হৃদযন্ত্ৰটো এক বিশেষধৰণৰ মাংসপেশীৰে গঠিত এটা অংগ যিয়ে মাতৃগৰ্ভত থকাৰ পৰাই নিজৰ কাম আৰম্ভ কৰে আৰু মৃত্যু পৰ্যন্ত অবিৰাম গতিত কাম কৰি যায়। হৃদযন্ত্ৰৰ কাম হৈছে শৰীৰত ৰক্ত সঞ্চালন কৰা। বিভিন্ন কাৰণত, যেনে- বহু দিন ধৰি থকা উচ্চ ৰক্তচাপ, বহুমূত্ৰ ৰোগ, হাৰ্টএটেক বা অন্য কিছুমান স্বাস্থ্যজনিত কাৰণত হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল হ’ব পাৰে। এনে ক্ষেত্ৰত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা যথেষ্ট হ্ৰাস পায় আৰু শৰীৰৰ ৰক্ত সঞ্চালনৰ ক্ষমতা কমি যায়। ফলত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগসমূহ ৰক্ত আৰু অক্সিজেনৰ অভাৱত ভোগে আৰু শৰীৰত বিভিন্ন ধৰণৰ বিসংগতিয়ে দেখা দিয়ে।

‘হাৰ্টফেইলিয়ৰ’ বুলিলে ই হৃদপিণ্ডৰ ক্ৰিয়াসমূহ বন্ধ হৈ যোৱাটো নুবুজায়। ইয়াৰ অৰ্থ হ’ল হৃদপিণ্ডই যিমান সূচাৰুভাৱে শৰীৰৰ ৰক্ত সঞ্চালন কৰিব লাগিছিল, তেনে ধৰণে কৰিবলৈ অসমৰ্থ হয়। ইয়াৰ ফলত উদ্ভৱ হোৱা বিভিন্ন শাৰীৰিক বিসংগতিয়ে হৈছে হাৰ্টফেইলিয়ৰৰ বিভিন্ন লক্ষণসমূহ।

এইটো উল্লেখযোগ্য যে, হৃদযন্ত্ৰৰ মাংসপেশীসমূহ দুৰ্বল বা নষ্ট নোহোৱাকৈও এজন ব্যক্তি হাৰ্টফেইলিয়ৰত ভুগিব পাৰে। হাৰ্টফেইলিয়ৰত ভোগা প্ৰায় ৫০ শতাংশ লোকৰেই কিন্তু হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল নহয়। হাৰ্টফেইলিয়ৰ এক গুৰুতৰ ৰোগ। বেছিভাগ ক্ষেত্ৰতে ইয়াক সুস্থ কৰি তোলাটো সম্ভৱ নহয়। কিন্তু চিকিৎসকৰ পৰামৰ্শ মানি চলি, বিভিন্ন দৰব-পাতি ব্যৱহাৰ কৰি আৰু জীৱন ধাৰাৰ কিছু পৰিৱৰ্তন আনি হাৰ্টফেইলিয়ৰৰ সম্ভাৱনা আৰু জটিলতা যথেষ্ট পৰিমাণে কমাই ৰাখিব পাৰি আৰু এটা সুস্থ জীৱন-যাপন কৰিব পাৰি।

হাৰ্টফেইলিয়ৰৰ সাধাৰণৰ কাৰণসমূহ -

*বহুদিন ধৰি থকা উচ্চ ৰক্তচাপ। বিশেষকৈ যদি সেয়া ভালদৰে চিকিৎসা কৰা নহয়।

*হাৰ্টএটেক(Heart attack)ৰ ফলত হৃদযন্ত্ৰৰ মাংসপেশী নষ্ট হোৱা।

*হৃদযন্ত্ৰৰ ৰক্ত পৰিবাহী ধমনীসমূহ বন্ধ হৈ হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল হোৱা(Ischaemic Heart Disease)।

*হৃদযন্ত্ৰৰ ভালভ(Valve)ৰ বিসংগতিৰ বাবে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা কমি যোৱা।

*হৃদযন্ত্ৰৰ মাংসপেশীৰ বিভিন্ন ৰোগ(Cardiomyopthy) যিয়ে হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল কৰি তোলে।

*বহুদিন ধৰি থকা বহুমূত্ৰ ৰোগ আৰু আন কিছুমান তুলনামূলক দুৰ্লভ কাৰণ।

হাৰ্ট ফেইলিয়ৰৰ লক্ষণসমূহ:

