আজিকালি বহুতৰে ডেকা বয়সতে ডায়েবেটিছ ৰোগ হ’বলৈ ধৰিছে। যদি দেউতাকৰ ৬০ বছৰ বয়সস্থ ডায়েবেটিছ হৈছিল, নাতি-পুতিৰ আৰু কম বয়সত ডায়েবেটিচ্ছ হোৱা দেখা গৈছে। একমাত্ৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই ডায়েবেটিছ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু পুৰ্বতকৈ কম বয়সতে এই ৰোগ আৰম্ভ হৈছে। ডায়েবেটিছ লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভৱনাও অধিক। বিশেষকৈ ডায়েবেটিছ থকা লোকৰ হাৰ্ট এটেক হোৱা লক্ষণবোৰ একেবাৰে ধৰিব নোৱাৰি। আন লোকৰ তুলনাত ডায়েবেটিছ থকা লোকৰ হাৰ্ট এটেক্ আগ বয়সতে হোৱাৰ সম্ভাৱনা থাকে। ডায়েবেটিছ থাকিলে পুৰুষ-মহিলা উভয়ৰে হাৰ্ট এটেক্ হোৱাৰ সম্ভৱনা সমানে থাকে। ডায়েবেটিছ ৰোগীৰ হাৰ্ট এটেক্ হোৱাৰ সম্ভাৱনা তিনি-চাৰি গুণ বেছি হোৱাৰ লগতে ইউৰোপীয় লোকৰ তুলনাত ভাৰতীয় লোকৰ হৃদ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক। ডায়েবেটিছ কি? দেহৰ বিপাকীয় কাৰ্যৰ বিস্ংগতি ঘটিলে ডায়েবেটিছ হয়। উল্লেখ্য যে আমি খোৱা বেছিভাগ আহাৰে ভাঙি টুকুৰা-টুকুৰ হৈ গ্লুক’জলৈ পৰিৱৰ্তন ঘটে। গ্লুক’জেই হৈছে দেহৰ শক্তিৰ ইন্ধনৰ মূল উৎস। আহাৰ জীণ যোৱাৰ পিছত গ্লুক’জ বা শৰ্কৰা তেজত মিহলি হয়। ইয়াৰ্পিছত শৰ্কৰাবোৰ তেজৰ প্ৰবাহৰ লগত সঞ্চালিত হৈ কোষকলা পায়গৈ আৰু এই শৰ্কৰাকে শৰীৰৰ কোষবিলাকে শক্তি আহৰণৰ বাবে ব্যৱাহাৰ কৰে। ইনছুলিন নামৰ হৰমোনবিধে শৰ্কৰাক কোষবোঅৰত সোমাই যোৱাত সহায় কৰে আৰু অগ্নাশয়ৰ (পেনক্ৰিয়াছৰ) পৰা নিৰ্গত হয়। ডয়েবেটিছ নথক লোকৰ অগ্নাশয়ে স্বাভাৱিকভাৱেই প্ৰয়োজনীয় পৰিমাণৰ ইনছুলিন নি:সৰণ কৰে। আৰু এই ইনছুলিনে শৰ্কৰা তেজৰ পৰা কোষৰ ভিতৰলৈ পঠিওয়াই দিয়াত সহায় কৰে। যি কাৰণতে নহওক কিয়, অগ্নাশয়ে সঠিক পৰিমাণৰ ইনছুলিন নি:সৰণ কৰিব নোৱাৰিলে ডায়েবেটিছ আৰম্ভ হয়।পেশী, যকৃত আৰু চৰ্বিবোৰে ইনছুলিন সঠিকভাৱে নাপায়। দেহকোষবিলাক ইনছুলিনৰ অভাৱত শৰ্কৰা ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়। কোষবোৰে শক্তি লাভ কৰিব নোৱাৰে। ইয়াৰ উপৰি তেজত শৰ্কাৰৰ পৰিমাণ বাঢ়ি যোৱাৰ বাবে ৰক্তবাহী নলী, পেশীবোৰৰ ক্ষতি হয়। ফলত হৃদৰোগৰ দৰে সমস্যাৰ উদ্ভৱ হৈ ৰোগীৰ মৃত্যু ঘটায়। ইয়াৰ উপৰি ডায়েবেটিছ নিয়ন্ত্ৰণত নাথাকিলে ষ্ট্ৰোক, দ্ৰিষ্টি শক্তি হেৰুওৱা, কিডনি ফেইলৰ আদিৰ সম্ভাৱনাও