আপুনি কেতবোৰ এনেকুৱা ৰোগী দেখিছেনে যাৰ পেটটো ফুলি গৈছে,হাত ভৰি ক্ষীনাই গৈছে, মুখৰ হনু ওলাই গৈছে, কপালৰ দুয়ো ফালে যাক গাঁৱলীয়া ভাষাত কুম সোমাই যোৱা বুলি কয়?

এনেধৰণৰ ৰোগী সাধাৰণতে যকৃত বিকল অৰ্থাৎ cirrhosis of liver নামেৰে জনা যায়। অসমত এই ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে।

সেয়েহে এই লিখনীটোৰ জৰিয়তে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিম।কিয়নো ৰোগৰ ক্ৰমবৰ্ধমান অতি ভয়াবহ তথা চিকিৎসা অসাধ্য।

মানৱ শৰীৰৰ আটাইতকৈ মূল্যবান অংগ তথা গ্ৰন্থিটোৱেই হ'ল যকৃত বা লিভাৰ। যকৃতে খাদ্য হজম কৰাৰ পৰা আদি কৰি খাদ্যসমূহৰ পৰিপাক প্রক্রিয়াত মুখ্য ভূমিকা লয়।

সেয়েহে আমি খোৱা খাদ্য সমূহ পৰিপাক হৈ সূক্ষ্ম কনালৈ ৰূপান্তৰিত হৈ কোষ সমূহক সন্তুলিত আৰু সবল কৰি ৰখাত যকৃতেই মুখ্য ভূমিকা পালন কৰে। ইয়াৰোপৰি-

*ৰক্ত গোট মৰা,

*প্ৰয়োজনত ৰক্ত উৎপাদন কৰা,

*বীজাণুৰ পৰা শৰীৰটোক বচাই ৰখা,

*শৰীৰৰ ভিতৰত জমা হোৱা বিষাক্ত তত্ত্ব সমূহ ধ্বংস কৰাত লিভাৰ তথা যকৃতে মুখ্য ভূমিকা পালন কৰে।

মূলতঃ কব পাৰি শৰীৰৰ সুস্থতা ৰক্ষাত যকৃতৰ ভূমিকা অপাৰ। যেতিয়া কোনো কাৰণত যকৃতৰ বিকৃতি হৈ কোষ বোৰ নষ্ট হয় তেনে অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত চিৰোছিছ অফ লিভাৰ বুলি কোৱা হয়।

ছিৰোচিছৰ কাৰণ -

১)অত্যাধিক মদ্যপান কৰা ।

২)যকৃতৰ সংক্ৰমণ যেনে হেঁপাতাইতিজ বি আৰু চি ৰোগত ভোগা ৰোগীয়ে ভাইৰাছ বীজাণু নাশক ঔষধ সেৱন নকৰিলে পৰবৰ্তী সময়ত এই ৰোগত ভুগিব পাৰে।

৩)অত্যাধিক বিষ নাশক ঔষধ সেৱন তথা যকৃতৰ অনিষ্ট সাধন কৰা ঔষধ সেৱন কৰা।

৪)অন্য কেতবোৰ মাদক দ্ৰব্য যেনে বহুদিনলৈ

*ভাং সেৱন কৰা,

*পান মছলা জাতীয় দ্ৰব্য সেৱন কৰা,

*চাধা সেৱন,

*ড্ৰাগছ সেৱন কৰা।

৫)অত্যাধিক শকত ৰোগী, ডায়েবেটিজ ৰোগী, ফেটি লিভাৰৰ বেমাৰত ভোগা ৰোগী, আলফা ১ এন্টি ট্ৰিপচিন নামৰ এবিধ তত্ত্বৰ অভাৱ হোৱা আদি কাৰণটো যকৃতৰ চিৰোচিছ হব পাৰে।

৬)যকৃতৰ পৰা নিৰ্গত পিত্তৰস যাক বাইল বুলি কোৱা হয় এই বাইল যদি পিত্তনলীৰ ভিতৰত গোট মাৰি থাকে তাৰ কাৰণেও এই ৰোগ হব পাৰে।যাক বিলিয়াৰী চিৰোচিছ বুলি কোৱা হয়।

৭)শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গলে বা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিসংগতি যাক অটো ইমিউন ডিজিজ বুলি কোৱা হয় তেনে কাৰণটো লিভাৰৰ চিৰোচিছ হব পাৰে।

