এতিয়া সৰ্ব্বত্র ডেঙ্গুৰ আতংক। আমাৰ এই মুলুকতে কেইবাজনৰো মহৰ দ্বাৰা সংক্রমিত ডেঙ্গুত আক্রান্ত হৈ মৃত্যু মুখত পৰিবলগীয়া অৱস্থা এটাৰ উদ্ভব হৈছে। মহে সৃষ্টি কৰা আন আন ৰোগৰ বিষয়ে নকলোৱেই যেনিবা! এইবোৰৰ বিষয়ে প্রায় সকলোতে আলোচনা বিলোচনা চলি আছে। জনসাধাৰণকো ডেঙ্গুৰ পৰা ৰক্ষা পৰিবলৈ বিভিন্ন পক্ষই অৱগত কৰাইছে। সজাগতাৰো সৃষ্টি কৰিছে। এইবোৰৰ বিষয়ে অভিজ্ঞ জনে নিশ্চয় জনাই থাকিব।

মহৰ কামোৰ নোখোৱা কোনো লোক আমাৰ মুলুকত আছে যদি নাজানো। কিন্তু মহৰ কামোৰ যে বৰ অশান্তিদায়ক সেয়া হ’লে সকলোৱে এক মুখে স্বীকাৰ কৰিব। স্কুলৰ তলৰ শ্রেণীত পঢ়ি থাকোতে মহ আৰু ম’হক লৈ কম বিপাঙত পৰিছিলোনে।

দুয়োটাৰে অর্থ সানমিহিলি কৰি লিখাৰ ফলত শিক্ষকৰ কাণমলাও খাইছিলো। পিছলৈ মহ আৰু ম’হক ইংৰাজীত পঢ়িবলৈ আৰু লিখিবলৈ পোৱাত ভাবিছিলো ইংৰাজীতহে দেখোন বেছি সহজ, সম্পূর্ণ বেলেগ বেলেগ শব্দ। মহক লৈ কিন্তু বহুতো বিস্ময়কৰ তথ্য আছে। অ’ত ত’ত পোৱা আমি জনা নজনা তাৰে কিছু তথ্য আগবঢ়ালো।

প্রথমতে আমাৰ দেশৰে এটা আমোদজনক তথ্য দিওঁ ৰৱ। ১৯৮২-৮৩ চনৰ কথা। তেতিয়াৰ মাদ্রাজ সহিতে তামিলনাডুৰ কেইবাঠাইতো মেলেৰিয়াৰ প্রাদুর্ভাব হৈছিল। বিধানসভাতো চলিছিল ইয়াৰ বিষয়ে আলোচনা। সেই সময়ৰ তামিলনাডু বিধান সভাৰ নির্দলীয় সদস্য এজনৰ নাম আছিল ডঃ ছৌৰি ৰাজন।

পৰিসংখ্যা আগবঢ়াঁই তেঁও বিধানসভাত কৈছিল “কেৱল মাদ্রাজ মহানগৰীৰ দক্ষিণ অঞ্চলৰ প্রায় ১২ লাখ নিবাসীৰ প্রতিজনকে যদি নিতৌ ২০ টাকে মহে কামোৰে তেন্তে মহে শুহি নিয়া তেজৰ মুঠ পৰিমাণ হয় ৮০০ লিটাৰ। ব্লাড বেংকৰ প্রতিবটল তেজৰ দাম যদি ৪০ টকা হয়, তেন্তে নিতৌ ৩২,০০০ টকাৰ মূল্যৰ তেজ মহৰ পেটলৈকে যায়।

এনে অৱস্থাত মানৱ জাতিৰ অস্তিত্ব সংকটজনক!” ডঃ ছৌৰি ৰাজনে দাঙি ধৰা সেই সময়ৰ উপৰোক্ত পৰিসংখ্যা অনুসৰি নির্দিষ্ট অঞ্চলটোৰ ৰাইজে বছৰি কমেও এক কৌটি টকা মূল্যৰ তেজ হেৰুৱাইছিল আৰু একে সময়তে সন্মুখীন হৈছিল মহৰ দ্বাৰা সংক্রমিত ৰোগ মেলেৰিয়াৰ।

