তিনিজন ৰোগীৰ কথাৰে আজিৰ লিখনিটো আগবঢ়াই নিবলৈ ওলাইছো।

প্ৰথম ৰোগী -

এগৰাকী পয়ত্ৰিছ বছৰীয়া মহিলা। দ্বিতীয় সন্তান গাত থকা অৱস্থাত হাইপো থাইৰয়ড ধৰা পৰিলে।চিকিৎসকে থাইৰয়ড ঔষধ দি কলে সন্তান জন্ম হোৱাৰ পিছত প্ৰায়ভাগ ৰোগীৰ থাইৰয়ড সঠিক অৱস্থালৈ ঘূৰি আহে। নিশ্চয় তোমাৰো আহিব।

সন্তান জন্ম হ'ল কিন্তু থাইৰয়ড কমি ন'গল আৰু তেওঁ ঔষধ নিয়মিত খাই থাকিলে।সন্তানে যাতে গাখীৰ ঠিকমতে পায় তাৰবাবে পুষ্টিকৰ আহাৰ খাবলৈ দিলে।তেওঁ নিয়মিত কণী, গাখীৰ, কাজু আদি খাবলৈ ললে আৰু এবছৰত প্ৰায় দহ কিলোগ্ৰাম মান ওজন বাঢ়িল।

গা ভাৰী ভাৰী হ'ল আৰু টোপনি বাঢ়ি গ'ল। চিকিৎসকৰ ওচৰত গৈ পৰীক্ষা কৰি গম পালে ব্লাড চুগাৰ বাঢ়িছে। চুগাৰৰ ঔষধ খোৱা আৰম্ভ কৰি দিলে। কিছুদিন পিছত মূৰ ঘূৰোৱা আৰম্ভ হ'ল আৰু প্ৰেচাৰ জুখি গম পালে ব্লাড প্ৰেচাৰ বহু বাঢ়িছে। ৰোগীজনীয়ে নিয়মিত গৰ্ভ নিৰোধক বড়ি খাইছিল।

দ্বিতীয় ৰোগী -

যোৱা ছেপ্টেম্বৰ মাহত এইজন ৰোগী মোৰ ওচৰলৈ আহিছিল। তেওঁ অতি শকত আছিল।কোৱা মতে এয়া হেনো তেওঁৰ বংশগত।

হঠাৎ মানুহজন ক্ষীণাবলৈ ধৰিলে। প্ৰথমে তেওঁৰ ভালেই লাগিছিল।পিছত যেতিয়া তেওঁৰ পেচাব বেছি হবলৈ ধৰিলে তেতিয়াহে চিন্তিত হৈ চিকিৎসকৰ ওচৰ চাপিলে আৰু গম পালে তেওঁৰ ব্লাড চুগাৰ গৈ চাৰিশ অতিক্ৰম কৰিছে।

চিকিৎসকে ততাতয়াকৈ ইনচুলিন বেজী দি চুগাৰ নিয়ন্ত্ৰণ কৰিলে যদিও কিছুদিন পিছত ব্লাড প্ৰেচাৰ বহু বাঢ়ি গ'ল। এনেদৰে এবছৰমান চলিল। চুগাৰ প্ৰায়েই বেছি থাকে যদিও বেছি অসুবিধা অনুভৱ কৰা নাছিল।কিন্তু হঠাতে মুখখন আৰু ভৰিদুখন ফুলিব ধৰিলে।

তেওঁ লগে লগে চিকিৎসকৰ পৰামৰ্শ বিচাৰিলে আৰু চিকিৎসকে পৰীক্ষা কৰি কলে যে তেওঁৰ হাইপো থাইৰয়ড হৈছে অৰ্থাৎ থাইৰয়ড গ্ৰন্থিৰ ক্ৰিয়াশীলতা কমি গৈছে।

তৃতীয় ৰোগী -

এইজন ৰোগীৰ বয়স 55।তেওঁৰ আগতে হেনো কোনো বেমাৰেই নাছিল। কেৱলমাত্ৰ প্ৰেচাৰ বেছি থাকে আৰু প্ৰেচাৰ বঢ়িলে ঔষধ খায়। এওঁৰ এখন হোটেল আছে আৰু খোৱা বোৱা সদায় হোটেলতে কৰে কিয়নো তেওঁ অবিবাহিত। কেইদিনমান পিছত তেওঁৰ হাইপো থাইৰয়ড হ'ল।

মানুহজনে যোৱা দহ বছৰ নিয়মিত তিনি পেগ কৈ মদ্যপান কৰে। চিকিৎসকে ঔষধ নিয়মিত খাবলৈ দিলে যদিও তেওঁ বিশেষ কোনো অসুবিধা নোপোৱাত কোনো ঔষধ গ্ৰহণ কৰা নাছিল।

কিন্তু থাইৰয়ড ধৰা পৰাৰ এবছৰ পিছত তেওঁ যথেষ্ট শকত হবলৈ ধৰিলে আৰু বন্ধুবোৰে ভালদৰে পৰীক্ষা কৰিব কোৱাত গম পালে তেওঁৰ ডায়েবেটিজ আৰম্ভ হৈছে।

উপৰি উক্ত তিনিওগৰাকী ৰোগী মোৰ ওচৰলৈ আহিছিল।প্ৰথম আৰু দ্বিতীয় গৰাকীয়ে থাইৰয়ড, প্ৰেচাৰ আৰু ডায়েবেটিজৰ ঔষধ নিয়মিত খাই আছিল আৰু শেষৰ জনে কোনো ঔষধেই সেৱন কৰা নাছিল।

তিনিওজনেই একেটাই প্ৰশ্ন কৰিছিল যে কিয় তেওঁলোকৰ এটাৰ পিছত আন এটি ৰোগ হ'ল? এই তিনিওবিধ ৰোগৰ কিবা সম্পৰ্ক আছে নেকি?

ৰোগী কেইজনক দিয়া উত্তৰ খিনিয়েই লিখিত আকৃতিত আপোনালোকলৈ আগবঢ়ালো। প্ৰথমতে ৰোগ তিনিটিৰ বিষয়ে সম্যক জ্ঞান দি বুজাবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকে অতি সহজে বুজি পাব।

আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ যে ওপৰত উল্লেখ কৰা ৰোগ তিনিবিধ একেজন ৰোগীৰ শৰীৰত প্ৰায়েই দেখা দিবলৈ লৈছে। কাৰোবাৰ প্ৰথম ডায়েবেটিজ হয়, পিছত হাইপো থাইৰয়ড আৰু হাইপ্ৰেচাৰ।

আন কিছুমানৰ কেইমাহ মান হাইপো থাইৰয়ড হৈ পিছলৈ হাইপ্ৰেচাৰ আৰু ডায়েবেটিজ হয়। কিছুমানে আকৌ হাইপ্ৰেচাৰ ৰোগত ভুগি থাকে বহুদিন, পিছলৈ হাইপো থাইৰয়ড আৰু ডায়েবেটিজত ভোগে।

প্ৰথমে আহিছো ডায়েবেটিজৰ বিষয়ে আলোচনা কৰিবলৈ। ডায়েবেটিজৰ বিষয়ে কম বেছি পৰিমানে আপোনালোক আটায়ে জানে যে আমাৰ শৰীৰৰ পেটত থকা পেংক্ৰিয়াছ গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা ইনচুলিন নামৰ হৰমন বিধৰ নিঃসৰণ কমি গলে ব্যক্তিজনে ডায়েবেটিজ ৰোগত ভোগা।

ইনচুলিনে আমাৰ শৰীৰৰ কাৰ্বোহাইড্ৰেদযুক্ত খাদ্য সমূহ গ্লুকোচলৈ ৰূপান্তৰিত কৰি গ্লুকোজক কোষবোৰৰ ভিতৰলৈ লৈ গৈ গ্লাইক'জেনলৈ পৰিৱৰ্তিত কৰাত সহায় কৰে।

