প্ৰতি বছৰত পৃথিৱীৰ প্ৰেক্ষাপটত ১৪ মিলিয়ন নতুন কৰ্কট ৰোগৰ চিনাক্তকৰণ হয়। প্ৰতি বছৰে কৰ্কট বা কৰ্কট সম্বন্ধীয় বেমাৰত মৃত্যু হোৱা লোকৰ সংখ্যা পৃথিৱীৰ প্ৰেক্ষাপটত ৮.২ মিলিয়ন। অহা দুই দশকত কৰ্কট ৰোগীৰ সংখ্যা বৰ্তমানৰ তুলনাত ৭০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পুৰুষৰ ক্ষেত্ৰত কৰ্কট ৰোগ সঘনাই হ’ব পৰা শৰীৰৰ পাঁচটা অংশ হিচাপে হাঁওফাঁও, প্ৰোষ্ট্ৰেট, বৃহত্ খাদ্যনলী, পাকস্থলী আৰু যকৃতক চিনাক্ত কৰা হৈছে।

কৰ্কট ৰোগত মৃত্যুবৰণ কৰা মহিলাসকলৰ পৃথিৱীৰ প্ৰেক্ষাপটত স্তনৰ কৰ্কট ৰোগক এক নম্বৰ কাৰণ হিচাপে আৰু ভাৰতৰ প্ৰেক্ষাপটত মহিলাসকলৰ জৰায়ুৰ মুখত হোৱা কৰ্কট ৰোগক এক নম্বৰ হিচাপে চিহ্নিত কৰা হৈছে। উল্লেখ্য যে ভাৰতত প্ৰতিদিনে মহিলা জৰায়ুৰ মুখত হোৱা কৰ্কট ৰোগৰ বাবে মৃত্যুবৰণ কৰিব লগা হৈছে। তাতোকৈ উল্লেখযোগ্য কথা হৈছে জৰায়ুৰ মুখত হোৱা কৰ্কট ৰোগ এনে এটা কৰ্কট ৰোগ যাৰ চিনাক্তকৰণ প্ৰথম স্তৰত কৰিব পাৰিলে এই বেমাৰ এশ শতাংশই ভাল হয়। অৰ্থাত্ কৰ্কট ৰোগ হ’লেও যে মৃত্যু বা তাৰ কোনো চিকিত্সা নাই এয়া ষোল্ল অনাই মিছা। জৰায়ুৰ মুখত হোৱা কৰ্কট ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ তেনেই সহজ আৰু সহজলভ্য। ৩৫ বছৰ ঊৰ্ধ্বৰ প্ৰতিগৰাকী মহলাই স্ত্ৰীৰোগ বিশেষজ্ঞৰ দ্বাৰা জৰায়ুৰ মুখৰ পৰীক্ষা প্ৰতি বছৰত এবাৰ (অতি কমেও) কৰাটো খুবেই জৰুৰী। অভিজ্ঞ চিকিত্সকে খালী চকুৰে চায়ো ৰোগৰ আগজাননী দিব পাৰে। জৰায়ুৰ মুখত হ’ব পৰা কৰ্কট ৰোগৰ চিনাক্তকৰণৰ বাবে অতিকে সহজলভ্য আৰু কম খৰচতে হ’ব পৰা নিৰ্ভৰযোগ্য পেপস্মিয়েৰ পৰীক্ষাৰ কথা আমাৰ জ্ঞাত হোৱাটো দৰকাৰেই নহয়, জনাটোও একান্ত কৰ্তব্য। এই সজাগতাই আমাৰ দুখীয়া মহিলা সমাজক কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা দূৰত ৰাখিব বা সম্পূৰ্ণ আৰোগ্যৰ বাবে ব্যৱস্থা কৰিব।

মহিলাসকলৰ শৰীৰত আৰু দুই ধৰণৰ কৰ্কট ৰোগ হ’ল স্তনৰ কৰ্কট ৰোগ আৰু মহিলাগৰাকীৰ ডিম্বাধাৰৰ কৰ্কট ৰোগ। স্তনত হ’ব পৰা সকলো সমস্যা যেনে- টেমুনা, নিপুলৰ পৰা ৰক্তক্ষৰণ, বেয়া গোন্ধৰ পনীয়া বস্তু নিঃসৰিত হোৱা ইত্যাদি অৱস্থাবোৰ গুৰুত্বসহকাৰে লৈ আগতীয়াকৈ চিকিত্সক (শৈল্য চিকিত্সক বা স্ত্ৰীৰোগ বিশেষজ্ঞ)ৰ দ্বাৰা পৰীক্ষা আৰু পৰামৰ্শ ল’লে কৰ্কট ৰোগৰ দৰে দুৰাৰোগ্য বেমাৰক দূৰত ৰাখিব পাৰি আৰু আদি অৱস্থাতে কৰ্কট ৰোগ চিনাক্ত কৰি এই ৰোগৰ পৰা সম্পূৰ্ণ নিৰাময় পাব পাৰি। ডিম্বাধাৰৰ কৰ্কট ৰোগৰ বাবে সহজলভ্য আৰু আগতীয়াকৈ জানিব পৰা সন্তোষজনক পৰীক্ষা নাই যদিও টিউমাৰ মাৰ্কাৰ চিএ১২৫ আৰু আলট্ৰা ছন’গ্ৰাফীৰ সহায়ত এই কৰ্কট ৰোগৰ আগজাননী আৰু অৱস্থা জানিব পাৰি। সেয়েহে ৩৫ বছৰৰ ঊৰ্ধৰ মহিলাসকলে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শৰ ভিত্তিত নিজৰ পৰীক্ষাৰ ব্যৱস্থা কৰি লোৱাটো বাঞ্ছনীয়। গতিকে দেখা গ’ল চুলি, নখৰ বাহিৰে দেহৰ প্ৰায় সকলো অংশতে কৰ্কট ৰোগ হ’ব পাৰে। সঁচা কথা এই যে এতিয়াও বহু ধৰণৰ কৰ্কট ৰোগৰ চিকিত্সা নাই আৰু কিছু কৰ্কট ৰোগৰ সন্তোষজনক চিকিত্সা ইতিমধ্যে ফলৱতী হোৱা বুলি প্ৰতিষ্ঠিত হৈছে। কৰ্কট ৰোগ হোৱাৰ মূলতে হৈছে শৰীৰে বশীভূত কৰিব নোৱাৰা কোষৰ উদ্ভৱ বা বৃদ্ধি। এতিয়ালৈ বহু ধৰণৰ কৰ্কট ৰোগক লৈ হোৱা বিভিন্ন গৱেষণাৰ ভিত্তিত, কৰ্কট ৰোগ দুই ধৰণৰ কাৰকৰ দ্বাৰা হোৱা বুলি ক’ব পাৰো- (১) বাহ্যিক পৰিৱেশৰ পৰা (৯০-৯৫ শতাংশ কৰ্কট ৰোগৰ কাৰক), (২) বংশানুক্ৰমৰ পৰা (কেৱল ৫-১০ শতাংশ কৰ্কট ৰোগৰ কাৰক)।