বৃদ্ধি পায়। ডায়েবেটিছ আৰু হৃদৰোগৰ সৈতে সম্পৰ্ক কি? ডায়েবেটিছ নথকা লোকৰ তুলনাত ডায়েবেটিছ থকা লোকৰ হৃদৰোঅগ হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়। টাইপ-২ ডায়েবেটিছ থকা মধ্যবয়সীয়া লোক এজনৰ ডায়েবেটিছ নথকা লোকৰ তুলনাত হৃদ ৰোগ হোৱাৰ সম্ভাৱনা অশিক বৃদ্ধি পায়। আনহাতে ৰজ:নিবৃতি নোহোৱা মহিলা এগৰাকীৰ সমবয়সীয়া পুৰুষ এজনৰ তুলনাত হৃদৰোগ হোৱাৰ সম্ভাৱনা সামান্য কম হয়। কিন্তু ডায়েবেটিছ থাকিলে মহিলাসকলৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ে। ইফালে ডায়েবেটিছ থকা লোকৰ এবাৰ হাৰ্ট এটেক্ হ’লে দ্বিতীয়বাৰ হাৰ্ট এটেক্ হোৱাৰ আশংক থাকে। ডায়েবেটিছ থকা লোকৰ হাৰ্ট এটেক্ হ’লে মৃত্যু ঘটাৰ সম্ভাৱনাই বেছি। তেজত শৰ্কৰাৰ অত্যধিক পৰিমাণে ৰক্তবাহী নলীৰ বেৰত চৰ্বিজাতীয় পদাৰ্থবোৰে ৰক্ত চলাচলত বাধাৰ সৃষ্টি কৰে। তেজ ডকা বান্ধে। ৰক্তবাহী নলীবোৰ কঠিন কৰি তোলে। ডায়েবেটিছ থকা লোকৰ হৃদৰোগ হোৱাৰ ক্ষেত্ৰত কি কি ‘ৰিস্ক ফেক্টৰ’ থাকে ডায়েবেটিছ নিজেই হৃদৰোগৰ এটি ৰিক্স ফেক্টৰ। বহু লোকৰ ডায়েবেটিছৰ লগতে আন কিছুমান কাৰকেও হৃদৰোগ হোৱাৰ সম্ভাৱনা বঢ়াই তোলে। সাধাৰণতে পৰিয়ালৰ লোকৰ কাৰোবাৰ হৃদৰোগ থাকিলে ডায়েবেটিছ থকা লোকজনৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়। বিশেষকৈ পৰিয়ালৰ কাৰোবাৰ (পুৰুষ হ’লে ৫৫ বছৰ আৰু মহিলা হ’লে ৬৫ বছৰৰ)বয়সতে হৃদৰোগ হ’লে, তেনে পৰিয়ালৰ ডায়েবেটিছ থকা লোকৰ হৃদৰোগ অতি সোনকালেই হয়। বংশগত ভাৱে হৃদৰোগ থাকিলে ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো উপায় নাথাকে, কিন্তু ‘ৰিস্ক ফেক্টৰ’বোৰ নোয়ন্ত্ৰণত ৰাখিব পাৰি। তলত এই বিষয়ে আলোচনা কৰা হ’ল। দেহৰ মধ্য অংশৰ মেদবহুলতা অত্যধিক ওজন বঢ়াৰ লগতে কঁকাল আৰু নিতম্বত অতিৰিক্ত চৰ্বি জম হ’লে দেহৰ মধ্য অংশৰ মেদবহুলতা বুলি কোৱা হয়। পুৰুষৰ কঁকাল ৪০ ইঞ্চিৰ বেছি, মহিলাৰ ৩৫ ইঞ্চিৰ বেছি হ’লে মধ্য অংশৰ মেদবহুলতা বুজায়। সাধাৰণতে এনে লোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক। পেটৰ চৰ্বিয়ে কলেষ্টেৰলৰ পৰিমাণ বঢ়াই তোলে। লগতে ৰক্তবাহী নলীৰ বেৰত চৰ্বি জমা হ’বলৈ ধৰে। ক’লেষ্টেৰলৰ পৰিমাণ বাঢ়ি যোৱা ৰক্তবাহী নলিৰ বেৰত LDL ক’লেষ্টেৰল জমা হোৱা বাবে ধমনী স্ংকুচিত হোৱাৰ লগতে কঠিন হৈ পৰে। এনে কঠিন আৰু ঠেক পৰিসৰৰ ধমনীৰে তেজ চলাচল বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত হাৰ্টএটেক্হয়। ট্ৰাইগ্লিচাৰাইড নামৰ এবিধ চৰ্বিৰ বাবে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। HDL(উপকাৰী) কলেষ্টেৰলে ৰক্তবাহীনলীত জমা হোৱা কলেষ্টেৰলবোৰ আঁতৰাই পেলাব পাৰে। শৰীৰত HDL কলেষ্টেৰলৰ পৰিমাণ কম হ’লে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ে। উচ্চ ৰক্তচাপ উচ্চ ৰক্ত চাপ থাকিলে হৃদযন্ত্ৰটোৱে অত্যধিক পৰিশ্ৰম কৰিব লগা হয়।ফলত ৰক্তবাহী নলীবোৰ নষ্ট হোৱাৰ লগতে হাৰ্ট এটেক্, ষ্ট্ৰোক, কিডনি আৰু চকুৰ সমস্যাৰ সৃষ্টি হয়। ধূমপান ধূমপনে হৃদৰোগ হোৱাৰ সম্ভাৱনা দ্বিগুণ বঢ়াই তোলে। ডায়েবেটিছ থক লোকে সেয়েহে ধুমপানৰ অভ্যাস থাকিলে ত্যাগ কৰিব লাগে। ধুমপান আৰু ডায়েবেটিছৰ বাবে ৰক্তবাহী নলীবোৰ চাপ খাই আহে। একেদৰে ধূমপানৰ ফলত চকুৰ সমস্যাৰো সৃষ্টি হয়। হৃদৰোগ ৰোধ কৰিবলৈ কি কৰিব? হৃদযন্ত্ৰ সবল কৰি ৰখা আহাৰ গ্ৰহণ কৰিব। ফাইবাৰ বা আঁহযুক্ত আহাৰ্ খাব। এনে খাদ্যই কলেষ্টেৰলৰ পৰিমাণ কমাই ৰাখে। ফল-মূল, শাক-পাচলি, বিন, মটৰ মাহ, ঘেহু, ওতমিল নামৰ শস্যৰ গুৰি আদি খালে হৃদৰোগ হোৱাৰ সম্ভাৱনা কম হয়। Saturated চৰ্বি কমাই খাব। এনে ধৰণৰ চৰ্বিয়ে কলেষ্টেৰলৰ পৰিমাণ বঢ়াই তোলে। এইবিধ চৰ্বি মাংস, মাখন, দুগ্ধজত খাদ্য, নৰিকলৰ তেল, পাম তেল আদিত থাকে। কণী, মাংস আৰু দুগ্ধজত খাদ্যত কলেষ্টেৰল পোৱ যায়। সেয়ে স্নেক ফুড, কুকুছ, বেকাৰীৰ বিভিন্ন বিস্কুট, কেক, প’পক’ৰ্ণ, ফ্ৰাইড ফুড, ড্ৰেচিং ছালাড, অত্যধিক তেল দি বনোৱা খাদ্য খাব নালাগে।পেকেটৰ খাদ্যবস্তু কিনিলে trans-fat কিমান আছে সেই কথা চাই ল’ব। ধূমপান কৰাৰ অভ্যাস থাকিলে, ত্যাগ কৰিব। কেইটিমান কথা মনত ৰাখিব ডায়েবেটিছ থাকিলে তেজত গ্লুক’জৰ পৰিমাণ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰলৰ পৰিমাণ পাৰ্যমানে কমাই ৰাখিব। এই তিনিটা কাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। খোৱা আহাৰ ভালকৈ নিৰ্বাচন কৰিব, ধুপমান এৰিব আৰু প্ৰয়োজন হ’লে নিয়মীয়াকৈ ঔষধ খাই থাকিব। হাৰ্ট এটেক্ বা ষ্ট্ৰোক হোৱাৰ কিবা লক্ষণ দেখিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ ল’ব। কেতিয়াও চিকিৎসাত অৱহেলা নকৰিব। লিখক: ডা: ওম প্ৰকাশ শৰ্মা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন