আমি আজি একবিংশ শতিকাৰ আধুনিক যুগত বাস কৰিও দৈনন্দিন জীৱনত বহু ক্ষেত্ৰত অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ থাকোঁ । ইয়াৰ সম্বন্ধ আমাৰ স্বাস্থ্যৰ লগতো জড়িত হৈ থাকিব পাৰে । অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাই ভয়ংকৰ বিপদৰ বতৰাও কঢ়িয়াই আনিব পাৰে । মধুমেহ ৰোগীৰ ভৰিৰ সংক্ৰমণৰ লগত জড়িত এনে কিছুমান অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণাৰ বিষয়েই আমি উল্লেখ কৰিম ।

১) অস্ত্ৰোপচাৰ আৰু তেজত শৰ্কৰাৰ পৰিমাণ :- সাধাৰণ মানুহৰ ধাৰণা যে তেজত শৰ্কৰাৰ পৰিমাণ বেছি থাকিলে অস্ত্ৰোপচাৰ কৰিব নালাগে । কিয়নো এনে অৱস্থাত ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয় আৰু ঘা সোনকালে নুশুকায় । এই নিয়ম এপেণ্ডিকছ, গ’লড ব্লাডাৰ, হাৰ্নিয়া আদি বেমাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা দেখা যায় । এনেধৰণৰ ৰোগৰ অস্ত্ৰোপচাৰ কৰাত কোনো খৰখেদা কৰাৰ প্ৰয়োজন নহয় বা সময় সুবিধা অনুসৰি অলপ পলমকৈ হ’লেও কৰিলে কয় কিন্তু এইক্ষেত্ৰত যদি মধুমেহ ৰোগীৰ সংক্ৰমণৰ ঘটনা হয় তেন্তে শৈল্য চিকিৎসাৰ মাধ্যমেৰে যেতিয়ালৈকে সংক্ৰমণৰ উৎস নি:শেষ কৰিব নোৱাৰি তেতিয়ালৈকে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পৰা নাযায় । ইয়াৰ মূল কাৰণ হ’ল যে সংক্ৰমণৰ ফলত ৰোগীৰ দেহত ইনচুলিন প্ৰতিৰোধৰ উৎপন্ন হয় । এনে অৱস্থাত ইনচুলিনে তেজত শৰ্কৰা মাত্ৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰে । শৈল্য চিকিৎসাৰ জৰিয়তেহে সংক্ৰমণ ৰোধ কৰিব পাৰি , তেতিয়া শৰ্কৰাৰ মাত্ৰাও নিজে নিজে কমি যাব আৰু ইনচুলিনৰ কাৰ্যক্ষমতাও ক্ৰমান্বয়ে বাঢ়ি যাব । কেতিয়াবা কেতিয়াবা অস্ত্ৰোপচাৰৰ পাছতো হঠাৎ তেজত শৰ্কৰাৰ পৰিমাণ প্ৰয়োজনতকৈ কমি যায় আৰু তেতিয়া ৰোগীৰ শোচনীয় অৱস্থাৰ সৃষ্টি হয় ।

২) ভ্ৰমণ আৰু বিশ্ৰাম :- এইটো সত্য যে শাৰঋক ব্যায়াম, পৰিশ্ৰম, প্ৰাত:ভ্ৰমণ আদি অভ্যাসে মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰে । কিন্তু ভৰিৰ সংক্ৰমণ হ’লে দৌৰ মৰা, ভ্ৰমণ কৰা, চাইকেল চলোৱা, শাৰীৰিক ব্যায়াম কৰা আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগে । যদিওৱা এনে কৰিলে ৰোগীয়ে ভৰিত কোনোধৰণৰ বিষ অনুভৱ নকৰে । এনে কৰিলে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পায় আৰু মাৰাত্মক ৰুপ ধাৰণ কৰে । এনে অৱস্থাত ভৰি ওপৰকৈ ৰাখি আৰাম দিব লাগে ।

৩) টেঙা খাব লাগে নে নালাগে :- আমাৰ সাধাৰণ মানুহৰ ধাৰণা যে ঘা লাগিলে বা সংক্ৰমণ বৃদ্ধি হ’লে টেঙা জাতীয় ফল বা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে , অন্যথা ঘা সোনকালে নুশুকায় । কিন্তু সত্যটো হ’ল যে টেঙা জাতীয় বস্তুত ভিটামিন ‘চি’ থাকে আৰু ই ঘা শুকুওৱাত সহায় কৰে । যদি আন কিবা ৰোগৰ বা সমস্যাৰ বাবে চিকিৎসকে টেঙা খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে তেতিয়াহ’লে কথা সুকীয়া ।

৪) মধুমেহ ৰোগীৰ ঘা বা সংক্ৰমণ :- দেখাত সৰু ঘা কিন্তু ভয়ানক অৰ্থাৎ এজন মধুমেহ ৰোগীৰ এডোখৰ ঘা বাহিৰৰ পৰা দেখাত তেনেই সৰু যেন লাগিলেও বাস্তৱিকতে ই ভিতৰি ভিতৰি বহু বিকশিত হৈ ভয়ানক হৈ পৰে । এনে ধৰণৰ ঘা অতি বিপজ্জনক । মধুমেহ ৰোগীৰ সংক্ৰমণৰ লক্ষণ বা স্বভাৱ নিগনি সদৃশ । যেনেকৈ এটা নিগনিয়ে সৰু বিন্ধাৰে গাঁতত সোমায় মাটিৰ তল ফোঁপোলা কৰি এক বিশাল গাঁতৰ সৃষ্টি কৰে , তেনেকৈ সংক্ৰমেণ ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশৰে প্ৰৱেশ কৰি সমগ্ৰ অংশ ধ্বংস কৰি পেলায় ।

৫) উন্মুক্ত ঘা :- এটুকুৰা ঘা মুকলি কৰি ৰাখি অৰ্থাৎ মুক্ত বতাহত শুকাবলৈ আমাৰ এক প্ৰবৃত্তিগত প্ৰথা । কিন্তু প্ৰকৃততে সকলোধৰণৰ ঘা ভালকৈ ড্ৰেছিং কৰি ঢাকি ৰাখিব লাগে । এনে কৰিলে ঘা সোনকালে শুকায় । এডোখৰ মুক্ত ঘা বতাহত উৰি অহা ধূলি, মাটি, মাখি আদিৰ পৰা ৰক্ষা কৰাটো সম্ভৱপৰ নহয় বা শুকাবলৈ নৰম বতৰৰ প্ৰয়োজন আৰু ই তেতিয়াহে সম্ভৱপৰ যেতিয়া ঘা টুকুৰা ভালকৈ ড্ৰেছিং কৰি ঢাকি ৰখা হয় ।

৬) সংক্ৰমণ / ঘা তথা এণ্টিবায়’টিক আৰু বেণ্ডেজ :- মধুমেহজনিত ঘা বা সংক্ৰমণৰ চিকিৎসা সদায় কেৱল দামী এণ্টিবায়’টিক সেৱন কৰি বা সাধাৰণ ড্ৰেছিং অথবা বেণ্ডেজ কৰি আৰোগ্য লাভ কৰিব নোৱাৰি । জধে মধে এণ্টিবায়’টিক সেৱন কৰাৰ ভয়ংকৰ পৰিণামো ভুগিবলগীয়া হ’ব পাৰে । এনেধৰণৰ কিবা সন্দেহ হ’লে সদায় বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে । সঠিক সময়ত অস্ত্ৰোপচাৰ কৰি সংক্ৰমণৰ উৎস বিচাৰি উলিয়াই ইয়াৰ নি:শেষ কৰাটো অতি প্ৰয়োজন ।

৭) সংক্ৰমণ আৰু বিষ :- স্নায়ুৰ দুৰ্বলতাৰ বাবে সংবেদহীন ভৰিত হোৱা সংক্ৰমণৰ বিষ অনুভৱ কৰিব নোৱৰাটো একো অস্বাভাৱিক নহয় । এনে এক জটিল অৱস্থাত যদি এজন ৰোগীয়ে অৱহেলা কৰি ভৰিকেইটাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে তেন্তে তেওঁ নিজকে নিজে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বাহিৰে আন একো নহয় । সংক্ৰমণ হোৱাৰ সন্দেহ হ’ল চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । বিষ অনুভৱ হোৱালৈ অপেক্ষা কৰিব নালাগে ।

৮) ইনচুলিনৰ অভ্যাস :- সংক্ৰমণৰ সময়ত অধিকাংশ চিকিৎসকে ৰোগীক ইনচুলিন ল’বলৈ পৰামৰ্শ দিয়ে । ইনচুলিনৰ জৰিয়তে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যায় । ইয়াৰ ফলত ঘা সোনকালে শুকায় । সংক্ৰমণ বা ঘা সম্পূৰ্ণৰুপে শুকালে বিশেষজ্ঞসকলে ইনচুলিনক দৰবলৈ পৰিৱৰ্তন কৰিব পাৰে । সদায় মনত ৰখাটো প্ৰয়োজন যে সংক্ৰমণৰ সময়ত এজন ৰোগীয়ে সীমিত জ্ঞানৰ দম্ভালি ত্যাগ কৰি বিশেষজ্ঞসকলৰ দিহা-পৰামৰ্শ মানি চলাতো তেওঁৰ স্বাস্থ্যৰ বাবেই লাভজনক ।

৯) মধুমেহজনিত সংক্ৰমণ দুৰাৰোগ্য ব্যাধি নেকি ?

