মানুহৰ মেৰুদণ্ডডাল পোন নহয়। সঠিকভাৱে খোজকঢ়া, পোনকৈ থিয় হৈ থকা, মূৰটো পোনকৈ ৰখা, আগ আৰু পিছপিনে হালিবলৈ, ককালে শৰীৰৰ ওজন বহন কৰা আদি কাৰ্য কৰিবলৈ মানুহৰ মেৰুদণ্ডডাল কিছুমান ঠাইত ধেনুভিৰীয়া হৈ কম-বেছি পৰিমাণে ইংৰাজী ‘এছ’ আখৰটোৰ দৰে আকৃতি লয়। সাধাৰণতে চাৰ্ভাইকেল স্পাইন(ডিঙি অংশ) আৰু লাম্বাৰ স্পাইন(পিঠিৰ তলভাগ)বোৰে পাছৰ ভাজ লয়(Bent Backward)। ইয়াক লৰ্ডছিছ(Lordosis) বুলি কোৱা হয়। চাৰ্ভাইকেল স্পাইন অংশত থকা লৰ্ডছিছক চাৰ্ভাইকেল লৰ্ডছিছ আৰু লাম্বাৰ স্পাইন অংশত থকা লৰ্ডছিছক লাম্বাৰ লৰ্ডছিছ বুলি কোৱা হয়। আনহাতে, থ’ৰেচিক স্পাইন(বুকুৰ পাছপিবে থকা পিঠি অংশ) আৰু চেক্ৰেল স্পাইন(মেৰুদণ্ড একেবাৰে শেষ অংশ) বোৰে আগৰফালে ভাজ লয়(Bent Forward)। ইয়াক কাইফ’ছিছ(Kyphosis) বুলি কোৱা হয়। মেৰুদণ্ডৰ চাৰ্ভাইকেল স্পাইন আৰু লাম্বাৰ স্পাইন থকা অংশত নিয়মিত পৰিমাণৰ লৰ্ডছিছ থকাটো মানুহে সঠিকভাৱে খোজকঢ়া, পোনকৈ থিয় হৈ থকা আদিৰ বাবে প্ৰয়োজনীয়। কিন্তু নিয়মিতভাৱে থাকিবলগীয়া পৰিমাণতকৈ মেউদণ্ডৰ চাৰ্ভাইকেল স্পাইন আৰু লাম্বাৰ স্পাইন থকা অংশত বেছি অথবা কম লৰ্ডছিছ থাকিলেই- মানুহৰ খোজকঢ়া, পোনকৈ থিয় থকা আদিৰ সমস্যা হৈ ডিঙি, পিঠি আৰু ককালত ভাজ লগা, বিষ আদি নানা লৰ্ডছিছজনিত সমস্যাই দেখা দিয়ে। চাৰ্ভাইকেল হাইপাৰ লৰ্ডছিছ - সাধাৰণ অৱস্থাত আমাৰ ডিঙিটোৱে ইংৰাজী ‘চি’ আখৰটোৰ দৰে পাছপিনে ভাজ লগা হ’ব লাগে। চাৰ্ভাইকেল হাইপাৰ লৰ্ডছিছত এনে ভাজ অত্যধিক হোৱা দেখা যায়। এনে হোৱাৰ মুখ্য কাৰণ হ’ল ডিঙিৰ পাছপিনৰ পেশীৰ দুৰ্বলতা, স্পণ্ডাইল’লিষ্ঠেছিছ। এনে হ’লে পাৰ চৰাইৰ দৰে ডিঙিটো আগপিনে ওলাই আহে আৰু মূৰটো পাছপিনে হালি যায়। ডিঙিৰ পেশীৰ বিষ হয়। বিষ হাত, পিঠিৰ ওপৰ অংশলৈও বিয়পিব পাৰে। ডিঙি লৰচৰ কৰাত অসুবিধা হয়। ডিঙিৰ পেশীত বেজীৰে খুচি দিয়া যেন অনুভৱ হ’ব পাৰে। চাৰভাইকেল হাইপাৰ লৰ্ডছিছ থকা ব্যক্তি ওপৰমুৱাকৈ মাটিত শুলে মাটি আৰু ডিঙিৰ মাজত বহুতো ঠাই ৰৈ যায় আৰু নিজৰ হাতখন সহজতে সোমাই দিব পাৰি। ডিঙিৰ এক্সৰে কৰি চাৰ্ভাইকেল স্পাইনৰ পাছপিনে হোৱা অত্যধিকভাৱে ঠিৰাং কৰিব পাৰি। ব’ন স্কেন, চিটি স্কেন আৰু এম আৰ আই কৰি চাৰভাইকেল হাইপাৰ লৰ্ডছিছ হোৱাৰ কাৰণ ঠিৰাং কৰিব পৰা যায়। ডিঙিৰ পিছত পেশীত চাপ পৰা ব্যায়াম শিকি লৈ কৰিব লাগে। বিষ কমোৱাৰ বাবে দৰৱ খাব পাৰি। চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ: চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ অতি কমকৈ হোৱা দেখা যায়। এনে হ’লে মেৰুদণ্ডৰ চাৰ্ভাইকেল স্পাইন থকা অংশত প্ৰয়োজনতকৈ কমভাৱে পাছপিনে ভাজ থাকে অথবা ভাজ নোহোৱা হৈ যায়। চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ থকা ব্যক্তিৰ ডিঙি আৰু পিঠিৰ সংযোগ স্থানত কোনো ভাজ নাথাকিব সম্পূৰ্ণভাৱে চিধা হয়। এনে হোৱাৰ কাৰণ হ’ল চাৰ্ভাইকেল ভাৰ্টিব্ৰাবোৰ পাছপিনে টান খাই যায়। এনে হ’লে ভাৰ্টিব্ৰেল স্পেচ কমা বাবে স্নায়ুত হেচা পৰে। ফলত ডিঙিত বিষ অনুভৱ হয়। চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ থকা ব্যক্তি ওপৰমুৱাকৈ মাটিত শুলে মাটি আৰু ডিঙিৰ তল অংশৰ মাজত ঠাই নাথাকে। চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ পৰীক্ষা কৰাৰ উপৰি ডিঙিৰ এক্সৰে কৰি ঠিৰাং কৰিব পাৰি। ব’ন স্কেন, চিটি আৰু এম আৰ আই কৰি চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ হোৱাৰ কাৰণ ঠিৰাং কৰিব পৰা যায়। চাৰ্ভাইকেল হাইপ’ লৰ্ডছিছ শুধৰোৱাৰ বাবে ব্যায়াম কৰিব লাগে। সমস্যাৰ কাৰণ - মেৰুদণ্ডৰ চাৰ্ভাইকেল স্পাইন আৰু লাম্বাৰ স্পাইন থকা অংশত প্ৰয়োজনতকৈ অধিক লৰ্ডছিছ থাকিলে তাক হাইপাৰ লৰ্ডছিছ বুলি কোৱা হয়। অৰ্থাৎ, লাম্বাৰ হাইপাৰ লৰ্ডছিছ হ’বলৈ মেৰুদণ্ডৰ লাম্বাৰ স্পাইন থকা অংশত অধ্যধিকভাৱে পাছপিনে ভাজ থাকিব লাগিব। চাৰ্ভাইকেল হাইপাৰ লৰ্ডছিছ হ’বলৈ মেৰুদণ্ডৰ চাৰ্ভাইকেল স্পাইন থকা অংশত অত্যধিকভাৱে পাছপিনে ভাজ থাকিব লাগিব। আনহাতে, মেৰুদণ্ডৰ চাৰ্ভাইকেল আৰু লাম্বাৰ স্পাইন থকা অংশত প্ৰয়োজনতকৈ কম লৰ্ডছিছ থাকিলে তাক হাইপ’ লৰ্ডছিছ বুলি কোৱা হয়। অৰ্থাৎ লাম্বাৰ হাইপ’ লৰ্ডছিছ হ’বলৈ মেৰুদণ্ডৰ লাম্বাৰ স্পাইন থকা অংশত প্ৰয়োজনতকৈ কমভাৱে পাছপিনে ভাজ থাকে। শিশু আৰু কিশোৰৰ কোনো কাৰণ নোহোৱাকৈ এনে ধৰণৰ লৰ্ডছিছ হ’ব পাৰে। ইয়াক বিনাইন জুভেনাইল লৰ্ডছিছ বুলি কোৱা হয়। লাম্বাৰ হাইপাৰ লৰ্ডছিছ - লাম্বাৰ হাইপাৰ লৰ্ডছিছক হলো বেক(Hollow Back) বা ছেডল বেক(Saddle Back) বুলিও কোৱা হয়। এনে লৰ্ডছিছ অধিকভাৱে হোৱা দেখা যায়। এনে হ’লে মানুহৰ ককালখন আগপিনে হেলনীয়া হয়। মানুহজনে পোন হৈ থিয় দিব নোৱাৰে বাবে মানুহজন থিয় হ’লে ককালৰ ওপৰ অংশ আগলৈ হালি থাকে আৰু ককালখন পাছলৈ ওলাই যায়। লাম্বাৰ হাইপাৰ লৰ্ডছিছ হ’লে ব্যক্তি এজনৰ উচ্চতা প্ৰায় ০.