চিৰোচিছৰ লক্ষণ -

চিৰোছিছ ৰোগৰ প্ৰাদুৰ্ভাৱক মূলতঃ চাৰিটা পৰ্য্যায়ত ভাগ কৰিব পাৰি-

*প্ৰথম পৰ্য্যায়:

প্ৰথমাৱস্থাত যকৃতৰ কোষবোৰ ফুলি উঠে। এই অৱস্থাত যকৃতৰ বৃদ্ধি হব পাৰে। ৰোগীয়ে আভোক অনুভৱ কৰিব, বমি বমি অনুভৱ কৰিব পেটৰ সোঁফালে সামান্য বিষ তথা কেতবোৰ ৰোগীৰ জণ্ডিচ হোৱাও দেখা যায়। বেছিভাগ ৰোগীৰ কোনো লক্ষণ প্ৰাদুৰ্ভাৱ নহয়।এনে অৱস্থাক আয়ুৰ্বেদীকত যকৃত হলুদৰ বুলি কয়।

*দ্বিতীয় অৱস্থা:

এই অৱস্থাত যকৃতৰ কোষবোৰৰ কিছু অংশ নষ্ট হবলৈ ধৰে আৰু লিভাৰত দাগ পৰিব ধৰে।উপযুক্ত চিকিৎসাৰ ফলত এই দাগবোৰ মষিমূৰ কৰিব পাৰি।

ৰোগীয়ে দূৰ্বল অনুভৱ কৰিব লগতে ওপৰোক্ত লক্ষণ সমূহ দেখা দিব পাৰে।কেতিয়াবা একো গম নোপোৱাকৈয়েই যকৃতৰ ভিতৰত এই বিকৃতি হৈ থাকিব পাৰে।

*তৃতীয় অৱস্থা:

এই অৱস্থাত যকৃতৰ কোষৰ সম্পূৰ্ণ বিকৃতি হৈ কোষবোৰ অকৰ্মন্য হবলৈ ধৰে। বিকৃতি বিজ্ঞানৰ ভাষাত এই অৱস্থাটোকেই চিৰোচিছ অফ লিভাৰ বুলি কয়। বহু ৰোগীৰ এনে অৱস্থাটোত-

*শাৰীৰিক দুৰ্বলতা,

*বদহজম,

*কোষ্ঠ কাঠিন্য,

*সামান্য ধৰণে পেটত পানী জমা হোৱা,

*ৰক্তহীনতা, আভোক আদি লক্ষণ দেখা দিব ধৰে।

ৰোগীৰ যকৃত শুকাই যাবলৈ আৰম্ভ কৰে। এই অৱস্থাক আয়ুৰ্বেদত পিচ্ছা উৎপত্তি বুলি কয়।

*চতুৰ্থ অৱস্থা:এই অৱস্থাটোক হেপাটিক ফেইলৰ বা যকৃত বিকল অৱস্থা বুলি কোৱা হয়।তৃতীয় অৱস্থাৰ পৰা চতুৰ্থ অৱস্থালৈ আহিবলৈ বহুদিন সময় লাগে।

অৰ্থাৎ তৃতীয় অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ললে যকৃত বিকল হোৱাৰ পৰা কিছু দিন বা বছৰলৈ বাছি থাকিব পাৰি।

এই অৱস্থাত ৰোগীৰ পেটত পানী জমা হবলৈ ধৰে আৰু ক্ৰমান্নয়ে গোটেই শৰীৰ ফুলি শৰীৰৰ ওজন বৃদ্ধি হবলৈ ধৰে।এই অৱস্থাক আয়ুৰ্বেদত জলোদৰ বুলি কয়।

পেটৰ ভিতৰৰ ৰক্ত নলিকা ফাটি গৈ ৰক্ত বমি হব পাৰে। ৰোগীৰ জণ্ডিচ হৈ গোটেই শৰীৰ খজুৱাব পাৰে। আৰু কেতিয়াবা জণ্ডিচ বাঢ়ি গৈ ৰোগীজনৰ কিডনী ও বিকল হৈ ৰোগীৰ মৃত্যও হোৱা দেখা যায়।

এই ৰোগৰ পৰা বাছি থকাৰ উপায়-

ওপৰত উল্লেখ কৰা কাৰণ সমূহৰ পৰা আঁতৰি থাকি আমি আমাৰ যকৃতক সুস্থ কৰি ৰাখিব পাৰো। লগতে চিকিৎসকৰ হতুৱাই চিকিৎসা কৰিও এই ৰোগৰ ক্ৰমবৰ্ধমানক নিয়ন্ত্ৰণ কৰিব পাৰি।

কেনবোৰ খাদ্য আপুনি নাখাব?