মধুমেহ ৰোগীৰ ভৰিৰ ঘা দুৰাৰোগ্য ব্যাধি বুলি ভবাটো সম্পূৰ্ণ ভুল ধাৰণা । চিকিৎসা বিজ্ঞানৰ প্ৰগতিৰ ফলত অতি জটিল প্ৰকৃতিৰ ঘা বা সংক্ৰমণৰ চিকিৎসা কৰি অতি সোনকালে আৰোগ্য লাভ কৰাটো সম্ভৱপৰ হৈ উঠিছে , যদিহে ৰোগীয়ে সঠিক সময়ত চিকিৎসকৰ কাষ চাপে ।

১০) গেংগ্ৰিন অথবা ভৰি হেৰুওৱা :-মধুমেহ ৰোগীৰ ভৰিৰ গেংগ্ৰিন অতি বিপজ্জনক । কিন্তু প্ৰত্যেকটো ভৰিৰ গেংগ্ৰিনৰ ক্ষেত্ৰত কেতিয়াবা ভৰি সম্পূৰ্ণৰুপে কাটি পেলাব লগা অৱস্থা নহ’বও পাৰে । হয়, কেতিয়াবা এনে ক্ষেত্ৰত কেৱল ভৰিৰ এটা অংশ বা মাত্ৰ আঙুলিকেইটা কাটিলেও হয় । সঠিক চিকিৎসাৰ ফলত এনেধৰণৰ ৰোগীয়ে কেতিয়াবা এটা কাৰ্যক্ষম ভৰি ঘূৰাই পাব পাৰে । অন্তত: গেংগ্ৰিন যদিওৱা এটা জটিল অৱস্থা হয় তথাপি ৰোগীয়ে আশা এৰি দিয়াটো অনুচিত ।

১১) মাত্ৰ কাগজ-কলমৰ পদক্ষেপ কিমান সাৰ্থক :-

কঠিন সত্য হ’লেও মানি ল’ব লাগিব যে বহুক্ষেত্ৰত এজন মধুমেহ ৰোগীৰ ভৰিৰ ঘা বা সংক্ৰমণৰ দুৰ্দশাৰ বাবে এজন চিকিৎসকৰ ভূমকাও সমভাগী হ’ব পাৰে । কিয়নো, প্ৰথম কথা হ’ল এজন মধুমেহ ৰোগীৰ সংবেদনহীন ভৰিত কোনো ধৰণৰ বিষ অনুভৱ নহয় । যাৰ বাবে ৰোগীয়ে প্ৰথমৰ পৰাই ভৰিকেইটাক যথেষ্ট উপেক্ষা কৰি চলে । সাধাৰণতে এজন চিকিৎসকে ভৰিৰ ঘা বা সংক্ৰমণজনিত ৰোগৰ বাবে এণ্টিবায়’টিক সেৱন কৰিবলৈ বা মলম লগাবলৈ এখন কাগজত প্ৰেচক্ৰাইব কৰিয়েই নিজৰ দায়িত্ব সামৰে । সংক্ৰমণৰ ফলত কেতিয়াবা জ্বৰ, পানীলগা, বমি আদি লক্ষণে দেখা দিয়ে । এনে ক্ষেত্ৰত অনাৱশ্যকভাৱে তেজ আদিৰ পৰীক্ষা কৰিব লগাও হ’ব পাৰে । বেছিভাগ ৰোগীয়ে তেওঁৰ ৰোগৰ সঠিক ডাক্তৰৰ কাষ পোৱালৈকে পৰীক্ষা-নিৰীক্ষা কৰা কাগজৰ এটা শকত ফাইল তৈয়াৰ হৈ যায় । কিন্তু এনেধৰণৰ ৰোগীসকলে সদায় মনত ৰখা প্ৰয়োজন যে বাস্তৱিকতে ৰোগৰ চিকিৎসাৰ বাবে সঠিক সময়ত উপযুক্ত চিকিৎসকৰ দিহা-পৰামৰ্শৰহে মাত্ৰ অতি প্ৰয়োজন, দীঘলীয়া পৰীক্ষা-নিৰীক্ষাৰ নহয় । এইক্ষেত্ৰত চিকিৎসকসকলৰো দায়িত্ব যে দুয়োধৰণৰ সংক্ৰমণৰ সন্দেহ হ’লে অনতিপলমে ৰোগীক সঠিক দিহা-পৰামৰ্শ দি উচিত চিকিৎসাৰ মাধ্যমেৰে ৰোগৰ উপশম ঘটোৱা বা ৰোগীক প্ৰয়োজনীয় সহযোগ কৰাটো । এনেক্ষেত্ৰত এজন চিকিৎসকে নিজৰ অহংকাৰ পৰিত্যাগ কৰি ৰোগীক সঠিক পথ দেখুওৱাটো তেওঁৰ কৰ্তব্য বা দায়িত্ব ।

