স্নায়ৱিক দুৰ্বলতা দীৰ্ঘদিন ধৰি কোনো টান ৰোগত ভুগিলে স্বাভাৱিকতে স্নায়ুক দুৰ্বল কৰে। শৰীৰৰ পৰিপুষ্টিৰ অভাৱত স্নায়ু দুৰ্বল হয় আৰু দুখ-শোক, চিন্তা বা হতাশাত ভুগিলে নাইবা অন্যান্য কাৰণতো এই ৰোগ হ’ব পাৰে। দৰব শতমূলৰ শিপাৰ ৰস ৫০ গ্ৰাম একাপ গৰম গাখীৰৰ লগত দিনে এবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা নাইকিয়া হয়। ৰঙালাউ বা কোমোৰাৰ পূৰঠ গুটি বাকলি এৰুৱাই গুড়ি কৰি এক চামুচৰ লগত মৌ এক চামুচ মিহলাই দিনে দুবাৰকৈ খালে স্নায়ুৰ দুৰ্বলতা দূৰ হয়। একাপ গৰম গাখীৰৰ লগত ৮/১০ টা বাদাম পিহি এক চামুচ মিচিৰি মিহলাই নিশা শোৱাৰ আগতে খালে স্নায়ু বা মগজুৰ দুৰ্বলতা নাশ হয়। ব্ৰাক্ষ্মী শাক ঘিউৰে ভাতৰ লগত নিয়মিত কিছুদিন খালে নাইবা ইয়াৰ ৰস ৫০ গ্ৰাম দৈনিক পুৱাই খালী পেটত খালে স্নায়ৱিক দুৰ্বলতা দূৰ হয়। মানিমুনি, চেঙেৰীটেঙা নাইবা হেলচি শাকৰ তৰকাৰী কৰি নিয়মিত কিছুদিন খালে যথেষ্ট উপকাৰ পোৱা যায়। মিঠা কলমৌ শাকৰ ৰস খালেও একে উপকাৰ হয়। বান্দৰ কেঁকোৱাৰ গুটি ২ গ্ৰাম গুড়ি কৰি মৌৰে দিনে দুবাৰকৈ খালে স্নায়ৱিক ৰোগ আৰোগ্য হয়। কেঁচা আমলখিৰ ৰস ২/৩ চামুচত মিচিৰি মিহলাই দিনে দুবাৰকৈ খালে স্নায়ুৰ দুৰ্বলতা দূৰ হয়। বগা অপৰাজিতাৰ শিপাৰ ৰস ২/৩ চামুচ দিনে দুবাৰকৈ খালে যথেষ্ট উপকাৰ পোৱা যায়। ব্ৰাক্ষ্মী শাকৰ চূৰ্ণ ৮ গ্ৰামত শতমূলৰ ৰস ২/৩ চামুচ মিহলাই দিনে দুবাৰকৈ খালে স্নায়ুৰোগত ভাল কাম কৰি দিয়ে। পচতীয়া পাতৰ ৰস দুই চামুচত চেনি মিহলাই দিনে দুবাৰকৈ খালে নাইবা পাতৰ তৰকাৰি কৰি খালে ভাল উপকাৰ পোৱা যায়। মাখনত চেনি মিহলাই খালে স্নায়ুৰ দুৰ্বলতা নাশ হয়। কেঁচা নহৰু ভাতৰ লগত দৈনিক ৪/৫ কোহ খালে স্নায়ুৰ বা মগজুৰ দুৰ্বলতা দূৰ হয়। নিতৌ গাজৰ, আপেল নাইবা পকা আমৰ ৰস খাব পাৰিলে স্নায়ুৰ দুৰ্বলতা কমে। বচ তেলেৰে মালিচ কৰি ভাল উপকাৰ হয় আৰু কোমোৰাৰ আঞ্জা ৰান্ধি বা কেঁচাই খাব পাৰিলে ভাল উপকাৰ হয়। গাজৰৰ ৰসৰ লগত গাখীৰ আৰু বাদাম মিহলাই নিয়মিত কিছুদিন খালে স্নায়ৱিক ৰোগ সোনকালে নিৰাময় হয়। ব্ৰাক্ষ্মী শাকৰ চূৰ্ণ নিয়মিত খালে সকলো ধৰণৰ স্নায়ু বিকাৰ দূৰ হয়। অশ্বগন্ধাৰ চূৰ্ণ ৫ গ্ৰাম গাখীৰেৰে দিনে দুবাৰকৈ খালে স্নায়ৱিক দুৰ্বলতা দূৰ হয়। লিখক: সত্যৰাম নাথ, সম্ভাৰ।