লিভাৰ বা যকৃৎ হ’ল শৰীৰৰ সকলোতকৈ বৃহৎ অংগ। শৰীৰৰ ই হ’ল এটা কাৰখানাৰ দৰে। এই লিভাৰে মানুহৰ শৰীৰৰ বাবে প্ৰায় সকলো ধৰণৰ প্ৰয়োজনীয় ৰাসায়নিক উপাদানৰ যোগান ধৰে। ই আমাৰ শৰীৰৰ তলপেটৰ গহ্বৰৰ(Abdominal Cavity) সোঁফালে থাকে। এজন পূৰ্ণ বয়ষ্ক লোকৰ যকৃতৰ ওজন প্ৰায় ১.৫ কিলোগ্ৰাম। ই তেজৰ আৱশ্যকীয় প্ৰোটিন তৈয়াৰ কৰে। যকৃৎ বা লিভাৰৰ প্ৰধান অসুখ হ’ল লিভাৰ চিৰোচিছ, লিভাৰ এবচেছ আৰু লিভাৰ কেন্সাৰ। যকৃৎ কোষ ক্ৰমাগত ক্ষতিগ্ৰস্ত হ’লে লিভাৰ চিৰোচিছ হয়। এই ৰোগত শৰীৰৰ প্ৰতি অংশই আক্ৰান্ত হয়। এই ৰোগত লিভাৰৰ ভিতৰৰ ফাইব্ৰোচিছ দেখা দিলে সৰু সৰু ফুটাৰ সৃষ্টি হয়, ফলত লিভাৰে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে আৰু লিভাৰৰ সিৰা-উপসিৰাবোৰৰ ৰক্তচাপ বাঢ়ি যায়। ইয়াৰ ফলত লিভাৰৰ নানা ধৰণৰ সমস্যাই জটিলতাৰ সৃষ্টি কৰে। লিভাৰ চিৰোচিছ হোৱাৰ কাৰণ - এই ৰোগ হোৱাৰ প্ৰধান কাৰণ হ’ল অত্যধিক মদ্যপান বা বিষাক্ত ৰাসায়নিকৰ সংস্পৰ্শ। যিবোৰে মানুহে- জধেমধে মদ্যপান কৰে, খোৱা-বোৱাত অনিয়ম কৰে, মাছ-মাংস বেছিকৈ খায় অথচ আঁহযুক্ত আহাৰ কমকৈ খায়, অসংযত জীৱনধাৰা আৰু অধিক ভোজন আদিৰ ফলত এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ভাইৰেল হেপাটাইটিছ বিশেষকৈ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাচজনিত হেপাটাইটিছো এই ৰোগত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ। লিভাৰ চিৰোচিছ কেবাধৰণৰ হ’ব পাৰেগ। পিত্তনলীৰ গণ্ডগোলৰ কাৰণে সৃষ্টি হোৱা ৰোগ, যেনে- প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী ‘হেমোক্ৰমেটোচিছ’(লিভাৰ বা যকৃতত অত্যধিক লৌহ দ্ৰব্য বা আয়ৰণ জমা হোৱাৰ ফলত), ‘উইলচন ডিজিজ’ আৰু কাৰ্ডিয়াক চিৰোচিছ(হৃদপিণ্ডৰ) নিষ্ক্ৰিয়তাৰ ফলত তেজ জমা হৈ বাধাপ্ৰাপ্ত হোৱাৰ ফলত। যকৃত বা লিভাৰৰ অসুখৰ উপসৰ্গবোৰ - প্ৰাথমিক অৱস্থাত সাধাৰণতে এই ৰোগত কোনো উপসৰ্গ দেখা নাযায়। নিয়মিত পৰীক্ষা-নিৰীক্ষা বা অন্য কোনো কাৰণত তেজ পৰীক্ষা কৰিলে ৰোগ ধৰে পৰে। এই ৰোগৰ কেইটামান উপসৰ্গ হ’ল- শৰীৰত খুব বেছি ঘাম ওলোৱা, শাৰীৰিক দুৰ্বলতা আৰু ওজন হ্ৰাস হোৱা। এই উপসৰ্গবোৰ দেখা দিয়াৰ পিছৰে পৰা লাহে লাহে- জণ্ডিচ হোৱা আৰম্ভ হয়, পেট ফুলা, হাত-ভৰি ফুলা, তীব্ৰ জ্বৰ উঠা, কেতিয়াবা বমি বমি ভাব হোৱা ইত্যাদিৰ। পৰীক্ষা কৰিলে দেখা যায় যে যকৃত আৰু প্লীহাৰ(Spleen) আকাৰ স্বাভাৱকিতে বৃদ্ধি পায়। এক কথাত ক’বলৈ গ’লে চিৰোচিছ হ’ল এনে এক অৱস্থা, যাৰ ফলত অসুখটোৱে জটিল ৰূপ ধাৰণ কৰে। সেয়ে ইয়াক অৱহেলা কৰা উচিত নহয়। এই ৰোগটোত প্ৰকৃততে লিভাৰৰ সিৰা-উপসিৰাবোৰত প্ৰোটিনৰ পৰিমাণ কমি গ’লে আৰু উচ্চ ৰক্তচাপ বৃদ্ধি হ’লে জটিল অৱস্থাৰ সৃষ্টি হয়। সাধাৰণতে চিৰোচিছৰ উপসৰ্গবোৰ পৰ্যবেক্ষণ কৰি ৰোগ নিৰ্ণয় কৰা হয়। অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই ৰোগৰ চিকিৎসা কৰোৱা উচিত। বৰ্তমান আধুনিক ধৰণে পৰীক্ষাৰ মাধ্যমেৰে ৰোগ নিৰ্ণয় কৰিব পৰা ব্যৱস্থা হৈছে। পৰীক্ষাবোৰ হ’ল- লিভাৰ ফাংচন(LFT), লিভাৰ বায়োপসি(L Biopsy) এণ্ডোস্ক’পি(Endoscopy), চেলেঞ্জীগ্ৰাফী(Challengingraphy, পিত্তনলীৰ এক্স-ৰে’)। লিভাৰ এবচেছ বা লিভাৰৰ ঘা - লিভাৰত কোনো ধৰণৰ সংক্ৰমণ হ’লে পূঁজ জমা হয়, তাকে লিভাৰৰ ঘা বা লিভাৰ এবচেছ(Abscess) বোলা হয়। লিভাৰত হোৱা ঘা বা এবচেছ দুই প্ৰকাৰে হয়। এমেবিক লিভাৰ এবচেছ আৰু পায়োজেনিক লিভা এবচেছ। এমেবিক লিভাৰ এবচেছ: এমিবা নামৰ এককোষী পৰজীৱীৰ দ্বাৰা লিভাৰ আক্ৰান্ত হ’লে এই ৰোগ উৎপত্তি হয়। এইক্ষেত্ৰত এমিবাৰ দ্বাৰা লিভাৰৰ কোষবোৰ সংক্ৰমিত হয় আৰু পূঁজ সৃষ্টি কৰে। পায়োজেনিক লিভাৰ এবচেছ - প্ৰধানতঃ ই-কলাই(E-Colai) নামৰ জীৱাণুৰ সংক্ৰমণৰ দ্বাৰা এনে ধৰণৰ লিভাৰ এবচেছ হৈ থাকে। এই বেমাৰত পেটৰ ওপৰতফালে বিষ হয়, তীব্ৰ জ্বৰ হয়, মানসিক চাপ বাঢ়ে আৰু কেতিয়াবা জণ্ডিচ হ’ব পাৰে। এই ৰোগ নিৰ্ণয় কৰিবলৈ অভিজ্ঞ চিকিৎসকৰ প্ৰয়োজন হয়। ক্ষেত্ৰ বিশেষে কিছু পৰীক্ষা-নিৰীক্ষাৰো প্ৰয়োজন হয়। সেইবোৰৰ ভিতৰত- ৰক্তপৰীক্ষা, আল্ট্ৰাচাউণ্ড, স্কেনিং, চি.