎসকক সোধক ৷ যদিহে আপুনি ঔষধ কিনিবলৈ অক্ষম বা কোনো ঔষধে আপোনাক ক্ষতিকাৰক বিক্ৰিয়া কৰে, চিকিৎসকক জানিবলৈ দিয়ক ৷ আপোনাৰ ভৰি দুটা সদায় পৰীক্ষা কৰক ৷ কেনেবাকৈ ভৰি কাটিছে নেকি বা ঢৌ উঠা, ৰঙা পৰা, ফুলা আদি হৈছে নেকি লক্ষ্য কৰক ৷ ভৰিৰ ঘা যদি বহুত দিন শুকুৱা নাই, তেনেহলে চিকিৎসকৰ পৰামৰ্শ লওক ৷ সদায় দাঁত পৰিষ্কাৰ কৰক ৷ ব্লাড চুগাৰ (তেজৰ চেনিৰ পৰিমান) পৰীক্ষা কৰক ৷প্ৰয়োজন হলে দিনত দুই-তিনিবাৰো কৰিব লগীয়া হব পাৰে৷ এই বিলাকৰ হিচাব লিপিবদ্দ কৰি ৰাখিব ৷ ব্লাড প্ৰেচাৰ (ৰক্ত চাপ) জোখক (চিকিৎসকৰ পৰামৰ্শ অনুযায়ী) ৷ দৃষ্টি-শক্তিৰ তাৰতম্য লক্ষ্য কৰিলে চিকিৎসকৰ পৰামৰ্শ লওক ৷ আপোনাৰ ব্লাড চুগাৰ কিমানত ৰখা উচিত চিকিৎসকৰ সৈতে আলোচনা কৰক ৷ ব্লাড চুগাৰ কেনেকৈ আৰু কেতিয়া জোখা হয় আৰু ইয়াক ডায়েবেটিচ নিয়ন্ত্ৰনত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানি লওক ৷ এই নিৰ্দেশাৱলী আপোনাৰ দিক্ নিৰ্দেশক হিচাবে ব্যৱহাৰ কৰক ৷ স্ব-যত্ন পৰিকল্পনাই আপোনাক কেনে ধৰণে সহায় কৰিছে সেই বিষয়ে যেতিয়াই আপুনি চিকিৎসকৰ ওচৰলৈ যায় আলোচনা কৰক৷ ৪ৰ্থ খোজ: নিয়মীয়া পৰীক্ষা কৰাওক ৷ আপোনাৰ চিকিৎসক মণ্ডলীক বছৰত কমেও দুবাৰ লগ কৰক আৰু কিবা সমস্যা উদ্ভৱ হৈছে নেকি বুজ লওক ৷ চিকিৎসকৰ ওচৰত প্ৰতিবাৰেই তলৰ পৰীক্ষা কেইটা সুনিশ্চিত কৰক: ৰক্তচাপ পৰীক্ষা ভৰি পৰীক্ষা ওজন পৰীক্ষা স্ব-যত্ন পৰিকল্পনাৰ পৰ্য্যালোচনা প্ৰতি বছৰেই দুবাৰকৈ HbA1C পৰীক্ষা কৰাওক ৷ যদিহে ই ৭% তকৈ বেছি, তেনেহলে তাতোতকৈ বেছি বাৰ কৰিব ৷ বছৰত এবাৰকৈ তলত দিয়া পৰীক্ষাসমুহ নিশ্চিত কৰক: কলেষ্টৰল ট্ৰাইগ্লিচেৰাইদ্ সম্পূৰ্ণ ভৰি পৰীক্ষা দাঁত আৰু আলু পৰীক্ষা ৷ দাঁতৰ ডাক্তৰক আপোনাৰ যে ডায়েবেটিচ আছে কবলৈ নেপাহৰিব ৷ চকু পৰীক্ষা; ৰেটিনা পৰীক্ষণ ৷ টীকাকৰণ (ফ্লো আদি)৷ বৃক্কৰ ৰোগৰ বাবে তেজ আৰু পেচাব পৰীক্ষা ৷ কমেও এবাৰ নিওমনিয়াৰ টীকা ৷ এই পৰীক্ষাসমুহ আৰু তাৰ ফলাফলৰ বিষয়ে চিকিৎসক মণ্ডলীক সোধক ৷এই পৰীক্ষাৰ ফলাফলৰ অৰ্থ চিকিৎসকৰ পৰা বুজি লওক ৷ আকৌ কেতিয়া চিকিৎসকৰ ওচৰলৈ আহিব লাগিব ( তাৰিখ আৰু সময় ) টোকা লৈ থওক ৷ যদিহে আপুনি স্বাস্হ্য বীমা কৰিছে তেনেহলে তলত দিয়া সুবিধাসমুহ উপলব্ধ হয়নে নহয় জানি লওক: স্ব-যত্ন পৰিকল্পনা প্ৰয়োজন সাপেক্ষে বিশেষ জো্তা যন্ত্ৰ-পাতি যোগান ডায়েবেটিচৰ ঔষধ ডায়েবেটিচ নিয়ন্ত্ৰণত ৰোগীৰ নিজৰ ভূমিকা অপৰিসীম ৷ ডায়েবেটিচৰ বিষয়ে জানক আৰু এই ৰোগ নিয়ন্ত্ৰনত চিকিৎসকক সহযোগ কৰক৷ আজিৰ অলপ সাৱধানতা আৰু ত্যাগে আপোনাৰ আয়ুস বৃদ্ধিত সহায় কৰিব ডা. হেমন্ত কুমাৰ গগৈ MD, Dip. Diab (UK), FD(Chennai) বহুমূত্ৰ ৰোগ বিশেষজ্ঞ, শিমলুগুৰি