পেটৰ অসুখ, ৰোগৰ নানা ধৰণৰ উপসৰ্গৰে উদ্ভৱ হয়। পেটৰ বিষ, পেট কামোৰণি, পেট ফুলি থকা বা গেছ হোৱা(Flatulence), অভোক, অৰুচি, হাগনি বা শৌচ খোলোচা নোহোৱা, শৌচত সাওঁপৰা, শৌচত তেজ যোৱা, শৌচৰ ৰং বোকামাটিৰ দৰে বা ক’লা হোৱা আদি বিভিন্ন ৰোগৰ উপলক্ষণৰ কোনোবাটো বা তাতোকৈ বেছি লক্ষণেৰে পেটৰ অসুখে দেখা দিয়ে। পেটৰ অসুখৰ বাবে মুখেৰে বমিও হয়। পেটত গেছ হ’লে আকৌ বুকুৰ বিষ বা হ্ৰদশূল অনুভৱ হ’বও পাৰে। পেটৰ অসুখৰ বাবেই শৰীৰৰ বিভিন্ন অংগত নানা ৰোগৰ উৎপত্তিও হয়। গুহ্যদ্বাৰৰ অৰ্শ, ভগন্দৰ আদি ৰোগৰ মূল কাৰণ পেটৰ অসুখ বা শৌচ কচা হোৱাৰ বাবেই হয়। আৰু সঠিকভাৱে হজম নোহোৱাৰ ফলতেই পেটৰ অসুখ হয়। পেটৰ অসুখ নিৰাময়ৰ বিষয়ে আলোচনা কৰাৰ আগতে, খোৱা খাদ্য হজম কৰি, শৰীৰে কেনেকৈ গ্ৰহণ কৰে, সেই বিষয়ে দু-আষাৰ আলোচনা কৰিবলৈ লোৱা হৈছে। খাদ্য হজম হোৱাৰ শৰীৰস্থ ব্যৱস্থা: খোৱা খাদ্য হজম হোৱাৰ প্ৰক্ৰিয়া মুখতেই আৰম্ভ হয় আৰু তলপেটত, গুহ্যদ্বাৰৰ ওপৰ অংশত থকা বৃহৎ অন্ত্ৰৰ শেষাংশত(Colon) শেষ হয়। শৰীৰে খাদ্যবস্তুৰ পৰা শৰীৰৰ আৱশ্যকীয় মূল ৰসবোৰ শুহি লোৱাৰ পাছত, অৱশিষ্ট পেলনীয়া বস্তুৰে, বৃহৎ অন্ত্ৰত বিষ্ঠা তৈয়াৰ হয় আৰু গুহ্যদ্বাৰেৰে বাহিৰলৈ ওলাই যায়। খোৱা বস্তু হজম হোৱাৰ কাম তিনি ঠাইত সম্পন্ন হয়- মুখত, পাকস্থলীত আৰু পেটৰ ভিতৰত থকা ক্ষুদ্ৰ অন্ত্ৰত। মুখত দাঁতেৰে খোৱা বস্তুবোৰ ভাঙি গুড়ি কৰা হয় আৰু মুখৰ লালটিৰে খোৱা বস্তুবোৰ মিহলি হয় আৰু এই লালটিয়ে খোৱা বস্তুবোৰ হজম হোৱাত সহায় কৰে। খাদ্য খাই থাকোঁতে মুখত থকা লালটি গ্ৰন্থিবোৰৰ পৰা লালটি নি:সৃত হৈ থাকে। সেইবাবে খাদ্য অলপ বেছি সময় মুখত ৰাখি চোবাই থাকিলে বেছি উপকাৰ হয়, লালটি বেছিকৈ পায়। ইয়াৰ পাছত খোৱা বস্তুবোৰ গিলি পেটৰ ভিতৰলৈ পঠোৱা হয় আৰু এইবোৰ পাকস্থলীত পৰেগৈ। অসমীয়া, হিন্দী আৰু সংস্কৃতত পাকস্থলীক পাকাশয়ো বোলে- যাৰ অৰ্থ ৰন্ধনশালা বা ৰন্ধা ঘৰ। পাকস্থলীত মুখৰ পৰা যোৱা আধা গোটা খোৱা বস্তুবোৰ পাকস্থলীৰ পৰা নি:সৃত হোৱা আৰু কিছুমান ৰসৰ লগত মিহলি হয়। এইবোৰ হৈছে- এলকালিন, হাইড্ৰোক্লোৰিক এচিড আৰু গেছট্ৰিক ৰস। এই ৰসবোৰ পাকস্থলীৰ ‘ৱাল’ বা বেৰবোৰৰ পৰা নি:সৃত হয়। গেছট্ৰিক ৰসত ‘এনজাইম’ বা হজমকাৰক বস্তু থাকে। এইবিলাকৰ নাম পেপছিন, ৰেনিন আৰু লিপোজ। ২০০০ৰ পৰা ২৫০০ মি:লি(চি:চি:) গেছট্ৰিক ৰস পাকস্থলীয়ে প্ৰতিদিনে উলিয়াই দিয়ে। মুখত, এনজাইমে কাৰ্বোহাইড্ৰেটবোৰ ভাঙে বা গলাই দিয়ে আৰু খাদ্য হজমকৰণ প্ৰক্ৰিয়াৰ ফলত খাদ্য বস্তুবোৰ ডিঅ’ডেনামত খাৰত(Alkaline) মিহলি হয়। পাকস্থলীত পেপছিনে প্ৰ’টিনবোৰ ভাঙে, ৰেনিনে গাখীৰ দৈলৈ পৰিৱৰ্তন কৰে আৰু লিপোজে ফেটবোৰ ভাঙি হজম হ’ব দিয়ে। খোৱা বস্তুবোৰ এনজাইমবোৰৰ সৈতে সনা-পোটকা হয়। পাকস্থলীৰ বেৰবোৰত মাংসপেশীৰ সংকোচন আৰু শিথিলকৰণ হৈ খাদ্য বস্তুবোৰ সনা-পোটকা হৈ থাকে আৰু ইয়াত এনজাইমবোৰ টোপাটোপে পাকস্থলীৰ ৱালাৰ পৰা পৰি থাকে আৰু খাদ্যবোৰ জীণ যোৱাৰ কাম পূৰ্ণোদ্যমে চলি থাকে। পাকস্থলীৰ বেৰত কোটি কোটি পৰিপাক সম্বন্ধীয় গ্ৰন্থি থাকে(Peptic Glands) আৰু এইবোৰৰ পৰা গেছট্ৰিক ৰস ওলাই খোৱা বস্তুৰ সৈতে মিহলি হৈ সেইবোৰক কোমল কৰি তোলে। খোৱা বস্তুৰ এই অৱস্থাটোক কাইম(Chyme) বোলে। পাকস্থলীত গেছট্ৰিক ৰস সম্পূৰ্ণভাৱে খাদ্যবোৰত মিহলি হৈ আধআধি জুলীয়া অৱস্থাৰে, মাংসপেশীৰ কন্ট্ৰাকছন এণ্ড ৰিলাক্সেছন ক্ৰিয়াৰ ফলত, পেটৰ ভিতৰত চুঙাৰ দৰে ফোঁপোলা পথত, ঢৌ উঠাৰ দৰে উত্থিত গতিশক্তিৰ বলত(Peristaltic Movement) ডিঅ’ডেনামত পৰেগৈ। ডিঅ’ডেনাম হৈছে ক্ষুদ্ৰ অন্ত্ৰত তিনি ভাগৰ প্ৰথম ভাগ আৰু ই পাকস্থলীৰ সৈতে সংলগ্ন হৈ থাকে। ইয়াৰ তলত ক্ষুদ্ৰ অন্ত্ৰৰ দ্বিতীয় ভাগৰ নাম জেজুনাম(Jejunum), তাৰ তলৰ ক্ষুদ্ৰ অন্ত্ৰৰ তৃতীয় অংশটো হৈছে ইলিয়াম(Ileum)। ডিঅ’ডেনাম দীঘলে প্ৰায় ১২ ইঞ্চি(৩০ চেন্টিমিটাৰ)। ইয়াত খোৱা বস্তুবোৰ অগ্ন্যাশয়(Pancreas), যকৃৎ(Liver) আৰু ডিঅ’ডেনামৰ গ্ৰন্থি কিছুমানে উলিয়াই দিয়া ৰসবোৰৰ সৈতে মিহলি হৈ যায়। ইয়াৰ আগলৈকে খাদ্যৰ ওপৰত হাইড্ৰোক্লোৰিক এচিডে কাম কৰি থাকে। ডিঅ’ডেনাম আহি পোৱাৰ পাছত যকৃৎ, অগ্ন্যাশয় আদিৰ ৰসে, খাদ্যত এচিড বেছি হ’লে তাক নষ্ট কৰি এচিডৰ সমতা ৰক্ষা কৰে। কাৰণ যদি খাদ্যত এচিড বেছি থাকে তাৰ পৰা হাইপাৰ এচিডিটি বা এচিডৰ অসুখ হয়, বুকু জ্বলা-পোৰা কৰে। সেয়েহে প্ৰাকৃতিক নিয়মেৰে ইয়াতে ডিঅ’ডেনামত এলকালিন বা খাৰ ঢালি এচিডৰ দোষ নাশ কৰে। যকৃতৰ পৰা ‘বাইল’ ওলাই। ই খাদ্যৰ চৰ্বীবোৰ গলাই দিয়ে। পেংক্ৰিয়াছৰ পৰা তিনিবিধ এনজাইম ওলায়- ট্ৰায়েপছিন(Tryapsin), এমাইলোপছিন(Amylopsin) আৰু ষ্টিপছিন(Steapsin)। ট্ৰায়েপছিনে প্ৰ’টিনবোৰ গলাই ‘এমাইলোছিন’লৈ ৰূপান্তৰিত কৰে। এমাইলোপছিন বাকী থকা কাৰ্বোহাইড্ৰেটবোৰ গলাই দিয়ে। কাৰ্বোহাইড্ৰেটবোৰ ভাঙি যোৱা কাম মুখতে আৰম্ভ হয় আৰু আহি আহি ডিঅ’ডেনাম পোৱালৈকে হজম হোৱা প্ৰক্ৰিয়াত গলি থাকি যি বাকী থাকে সেইবোৰ ইয়াত গলি যায়। যকৃতৰ পৰা ওলোৱা বাইল ৰসৰ বাবে গলি গৈ যিবোৰ ফেট বাকী থাকে ষ্টিপছিনে সেইবোৰ গলাই দিয়ে। তেনেকৈ এনজাইমবোৰে প্ৰ’টিন আৰু ফেট বোৰ গলাই এমাইনো এচিডলৈ(Amino Acid) ৰূপান্তৰ কৰে আৰু এমাইনো এচিডবোৰ তেজৰ লগত মিহলি হৈ পৰে। ফেটবোৰো গ্লিচাৰিন(Glycerin) আৰু ফেটি এচিডলৈ ৰূপান্তৰ হয় আৰু তেজৰ সৈতে মিলি যায়। এমাইনো এচিড ২২ বিধ আছে, তাৰ ভিতৰত ১০ বিধ জীৱন ধাৰণৰ বাবে অতি আৱশ্যক। ডিঅ’ডেনামত খাদ্যবোৰ কিছু পনীয়া হৈ পৰে আৰু অন্ত্ৰৰ চুঙাৰ ভিতৰত চলি থকা ঢৌৰ গতিত ক্ষুদ্ৰ অন্ত্ৰৰ দ্বিতীয় অংশত পৰেগৈ। ইয়াতো ক্ষুদ্ৰ অন্ত্ৰই