১)অত্যাধিক মছলা যুক্ত খাদ্য নাখাব।

২)ফাষ্ট ফুড, পুৰি, পৰঠা, আদি নাখাব।

৩)চৰ্বী জাতীয় তথা অত্যাধিক প্ৰতিনযুক্ত খাদ্য নাখাব।

৪)ছাগলী মাংস, ব্ৰইলাৰ মুৰ্গীৰ মাংস, গৰু মাংস নাখাব।

৫)নিমখ কমাই খাব।

এই ৰোগৰ আয়ুৰ্বেদিক চিকিৎসা তথা পথ্য।

১)আয়ুৰ্বেদৰ মতে উত্তম খাদ্য হ'ল গাখীৰ। নিতৌ দুই তিনি লিটাৰ গাখীৰ খাব লাগে।প্ৰয়োজনত ভোকত বা পিয়াঁহটো গাখীৰহে খাব লাহে।

সকলো খাদ্য বৰ্জন কৰি কিছু দিনলৈ চিকিৎসকৰ তত্বাৱধানত কৰা এনে চিকিৎসা পদ্ধতিক কল্প আহাৰ চিকিৎসা বুলি কোৱা হয়।

২)শিলিখা এই ৰোগৰ মহৌষধ। শুদ্ধ গোমূত্ৰৰ লগত প্ৰস্তুত কৰা এবিধ ঔষধ যাক গোমূত্ৰহৰিতকী বুলি কোৱা হয় এই ৰোগত ই বৰ উপকাৰী।

৩)কচু জাতীয় খাদ্য খাব লাগে। কচুৰ কাণ্ড এই ৰোগত বৰ উপকাৰী।

৪)শৰীৰ সন্তুলন কৰি ৰাখিবলৈ

*কল,

*আঙুৰ,

*নেমু,

*ডালিম প্ৰভৃতি ফল খাব পাৰে।

৫)আহযুক্ত খাদ্য যেনে যিকোনো

*শাক পাচলী,

*আলু,

*জিকা,

*পটল,

*কোমোৰা, আদি উপকাৰী।

৬)যকৃতৰ সুস্থতাৰ বাবে

*পূৰ্ণনৱা,

*ভৃংগৰাজ,

*কালমেঘ,

*চিৰায়তা,

*জাষ্টিমধু,

প্ৰভৃতি অনেক বনৌষধি ব্যৱহাৰ কৰিব পাৰি।

যিহেতু ৰোগবিধ অতি জটিল সেয়েহে এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ নিশ্চয় লব। ইয়াৰোপৰি-

*কুমাৰীয়াসব,

*ৰোহিতাকৰিষ্ট,

*ডালিম অবলেহ,

*আৰোগ্য বর্ধিনী বতী,

*যকৃতৰাৰী লৌহ,

*জল উদৰাৰী ৰস প্ৰভৃতি অনেক ঔষধি উপলব্ধ এনে ৰোগৰ চিকিৎসাৰ বাবে।

তদুপৰি আয়ুৰ্বেদিক চিকিৎসালয়ত ভৰ্তি কৰি বৰ্ধমান ৰসায়ন চিকিৎসা,পঞ্চকৰ্ম চিকিৎসা আদি বিভিন্ন পদ্ধতি অৱলম্বন কৰি এনে ৰোগৰ চিকিৎসা কৰা হয়।

মনত ৰাখিব যে অন্তিম পৰ্য্যায়ত যকৃত পুনঃ সংৰোপন (liver transplant)ৰ বাহিৰে কোনো ধৰণৰ চিকিৎসাই ৰোগীক আৰোগ্য কৰিব নোৱাৰে। সেয়েহে যিমান পাৰি সোনকালে চিকিৎসা কৰিলে ৰোগী আৰোগ্য লাভ কৰে।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং-8638211711