মধুমেহ ৰোগত আক্ৰান্তসকলক চিকিৎসকে সাধাৰণতে ভাত আৰু আলু কমকৈ খাবলৈ পৰামৰ্শ দিয়ে। ভাত এই কাৰণে কমকৈ খাবলৈ দিয়ে যে চাউলত অধিক পৰিমাণে কাৰ্ব’হাইড্ৰেট থাকে যি মধুমেহ ৰোগীৰ বাবে ক্ষতিকাৰক। আকৌ আলুত শৰ্কৰাৰ পৰিমাণ বেছি থাকে কাৰণে মধুমেহ ৰোগীৰ বাবে এইবিধ পাচলি বৰ্জনীয়। কিন্তু মধুমেহ ৰোগীয়েও এই দুবিধ খাদ্য সহজতে গ্ৰহণ কৰিব পাৰিব যদিহে খাদ্য দুবিধ আয়ুৰ্বেদিক পদ্ধতি অনুসৰি ৰান্ধে। বাৰাণসীস্থিত বি এইড ইউ আয়ুৰ্বেদিক প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ডা: আনন্দ চৌধুৰীৰ মতে আমাৰ প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰত চাউল ৰন্ধনৰ তিনি প্ৰকাৰ- মগু, পেয়া আৰু বিলোপীৰ উল্লেখ আছে। ইয়াৰ ভিতৰত মগু বিধিয়েই মধুমেহ ৰোগীৰ বাবে উপাদেয়। এই বিধত পাত্ৰত চাউল যিমানখিনি লোৱা হয় তাৰ ১৪ গুণ পানী দি চাউলখিনি সিজোৱাৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি চাউল সিজোৱাৰ সময়ত অকণমান শুষ্ক আদা আৰু সোৱাদ অনুসৰি সৈন্ধৱ লৱণ দি ল’ব লাগে। তাৰ পিছত চাউল সিজিলে পানীৰ পৰা পৃথক কৰি সেই ভাত গ্ৰহণ কৰিব লাগে। আনহাতে অধ্যাপক ডা: চৌধুৰীৰ মতে মধুমেহ ৰোগীয়ে ব্যৱহাৰ কৰাৰ পূৰ্বে আলুখিনি সিজাই ল’ব লাগে। তাৰ পিছত সেইখিনি এদিন ব্যৱহাৰ নকৰাকৈ পৰিষ্কাৰ পৰিৱেশত থৈ দিব লাগে। এনেদৰে এদিন সিজাই ৰখা আলুত গ্লাইছেনিকৰ স্তৰ ভালেখিনি হ্ৰাস পায়-যাৰ বাবে এনে আলু মধুমেহ ৰোগীয়েও অতি সহজে গ্ৰহণ কৰিব পাৰে বুলি মত ব্যক্ত কৰে ডা: আনন্দ চৌধুৰীয়ে। উৎস: দৈনিক অসম।