মুখৰ ভিতৰত হোৱা কেন্সাৰক ‘মুখ গহ্বৰ কেন্সাৰ’ বুলি কোৱা হয়। সমগ্ৰ বিশ্বত মুখগহ্বৰৰ কেন্সাৰ হোৱা ৰোগীৰ ভিতৰত ৭৫ শতাংশ ৰোগীয়েই ভাৰতৰ। পুৰুষৰ মাজত হোৱা কেন্সাৰ ৰোগবোৰৰ ভিতৰত মুখগহ্বৰ কেন্সাৰ হৈছে অন্যতম। ভাৰতত ২০১০ চনত অকল মুখগহ্বৰৰ কেন্সাৰ ৰোগত প্ৰায় ৫,৫৫,০০০ লোক মৃত্যু ঘটিছে। এই ৰোগবিধৰ বিষয়ে সকলোৱে ভালকৈ জানি লোৱা উচিত। মুখগহ্বৰৰ কেন্সাৰ হোৱাৰ কাৰণ - ধূমপান: চিগাৰেট, চিগাৰ বা হোকা খোৱা লোকসকলৰ মুখগহ্বৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ছগুণ বেছি। গুটখা, ধপাত আদি সেৱন: গুটখা, ধপাত আদি সেৱন কৰা লোকসকলৰ- দাঁতৰ আলু, ওঁঠৰ তলছোৱা আৰু গালৰ ভিতৰভাগত কেন্সাৰ হোৱাৰ সম্ভাৱনা ৫০ গুণ বেছি হয়। অত্যধিক সুৰাপান কৰিলে - মদ্যপান নকৰা লোকৰ তুলনাত মদ্যপান কৰা লোকৰ মুখগহ্বৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা ছগুণ বেছি। এইচ.পি.ভি. ভাইৰাছ: এইচ.পি.ভি.(Human Papilloma Virus)ৰ বাবে ডিঙিৰ কেন্সাৰ হোৱাৰ প্ৰমাণ পোৱা গৈছে। এই ভাইৰাছবিধ অৰেল ছেক্সৰ যোগেদি সংক্ৰমিত হয়। এই ভাইৰাছবিধৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা পোৱা নাযায়। মুখগহ্বৰৰ কেন্সাৰৰ লক্ষণ - জিভা, দাঁতৰ আলু, ওঁঠৰ তলভাগ আদিত ঘা হয়। মুখৰ ভিতৰত বগা, ৰঙা দাগ পৰে। কোনো কাৰণ নোহোৱাকৈ মুখৰ ভিতৰৰ পৰা ৰক্তক্ষৰণ হয়। খোৱা বস্তু চোবাবলৈ, গিলিবলৈ, কথা ক’বলৈ কষ্ট অনুভৱ হয়। জিভাখন লৰচৰ কৰিব নোৱাৰা হয়। কাণ দুখনত একেৰাহে বিষ হৈ থাকে। ডিঙিৰ ভিতৰত টেমুনা বান্ধে। মুখৰ কেন্সাৰ কিদৰে ধৰা পেলাব - বায়োপসি(Biopsy): উপৰিউক্ত লক্ষণবোৰে দেখা দিলে কেন্সাৰ হৈছে নে নাই, সেই কথা জানিবলৈ লোকজনৰ বায়োপসি কৰোৱা হয়। ঘা টুকুৰাৰ পৰা অকণমান অংশ এটা কাটি নি পৰীক্ষা কৰা হয় আৰু এনে পৰীক্ষাকে বায়োপসি কৰোৱা হয়। বায়োপসি কৰালে কেন্সাৰ দ্ৰুতগতিত বাঢ়ি যায় বুলি মানুহৰ মাজত এটি ভুল ধাৰণা আছে। বায়োপসি কৰালে কেন্সাৰ কোষৰ দ্ৰুত বৃদ্ধি নহয়। PET স্কেন: মুখগহ্বৰৰ কেন্সাৰ কিমান পৰ্যায় পাইছেগৈ, সেই কথা জানিবলৈ ৰোগীক PET স্কেন কৰোৱা হয়। PET স্কেন কৰালে টিউমাৰ সহজে ধৰা পেলাব পাৰি। এম.আৰ.আই.: এম.আৰ.আই. কৰালে ঘা টুকুৰাৰ স্পষ্ট ছবি এখন পোৱা যায়। বৰ্তমান 3TESLA MRI মেচিন ওলাইছে। পূৰ্বতকৈ এইটো যন্ত্ৰ অধিক শক্তিশালী আৰু ইয়াৰ দ্বাৰা কেন্সাৰ ৰোগ যিকোনো স্তৰতে স্পষ্টকৈ ধৰা পেলাব পাৰি। চি.টি.স্কেন: টিউমাৰৰ আকাৰ-আকৃতি আৰু অৱস্থান জানিবলৈ চি.টি. স্কেন কৰা হয়। লগতে কেন্সাৰ কোষ কিমানলৈ বাঢ়িছে, সেই কথাও চি.টি.