কোষ বোৰৰ শক্তি প্ৰদান কৰে কেৱল মাত্ৰ গ্লাইকোজেনে আৰু ইয়াৰ প্ৰভাৱতেই কোষ কৰে লাগতিয়াল আটাইবোৰ কাম কৰি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে।

ভাৰত বর্ষত বেছিভাগ ডায়েবেটিজ ৰোগী শকত হয় অৰ্থাৎ শৰীৰত চৰ্বি বেছিকৈ জমা হোৱা ব্যক্তিৰ ডায়েবেটিজ হোৱাৰ সম্ভাৱনা বেছি। বেছিকৈ শকত চৰ্বী যুক্ত ব্যক্তিৰ নানান অসুবিধা হয় যাক চিকিৎসা বিজ্ঞানে চিন্দ্ৰম এক্স বা মেটাবলিক চিন্দ্ৰম নামেৰে নামাকৰণ কৰিছে।

শকত ব্যক্তিৰ শৰীৰত জমা হোৱা চৰ্বীয়ে কোষবোৰৰ বাহ্য আৱৰণৰ ওপৰত জমা হবলৈ ধৰে। এনে পৰিস্থিতিক ইনচুলিন ৰেচিষ্টেন্স বুলি জনা যায়।

অৰ্থাৎ ইনচুলিনে কোষৰ ভিতৰলৈ গ্লুকোজ সমূহ সংবহন কৰাত বাধা প্ৰদান কৰে কোষৰ বাহিৰত জমা হোৱা চৰ্বিয়ে।

গ্লুকোজ সমূহ কোষলৈ যাব নোৱাৰি তেজতে জমা হবলৈ ধৰে আৰু তেতিয়াই ৰোগীজনৰ তেজৰ গ্লুকোজ বাঢ়ে যাক ডায়েবেটিজ নামেৰে জনা যায়। এই ধৰণৰ ডায়েবেটিজক টাইপ টু ডায়েবেটিজ বুলি জনা যায়।

থাইৰয়ড গ্ৰন্থি আমাৰ ডিঙিত অবস্থিত। আমাৰ শৰীৰৰ ধাতুসমূহক খাদ্য যোগান ধৰাত সহায় কৰে থাইৰ'ক্সিণ নামৰ এবিধ হৰমনৰ সহায়ত। এই হৰমন বিধ নিয়মিত ক্ষৰিত হৈ থাকিলে আমাৰ শৰীৰৰ মেটাবলিক প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হয়।

বেছিকৈ নিঃসৰিত হলে ধাতু সমূহৰ ক্ষয় হয় আৰু ৰোগীজন ক্ষীনাই যায় যাক হাইপাৰ থাইৰয়ড ৰোগ বুলি কোৱা হয়। যদি এই হৰমন বিধৰ নিঃসৰণ কমি যায় তেন্তে আমাৰ খাদ্য সমূহৰ পচন সঠিক নহয়।

যাৰ ফল স্বৰূপে কোষ বোৰ নিষ্ক্ৰিয়ও হয় আৰু শৰীৰত চৰ্বী জমা হবলৈ ধৰে, ৰোগীজন শকত হবলৈ ধৰে। এনে অৱস্থাক হাইপো থাইৰয়ড ৰোগ বুলি কোৱা হয়।

হৃদয়ৰ ক্ৰিয়াশীলতাৰ তাৰতম্য,মস্তিষ্কৰ অতি ক্ৰিয়াশীললতা, টেনশ্যন, বৃক্কৰ বেমাৰ, খাদ্য অভ্যাসৰ ফলত আমাৰ ব্লাড প্ৰেচাৰ বাঢ়িবলৈ ধৰে। ইয়াৰোপৰি কেতবোৰ অজ্ঞাত কাৰণটো আমাৰ ব্লাড প্ৰেচাৰ বাঢ়ে।

এতিয়া আহিছো ওপৰৰ শিৰোনামলৈ। কেনেকৈ ওপৰোক্ত ৰোগ সমূহৰ এটাৰ লগত আন ৰোগ সমূহৰ সম্পৰ্ক?

