ডায়েবেটিছ থকা লোকৰ বয়স বৃদ্ধি আৰু ৰোগ পুৰণি হৈ অহাৰ লগে লগে স্নায়ৱিক সমস্যাবোৰে দেখা দিয়ে। তদুপৰি অত্যধিক ওজন থকা লোক আৰু কলেষ্টৰেলৰ পৰিমাণ বেছি থকা লোকৰো স্নায়ৱিক সমস্যাই দেখা দিয়ে। কাৰণ তেজত শৰ্কৰাৰ পৰিমাণ সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই ৰোগ হোৱাত অধিক সক্ৰিয় হৈ পৰে। ইয়াৰে ভিতৰত ডায়েবেটিছ ৰোগীৰ গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল- ভৰি দুখনৰ সমস্যা। কাৰণ ভৰি দুখনৰ সংবেদনশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। ভৰিৰ তলুৱাৰ সংবেদনশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। ভৰিৰ তলুৱাৰ সংবেদনশীলতা কমি অহাৰ ফলত এনে ৰোগীয়ে ভৰিৰ তলুৱাত পোৱা আঘাত আদিৰ যন্ত্ৰণা অনুভৱ কৰিব নোৱাৰা হোৱাৰ কাৰণে আঘাতৰ ফলত হোৱা ঘা নিয়ন্ত্ৰণহীনভাৱে বহলি যায়। এনে ৰোগীৰ কটা-ছিঙা হ’লে ঘা শুকুৱাত জটিল হৈ পৰে। কেতিয়াবা এনে ৰোগীৰ ভৰিত হোৱা জটিল ধৰণৰ ঘা আদিত ভূগিব লগা হ’লে অৱশেষত ভৰি কাটি পেলাবলগীয়া হয়। কাৰণ ডায়েবেটিছ ৰোগীসকলৰ ভৰি দুখনৰ সচেতনতা কমি অহাৰ ফলত ভৰি দুখনত আঘাত লাগিলেও গম নোপোৱাৰ বাবে চিকিৎসা কৰা বহু পলম হৈ যায়। তেজৰ সঞ্চালন কমি যোৱাৰ কাৰণে আনবোৰ সংক্ৰামক ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি যায়। এনে ৰোগীৰ তেজত আৰু কোষত বেছি পৰিমাণে শৰ্কৰা থকাৰ বাবে বেক্টেৰিয়াৰ সংক্ৰমণৰ মাত্ৰা বাঢ়ি অতি কম সময়ৰ ভিতৰত সংক্ৰমণ বৃদ্ধি কৰে। ভৰি দুখনক সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে। লক্ষণ ভৰি দুখন জিন-জিনাই, কোনোবাই পিনেৰে বিন্ধি দিয়াৰ দৰে লাগি থাকে। ভৰি দুখন জ্বলি- পুৰি থকাৰ দৰে লাগে। ভৰিত ঘা হৈ বহুদিন ধৰি নুশুকালে। ভৰি- হাত সাংঘাতিক গৰম হয় বা সাংঘাতিক ঠাণ্ডা হয়। ভৰি দুখন অসাৰ হৈ পৰে স্পৰ্শ কৰিলেও গম নাপায়। ৰাতি ভৰি দুখন আঘাত পোৱা যেন লাগে। ডায়েবেটিছ ৰোগীৰ ভৰি দুখনৰ সমস্যাত হোমিও আৰু আকুপাংচাৰ উন্নত মানৰ চিকিৎসা আছে। কিন্ত ৰোগীৰ আৰম্ভণিতে যদি চিকিৎসা কৰা হয় তেতিয়া হ’লে সোনকালে আৰোগ্য হ’ব, যদিহে ৰোগ পুৰণি হয় সম্পূৰ্ণ আৰোগ্য নহ’লেও ৰোগ বাঢ়ি যাব নোৱাৰে। এই ৰোগৰ হোমিও ঔষধবোৰ হ’ল Plumbum met এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ভৰি- হাত জিন- জিনাই থাকে, জোকাৰ মাৰি উঠে, অৱশ হয়, বিষ থাকে, কঁপি