তিনিবিধ ৰস নি:সৰিত কৰে। সেইবোৰ হৈছে ছুক্ৰোজ(Surcose), মলটোজ(Maltose) আৰু লেক্টোজ(Lactose)। এইবোৰে কাৰ্বোহাইড্ৰেটবোৰৰ বস্তুবোৰ গ্লুকোজলৈ পৰিৱৰ্তন কৰে আৰু এই গ্লুকোজ তেজৰ লগত মিহলি হয়। ক্ষুদ্ৰ অন্ত্ৰৰ এই অংশত অগণন সৰু সৰু পিনৰ দৰে ছালৰ পৰা আগলৈ ওলাই অহা শুং আছে। এইবোৰক ভিলাছ(Villus) বোলে। এইবোৰৰো শুদ্ধ ৰক্তবাহিকা নাড়ী (আৰ্টেৰি), অশুদ্ধ ৰক্তবাহিকা নাড়ী (ভেইন) আৰু বৰ সৰু সৰু মাংসপেশী আছে। এই ভিলিবোৰৰ কাম হ’ল জুলীয়া খাদ্যৰ পৰা লাগতিয়াল বস্তুবোৰ শুহি লোৱা আৰু অনাৱশ্যকীয় বাকীখিনি পিছলৈ ঠেলি পঠোৱা। তেনেকৈ গৈ গৈ হজম নোহোৱা খাদ্যৰ অৱশিষ্ট বস্তুবোৰ বৃহৎ অন্ত্ৰ পায়গৈ। তাত গৈ এইবোৰ বিষ্ঠাত পৰিণত হয় আৰু গুহ্যদ্বাৰেৰে বাহিৰ ওলাই যায়। ভিলিবোৰে খাদ্যৰ ৰসবোৰ শুহি লৈ যকৃতলৈ পঠায়। যদি ক্ষুদ্ৰ অন্ত্ৰৰ ভিলিবোৰে ৰস শুহি নলয়- এই অৱস্থাপ্ৰাপ্ত লোকজনে ভোক অনুভৱ কৰি থাকিব অথবা যদি মানুহজনে লঘোনে থাকে, ভিলিবোৰে ল’বলৈ একো নাপায়, তেতিয়াও মানুহজনৰ ভোক লাগি থাকিব। ক্ষুদ্ৰ অন্ত্ৰৰ ভিলিবোৰ টানি শুহি লোৱা পাম্পৰ দৰে এবিধ যন্ত্ৰ। এইবোৰে খাদ্যবস্তুৰ সাৰভাগ শুহি লৈ পোৰ্টেল ভেইন(Portal Vein) বা ভেনা-পোৰটা(Vena-porta) নামৰ ডাঙৰ সিৰ এডাললৈ পঠাই দিয়ে। ভেনা-পোৰটাই খাদ্যৰ সাৰভাগ যকৃতলৈ পঠায়। শৰীৰৰ তলৰ অংশৰ অংগ-প্ৰত্যংগ যেনে ক্ষুদ্ৰ অন্ত্ৰ, বৃহৎ অন্ত্ৰ, অগ্ন্যাশয়ৰ আৰু ভৰি আদি তলৰ অংশৰ তেজ ইনফেৰিয়ৰ ভেনাকোভা(Inferior Venacova) নামৰ সিৰেৰে যকৃতলৈ যায়। তেনেকৈ চুপেৰিয়ৰ ভেনাকোভা(Superior Venacova) নামৰ সিৰেৰেও শৰীৰৰ ওপৰৰ অংশৰ যেনে মূৰ, বুকু, হাত আদি অশুদ্ধ তেজ যকৃতলৈ আহে। যকৃতত ইনফেৰিয়ৰ ভেনাকোভাই অনা অশুদ্ধ বা দূষিত তেজৰ সৈতে আহাৰৰ সাৰভাগ মিহলি হয়। এই ধৰণে যকৃতলৈ আহি পোৱা শৰীৰৰ ভেনাছ সিৰৰ দূষিত সমস্ত তেজ আৰু ইনফেৰিয়ৰ ভেনাকোভাই অনা অশুদ্ধ তেজ আৰু গ্লুকোজ আদি বস্তুবোৰ হ্ৰৎপিণ্ডৰ সোঁ-অৰিকোল(Right Auricle) চেম্বাৰত সোমায়। ইয়াৰ পাছত হ্ৰৎপিণ্ডই পাম্প কৰি অৰিকোলৰ এই দূষিত তেজ আৰু খাদ্যৰ সাৰ বস্তু অম্লজানৰ সংস্পৰ্শত শোধন হোৱাৰ বাবে হাওঁফাওঁলৈ পঠায়। উশাহ লওঁতে হাওঁফাওঁলৈ সোমোলা অম্লজান বা অক্সিজেনৰ সৈতে দূষিত তেজবোৰ লগ লগাৰ লগে লগেই শোধিত হয় আৰু অক্সিজেন পুষ্ট হৈ হ্ৰৎপিণ্ডৰ বাওঁ অৰিকোললৈ(Left Auricle) যায় আৰু বাওঁ ভেন্ট্ৰিকোলত পৰেগৈ। বাওঁ ভেন্ট্ৰিকোলে পাম্প কৰি এৱৰটা(Aorta) নামৰ ডাঙৰ শুদ্ধ ৰক্তবাহিকা নাড়ীত পেলাই দিয়ে। তাৰ পৰা শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ এই শোধিত, অম্লজান পুষ্ট আৰু খাদ্যৰ পৰা পোৱা শৰীৰৰ পুষ্টি সাধনৰ মূল পদাৰ্থ তেজ শৰীৰৰ ৰক্ত সঞ্চালন পদ্ধতিৰ ফলতে এৱাৰটা নাড়ীৰ শাখা-প্ৰশাখাৰ মাজেৰে গোটেই শৰীৰতে বিয়পি পৰে আৰু শৰীৰৰ কোষবোৰে কাম চলাই যাবলৈ সক্ষম হৈ থাকে। থূলমূলভাৱে এইটোৱে খোৱা খাদ্য হজম হোৱাৰ পদ্ধতি আৰু শৰীৰে(শৰীৰৰ মাংসপেশীৰ কোষবোৰে) পুষ্টিসাধন লাভ কৰাৰ প্ৰাকৃতিক ব্যৱস্থা। এই কাম আমাৰ শৰীৰে নিয়মিতভাৱে সম্পাদন কৰি থাকে। আমি খাদ্য খাই আনন্দ উপভোগ কৰো আৰু শৰীৰে তাক যথাযথভাৱে কামত লগাই থাকে। সকলো কথা প্ৰাকৃতিকভাৱে চলি থাকিলে পেটৰ অসুখ হোৱাৰ সম্ভাৱনা নাছিল। কিন্তু মানুহৰ থকা-খোৱা-লোৱা সকলো কথাৰে বহু পৰিৱৰ্তন সাধন হৈছে। তাতে মানুহৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত জলবায়ুও দূষিত হৈ পৰে। গতিকে মানুহে ৰোগ ভোগ কৰিব লগা হয়। মানুহে যিমানেই প্ৰাকৃতিকভাৱে উপলব্ধ নিয়ম-নীতিৰে খাদ্য বস্তু খায় সিমানেই সুস্থ শৰীৰেৰে থকাৰ সম্ভাৱনা বেছি হৈ থাকে আৰু লোভৰ বশৱৰ্তী হৈ শৰীৰৰ বাবে অসহনীয় বস্তু খালে, খোৱা বস্তু ঠিক মতে হজম নহ’লে, শৰীৰ নানাভাৱে ৰোগাক্ৰান্ত হৈ পৰে। তলত উল্লেখ কৰা অসুখবোৰ খোৱা খাদ্য হজম নোহোৱাৰ বাবেই হয়। পেটৰ বিষ: চিকিৎসা: গ্ৰাম কেঁচা তেঁতেলীৰ পাত আৰু ১ গ্ৰাম সৈন্ধৱ লোণ বটি খালে পেটৰ বিষ কমি যাব। চামুচ নেমুটেঙাৰ ৰস, ১ চামুচ আদাৰ ৰস সামান্য চেনি মিহলাই খালে পেটৰ বিষ কমি যাব। খোৱাৰ পাছত যদি পেটৰ বিষায় নেমুটেঙাৰ ৰস ২ চামুচ আৰু মূলাৰ ৰস ২ চামুচ লগ লগাই খালে পেটৰ বিষ নোহোৱা হব। ভাগ যনীৰ চূৰ্ণ আৰু ১ ভাগ সৈন্ধৱ লোণ মিহলাই লওক আৰু তাৰে আধা চামুচ মিহলি চূৰ্ণ অলপ গৰম পানীৰে খালে পেটৰ বিষ দূৰ হ’ব। পেটৰ গেছ হোৱা, পেট ফুলি থকা, পেট টান টান অনুভৱ হোৱা আদি অসুব্বোৰো নিৰাময় হৈ যায়। পেটৰ গেছ হোৱা(Flatulence): চিকিৎসা: এক বা দুই কোঁহ নহৰু বাকলি গুচাই ৪-৫টা মান কিচমিচৰ সৈতে চোবাই খাওক অলপ সময়ৰ ভিতৰতে পেটৰ গেছ দূৰ হ’ব। পেট ফুলি থকাৰ পৰা আৰাম পাব। পেটত প্ৰায়ে গেছ হৈ থকা হ’লে- আহাৰ খোৱাৰ পাছত ১২৫ গ্ৰাম দৈ বা ঘোলাৰ লগত ২ গ্ৰাম যনীৰ গুড়ি আৰু আধা গ্ৰাম সৈন্ধৱ লোণ একেৰাহে ১ সপ্তাহ বা ২ সপ্তাহ খাওক। এই অসুখ গুচিব। খোৱাৰ পাছত ১০ গ্ৰামমান গুড় মুখত লৈ চুহি খালে গেছ নহয়। অপথ্য: কচু, ফুলকবি আদি নাখাব। অৰুচি: চিকিৎসা: অক্ষুধা, অৰুচি হ’লে ৩ গ্ৰাম আদা মিহিকৈ কুটি তাৰ লগত সামান্য সৈন্ধৱ লোণ লৈ(সাধাৰণ লোণ হ’লেও হয়) খোৱাৰ আধা ঘন্টা আগতে দিনত এবাৰকৈ ৭ দিনমান খাওক। হজম শক্তি বাঢ়িব। পেটত গেছ নহয়। খোৱাত ৰুচি আহিব। আমবাত বা আৰ্টিকেৰিয়াও নিৰাময় হয়। ভজা মৌৰি চোবাই খালে হজম শক্তি বাঢ়ে। অম্লপিত্ত(Acidity): চিকিৎসা: এচিডিটি হোৱাৰ লক্ষণ থাকিলে খোৱাৰ পাছত দুপৰীয়া আৰু ৰাতি এটা লং চোবাই লৈ চুহি চুহি খোৱা কৰক অম্লপিত্ত নিৰাময় হ’ব। ক’লা শিলিখাৰ চূৰ্ণ ২ গ্ৰাম আৰু ২ গ্ৰাম গুড় মিহলাই অলপ পানীৰে, ৰাতি খোৱাৰ আধা ঘন্টা পাছত একেৰাহে তিনিদিনমান খালে