৫ ৰ পৰা ২.৫ ইঞ্চি কমি যায়। আনহাতে, লাম্বাৰ হাইপাৰ লৰ্ডছিছত লাম্বাৰ স্পাইনবোৰে শৰীৰৰ ওজন অধিক সহ্য কৰিবলগীয়া হয় বাবে পিঠিৰ তল অংশৰ পেশবোৰৰ বিষ অনুভৱ কৰে। ককাল আৰু পিঠিৰ তল অংশ লৰচৰ কৰাত অসুবিধা হয়। পিঠিৰ তল অংশত বেজীৰে খুচি দিয়া যেন অনুভৱ হয়। প্ৰস্ৰাৱ কৰাত অসুবিধাও হ’ব পাৰে। লাম্বাৰ হাইপাৰ লৰ্ডছিছ হোৱাৰ বহুতো কাৰণ থাকে। নাচা মানুহৰ লাম্বাৰ হাইপাৰ লৰ্ডছিছ অধিক হোৱা দেখা যায়। গৰ্ভাৱস্থাতো এনে হোৱা দেখা যায়। তদুপৰি উৰুৰ পাছপিনৰ হেমষ্ট্ৰিং পেশী আৰু পেটৰ পেশী দুৰ্বল হ’লে- ককাল ভাজ লগোৱা চোৱাচ পেশী টান হ’লে, এখন ভৰি আনখনতকৈ চুটি হ’লে, একণ্ড্ৰপ্লেচিৱা(অত্যধিক হাড় বৃদ্ধি), স্পণ্ডাইল লিষ্ঠোচিচ(শ্লিপ ভাটিব্ৰা) আৰু অষ্টিঅ’ৰছিছ আদি থাকিলেও লাম্বাৰ হাইপাৰ লৰ্ডছিছ হ’ব পাৰে। মেদবহুলতা, কিছুমান বংশগত ৰোগ, ভিটামিন ‘ডি’ৰ অভাৱ আদি লাম্বাৰ হাইপাৰ লৰ্ডছিছ হোৱাৰ কাৰণ হ’ব পাৰে। লাম্বাৰ হাইপাৰ লৰ্ডছিছ থকা ব্যক্তি ওপৰমূৱাকৈ মাটিত শুলে মাটি আৰু ককালৰ তল অংশৰ মাজত বহুতো ঠাই ৰৈ যায় আৰু নিজৰ হাতখন সহজতে সোমাই দিব পাৰি। লাম্বাৰ হাইপাৰ লৰ্ডছিছ শাৰীৰিক পৰীক্ষাৰ উপৰি পিঠিৰ তল অংশৰ এক্সৰে কৰি ঠিৰাং কৰিব পাৰি। এক্সৰেত লাম্বাৰ স্পাইনৰ অত্যধিক ভাজ ধৰা পৰে। ব’ন স্কেন, চিটি স্কেন আৰু এম আৰ আই কৰি লাম্বাৰ হাইপাৰ লৰ্ডছিছ হোৱাৰ কাৰণ ঠিৰাং কৰিব পৰা যায়। লাম্বাৰ হাইপাৰ লৰ্ডছিছ শুধৰোৱাৰ বাবে বহুদিন ব্যায়াম কৰিব লাগে। উৰুৰ পাছপিনৰ হেমষ্ট্ৰিং পেশী, গ্লুটেল পেশী আৰু পেটৰ পেশী টান হ’ব এই পেশীবোৰত চাব পৰা ব্যায়াম শিকি লৈ কৰিব লাগে। Back hyper extension exercise কৰিব পাৰিব। মেনুপুলেটিভ থেৰাপি সম্পৰ্কে অৱশ্যে সন্দেহৰ অৱকাশ থাকে। বিষ কমোৱাৰ বাবে দৰৱ খোৱাৰ উপৰি ওজন আদি কমাব লাগে। লাম্বাৰ হাইপ’লৰ্ডছিছ - লাম্বাৰ হাইপ’লৰ্ডছিছ ফ্লেট বেক(Flat back) বুলিও কোৱা হয়। অৱশ্যে এনে লৰ্ডছিছ হোৱা কমকৈ দেখা যায়। এনে হ’লে মেৰুদণ্ডৰ লাম্বাৰ স্পেইন থকা অংশত প্ৰয়োজনতকৈ কমভাৱে পাছপিনে ভাজ থাকে অথবা ভাজ নোহোৱা হৈ যায়। লাম্বাৰ হাইপ’লৰ্ডছিছ হোৱা ব্যক্তিৰ ককাল আৰু পিঠিৰ সংযোগ স্থানত কোনো ভাজ নাথাকি সম্পূৰ্ণভাৱে চিধা হয়। এনে হোৱাৰ কাৰণ হ’ল লাম্বাৰ ভাৰ্টিব্ৰাবোৰ পাছপিনে টান খাই যায়। ফলত এনে হোৱা ব্যক্তি থিয় হ’লে পোষ্টৰ দৰে চিধা হৈ থাকে। ইয়াৰ উপৰি ভাৰ্টিব্লেচ স্পেচ কমা বাবে নাৰ্ভত হেচা পৰে। ফলত বিষ হয়। লাম্বাৰ হাইপ’লৰ্ডছিছ থকা ব্যক্তি ওপৰমুৱাকৈ মাটিত শুলে মাটি আৰু ককালৰ তল অংশৰ মাজত ঠাই নাথাকি লাগি থকা দেখা যায়। লাম্বাৰ হাইপ’লৰ্ডছিছ শাৰীৰিক পৰীক্ষাৰ উপৰি পিঠিৰ তল অংশৰ এক্সৰে কৰি ঠিৰাং কৰিব পাৰি। এক্স ৰেত লাম্বাৰ স্পাইনৰ কম ভাজ ধৰা পৰে। ব’ন স্কেন, চিটি স্কেন আৰু এম আৰ আই কৰি লাম্বাৰ হাইপ’লৰ্ডছিছ হোৱাৰ কাৰণ ঠিৰাং কৰিব পৰা যায়। লাম্বাৰ হাইপ’লৰ্ডছিছ শুধৰোৱাৰ বাবে ব্যায়াম কৰিব লাগে। চকীত পোনকৈ বহিব লাগে। বিনাইন জুভেনাইল লৰ্ডছিছ - কোনো কাৰণ নোহোৱাকৈ কেৱল শিশু আৰু কিশোৰৰ ককাল আৰু ডিঙিৰ পেশীবোৰ দুৰ্বল হোৱা বাবে বিনাইল জুভেনাইল লৰ্ডছিছ হ’ব পাৰে। এনে হ’লে ভয় খোৱাৰ কাৰণ নাই কিয়নো শিশুটো অথবা কিশোৰজন ডাঙৰ হৈ অহাৰ লগে লগে এই পেশীবোৰ সবল হৈ পৰে বা ই নিজে ভাল হৈ যায়। অৱশ্যে বহুক্ষেত্ৰত চেৰিব্ৰেল পালসে, পেশীৰ দিষ্ট্ৰফী, মাইএলোমেনিংগ’চিল আদি হৈও শিশুৰ সম্পৰ্কত আলোচনা কৰা লৰ্ডছিছবোৰ হ’ব পাৰে। এনে হ’লে চিকিৎসকৰ সহায় লৈ উচিত চিকিৎসা কৰা দৰকাৰ। সেয়েহে শিশু আৰু কিশোৰৰ লৰ্ডছিছজনিত সমস্যা হ’লে চিকিৎসকৰ ওচৰলৈ নি ঠিৰাং কৰা দৰকাৰ সেয়া বিনাইন জুভেনাইল লৰ্ডছিছ নে অন্য কাৰণত হোৱা লৰ্ডছিছ। কি কৰিব - ১)বিসংগতিপূৰ্ণ ভংগিমাৰে নৃত্য নকৰিব। ২)বিসংগতিপূৰ্ণ ভংগিমাৰে ব্যায়াম নকৰিব, বিশেষজ্ঞৰপৰা শিকি লৈহে ব্যায়াম কৰিব। ৩)বিসংগতিপূৰ্ণ ভংগিমাৰে(আগলৈ বেছিকৈ হালি) নবহিব আৰু থিয় নহ’ব। ৪)চকীত অথবা মাটিত মেৰুদণ্ডডাল আগলৈ ভাজ কৰি হালি নবহি পোন হৈ বহিব। ৫)আগলৈ হালি ভাজ হৈ ওজন দাঙি লৈ নুফুৰিব। ৬)ডিঙিত ওজন লৈ নুফুৰিব। ৭)মেদবহুলতা আঁতৰাব। ৮)শৰীৰৰ ওজন কমাব। ৯)মেৰুদণ্ডৰ কিবা সমস্যা হোৱা যেন লাগিলেই চিকিৎসকৰ পৰামৰ্শ ল’ব। ১০)শৰীৰত ভিটামিন ‘ডি’ আৰু কেলছিয়ামৰ অভাৱ হ’বলৈ নিদিব। লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)