সাধাৰণতে শকত হোৱাৰ আঁৰত অত্যধিক চৰ্বিযুক্ত আহাৰ খোৱা, পৰিশ্ৰম নকৰা আদি প্ৰধান কাৰণ যদিও থাইৰয়ড গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা থাইৰক্সিণ হৰমনৰ নিঃসৰণ কম হলেও ৰোগীজন শকত হবলৈ ধৰে।

এনে অৱস্থাত শৰীৰৰ চৰ্বী সমূহৰ পচন কমকৈ হবলৈ ধৰে। যাৰ ফলত ব্যক্তিজন শকত হয়, ইনচুলিন ৰেচিষ্টেন্স হয় আৰু ডায়েবেটিজ ৰোগত ভোগে। শৰীৰৰ চৰ্বী বেছিকৈ জমা হোৱা মানে চৰ্বী সমূহ প্ৰথমে তেজত তাৰ পিছতহে শৰীৰৰ কোষত জমা হয়।

সেয়েহে ৰক্ত নলীৰ ভিতৰত চৰ্বী জমা হবলৈ ধৰে আৰু ৰক্ত সংবহনত বাধাৰ সৃষ্টি কৰে। এই বাধাক পেৰিফেৰেল ৰেচিষ্টেন্স বুলি কোৱা হয়।পেৰিফেৰেল ৰেচিষ্টেন্স বঢ়া মানেই ৰক্তৰ প্ৰেচাৰ বঢ়া যাক হাই ব্লাড প্ৰেচাৰ বুলি জনা যায়।

এতিয়া পুনৰ উভটিছো ওপৰৰ ৰোগী তিনিজনলৈ।

প্ৰথম ৰোগীজনীৰ গৰ্ভস্থ সন্তান থকা অৱস্থাতে হাইপো থাইৰয়ড ধৰা পৰিল। পিছলৈ অত্যাধিক শকত হোৱাৰ কাৰণ খাদ্যৰ লগতে গৰ্ভ নিৰোধক ঔষধ। অত্যাধিক চৰ্বী জমা হোৱা বাবেই তেওঁৰ ইনচুলিন ৰেচিষ্টেন্স আৰম্ভ হ'ল যাৰ ফলত ডায়েবেটিজ ৰোগে বাঁহ পাতিলে।

খাদ্য, গৰ্ভ নিৰোধক ঔষধ লগতে বহু দিনলৈ হাইপো থাইৰয়ড ৰোগত ভুগি থকা বাবে ৰক্ত নলীৰ ভিতৰত চৰ্বী জমা হ'ল যাৰ ফলত হাই প্ৰেচাৰ ৰোগত আক্ৰান্ত হ'ল। তিনিটা ৰোগ একেলগে দেহত বাস কৰাৰ ফলত মানসিক টেনশ্যন বাঢ়িবলৈ ললে আৰু প্ৰেচাৰ ক্ৰমান্নয়ে নকমা হৈ আহিল।

দ্বিতীয়জন ৰোগী যিহেতু সৰুৰে পৰা শকত আৰু তেওঁৰ এয়া বংশগত সেই বাবে বংশানুক্ৰমে ভাবে তেওঁ কেতবোৰ জিন বহন কৰিছে যিয়ে তেওঁক শকত হোৱাত ভূমিকা লৈছে। তেওঁ হঠাৎ ক্ষীণাৱ ধৰিলে আৰু পৰীক্ষাত ডায়েবেটিজ ধৰা পৰিল।

শকত ৰোগী এজনৰ ডায়েবেটিজ বুলি গম পোৱাৰ আগৰে পৰা তেওঁৰ ৰক্তত চুগাৰৰ পৰিমাণ বাঢ়িব ধৰে।কিয়নো তেওঁৰ কোষবোৰ চৰ্বিয়ে আৱৰি আছে যাৰ ফলত গ্লুকোচ সমূহ কোষৰ ভিতৰলৈ নাযায় ফলত তেজতে জমা হবলৈ ধৰিলে।