টি. স্কেনিং আদি। যদি দেখা যায় ৰোগটো এমিবাজনিত কাৰণত হৈছে, তেনেক্ষেত্ৰত এলোপেথিক চিকিৎসা মতে মেট্ৰোনিডাজল জাতীয় ঔষধ দিয়া হয়। যদি পায়োজেনিক কাৰণত লিভাৰ এবচেছ হয়, তেতিয়া ৰোগীক এন্টিবায়োটিক ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে দিব লাগে। ৰোগীক কিছুদিন ধৰি তেল, মছলা, মাংস জাতীয় খাদ্য পৰিত্যাগ কৰিবলৈ পৰামৰ্শ দিব লাগে। লিভাৰ কেন্সাৰ: লিভাৰ কেন্সাৰ হ’ল লিভাৰৰ এক ধৰণৰ মাৰাত্মক টিউমাৰ। এই টিউমাৰ দুই প্ৰকাৰৰ। প্ৰথমটো প্ৰাইমাৰী, যাৰ উৎপত্তি লিভাৰত হয়, দ্বিতীয়টো ছেকেণ্ডাৰী- এইবিধ শৰীৰৰ কোনো অংশত উৎপত্তি হয় আৰু আৰু তাৰ পিছত লিভাৰত প্ৰৱেশ কৰে। দ্বিতীয় প্ৰকাৰ টিউমাৰক ‘মেটাষ্টেটিক’ বোলা হয়। লিভাৰ কেন্সাৰ হোৱা অধিকাংশ ৰোগী ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। অধিকাংশ ক্ষেত্ৰত লিভাৰ কেন্সাৰ মূলতঃ লিভাৰ চিৰোচিছৰ কাৰণেই হয়। কিন্তু ৰোগটো যদি হেপাটাইটিছ ‘বি’ জনিত চিৰোচিছৰ কাৰণে হয়, তেতিয়া ই মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে। লিভাৰ কেন্সাৰৰ সাধাৰণ লক্ষণবোৰ হ’ল - ৰোগীৰ ওজন কমে। আলস্যৰ ভাব বাঢ়িব ধৰে। পেটত বিষ হয়। জণ্ডিচত ভুগিব পাৰে। দুৰ্বলতা বাঢ়ে। নিৰাময় ব্যৱস্থা: কেন্সাৰ প্ৰতিৰোধক ঔষধৰ ব্যৱহাৰ। কেমোথেৰাপি প্ৰয়োগ। অতি সোনকালে কেন্সাৰ ৰোগ বিশেষজ্ঞৰ দ্বাৰা চিকিৎসা কৰাব লাগে। ভাইৰেল হেপাটাইটিছ - লিভাৰত ভাইৰাছজনিত অসুখৰ নাম ভাইৰেল হেপাটাইটিছ। একাধিক ভাইৰাছৰ আক্ৰমণৰ ফলত এই বেমাৰ হয়। ভাইৰাছ আক্ৰমণৰ ফলত লিভাৰৰ কাৰ্যকাৰিতাত বিঘিনি ঘটিলেই জণ্ডিচ(Jaundice) হয়। হালধীয়া প্ৰস্ৰাৱ হোৱা, চকু হালধীয়া হোৱা, ক্ৰমাৎ গোটেই শৰীৰৰ হালধীয়া হোৱা, অতিশয় দুৰ্বল হোৱা, বমি হোৱা ইত্যাদি এই ৰোগৰ প্ৰাথমিক লক্ষণ। ভাইৰেল হেপাটাইটিছ ‘এ’, ‘বি’, ‘চি’, ‘ডি’, ‘ই’ আৰু ‘জি’- এই ছয় ভাগত ভাগ কৰা হয়। হেপাটাইটিছ ‘এ’: এই জাতীয় ভাইৰাছ অত্যন্ত সংক্ৰমক। এই ৰোগৰ বহিঃ প্ৰকাশ হ’ল ৰোগীৰ জণ্ডিচ হোৱা। জণ্ডিচ হোৱাৰ দুই-তিনি সপ্তাহৰ পূৰ্বে ৰোগী প্ৰস্ৰাৱজনিত