প্রতি বছৰে কোনো জীৱৰ দ্বাৰা আটাইতকৈ বেছি মানুহৰ মৃত্যু ঘটোৱা প্রাণী বিধে হৈছে মহ। মহে কেইবাটাও ৰোগৰ সংক্রমণ ঘটাই প্রতি বছৰে দহ লাখৰো অধিক লোকৰ মৃত্যু কাৰন হৈ পৰিছে। গতিকে চিন্তা কৰি চাওঁকছোন মহ কি সাংঘাটিক প্রাণী।

মাইকী মহে ৭৫ ফুট দুৰৈৰ পৰাই আমাৰ তেজ শুহিবলৈ খেদি আহে, আচলতে সিহঁতে আমাৰ নিশ্বাসত ওলোৱা কার্বন ডাই অক্সাইডৰ প্রতি সংবেদনশীল বা অনুভব কৰে। সিহঁতে কিন্তু আমাক ৩০ ফুট আঁতৰৰ পৰাইহে দেখে। সৰু্তে গৰমৰ দিনত মহ বৰ বেছিকৈ ওলালে আইতাই কৈছিল, “যা যা পাতল ৰঙৰ চোলা এটা পিন্ধি থাক, ডাঠ ৰঙৰ প্রতি মহৰ আসক্তি বেছি”।

মহে এনেয়েও এন্ধাৰ ঠাই বোৰতহে থাকি ভাল পায়। আৰু এটা কথা শুনিছিলো, মহে হেনো পকা কল খাই থকা বা এইমাত্র কল খাই অহা লোককহে বোলে বেছি আক্রমণ কৰে। সিহঁতৰো বোলে আকৌ আমাৰ দৰে পছন্দ অপছন্দ আছে, কোনে কাৰ তেজ খাব।

প্রজাতি আৰু মতা মাইকী ভেদে কোনোৱে আকৌ মানুহ বাদ দি ভেকুলীৰো দুর্গতি কৰে। চৰাই, ঘোৰা, কাছ এইবোৰৰো তেজ শুহি খায়। মতা বোৰে আকৌ ফুলৰ ৰসহে খাই। তেজ খোৱা মাইকী মহ কেইটাৰ আকৌ আয়ুস কাল মতাকেইটাতকৈ বেছিহে। প্রায় ১০০ দিনলৈকে সিহঁতৰ জীৱনকাল, মতাকেইটা আকৌ অতি বেছি ২০ দিনীয়া আয়ুস লৈহে পৃথিবীলৈ আহে। মাইকী মহ এজনীয়ে এবাৰত এক লিটাৰৰ দহ লাখ ভাগৰ পাঁচ ভাগ তেজ খায়।

এজনী মহে জীৱন কালত ১০০০ ৰ পৰা ৩০০০ কণী পাৰে, তাৰ মানে এজনীৰ পৰাই হাজাৰ হাজাৰ মহৰ উৎপত্তি হয়। বতৰ প্রতিকুল নহ’লে কণীবোৰ পাঁচ বছৰ পৰ্যন্ত বর্তি থাকে।

কেইদিনমান আগতেহে জানিব পাৰিলো যে মহৰ বোলে এটা দুটা নহয়, আমাতকৈয়ো বেছি দাঁত থাকে। কিমান জানেনে ৪৭ টা! সিহঁতে ঘন্টাত ১.৫ৰ পৰা ২.৫ কি.মি. বেগত উৰিব পাৰে। এক চেকেন্ডত ৩০০ পৰা ৬০০ বাৰ পর্য্যন্ত পাখি মাৰে।

সিহঁতৰ বোলে এই পৃথিৱীত গোটেইমিলি ৩৫০০ ৰো অধিক প্রজাতি আছে। মহে আকৌ ভ্রমন কৰিবলৈ একেবাৰে ভাল নাপায়, সেয়ে সিহঁতে জন্মস্থান আৰু বাসস্থানৰ পৰা ৩০০ ফুটৰ পৰা ১ কি.মি.ৰ ভিতৰতে উৰি ফুৰে।

লেখক: দিগন্ত যাদৱ শৰ্মা