বাহ্যিক পৰিৱেশৰ কাৰক হিচাপ আমেৰিকান কেঞ্চাৰ সন্থাই ২০০৬ চনত প্ৰথম পাঁচটা কাৰণ উল্লেখ কৰিছিল।

(১) অপৰ্যাপ্ত খাদ্য আৰু পুষ্টিহীনতা (৩০ শতাংশ ভয়াৱহতা)।

(২) ধঁপাতজাতীয় বস্তুৰ সেৱন (১৬ শতাংশ ভয়াবহতা)।

(৩) ইনফেকচন (৮ শতাংশ ভয়াবহতা)।

(৪) কৰ্মস্থানত হ’ব পৰা প্ৰদূষণ (৫ শতাংশ ভয়াবহতা)।

(৫) আমাৰ পৰিৱেশত থকা প্ৰদূষণ (২ শতাংশ ভয়াবহতা)।

উত্তম খাদ্যাভ্যাসে কৰ্কট ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা কৰিব পাৰে। ‘আমেৰিকান ডায়েটিক এচোছিয়েছন’ (এ ডি এ)-এ আগবঢ়োৱা কিছু পৰামৰ্শ উল্লেখ কৰিলো-

(১) শুদ্ধ ওজনৰ অধিকাৰী হোৱা, শৰীৰৰ কম ওজন বা বেছি ওজন দুয়োটাই ভাল নহয়।

(২) প্ৰতিদিনে আধা ঘণ্টাকৈ শাৰীৰিক ব্যায়াম বা কষ্ট বৰ প্ৰয়োজন।

(৩) মিঠা বস্তু পাৰ্যমানে নোখোৱা, হাইফাইবাৰযুক্ত খাদ্য সেৱন কৰা।

(৪) যথেষ্ট পৰিমাণৰ সেউজীয়া শাক-পাচলি, ফলমূল সেৱন কৰা।

(৫) মাদক দ্ৰব্য সেৱন বিশেষকৈ এলকহল সীমিতকৰণ।

(৬) ফ্ৰীজত থকা নিমখীয়া বস্তু সেৱন বৰ্জন কৰা ভাল।

(৭) প্ৰতিটো শিশুকে জন্মৰ পৰা ছমাহলৈ দুগ্ধপান কৰোৱা।

আগৰ দিনত সংক্ৰামক ৰোগত মৃত্যুবৰণ কৰা লোকৰ সংখ্যাতকৈ ভাৰতবৰ্ষত আজিৰ দিনত একে কাৰণত মৃত্যু প্ৰায় একেবাৰে কম হ’ল সঁচা, কিন্তু অসংক্ৰামক বেমাৰ যেনে- হৃদযন্ত্ৰৰ বেমাৰ, কৰ্কট ৰোগ, ষ্ট্ৰোক, হাঁওফাঁওৰ বেমাৰ, মেদবহুলতা সমস্যাবোৰ এতিয়া বহু বেছি হ’ল। অসংক্ৰামক বেমাৰ আৰু তাৰ বাবদ যাৱতীয় সমস্যাবোৰৰ চিকিত্সা আৰু সমাধানৰ নামত দেশৰ মুঠ পৰিকল্পিত খৰচৰ বুজন অংশ ধন অপচয় হয়। কিছু শাৰীৰিক কষ্ট কৰাৰ মানসিকতা, ব্যায়াম, যোগাসনৰ দৰে অভ্যাসবোৰ গঢ়ি তুলিব পাৰিলে সমাজ, দেশ আৰু পৃথিৱীৰ সকলো মানৱৰ স্বাস্থ্য কল্যাণ সম্ভৱ হ’ব পাৰে আৰু সমাজৰ বহু ধন ৰাহি হ’ব। যোগৰ প্ৰয়োজনীয়তা আজি ধনী-দুখীয়া, ধৰ্ম নিৰ্বিশেষে গোটেই পৃথিৱীৰ মানুহে স্বীকাৰ কৰিছে আৰু অনাগত দিনত এনে আদৰ্শৰে, শাৰীৰিক কষ্টৰ অভ্যাসেৰে বহু আধুনিক ৰোগৰ দমন হ’ব বুলি আশা কৰা যায়।

লেখকঃ ডাঃ শংকৰ কুমাৰ দাস

উৎস:অসমীয়া খবৰত