১২) সংক্ৰমণৰ পৰা ছেপ্টিকলৈকে যাত্ৰা পথ :- ৰোগীৰ এটা স্থানত কেন্দ্ৰীভূত সংক্ৰমণ গোটেই শৰীৰতে বিয়পি পৰিব পাৰে । ই হয়তো মাত্ৰ কিছু ঘণ্টাৰ ভিতৰতে ঘটিব পাৰে । গতিকে সংক্ৰমণ হ’লে ইয়াক অতি সহজভাৱে গ্ৰহণ নকৰি সময়ৰ সৈতে সন্ধি কৰিব নালাগে ।

১৩) খোৱা বন্ধ কৰি মধুমেহ ৰোগ নিয়ন্ত্ৰণ পদ্ধতি :-

সাধাৰণতে প্ৰায়ে দেখিবলৈ পোৱা যায় যে মধুমেহ ৰোগীয়ে সংক্ৰমণত আক্ৰান্ত হ’লে যিকোনো উপায় অৱলম্বন কৰি হ’লেও মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে । অৱশেষত উপায়হীন হৈ খোৱা কমাই দি হ’লেও ৰোগ নিয়ন্ত্ৰণৰ চেষ্টা কৰে । ই এটা মাৰাত্মক ভুল পদ্ধতি । এনেক্ষেত্ৰত ঘা বা সংক্ৰমণ উপশমৰ বাবে ৰোগীয়ে সদায় বিশেষজ্ঞৰ দিহা-পৰামৰ্শ অনুসৰি আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজন । অন্যথা শৰীৰৰ ক্ষতিপূৰণ কৰাটো অসম্ভৱ । নিয়মিতভাৱে আৰু সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ কৰিলেহে সংক্ৰমণ অথবা ঘাৰ উপশম ঘটে ।

১৪) সংক্ৰমিত ঘা তথা পদে পদে লাঞ্জনা :-

এজন মধুমেহ ৰোগীৰ শৰীৰৰ বিভিন্ন অংগ যেনে- কলিজা, বৃক্ক, স্নায়ু, ৰক্তপ্ৰৱাহ, মগজু আদিত ৰোগে বেয়া প্ৰভাৱ পেলায় । ভৰিত সংক্ৰমণ হ’লে এই তন্ত্ৰসমূহৰ কাৰ্যক্ষমতা বিকল হৈ পৰে বা কমি যায় । এনে ক্ষেত্ৰত প্ৰায়ে দেখিবলৈ পোৱা যায় যে সংবেদহীন ভৰিত সংক্ৰমণ হোৱাৰ ফলত এজন ৰোগীয়ে বেলেগ বেলেগ বিভাগৰ বিশেষজ্ঞৰ আৰু বিভিন্নধৰণৰ পৰীক্ষাগাৰৰ দ্বাৰস্থ হয় । এনে কৰিলে ৰোগীৰ ঘা বা সংক্ৰমণে জটিল ৰুপ ধাৰণ কৰি তেওঁক বিপদত পেলাব পাৰে ।বাস্তৱিকতে সংক্ৰমণত আক্ৰান্ত এজন ৰোগীক বিশেষজ্ঞ চিকিৎসকৰ এটা সৃসংহিত দলক চিকিৎসাৰ দায়িত্ব অৰ্পণ কৰা আৱশ্যক ।

১৫) ভৱিষ্যদ্বাণী বা গেৰাণ্টী :-

মধুমেহ ৰোগীৰ ভৰিৰ সংক্ৰমণৰ ক্ষেত্ৰত ভৱিষ্যদ্বাণী কৰাটো সম্ভৱপৰ নহয় । ৰোগীৰ শৰীৰৰ বিভিন্ন অংগসমূহ ক্ৰমান্বয়ে বিকল হ’বলৈ ধৰাৰ ফলত ঘা বা সংক্ৰমণৰ শেষ পৰিণাম কি হ’ব ইয়াৰ কোনো গেৰাণ্টী দি বা স্পষ্ট ভৱিষ্যদ্বাণী কৰিব নোৱাৰি । এনে ৰোগীৰ ঘা বা সংক্ৰমণৰ ক্ষেত্ৰত তেখেতৰ অভিভাৱক বা চিকিৎসকে কেতিয়াও গেৰাণ্টীৰ আদান-প্ৰদান কৰিব নালাগে । এটা কথা সত্য যে ঘা বা সংক্ৰমণৰ চিকিৎসাৰ বাবে ৰোগী, তেখেতৰ আত্মীয়-স্বজন আৰু চিকিৎসক সকলৰ এক সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন । ইয়াৰোপৰি এটা কথা স্বীকাৰ্য যে এনে ৰোগ উপশমৰ বাবে সকলোৰে প্ৰচেষ্টাৰ উপৰি পৰমেশ্বৰ কৃপাদৃষ্টিৰ ওপৰতহে সকলো নিৰ্ভৰশীল ।

১৬) কাৰ্যক্ষম ভৰি বা কৃত্ৰিম ভৰি :-

মনত ৰাখিব যে ভৰিৰ প্ৰধান কাম হ’ল মানুহৰ দেহাটো চলনশীল কৰি ৰখাটো । যদিওৱা দেখিবলৈ কুৰুপ অথবা আঙুলি কটা যোৱা, কিন্তু শৰীৰৰ ভাৰ বহন কৰি সুগমভাৱে চলাফুৰা কৰিব পৰা ভৰি এটা কৃত্ৰিম ভৰিতকৈ বহুগুণে ওপৰত । ভৰিৰ বাছি থকা কাৰ্যক্ষম অংশটোক লৈয়ে সন্তুষ্ট হ’ব পাৰে ।

১৭) দিন, বাৰ আৰু জ্যোতিষ শাস্ত্ৰ :

সংক্ৰমণত আক্ৰান্ত এজন ৰোগীৰ জীৱন আৰু ভৰিৰ সংকটপূৰ্ণ অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি লগে লগে হাস্পতালত ভৰ্তি কৰিব লাগে । ৰোগীৰ হাস্পতালত ভৰ্তি কৰাটো যদি অতি জৰুৰী হৈ পৰে তেন্তে শনিবাৰ বা আন কোনো দিন-বাৰৰ প্ৰতি ভ্ৰূক্ষেপ কৰিব নালাগে ।

১৮) ঘৰুৱা চিকিৎসা পদ্ধতি কিমান সফল :-

তন্ত্ৰ-মন্ত্ৰ, তাবিজ, চুলি, জলকীয়া, কবি, হালধি, ক’লা সূতা আদি প্ৰয়োগ কৰি আমি ৰোগীৰ জীৱনৰ সৈতে ধেমালি কৰিব নালাগে । এনেধৰণৰ ঘৰুৱা চিকিৎসা পদ্ধতিয়ে অন্ধবিশ্বাসক উদগনি যোগায় আৰু ৰোগীৰ সঠিক চিকিৎসা সেৱা প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰে ।

১৯) কাটি পেলালে নে বচাই দিলে :-

মনত ৰাখিব যে ৰোগীৰ ভৰি আৰু ভৰিৰ আঙুলিকেইটাতকৈ জীৱনটো শ্ৰেষ্ঠ, যদি আঙুলি কাটিলে ভৰিখন বাচি যায় আৰু ভৰিখন কাটিলে জীৱনটো বাচি যায় তেতিয়া আপুনি কি ক’ব ? বহুক্ষেত্ৰত ‘কি বাচিল’ তাতকৈ ‘কি কটা গ’ল’ তাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায় । সচৰাচৰ ই চিকিৎসকৰ প্ৰতি থকা এটা সম্পূৰ্ণ ভুল ধাৰণা । আমাৰ চিকিৎসকৰ প্ৰতি এটাই ধাৰণা হ’ব লাগে যে তেখেতে আমাৰ কি বচাই দিলে ।

২০) ঘা বা সংক্ৰমণৰ পৰা মুক্তি, সুখম জীৱন প্ৰাপ্তি :-

মধুমেহ ৰোগীৰ ভৰিৰ ঘা বা সংক্ৰমণৰ পৰা মুক্তি পোৱাৰ পাছত অধিক সচেতন হ’ব লাগে ।

লেখক :- ডা: সুধীৰ কুমাৰ জৈন

উৎস :- আমাৰ অসম পূৰ্বাচল