দৈনন্দিন জীৱনত এনে বহু মানুহ লগ পোৱা যায় যিসকলৰ গাৰ ছালত বগা চকলা-চকল দাগ কিছুমান দেখিবলৈ পোৱা যায় আৰু সেইবিলাকে মানুহজনক দেখিবলৈ অশুৱনি কৰি পেলায়। ছালত এই বগা দাগ উদ্ভৱ হ’লে লাহে লাহে ই বাঢ়িবলৈ ধৰে আৰু পিছলৈ পোছাকে ঢাকিব নোৱাৰা বিভিন্ন অংগ বগা হৈ পৰে।এই ৰোগকে Leukoderma বা শ্বেতকুষ্ঠ বুলি কোৱা হয়। সমগ্ৰ দেহত এই ৰোগ হ’লে মানুহজনৰ জীৱনত নিশ্চয়কৈ পৰিৱৰ্তন আহে। কিন্তু শাৰীৰিকভাৱে অক্ষম নহয়। আমাৰ মানৱ সমাজত এই ৰোগটোক লৈ কিছুমান ভুল ধাৰনা আছে। এনে ৰোগ থকা লোকৰ সৈতে একেলগে বহিব নিবিচাৰে, খাব নিবিচাৰে।বহুতে স্পৰ্শ কৰিলে তেনে ৰোগ হ'ব বুলি ভাবে। ফলত ৰোগিজনে মানসিক আঘাত পায়। কিন্ত এই ৰোগটো স্ংক্ৰামক নহয়, তথাপি মানুহে এই ৰোগৰ ভয় আৰু বিতৃষ্ণাৰে চায়। আমাৰ চৰ্মৰ আভ্যন্তৰীণ আৱৰণত থকা, মেলান’ছাইট কোষবিলাকে এবিধ ৰঙীন পদাৰ্থ নি:সৰণ কৰি ছালৰ ৰ্ং প্ৰ্স্তুত কৰে।এ ই পদাৰ্থবিলাকক মেলানিন বুলি কোৱা হয়। ছালত থকা এই মেলান’ছাইট কোষবোৰ কোনো কাৰণত ঠায়ে ঠায়ে মৰি গ’লে সেই মৰা অংশত মেলানিন উৎপন্ন হ’ব নোৱাৰি প্ৰথমতে আলপ ৰঙচুৱা হয় আৰু তাৰ পিছত বগা হৈ লাহে লাহে গোটেই শৰীৰতে বিয়পি পৰে। কাৰণ- লিভাৰৰ অসুস্থতাৰ বাবে। পুৰণি বা ক্ৰ্নিক কোষ্ঠবদ্ধতাৰ বাবে। দেহৰ প্ৰ্তিৰোধ ক্ষমতা দুৰ্বল হ’লে। বিভিন্ন কল-কাৰখানা ৰাসায়নিক উদ্যোগ আদিত কাম কৰা মানুহে অপৰিশোধিত বায়ু বহু বছৰ ধৰি গ্ৰহনৰ ফলত। মানসিক উদ্বেগ-উত্তেজনা, খিঙখিঙীয়া স্বভাৱ আদিৰ ফলতো এই ৰোগ হ’ব পাৰে। শৰীৰত হোৱা বগা দাগৰ ৰোগত হোমিঅ’ চিকিৎসাত উন্নতমানৰ চিকিৎসা আছে। এই ঔষধবোৰ লক্ষণ অনুসাৰে ধৈৰ্য্য ধৰি ঔষধবোৰ খাই বা নীতি-নিয়মবোৰ মানি চলিলে সোনকালে আৰোগৎ লাভ কৰিব।ঔষধবোৰ হ’ল- Ars Sul Flav, Sulpher, Thuja, Psorinum, Petroleum আদি।ইয়াৰ লগতে প্ৰাথমিক চিকিৎসাও কৰিব পাৰে। ১।নীলা অপৰাজিতা ফুল, আঁহতৰ, শিপাৰ লগত বটি লগালে শৰীৰত হোৱা শ্বেতকুষ্ঠ ৰোগ আৰোগ্য হয়। ২।কলফুল, চজিনা, পুৰ্ননৱা, মানিমুনি শাকৰ তৰকাৰী কৰি খালে এই ৰোগ আৰোগ্য হয়। এই ৰোগত খাবলগীয়া বস্তুবোৰ হ’ল- নিৰামিষ ভোজন, তিতা, পটল, কলডিল, পচলা, কলমৌ শাক, পুনৰ্নৱা, গাখিৰ, ঘিউ, মাখন আদি। খাব নলগীয়াবোৰ হ’ল- দৈ, বেঙেনা, কচু, মিঠা বস্তু, বৰালি মাছ, তেল মছ্লাযুক্ত খাদ্য, টেঙা বস্তু, চাহ, তামোল-পান, ধপাত মাদক দ্ৰব্য আদি। লেখিকা- ডা:ডুলুমনি দাস, লিখনি প্ৰদানকাৰীঃ প্ৰিয়দৰ্শিনী মেধী