স্কেনৰ দ্বাৰাই জানিব পাৰি। মুখগহ্বৰৰ কেন্সাৰৰ চিকিৎসা - মুখগহ্বৰৰ কেন্সাৰ হ’লে অস্ত্ৰোপচাৰৰ সহায়ত কেন্সাৰ কোষবোৰ আঁতৰাই পেলোৱা হয়। কেন্সাৰ কোষবোৰ ধ্বংস কৰিবলৈ কেমোথেৰাপি বা ৰেডিঅ’থেৰাপিও দিয়া হয়। অস্ত্ৰোপচাৰ: মুখগহ্বৰ বা ডিঙিৰ টিউমাৰ আঁতৰাবলৈ সাধাৰণতে অস্ত্ৰোপচাৰ কৰা হয়। কেতিয়াবা ডিঙিৰ পৰা ‘লিমফন’ডছ’(Lymphnodes) আঁতৰাই দিয়া হয়। একেদৰে মুখ আৰু ডিঙিৰ আন কেন্সাৰ আঁতৰাই পেলোৱা হয়। কাৰ্বন-ডাই-অক্সাইড লেজাৰ ৰিয়েকচন: মুখগহ্বৰৰ কেন্সাৰ প্ৰাথমিক পৰ্যায়ত থাকিলে কাৰ্বন-ডাই-অক্সাইড লেজাৰ ৰিয়েকচন প্ৰয়োগ কৰা হয়। ‘State-of-the art da Vinci’ এই চিকিৎসাত ৰোগীজনে বেছিকৈ যন্ত্ৰণা অনুভৱ নকৰে আৰু শীঘ্ৰে আৰোগ্য লাভ কৰে। এই চিকিৎসা পদ্ধতি আগশাৰীৰ চিকিৎসালয়বোৰত পোৱা যায়। ৰবটিক চাৰ্জাৰী: মুখ বা ডিঙিৰ সাধাৰণ টিউমাৰ চিকিৎসাৰ বাবে ‘ট্ৰেন্স অৰেল ৰবটিক ছাৰ্জাৰী’ কৰোৱা হয়। কৌশল এই অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা হয়। ফ্ৰী-ফ্লেপচৰ ব্যৱহাৰ: যদি কেন্সাৰ ৰোগটো জটিল স্তৰ পাইছেগৈ, তেতিয়াহ’লে অস্ত্ৰোপচাৰৰ পিছত মুখৰ বেছিভাগ অংশই পুনৰ নিৰ্মাণ কৰিব লগা হয়। আজিকালি ‘মাইক্ৰ’ভাছকুলাৰ ফ্ৰী ফ্লেপছ’ ব্যৱহাৰ কৰি জিভা দাঁতৰ আলু, গাল আদিৰ পুনৰ গঠন কৰা হয়। ৰেডিয়েচন থেৰাপি(ৰেডিঅ’থেৰাপি): ৰেডিয়েচন থেৰাপি হৈছে লোকেল থেৰাপি। এই পদ্ধতিৰ দ্বাৰা কেৱল কেন্সাৰ আক্ৰান্ত কোষবোৰক ধ্বংস কৰা হয়। অস্ত্ৰোপচাৰ কৰিব নোৱাৰা ৰোগীক বা টিউমাৰৰ আকাৰ সৰু হ’লে ৰেডিয়েচন থেৰাপি দিয়া হয়। অস্ত্ৰোপচাৰ কৰাৰ আগতে কেন্সাৰ কোষবোৰ ধ্বংস কৰিবলৈ আৰু টিউমাৰৰ আকাৰ হ্ৰাস কৰিবলৈ আৰু টিউমাৰৰ আকাৰ হ্ৰাস কৰিবলৈ এই থেৰাপি দিয়া হয়। ইয়াৰ উপৰি অস্ত্ৰোপচাৰ কৰাৰ পিছতো থাকি যোৱা কেন্সাৰ কোষবোৰক ধ্বংস কৰিবলৈ ৰেডিয়েচন থেৰাপি দিয়া হয়। চাইবাৰ নাইফ ৰ’বটিচ ৰেডিঅ’ ছাৰ্জাৰী ছিষ্টেম - কেন্সাৰৰ চিকিৎসাৰ বাবে ‘চাইবাৰ নাইফ ৰ’বটিচ ৰেডিঅ’ ছাৰ্জাৰী ছিষ্টেম’ নামৰ অত্যাধুনিক চিকিৎসা পদ্ধতি আজিকালি জনপ্ৰিয় হৈছে। দেহৰ যিকোনো অংশত থকা টিউমাৰ ইয়াৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। এই চিকিৎসা পদ্ধতি আজিকালি জনপ্ৰিয় হৈছে। দেহৰ যিকোনো অংশত থকা টিউমাৰ ইয়াৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। এই চিকিৎসা পদ্ধতি কেন্সাৰ চিকিৎসাৰ বাবে অতি কাৰ্যকৰী। কেমোথেৰাপি: কেমোথেৰাপিত কেন্সাৰ কোষবোৰ ধ্বংস কৰিবলৈ এন্টি কেন্সাৰ ঔষধ দিয়া হয়। ইয়াক ‘ছিষ্টেমিক থেৰাপি’ বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে এই ঔষধবোৰ তেজৰ সোঁতৰ লগত মিহলি হৈ গৈ শৰীৰৰ বিভিন্ন অংশত থকা কেন্সাৰ কোষবোৰক ধ্বংস কৰে। উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন