ষ্ট্ৰ’ক বা পক্ষাঘাত হ’ল মগজুৰ ৰক্ত নলিকাবোৰত হোৱা এবিধ ৰোগ। মানুহৰ মগজুৰ ওজন ১৩০০-১৪০০ গ্ৰাম। মগজুটোক কাৰ্যক্ষম কৰি ৰাখিবৰ বাবে প্ৰতি ১০০ গ্ৰাম মগজুত প্ৰতি মিনিটত ৬০০ মিঃলিঃ তেজৰ প্ৰয়োজন হয়। উক্ত তেজখিনি ৰক্তবাহী নলিকাবোৰৰ মাধ্যমত হৃদপিণ্ডই পাম্প কৰি মগজুলৈ পঠিয়াই দিয়ে। বিভিন্ন বিসংগতিৰ ফলত ৰক্তবাহী নলিকাবোৰ বন্ধ হৈ যাব পাৰে বা ফাটি যায়। তেতিয়া মগজুলৈ তেজ চলাচল ব্যাহত হয়। ইয়াৰ ফলত সৃষ্টি হোৱা সমস্যাক ষ্ট্ৰ’ক বা পক্ষাঘাত বুলি কোৱা হয়। ষ্ট্ৰ’ক সাধাৰণতে যিকোনো বয়সতে হ’ব পাৰে। এবছৰীয়া শিশুৰ পৰা সত্তৰৰ ঊৰ্ধ্বৰ বৃদ্ধলৈকে ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে। বয়স বাঢ়ি যোৱৰ লগে লগে ষ্ট্ৰ’কৰ সম্ভাৱনাও বাঢ়ি গৈ থাকে। সাধাৰনতে ৩৫-৪০ বছৰ অতিক্ৰম কৰাৰ পিছত ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। এজন ব্যক্তি ষ্ট্ৰ’কত আক্ৰান্ত হ’লে তলত দিয়া লক্ষণসমূহে দেখা দিব পাৰে-

১)মুখৰ এফাল বেঁকা হৈ যোৱা,

২)শৰীৰৰ এফাল দুৰ্বল হৈ যোৱা,

৩)কথা কোৱা বা বুজি পোৱাত অসুবিধা হোৱা,

৪)চকুৰে মনিব নোৱাৰা হোৱা,

৫)শাৰীৰিক ভাৰসাম্য হেৰুৱাই পেলোৱা।

ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত ঘাইকৈ-

১)অত্যধিক ধূমপান কৰিলে,

২)উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীগ,

৩)বহুমূত্ৰ ৰোগ,

৪)শৰীৰত শৰ্কৰাৰ মাত্ৰা অধিক হ’লে,

৫)শাৰীৰিক পৰিশ্ৰমৰ অভাৱত,

৬)খাদ্যত সেউজীয়া শাক-পাচলিৰ অভাৱৰ ফলত,

৭)হৃদপিণ্ডৰ বিসংগতিৰ ফলত।

ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ৰোগীক সোনকালে(তিনি ঘন্টাৰ ভিতৰত) চিকিৎসালয়লৈ নি চিকিৎসা কৰাব লাগে। যিহেতু ৰক্তনলী বন্ধ হৈ গ’লে বা ফাটি যোৱাৰ ফলত এজন ৰোগী ষ্ট্ৰ’কত আক্ৰান্ত হয় গতিকে চিকিৎসাৰ দ্বাৰা ৰোগীজনক আৰোগ্যৰ পথলৈ আনিব পাৰি। ৰোগীজনক উন্নত মানৰ দৰব প্ৰয়োগৰ যোগেদি আৰোগ্য কৰিব পৰা যায়। ষ্ট্ৰ’ক হোৱা বুলি সন্দেহ কৰিলেই ৰোগীজনক চিকিৎসালয়লৈ নি মগজুৰ চিটি স্কেন কৰিব লাগে। চিটি এনজিঅ’গ্ৰাফীৰ দ্বাৰাও ৰক্তক্ষৰণ হ’ব পৰা ৰোগীক চিনাক্ত কৰিব পাৰি। আজিকালি চিকিৎসা পদ্ধতি যথেষ্ট উন্নত মানৰ। ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ৰোগীক তিনি ঘন্টাৰ ভিতৰত চিকিৎসা কৰিলেহে কাৰ্যকৰী হয়। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে সেউজীয়া শাক-পাচলি খাব লাগে।

লেখিকা: সুল্লভী ফুকন(ৰাইজৰ বাতৰি)