অম্লপিত্ত বা এচিডিটি নহয়। পেট ভাৰী ভাৰী লগা: চিকিৎসা: প্ৰবাহী খাৰ(খাৰণি) ১ বা ২ চামুচ দুই ঘন্টা অন্তৰে অন্তৰে ২-৩ বাৰ খাওক ভাৰীপেট খালী হৈ পৰিব। বুকু জ্বলা: চিকিৎসা: যনীৰ গুড়ি ১ চামুচৰ লগত অলপ সৈন্ধৱ লোণ মুখত দি খাওক। বুকুৰ জ্বলা কমিব। বুকু জ্বলা কৰিলে কেতিয়াবা টেঙাপানী গললৈ আহে, তেনে হ’লেও কমিব। ধনিয়াৰ গুড়ি ১-২ চামুচৰ লগত অলপ চেনি লৈ এগিলাচ চৰবৎ কৰি খালে পেট জ্বলা বা বুকু জ্বলা কমি যায়। বমি: বমি খালী পেটে থাকিলেও হয় আৰু হজম নহ’লেও হয়। চিকিৎসা: ২ চামুচ আদাৰ ৰসৰ সৈতে ২ চামুচ পিঁয়াজৰ ৰস মিহলাই খালে বমি বন্ধ হয়। কমলা টেঙাৰ বাকলি শুকাই থৈ খুন্দি গুড়ি কৰি লৈ মৌৰ সৈতে অলপ অলপকৈ জিভাত দি চেলেকি খালে বমি বন্ধ হ’ব। ২ চামুচ বা ৬ গ্ৰাম পদিনা(বটি লোৱা), ২ গ্ৰাম সৈন্ধৱ লোণৰ সৈতে অলপ(একাপ) পানীত লৈ খালে বমি লগে লগেই বন্ধ হ’ব। নেমুটেঙা মাজেদি ফালি লৈ তাত জালুকৰ গুড়ি আৰু সৈন্ধৱ লোণৰ সুড়ি ছটিয়াই লৈ চুহি খাই থাকিলে বমি বন্ধ হ’ব। অলপ মৌ আৰু তুলসীৰ ৰস অলপ মিহলাই দুয়োবিধৰ মিশ্ৰণটোৰ ১ চামুচ খালেও বমি কমি যাব। নেমুটেঙা মাজেদি ফালি তাত জালুকৰ গুড়ি ছটিয়াও লৈ চুহি চুহি খালেও বমি বন্ধ হ’ব। এটা নেমুটেঙাৰ ৰস আৰু ১ চামুচ চেনি, ২ চামুচ পানীত লৈ ১ ঘন্টা অন্তৰে অন্তৰে খুৱাই থাকিলে ২-৩ বাৰ খুৱালে বমি, বমিৰ ভাব বন্ধ হৈ যাব। গৰ্ভাৱস্থাৰ বমি, যাত্ৰা কৰাৰ বমিত ২টা লঙৰ গুড়ি মিছিৰিৰ লগত আধা কাপ পানীত বা মুখত লৈ চোবাই চুহি খালে বমি বন্ধ হ’ব। হাগনি বা উদৰাময়: ঘনঘনকৈ শৌচ হ’লে আৰু শৌচ পনীয়া হ’লে হাগনি হোৱা বুলি কোৱা হয়। কেতিয়াবা খোৱা-লোৱাৰ ব্যতিক্ৰম হোৱাৰ ফলত শৌচ পনীয়া হয় আৰু ২-৩ বাৰ ঘনঘনকৈ শৌচ হ’ব পাৰে। তাৰ পাছত আপোনা আপুনিয়ে ঠিক হৈ যায়। কিন্তু যদি শৌচ ৩-৪ বাৰতকৈ বেছি হৈ যায় তেতিয়া ঔষধ খোৱাৰ আৱশ্যক হয়। কাৰণ ডায়েৰিয়াত(Diarrhoea) ভোগাৰ ভয় হৈ থাকে। চিকিৎসা: মৌৰি ১২ গ্ৰাম(ভৰা ২ চামুচ), বগা জীৰা ৬ গ্ৰাম(ভৰা ১ চামুচ) মিহলাই ভালকৈ চূৰ্ণ কৰি তাৰ লগত ২ চামুচ(ভৰা চামুচ) মিছিৰি মিহলাই এটা বহল মুখৰ বটলত ৰাখক। ৰাতিপুৱা আৰু গধূলি অলপ চেঁচাপানীৰে ১০-১২ দিন খাবলৈ দিয়ক পাকস্থলী সম্পৰ্কিত সকলো অসুখ দূৰ হ’ব। পেটৰ অৱস্থা উন্নত হ’ব। মৌৰি আৰু বগা জীৰা তাৱাত ভাজি খুন্দি গুড়ি কৰি লওক। তাৰে ৩ গ্ৰাম(ভৰা আধা চামুচ) ৩ ঘন্টা অন্তৰে অন্তৰে অলপ পানীৰে খুৱাওক। উদৰাময় প্ৰশমিত হ’ব। পনীয়া শৌচ নিয়ন্ত্ৰণ কৰাৰ ই এটি উত্তম ঔষধ। ইচবগুল গুড়ি ৫-১০ গ্ৰাম(১-২ চামুচ) ১২৫ মি:লি: দৈ বা ঘোলৰ সৈতে আগবেলা আৰু ৰাতি খালে উদৰাময় প্ৰশমিত হয়। ইচবগুলে মল গাঢ় কৰে আৰু পেটৰ যন্ত্ৰণা, পেট কামোৰ আদি দূৰ কৰে। অন্ত্ৰৰ কষ্ট কমাই দিয়ে। খোৱাৰ পাছত ২০০ মি:লি: ঘোলত(দৈৰ ঘোল) ভজা জীৰা ১ গ্ৰাম আৰু ক’লা নিমখ ১-২ গ্ৰাম মিহলাই খালে পনীয়া শৌচৰ অসুখ প্ৰশমিত হয়। ভজা জীৰা দৈত মিহলাই খালে শক্তি বাঢ়ে, তেনেকৈ ভজা মৌৰি চোবাই খালেও হজম শক্তি বাঢ়ে। শৌচ পানীৰ দৰে পাতল হ’লে: আধাকাপ উতলা পানীত ১ চামুচ আদাৰ ৰস মিহলাই যিমান গৰমে পাৰি খাবলৈ দিয়ক। এঘন্টাৰ মূৰে মূৰে খুৱাই থাকক। পানীৰ দৰে পায়খানা হোৱা বন্ধ হ’ব। ৰোগী সুস্থ হৈ উঠিব। শুকান আমলখি ৩০ গ্ৰাম বা যিমান লাগে বুলি ভাবে পানীৰে বটি মিহি থপথপীয়া কৰি লৈ নাভিৰ চাৰিওফালে কুঁৱাৰ মুখৰ দৰে কৰি নাভিটো ঘেৰি লওক। নাভি কিন্তু খোলা থাকিব লাগিব অৰ্থাৎ নাভিৰ ওপৰত আমলখিৰ মণ্ড নিদিব। আৰু ততাতৈয়াকৈ সেই ঘেৰাও কৰি লোৱা নাভিৰ ওপৰত আদাৰ ৰস ঢালি ভৰাই দিয়ক। ভয়ংকৰ ধৰণৰ পাতল পায়খানা হ’লেও দ্ৰুত প্ৰশমিত হৈ যাব। ইয়াৰ বাবে ৰোগীক চিত কৰি শুৱাই ল’ব। খুব সোনকালেই সমস্যা নিয়ন্ত্ৰণ হৈ যাব। লেখক: ব্ৰজনাথ শৰ্মা