থাকে। দুয়োটা ভৰি ফুলি থাকে। সোঁ- ভৰিৰ বুঢ়া আঙুলি বিষ আৰু অত্যন্ত স্পৰ্শকাতৰ হয়। Rhustox এই ঔষধ ব্যৱহাৰ হোৱা ৰোগীৰ ভৰি- তলুৱা জ্বলা- পোৰা কৰে, জিন- জিনাই থাকে। আঁঠুত স্পৰ্শকাতৰতা থাকে। ভৰিৰ সাৰ- সিকতি নাথাকে। Silicea ভৰি দুখন শক্তিহীনতা। ভৰি দুখন বৰফৰ দৰে ঠাণ্ডা কিন্তু ঘাম ওলায় থাকে। নখৰ ওপৰত বগা বগা দাগ হয়। ভৰিৰ তলুৱাত বিষ থাকে। Secal Cor হাত- ভৰি বৰফৰ দৰে ঠাণ্ডা হয়। ভৰিৰ আঙুলি জিন- জিনাই থাকে। হাত ভৰি অসাৰতা। আঙুলিত অত্যন্ত বিষ থাকে। Avena Sativa হাত ভৰি পক্ষাঘাতৰ দৰে অসাৰতা। হাতৰ শক্তি কমি যায়। আকুপাংচাৰ বিন্দুবোৰ হ’ল U.B 36, U.B 37, U.B 40, U.B 54, U.B 57, U.B 60 আদি। এইবোৰ চিকিৎসা কৰাৰ উপৰিও ভৰি দুখনত মালিচ কৰাব পাৰে। সপ্তাহত দুই বা তিনিদিন লাহে লাহে মালিচ কৰাব পাৰে। মালিচ কৰাৰ ফলত দেহৰ কোষবোৰ পুনৰুজ্জীৱিত হৈ উঠে। তেজৰ চলাচল ভাল হয় আৰু পেশীবোৰ শক্তিশালী হৈ উঠে। ভৰি দুখনৰ যত্ন কেনেদৰে ল’ব ডায়েবেটিছ ৰোগীয়ে ভৰিত খাপ খোৱা কোমল, আৰামদায়ক জোতা পিন্ধিব। সদায় কটনৰ মোজা পিন্ধিব। ভৰিৰ নখ নেইল কাটাৰেৰেহে কাটিব। ব্লেড বা কেচিৰে নাকাটিব। সদায় ভৰি দুখন কোমল চাবোন আৰু কুহুমীয়া পানীৰে ধুব। ভৰি কেইখন দুই- তিনি দিনৰ মূৰে মূৰে ভালদৰে পৰীক্ষা কৰিব লাগে। যদিহে ভৰিত কিবা পৰিৱৰ্তন দেখে, যেনে- ছালৰ ৰং, ভৰি জ্বলা- পোৰা কৰা, সিৰ টনা, ভৰি কামুৰি থকা যেন লাগে তেতিয়া হ’লে সোনকালে অভিজ্ঞ চিকিৎসকৰ ওচৰত চিকিৎসা ল’ব লাগে। সাৱধানতা ডায়েবেটিছ ৰোগীৰ ভৰি সমস্যাত আক্ৰান্ত হ’লে বিশেষভাৱে যত্ন ল’ব লাগে। ঘৰৰ বাহিৰে- ভিতৰে সকলো সময়তে চেণ্ডেল পিন্ধি থাকিব লাগে। খহটা বা ভৰিত খাপ নোখোৱা জোতা নিপিন্ধিব। এনে জোতাই ভৰি কাটি পানী জোলা বান্ধিব পাৰে। পানী জোলা বান্ধিলে ফুটাই নিদিব। তিতি থকা চেণ্ডেল বা জোতা নিপিন্ধিব ভৰিত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। ভৰি ধোৱাৰ পিছত কাপোৰেৰে ভৰি দুখন মচি পাউদাৰ লগাব। কিন্তু ক্ৰীম বা এণ্টিচেপ্টিক ক্ৰীম ব্যৱহাৰ নকৰিব। ভৰি দুখনত জোৰেৰে মালিচ নকৰিব লাহে লাহে কৰিব। কেতিয়াও হট ৱাটাৰ বেগ বা হিটিং পেড ব্যৱহাৰ নকৰিব। ভৰিৰ নখো খুব চুটিকৈ নাকাটিব। এই নিয়ম- নীতিবোৰ মানি চলিলে ডায়েবেটিছ ৰোগীয়ে ভৰি দুখনৰ সমস্যাৰপৰা হাত সাৰি থাকিব পাৰিব। লেখিকাঃ ডাঃ ডুলুমণি দাস বণিয়া, দৈনিক অসম