খাদ্যৰ পৰা শৰীৰে কেনেকৈ শক্তি তৈয়াৰ কৰে আৰু ডায়েবেটিছ হ’লে এই প্ৰক্ৰিয়াত কেনে পৰিবৰ্তন হয় সেয়া তলত বৰ্ণনা কৰা হ’ল। খাদ্য গ্লুকজলৈ পৰিবৰ্তন হয়: খাদ্যক পাকস্থলীয়ে গ্লুকজলৈ ৰূপান্তৰিত কৰে। ই এক প্ৰকাৰৰ চেনীজাতীয় বস্তু। এই গ্লুকজ তেজৰ লগত মিহলি হৈ দেহত থকা কোটি কোটি কোষলৈ যায়। গ্লুকজ গৈ কোষ পায়গৈ: অগ্নাশয়ত থকা পেনকিয়াছ নামৰ গ্ৰন্থিটোৱে ইনচুলিন নামৰ ৰসায়ন উত্পন্ন কৰে। এই ইনচুলিনো তেজত মিলিত হৈ কোষ পায়গৈ। ই গ্লুকজৰ লগত লগ হোৱাৰ পাছতহে কোষৰ ভিতৰত সোমাব পাৰে। কোষে গ্লুকজক শক্তিলৈ ৰূপান্তৰিত কৰে: কোষে গ্লুকজক মেটাবলাইজড (দহন) কৰি শৰীৰক শক্তিৰ যোগান ধৰে। যেতিয়া ডায়েবেটিছ হয়, তলত দিয়া পৰিবৰ্তনবোৰ হয়: ডায়েবেটিছে খাদ্যৰ পৰা শৰীৰক শক্তি তৈয়াৰ কৰাতো কঠিন কৰি তোলে। খাদ্যৰ পৰা গ্লুকজলৈ পৰিবৰ্তন: পাকস্থলীয়ে খাদ্যৰ পৰা গ্লুকজ তৈয়াৰ কৰে। গ্লুকজ তেজৰ সোঁতলৈ আহে। কিন্তু বেছিভাগ গ্লুকজেই কোষৰ ভিতৰলৈ সোমাব নোৱাৰে। কাৰণ: ১) তাত উপযুক্ত পৰিমাণৰ ইনচুলিন নাথাকে। ২) যথেষ্ট সংখ্যক ইনচুলিন থাকিলেও ই কোষৰ ভিতৰলৈ সোমোৱাত অপৰাগ হয়। ৩) গ্লুকজ গ্ৰহণৰ বাবে ৰিচিপেটৰ বা কোষ নাথাকে। কোষে শক্তি প্ৰস্তুত কৰিব নোৱাৰে: বেছি সংখ্যক গ্লুকজেই তেজত থাকি যায়। ইয়াক হাইপাৰগ্লাইছেমিয়া (উচ্চ ব্লাড গ্লুকজ বা উচ্চ ব্লাড চুগাৰ বুলিও জনা যায়)। কোষে যথেষ্ট পৰিমাণৰ গ্লুকজ নোপোৱাৰ ফলত শৰীৰটো সুচাৰুৰূপে চলিবলৈ প্ৰয়োজন হোৱা শক্তি উত্পাদন কৰিব নোৱাৰে। ডায়েবেটিছৰ লক্ষণ ডায়েবেটিছ থকা লোকৰ বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে: ১) ঘনাই পেচাব হোৱা (আনকি নিশাও)। ২) ছালত খজুৱতি হোৱা। ৩) দৃষ্টি অস্পষ্ট। ৪) ভাগৰুৱা ভাব আৰু দূৰ্বলতা। ৫) ভৰি জিন জিনৱো বা অৱস হোৱা। ৬) অতিপাত পিয়াহ লগা। ৭) কঁটা বা ঘাঁ শুকাওঁতে বেছি দিন লগা। ৮) প্ৰতি মুহূৰ্ততে ভোক লগা। ৯) ওজন কমি যোৱা। ১০) ছালত সংক্ৰমণ। তেজত চেনীৰ মাত্ৰা কিয় নিয়ন্ত্ৰণত ৰাখিব লাগে? তেজত উচ্চ পৰিমাণত গ্লুকজ বেছি দিনলৈ থাকিলে ই বিষাক্ত পদাৰ্থলৈ ৰূপান্তৰিত হয়। তেজত বেছি পৰিমাণত গ্লুকজ থাকিলে সময় বঢ়াৰ লগে লগে ৰক্তকোষ, কিডনি, চকু, স্নায়ুতন্ত্ৰৰ জটিল অৱস্থাৰ সৃষ্টি কৰাৰ লগতে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগৰ কিছুমান স্থায়ী ক্ষতি কৰে। স্নায়ু সমস্যাৰ ভিতৰত ভৰিৰ সংবেদনশীলতা নোহোৱা আৰু আন অংগত অনুভব শক্তি হ্ৰাস পোৱা, ৰক্তকোষৰ সমস্যাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰক, আৰু তেজ সঞ্চালনৰ সমস্যাই দেখা দিয়ে। চকুৰ সমস্যাৰ ভিতৰত চকুৰ ৰক্তকোষৰ ক্ষতি হয়, চকুত বেছিকৈ চাপ পৰে আৰু চকুত চামনি পৰে। কিডনী ৰোগৰ ক্ষেত্ৰত তেজৰ বৰ্জিত পদাৰ্থবোৰ পৰিষ্কাৰ কৰিবলৈ নোৱাৰে। উচ্চ ৰক্ত চাপৰ ফলত হূদয়ে তেজবোৰ পাম্প কৰি পঠিওৱাটো কঠিন হৈ পৰে। উচ্চ ৰক্তচাপৰ বিষয়ে আৰু অধিক প্ৰতিবাৰ হূদয়ে স্পন্দন কৰাৰ লগত ৰক্তবাহী নলীৰে তেজ পাম্প কৰি পঠিয়ায়। ফলত ৰক্তবাহী নলীবোৰৰ ওপৰত চাপ পৰে। স্বাস্থ্যবান লোকৰ এই নলীবোৰ পেশীশাল আৰু স্থিতিস্থাপকতা থাকে। হূদয়ে তেজ পাম্প কৰাৰ লগে লগে এইবোৰৰ প্ৰসাৰণ হয়। স্বাভাৱিক অৱস্থাত হূদয়ে প্ৰতি মিনিটত ৬০ৰ পৰা ৮০ বাৰ স্পন্দন কৰে। প্ৰতিবাৰ স্পন্দনৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু দুটা স্পন্দনৰ মাজত কমি যায়। এই ৰক্তচাপ মিনিটে প্ৰতি সলনি হয়-ব্যায়াম বা শুৱা আদিত। কিন্তু স্বাভাৱিকভাৱে এজন প্ৰাপ্তবয়স্ক লোকৰ অতি বেছি ১৩০/৮০ mm Hg থাকিব লাগে। ইয়াতকৈ অলপমান বেছি হ’লেই উচ্চৰক্ত চাপ হোৱা বুলি কোৱা হয়। উচ্চৰক্ত চাপৰ কোনো লক্ষণেই সাধাৰণতে দেখা পোৱা নাযায়। বহুক্ষেত্ৰত বহু লোকৰ বছৰৰ পাছত বছৰ ধৰি উচ্চৰক্ত চাপত ভোগে কিন্তু গমকেই নাপায়। ইয়াৰ লগত, উত্তেজিত হোৱা, নাৰ্ভাচ হোৱা বা উচ্চ প্ৰতিক্ৰিয়াশীল হোৱাৰ কোনো সম্পৰ্ক নাই। ধীৰ, স্থিৰ, শান্ত ব্যক্তিৰো উচ্চৰক্তচাপ থাকিব পাৰে। উচ্চৰক্তচাপ নিয়ন্ত্ৰণ নকৰিলে ষ্ট্ৰ’ক, হাৰ্ট এটেক, হাৰ্ট ফেইল, কিডনী ফেইল আদি হব পাৰে। এই সকলোবোৰেই মাৰাত্মক। সেইবাবেই উচ্চ ৰক্তচাপক চাইলেণ্ট কীলাৰ বা নিৰৱ ঘাটক বোলা হয়। কলেষ্ট্ৰলৰ বিষয়ে আৰু অধিক শৰীৰত কলেষ্ট্ৰলৰ মাত্ৰা বেছি থাকিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে। তেজত অধিক পৰিমাণৰ কলেষ্ট্ৰল থাকিলে ই ৰক্তবাহী ধমনীৰ ভিতৰৰ বেৰত জমা হৈ ডাঠ-টান আৱৰণৰ সৃষ্টি কৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ ডাঠ, টান হয় আৰু স্থিতিস্থাপকতা কমি আহে। ইয়াৰ বাবে হূদয়লৈ তেজৰ প্ৰবাহ লাহে লাহে কমি আহে আৰু কেতিয়াবা একেবাৰে বন্ধ হৈ যায়। এনে হ’লে এনজিনা বা বুকুৰ বিষ অনুভুত হয়। অতি কম তেজ প্ৰৱাহিত হোৱা বা একেবাৰেই বন্ধ হৈ গ’লে হাৰ্ট এটেক হয়। ডায়েবেটিছ থকা ৰোগীৰ উচ্চৰক্ত চাপ আৰু উচ্চ কলেষ্ট্ৰল থাকিলে ষ্ট্ৰ’ক আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ১৬ গুন বাঢ়ি যায়। ডায়েবেটিছৰ ব্যৱস্থাপনা ডায়েবেটিছ থকা লোকসকলে চিকিত্সকে দিয়া পৰামৰ্শমতে খাদ্য, ব্যায়াম, ব্যক্তিগত পৰিচন্নতা বিধি, ইনচুলিন বেজী বা বড়ি আদিৰে ৰোগ নিয়ন্ত্ৰনত ৰাখি সম্ভাব্য জটিলতাৰ পৰা আঁতৰি থাকিব পাৰে। ব্যায়াম: ব্যায়ামে তেজত থকা চেনীৰ পৰিমাণ কমাই দিয়ে। গ্লুকজ ব্যৱহাৰ কৰাৰ শৰীৰৰ সক্ষমতা বৃদ্ধি কৰে। ঘন্টাত ৬ কিলোমিটাৰ বেগেৰে খোজ কাঢ়িলে ৩০ মিনিটত প্ৰায় ১৩৫ কেলৰি দহন হয় আৰু চাইকেল চলালে ২০০ কেলৰী দহন হয়। ডায়েবেটিছত ছালৰ যত্ন: ডায়েবেটিছ থকা ৰোগীয়ে ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। অধিক পৰিমাণৰ গ্লুকজ থকাৰ বাবে ছালখন বহুবোৰ বেক্টেৰিয়া আৰু ভেকুৰৰ বাবে উপযুক্ত প্ৰজনন ক্ষেত্ৰ হৈ পৰে। ৰক্ত সঞ্চালন দূৰ্বল হোৱাৰ বাবে শৰীৰে এনে ক্ষতিকাৰক বেক্টেৰিয়াবোৰক ধ্বংস কৰিবলৈ সক্ষম নহয়। উচ্চ পৰিমাণৰ গ্লুকজে শৰীৰত ডিহাইড্ৰেছনৰ সৃষ্টি কৰে, ফলত ছাল শুকান আৰু খহতা হৈ পৰে। নিয়মীয়াকৈ শৰীৰটো পৰ্য্যবেক্ষণ কৰিব লাগে আৰু তলত দিয়া ধৰণৰ কিবা দেখা পালে চিকিত্সকৰ পৰামৰ্শ লব লাগে: ছালৰ ৰং, আকৃতি বা ডাঠ বা পাতল হ’লে। কোনো ঘাঁ বা ফোড়া। বেক্টেৰিয়া সংক্ৰমণৰ প্ৰাথমিক স্তৰ যেনে, ৰঙা পৰা, উখহি উঠা, টেমুনা আৰু ছালৰ অংশবিশেষ চুলে গৰম অনুভব কৰা। কৰঙন চুক, যৌনাংগ আৰু মলদ্বাৰৰ অঞ্চল, কাষলতি, স্তন আৰু ভৰিৰ আঙুলীৰ ফাঁকত খুজুৱালে ভেকুৰৰ সংক্ৰমণৰ জাননী হব পাৰে। কোনো ঘাঁ বহুদিনলৈ ভাল নহ’লে। ছালৰ সঠিক যত্নৰ কিটিপ সদাই মৃদু চাবোন বা কুহুমীয়া পানীৰে গা ধুব লাগে। বেছি গৰম পানীৰে গা ধুব নালাগে। গা ধুৱাৰ পাছত ভালদৰে শুকানকৈ গা মুছিব লাগে। বিশেষকৈ ভৰিৰ আঙুলীৰ ফাঁক, কৰঙন চুকত যাতে পানী লাগি নাথাকে তালৈ চকু ৰাখিব লাগে। এনে অঞ্চল সেমেকি থাকিলে ভেকুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ছাল শুকাই যাবলৈ দিব নালাগে। ছাল শুকালে খজুৱতি হয় আৰু খজুৱালে ছাল ফাটি যোৱাৰ ফলত বেক্টেৰিয়া সংক্ৰমণ হবলৈ সুবিধা পায়। ছাল শুকাই নাযাবলৈ যথেষ্ট পৰিমাণৰ জুলীয়া পদাৰ্থ পান কৰিব লাগে। ঘাঁৰ যত্ন : কঁটা বা আঁচোৰা খোৱাটোৰ পৰা আঁতৰি থকাটো এক প্ৰকাৰ অসম্ভৱ। ডায়েবেটিছ ৰোগীয়ে অতি ক্ষুদ্ৰ কঁটা ছিঙাতো যাতে সংক্ৰমণ হবলৈ নোৱাৰে তাৰ বাবে যত্ন লোৱা দৰ্কাৰ। সৰু সুৰা ঘাঁ বা কঁটা ছিঙাও সঠিকভাৱে চিকিত্সা কৰিব লাগে। কঁটাৰ লগে লগে চাবোন আৰু কুহুমীয়া পানীৰে ধুই পেলাব লাগে। এলকহল বা আয়ডিন থকা এণ্টিচেপটিক লগাব নালাগে। এইবোৰ ছালে সহ্য কৰিব নোৱাৰে। কেৱল চিকিত্সকৰ পৰামৰ্শমতেহে এন্টিবায়টিক মলম ব্যৱহাৰ কৰিব লাগে। বিজাণুনাশক বেণ্ডেজ কাপোৰ, বেণ্ডএইড আদিৰে ঘাঁ ডোখৰ ঢাকি দিব লাগে। অতি শীঘ্ৰে চিকিত্সকক দেখুৱাব লাগে, যদিহে ১) অতি সাংঘাটিকভাবে কাটে বা পোৰে, ২) ৰঙাপৰা, উখহি উঠা, পুঁজ জমা হোৱা, বিষোৱা আদি যদি শৰীৰৰ যিকোনো ঠাইত দেখা দিলে ই বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ। ৩) ফিটা পেলু হোৱা, যোনীত খজুৱতি আদি ভেকুৰৰ সংক্ৰমণৰ লক্ষণে দেখা দিলে। ডায়েবেটিছত ভৰি তলুৱাৰ যত্ন ডায়েবেটিছত তেজত গ্লুকজৰ পৰিমাণ বেছি থকাৰ বাবে স্নায়ুবোৰৰ ক্ষতি হয়। ইয়াৰ ফলত ভৰিৰ তলুৱাৰ সংবেদনশীলতা আৰু অনুভব কমি যাব পাৰে বা নোহোৱাও হব পাৰে। তলত ভৰি পতাৰ যত্নৰ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল: নিয়মীয়াকৈ ভৰিৰ তলুৱা পৰীক্ষা: যথেষ্ট পোহৰ থকা ঠাইত ওচৰৰ পৰা ভৰিৰ তলুৱা ভালদৰে পৰীক্ষা কৰিব লাগে। কঁটা আঁচোৰ খোৱা, ছাল ফটা , পানীজোলা, ৰঙচুৱা দাগ, উখহি উঠা আদি আছে নেকি ভালদৰে চাব লাগে। আঙুলীৰ ফাঁকবোৰো ভালদৰে পৰীক্ষা কৰিব লাগে। ভৰিৰ পতা সদাই ভালদৰে ধুব লাগে: মৃদু চাবোন আৰু কুহুমীয়া পানীৰে সদাই ভৰিৰ পতা ধুব লাগে। ভৰিৰ আঙুলীৰ নখ নিয়মীয়াকৈ কাটিব লাগে। ভৰিৰ পতাৰ সুৰক্ষাৰ বাবে উপযুক্ত জোতা চেণ্ডেল পিন্ধিব লাগে। মুখৰ স্বাস্থ্য: দীৰ্ঘদিনৰ বাবে দাঁত সুস্থ আৰু সবল কৰি ৰাখিবলৈ ঘৰতে নিতৌ যত্ন লব লাগে। ব্ৰাছ: দাঁতৰ ব্ৰাছডাল টান আৰু কঠিন হব নালাগে। এনে ব্ৰাছে দাঁতৰ আলু ছিঙি দিব পাৰে বা ক্ষতি কৰিব পাৰে। কোমল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। ব্ৰাছ কৰা পদ্ধতি দিনত কমেও দুবাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছৰ শুংবোৰ দাঁত আৰু আলুৰ মাজত লৈ অলপ কঁপাই কঁপাই ব্ৰাছ কৰিব লাগে। এনে কৰাৰ ফলত আলু আৰু দাঁতৰ ফাঁকত সোমাই থকা বেক্টেৰিয়াবোৰ ওলাই আহে। গাল, জিভা আৰু তালুত লাহে লাহে ব্ৰাছডাল চোঁছোৰাই আনিব লাগে। দাঁতৰ ওপৰভাগ আৰু ভিতৰফালেও ব্ৰাছ ঘঁহিব লাগে। জোৰত ঘঁহিলে আলু, টিছু আৰু দাঁতৰ ক্ষতি হয়। ব্ৰাছৰ শুংবোৰত বেক্টেৰিয়া উত্পন্ন হব পাৰে। প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে ব্ৰাছডাল সলনি কৰিব লাগে। কিবা ৰোগৰ পৰা সুস্থ হোৱাৰ পাছতো ব্ৰাছ সলনি কৰিব লাগে। প্ৰতিবাৰ খাদ্য খোৱাৰ পাছত কুলি কুলি কৰিলে দাঁত চাফা হৈ থাকে। তলত দিয়া ধৰণৰ কিবা দেখা দিলে চিকিত্সকক দেখুৱাব লাগে: ব্ৰাছ কৰোতে বা খাদ্য খাওঁতে তেজ ওলোৱা। আলু ৰঙা পৰিলে, উখহিলে। দাঁতৰ পৰা আলু আঁতৰি আহিলে। আলু স্পৰ্শ কৰিলে দাঁতৰ মাজৰ পৰা বা আলুৰ পৰা পুঁজ ওলালে। ডেন্টাৰ লগাওঁতে অসুবিধা। খাদ্য কাঁমোৰোতে দাঁতৰ পাৰিৰ স্থান সলনি হোৱা। মুখৰ পৰা দূৰ্গন্ধ আৰু বেয়া স্বাদ। চকুৰ যত্ন আন ব্যক্তিতকৈ ডায়েবেটিছ থকা লোকৰ চকুত চানি পৰা বা গ্ৰক’মা হোৱাৰ সম্ভাৱনা অধিক হয়। তেজত গ্লুকজৰ পৰিমাণ বেছি সময় বাবে থাকিলে চকুৰ ক্ষুদ্ৰ ৰক্তবাহী নলীবোৰ ক্ষতিগ্ৰস্থ হয়। ইয়াৰ ফলত ডায়েবেটিছ ৰেটিনপেথি অৱস্থাৰ সৃষ্টি হয়। ডায়েবেটিছ ৰোগীৰ মাজত হোৱা অন্ধত্বৰ কাৰণ এই ডায়েবেটিক ৰেটিনপেথি। ডায়েবেটিছ হোৱা বুলি নিশ্চিত হোৱাৰ পাছত প্ৰতি বছৰে সম্পূৰ্ণভাবে চকুৰ পৰীক্ষা কৰোৱাব লাগে। তলত উল্লেখ কৰা অৱস্থাবোৰ হ’লে চিকিত্সকৰ পৰামৰ্শ লব লাগে: বৰ্ণনা কৰিব নোৱাৰা দৃষ্টিৰ সমস্যা যেনে, দৃষ্টি দিওঁতে চকুৰ আগত দাগ থকা, কিবা বস্তু উপঙি থকা যেন লগা, কঁপি থকা, ধোঁৱা ধোঁৱা হোৱা, বিশৃংখল দৃষ্টি, কলা দাগ, চকু ৰঙা পৰা আৰু চকুৰ বিষ হোৱা। পঢ়োতে অসুবিধা হোৱা, ট্ৰেফিক চিগনেল বুজি নোপোৱা, একে ধৰণৰ বস্তুৰ পাৰ্থক্য ধৰিব নোৱাৰা। উৎস: আইএনডিজি দল।