এনে ৰোগীৰ পেংক্ৰিয়াছেও পৰ্য্যাপ্ত পৰিমানে ইনচুলিন ক্ষৰণ কৰি কৰি ভাগৰি পৰে আৰু এটা সময়ত ইনচুলিনৰ ক্ষৰণ কমিবলৈ ধৰে। শৰীৰৰ কোষবোৰে গ্লুকোজ নাপায় মস্তিস্কলৈ নাৰ্ভৰ সহায়ত বাৰ্তা প্ৰেৰণ কৰে যে সিহঁতবোৰে গ্লুকোচ পোৱা নাই। এনে অৱস্থাত শৰীৰে, শৰীৰত জমা হোৱা ফেট সমূহ গলাবলৈ আৰম্ভ কৰে। এই অৱস্থাক লাইপোলাইছিছ বুলি কোৱা হয়।

ফেট বোৰ পনীয়া হয় যাক ফেটি এচিড বোলে। গ্লুকোচ উৎপাদনৰ প্ৰথম আধাৰ হৈছে কাৰ্বোহাইড্ৰেট, তাৰ পিছত ফেট আৰু শেষলৈ প্ৰটিন। অৰ্থাৎ কাৰ্বোহাইড্ৰেটৰ বাহিৰেও ফেট আৰু প্ৰটিনৰ পৰাও গ্লুকোচ উৎপাদন হব পাৰে।

এনে প্ৰক্ৰিয়াক নিওগ্লুকোজেনেছিছ বুলি কোৱা হয়। ফেট বোৰ গলি উৎপাদিত হোৱা ফেটি এচিডে কোষবোৰক শক্তি যোগাবলৈ চেষ্টা কৰে যদিও কোষবোৰৰ ভিতৰত প্ৰৱেশৰ পথ বিচাৰি নাপায়।

যাৰ ফলত তেজত এইবোৰ জমা হবলৈ ধৰে। এই প্ৰক্ৰিয়া কিছু দিনলৈ চলি থকাৰ ফলত ব্যক্তিজনৰ শৰীৰত ফেট আৰু প্ৰটিন কমি ক্ষীনাবলৈ আৰম্ভ কৰে। ইপিনে বৰ্ধিত চুগাৰৰ ফলত বৃক্কৰ ৰক্ত পৰিশোধন প্ৰক্ৰিয়া বাঢ়িবলৈ ধৰে আৰু ৰোগীজনৰ অত্যাধিক পেচাব হয়।

এই বাবেই এই ৰোগীজন চিকিৎসকৰ ওচৰলৈ আহোতে ক্ষীনাই গৈছিল আৰু পেচাব অত্যাধিক হৈছিল। চুগাৰ ইনচুলিনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হ'ল যদিও ৰোগীজনৰ অমনযোগিতাৰ বাবে সম্পূৰ্ন কমি নগৈ কিছু পৰিমানে বাঢ়ি থাকিল।

ৰক্তত খালি পেটত 100mg /dl আৰু খাদ্য খোৱাৰ দুঘণ্টা পিছত 140mg/dl তকৈ বেছি চুগাৰ থাকিলে ফেটৰ ভাঙোন প্ৰক্ৰিয়া চলি থাকে আৰু ফেটবোৰ ধমনিত জমা হবলৈ ধৰে বাবেই ৰোগীজনে পিছলৈ হাইপ্ৰেচাৰ ৰোগত ভুগিব ধৰিলে। বহুদিন চুগাৰ ৰোগত ভুগি থকা ৰোগীৰ কোষবোৰে লাগতিয়াল তত্বৰ অভাৱত ভুগিবলৈ ধৰে।

যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমিবলৈ ধৰে আৰু আমাৰ শৰীৰৰ হৰমন সমূহৰ নিঃসৰণত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে ৰোধীজনে পৰবৰ্তী সময়ত হাইপো থাইৰয়ড ৰোগত ভুগিব আৰম্ভ কৰিলে।

গতিকে আমি দেখিলো কেনেদৰে শকত ব্যক্তি এজন ডায়েবেটিজ ৰোগত ভুগি পৰৱৰ্তী সময়ত হাই ব্লাড প্ৰেচাৰ আৰু হাইপো থাইৰয়ড ৰোগত আক্ৰান্ত হ'ল।

এতিয়া আহিছো তৃতীয়জন ৰোগীৰ কথালৈ।তেওঁ এজন ব্যৱসায়ী। নিজৰ হোটেল আছে আৰু খোৱা লোৱা তাতেই কৰে। সদায় মদ খায়। তেওঁৰ জীৱন শৈলীৰ পৰা গম পোৱা গ'ল যে তেওঁ মানসিক টেনশ্যনত থাকে। লগতে খাদ্য অভ্যাস ঠিক নহয়।

যিহেতু হোটেলত নিকৃষ্ট মানদণ্ডৰ তেল ব্যৱহাৰ হয়। সেয়েহে বহুদিন হোটেলৰ খাদ্য গ্ৰহণ কৰা ব্যক্তিৰ তেজত চৰ্বী বাঢ়িবলৈ ধৰে। এই আটাইবোৰ কাৰণতেই তেওঁৰ পোনতে হাইপ্ৰেচাৰ ৰোগত আক্ৰান্ত হ'ল কিজানি।

তেওঁ নিয়মিত ঔষধ সেৱন নকৰাৰ ফলত তেজত চৰ্বী ক্ৰমান্নয়ে বাঢ়ি থাকিল। খাদ্যৰ বিশংগতিয়ে তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ ফলত হয়তো হাইপো থাইৰয়ড ৰোগত আক্ৰান্ত হ'ল।

ইয়াৰো ঔষধ তেওঁ সঠিক ভাবে গ্ৰহণ নকৰিলে যাৰ ফলত শকত হবলৈ ধৰিলে আৰু কালক্ৰমত ওপৰত উল্লেখ কৰাৰ দৰে তেওঁৰ ইনচুলিন্স ৰেচিষ্টেন্স আৰম্ভ হ'ল আৰু শেষত ডায়েবেটিজ ৰোগত আক্ৰান্ত হ'ল।

উপৰি উক্ত তিনিওজন ৰোগীৰে ৰোগৰ আৰম্ভণি ভিন্ন। ৰোগৰ পৰিক্ৰমা ভিন্ন।কিন্তু মোৰ ওচৰত আহোতে তিনিও জনৰে কিন্তু সমস্যা একে অৰ্থাৎ তিনিওজনেই হাই ব্লাড প্ৰেচাৰ, হাইপো থাইৰয়ড আৰু ডায়েবেটিজ ৰোগত আক্ৰান্ত।

ওপৰৰ আলোচনাৰ পৰা আপোনালোকে এই তিনিওবিধ ৰোগৰ এটাৰ লগত আনটোৰ কি সম্পৰ্ক নিশ্চয় বুজি পাইছে। আয়ুৰ্বেদৰ মতে এনেদৰে এটাৰ পৰা আন এটি ৰোগৰ সৃষ্টি হলে তাক নিদানাৰ্থকৰক ৰোগ বুলি কোৱা হয়।

কিন্তু এটা কথা মনত ৰাখিব যে এটা ৰোগ থাকিলেই যে আনটো ৰোগ হবই লাগিব তাৰ কোনো বাধ্য বাধকতা নাই।

কিন্তু এটা ৰোগত ভুগিলে যদি ৰোগীজন সাৱধান নহয় তেন্তে আন ৰোগটো যে আক্ৰান্ত হোৱাৰ সম্ভৱনা থাকে সেই কথাটোহে বুজাবলৈ এই লিখনীটোৰে চেষ্টা কৰিলো।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711