অসুখত ভুগিব ধৰে। এই ৰোগ পানীৰ মাধ্যমেৰে সংক্ৰমিত হয়। ঘন বসতিপূৰ্ণ অপৰিষ্কাৰ অঞ্চলত বাস কৰা, ৰোগ উৎপত্তি। এই ৰোগত ভোগা ৰোগীয়ে এক স্বাস্থ্যবৰ পৰিৱেশত জীৱন অতিবাহিত কৰা উচিত। খাদ্য তালিকাত এনে ৰোগীক- সিদ্ধভাত, মছলাবিহীন আঞ্জা, তেল-মছলাবিহীন সহজপাচ্য খাদ্য খোৱা উচিত। কেঁচা অমিতা, পটল, কুন্দুলি, জিকা, সৰু সৰু সতেজ মাছৰ তৰকাৰী সেৱন কৰাব লাগে। ফলৰ ভিতৰত- পকা অমিতা, আপেল, নাচপতি খাব লাগে। ৰোগীক ইন্ট্ৰাভেনাচ গ্লুক’জ ইনজেকচন দিব পাৰি। তেজ পৰীক্ষা কৰি প্ৰয়োজন অনুসৰি পটাচিয়াম, ভিটা ‘কে’ ইত্যাদি চেলাইনত ব্যৱহাৰ কৰা উচিত। অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা কৰোৱা অত্যন্ত জৰুৰী। হেপাটাইটিছ ‘বি’- এই ৰোগ মুখৰ নিঃসৃত ৰস, সহবাস, একেটা চিৰিঞ্জ ব্যৱহাৰ কৰি বেজি লোৱা, দাঁত উভলাৰ পৰা এই ৰোগ বিয়পে। সাধাৰণতে শল্য চিকিৎসক, লেবৰেটৰীৰ কৰ্মচাৰীৰো এই ৰোগ হ’ব পাৰে। এই ৰোগত আক্ৰান্ত লোকে পৰিমিত পুষ্টিকৰ খাদ্য গ্ৰহণ, নিয়মিত, বিশ্ৰাম লোৱা উচিত। হেপাটাইটিছ ‘চি’: Intravenus Drug ব্যৱহাৰ কৰিলে কোনো ৰোগীয়ে ব্যৱহাৰ কৰা চিৰিঞ্জ আনে ব্যৱহাৰ কৰিলে, লেবৰেটৰীৰ টেকনিচিয়ান, এইডছৰ ৰোগী আৰু কিডনি ট্ৰান্সপ্লান্ট কৰা ব্যক্তিৰ মাজত এই ৰোগ হোৱা দেখা যায়। হেপাটাইটিছ ‘বি’ৰ দৰে এই বেমাৰত ভোগা ৰোগীৰ উপযুক্ত চিকিৎসাৰ প্ৰয়োজন। বৰ্তমান হেপাটাইটিছ ‘বি’, ‘চি’ৰ প্ৰতিৰোধক ভেকচিন ওলাইছে। হেপাইটিছ ‘ডি’: হেপাইটিছ ‘ডি’ত ভোগা ৰোগী গোটেই বিশ্বতে আছে যদিও বিশেষভাৱে উত্তৰ আফ্ৰিকা, দক্ষিণ ইউৰোপ আৰু মধ্য প্ৰাচ্যৰ দেশবোৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। তেজৰ আদান-প্ৰদান, ব্যক্তিগত সংস্পৰ্শ, শৰীৰ স্পৰ্শ কৰি কৰমৰ্দন কৰা আৰু অন্যান্য কাৰণবশতঃ এই ৰোগ সংক্ৰমিত হয়। হেপাটাইটিছ ‘ই’: হেপাটাইটিছ ‘ই’ সাধাৰণতে ভাৰত, এচিয়াৰ দেশবোৰত, মধ্য আমেৰিকা, আফ্ৰিকা আদি দেশত বেছি মানুহ আক্ৰান্ত হয়। এই অসুখৰ পৰা সাধাৰণ চিকিৎসাত আৰোগ্য লাভ কৰিব পাৰি। হেপাটাইটিছ ৰোগৰ পৰা মুক্ত হৈ থাকিবৰ বাবে কিছু আনুসংগিক ব্যৱস্থা গ্ৰহণৰ লগে লগে উপযুক্ত চিকিৎসা, খাদ্যাভ্যাস, পৰিৱেশৰ প্ৰতি বিশেষ দৃষ্টি ৰখা উচিত। এই ব্যৱস্থাবোৰ হ’ল- প্ৰখৰ ৰ’দ, গৰম পৰিৱেশত ফুৰাচকা কৰা, কাম-কাজ কৰা বা শাৰীৰিক পৰিশ্ৰম কৰাব পৰা বিৰত থকা উচিত। পানী পৰিষ্কাৰ হ’ব লাগে। পৰাপক্ষত পানী গৰম কৰি খাব লাগে। তেল-মছলা, ঘিউ, ভজা খাদ্য, বাহী খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। আলিৰ দাঁতিত থকা ধাবা, হোটেল, কটা ফল, উন্মুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। মদ্যপান কৰিব নালাগে। ইনজেচকন লওঁতে নতুন চিৰিঞ্জ, বেজি ব্যৱহাৰ কৰিব লাগে। দাড়ি, চুলি কাটোতে নতুন ব্লেড, কেচি ব্যৱহাৰ কৰিব লাগে। অনিয়ন্ত্ৰিত যৌন সম্পৰ্ক এৰাই চলিব লাগে। লিভাৰৰ অসুখত ভোগা ৰোগীয়ে অধিক সময় বিশ্ৰাম কৰিব লাগে। সুষম আহাৰ খাব লাগে। বিজ্ঞাপন চাই লিভাৰৰ ঔষধ খাব নালাগে। উপযুক্ত, অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ আৰু চিকিৎসা গ্ৰহণ কৰিব লাগে। সপ্তাহত দুদিন বা তিনিদিন উপবাসে থাকিব লাগে। সিদ্ধ খাদ্য খাব লাগে। লিভাৰ সংক্ৰান্ত অসুখত খাদ্যাভ্যাসৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰখাৰ প্ৰয়োজন। আয়ুৰ্বেদ, হোমিও, বনৌষধি ব্যৱস্থাৰ যোগেদি লিভাৰৰ সকলোধৰণৰ অসুখৰ চিকিৎসাৰ ব্যৱস্থা আছে। আয়ুৰ্বেদ চিকিৎসাৰ মতে মানুহৰ স্বাস্থ্য ত্ৰিদোষ তত্ত্বৰ ওপৰত অৰ্থাৎ বায়ু-পিত্ত-কফৰ ওপৰত নিৰ্ভৰশীল। লিভাৰৰ অসুখ পিত্তজ ৰোগ। লিভাৰ বা যকৃৎ ভালে ৰাখিবৰ বাবে প্ৰতিজন মানুহেই সচেতন হ’ব লাগে। ইয়াত বনৌষধি ব্যৱস্থাৰ যোগেদি লিভাৰৰ অসুখ নিৰাময় কৰাৰ বিধান তলত উল্লেখ কৰা হৈছে। আমি সচৰাচৰ ব্যৱহাৰ কৰিব পৰা শাক-পাচলি, ফল-মূল আদি খাদ্য নিয়মিত ব্যৱহাৰ কৰিলে এই অসুখৰ পৰা আঁতৰত থাকিব পাৰি। নিম্নোক্ত ভেষজ গুণ সম্পন্ন দ্ৰব্যবোৰ হ’ল- জামু, কেঁচা আম, বিলাহী, নহৰু, চিকৰি ফুল-ফুটি, চিৰতা, ৰহৰ দাইলৰ পাতৰ ৰস, অমিতা, কুঁহিয়াৰ, কৰ্দৈ, ডাবৰ পানী, ভূঁই কোমোৰা, লাউ, পটল, কুন্দুলি, তিয়ঁহ, মূলা, ফুলৰ শাক-পাচলি লিভাৰৰ অসুখত মহৌষধ স্বৰূপ। ৰঙা ফুলৰ শাক-পাচলি কমকৈ ব্যৱহাৰ কৰিব লাগে। ৰঙালাউ, কোমোৰা আদি পাচলি কম পৰিমাণে খাব পাৰে)। যকৃত বা লিভাৰৰ অসুখৰ ঘৰুৱা চিকিৎসা: যকৃতৰ বিষ হ’লে - নিমপাতৰ ৰস ২৫ বা ৩০ টোপাল(ড্ৰপ) অলপ মৌজোল দি খালী পেটত দিনত দুবাৰকৈ পাঁচ দিন খালে ভাল হয়। কেঁচা হালধিৰ ৰস ৫-১০ টোপালৰ সৈতে এচামুচ চেনি মিহলাই দিনটোত দুবাৰকৈ খাব। এপ্তাহ। কুলেখাৰ পাতৰ ৰস চাৰি চামুচ পানীত উতলাই ঠাণ্ডা কৰি প্ৰতিদিনে ৰাতিপুৱা খাব লাগে, সাত দিন। অসুখ ভাল হ’ব। শগুণীলতা বা অমৰলতা বা গিলয়(ইংৰাজীত Tinospora)- ইয়াৰ গা-গছৰ ৰস দুচামুচকৈ দিনে মাত্ৰ এবাৰকৈ খালীপেটত ১৫ দিন খালে লিভাৰৰ সংক্ৰমণজনিত অসুখবোৰ ভাল হয়। কেঁচা হালধিৰ ৰস আধা কাপত পাঁচ গ্ৰাম গুড় মিহলাই পুৱা খালী পেটত খাব লাগে। পাঁচ-ছয় দিন খালে লিভাৰ ভালে থাকে, ভোক বাঢ়ি যায়। কেঁচা অমিতা পানীত সিজাই অলপ নিমখ দি খাব লাগে। তাত হালধি দিব নালাগে। কিছুদিন খালে হেপাটাইটিছ ‘বি’, ‘এ’ আৰু জণ্ডিচ ৰোগত উপকাৰ হয়। দাৰু হৰিদ্ৰা চন্দন কাঠত ঘঁহি পানে মিহলাই দিনে এবাৰকৈ কিছুদিন খালে লিভাৰৰ অসুখ ভাল হয়। বামনহাটি, যমলাখুটি গছৰ আলুৰ ৰস দিনে এচামুচকৈ খালে লিভাৰৰ অসুখ ভাল হয়। দহ-বাৰ দিন খাব লাগে। কাঁইটীয়া ভেঁকুৰী(হাতীভেঁকুৰী) গছৰ শিপাৰ ৰস আধা চামুচত আধা চামুচ মৌজোল মিহলাই খালে লিভাৰৰ অসুখ ভাল হয় লগতে ৰোগীৰ ভোক বাঢ়ে। সৌৰা গছৰ শিপাৰ ৰস এচামুচ পৰিমাণে অলপ পানী মিহলাই খালী পেটত দহ দিন খালে জণ্ডিচ ৰোগ আৰোগ্য হয়। কুমলীয়া অমিতাৰ পাত ৫ খিলাৰ ৰস উলিয়াই খালী পেটত পাঁচ দিন খালে লিভাৰ সংক্ৰান্ত অসুখ কমি যায়। তেজৰ প্লেটলেট(Platlet) বাঢ়ে। মধুৰিয়ামৰ পাত দিনে ২০ খিলাৰ ৰস উলিয়াই খালে লিভাৰ অসুখৰ হোৱা হোৱা পেটৰ বিষ ভাল হয়। পাঁচ-ছয় দিন খাব লাগে। হোমিও দৰব- নক্সভমিকা, চেলিডিয়াম, লাইকোপডিয়াম, পালচেটিলা লক্ষণ অনুযায়ী খালে লিভাৰৰ অসুখ নিৰাময় হয়। লেখক: ডাঃ উপেন দত্ত(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)