হাৰ্ট ফেইলিয়ৰৰ বাবে শৰীৰত অতিৰিক্ত তৰল পদাৰ্থ (Fluid) জমা হয়। ইয়াৰ বাবে শৰীৰৰ নিম্নাংশ ফুলিবলৈ ধৰে। আৰু উশাহ-নিশাহৰ কষ্ট হয়। ইয়াৰ বাহিৰে আন উল্লেখযোগ্য লক্ষণসমূহ হ’ল-

*যথেষ্ট দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰা।

*শাৰীৰিক শ্ৰম কৰিলে উশাহ চুটি হোৱা আৰু অতি সোনকালে ভাগৰি পৰা।

*শৰীৰৰ নিম্নাংশ, পেট, মুখ আদি ফুলি থকা।

*শৰীৰৰ ওজন বাঢ়ি যোৱা।

*কাহি থকা আৰু শুই পৰিলে ইয়াৰ মাত্ৰা বাঢ়ি যোৱা।

*শুই পৰিলে উশাহ ল’বলৈ কষ্ট পোৱা ইত্যাদি।

যদি এনেকুৱা কোনো লক্ষণ শৰীৰত দেখা দিয়ে বা আগৰে পৰা থকা কোনো লক্ষণ বেয়াৰ ফালে ঢাল খায় তেনেহ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চপাটো উচিত।

ৰোগ নিৰ্ণয়ৰ পদ্ধতি -

ৰোগৰ লক্ষণসমূহৰ বিষয়ে সুধাপোছা কৰা আৰু শাৰীৰিক পৰীক্ষাৰ লগতে কিছুমান বিশেষ পদ্ধতিৰ বা পৰীক্ষাৰ সহায় চিকি সকসকলে লয়। তাৰ ভিতৰত অন্যতম হৈছে-

*বুকুৰ X-ray(Chest X-ray)

*ECa

*EChocardiogram

*তেজৰ বিভিন্নধৰণৰ পৰীক্ষা।

যিসকল ব্যক্তিৰ শাৰীৰিক পৰিশ্ৰম কৰিলে বুকুৰ বিষ হয় বা যিসকলৰ হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস পাইছে তেওলোকৰ ক্ষেত্ৰত ক’ৰন্যাৰী এনজিঅ’গ্ৰাম(Coronary Angiogram) নামৰ এটা বিশেষ পৰীক্ষাৰ দৰকাৰ হ’ব পাৰে। হৃদযন্ত্ৰৰ তেজৰ ধমনীসমূহত ৰক্ত সঞ্চালন ভালদৰে হৈ আছে নে নাই, সেইটো নিৰ্ণয় কৰিবলৈ এটা পৰীক্ষা কৰা হয়।

চিকিৎসা:

চিকিৎসকে আপোনাৰ স্বাস্থ্যজনিত ঘটনা বা বিভিন্ন লক্ষণ আদিৰ বিষয়ে বিশদভাবে সোধা-পোছা কৰিব। ইয়ে হাৰ্ট ফেইলিয়ৰৰ কাৰণসমূহ বিচাৰি উলিওৱাত যথেষ্ট সহায় কৰে। এইখিনিয়ে আপোনাৰ বাবে সঠিক আৰু যথোপযুক্ত চিকিৎসা প্ৰদানত সহায় কৰিব।

ঔষধ-পাতি:

হাৰ্ট ফেইলিয়ৰ ৰোগৰ চিকিৎসা তথা ইয়াৰ বিভিন্ন লক্ষণসমূহ নিয়ন্ত্ৰণ বা উপশম কৰিবলৈ বিভিন্নধৰণৰ ঔষধ-পাতি ব্যৱহাৰ কৰা হয়। এই দৰব-পাতি চিকিৎসকে ধৰি দিয়া নিয়মসমূহ মানি চলাটো অত্যন্ত দৰকাৰী।

অন্যথা ৰোগৰ লক্ষণসমূহ সম্পূৰ্ণভাবে উপশম হোৱাত বাধা আহি পৰে। এই দৰবসমূহে শৰীৰত জমা হোৱা অতিৰিক্ত তৰল পদাৰ্থসমূহ উলিয়াই দিয়াৰ লগতে হৃদযন্ত্ৰটো অধিক কাৰ্যক্ষম আৰু সবল কৰি তোলে।

যিসকল ৰোগীৰ হৃৎপিণ্ডৰ তেজৰ ধমনী বন্ধ হৈ থকা বাবে ৰক্ত সঞ্চালন কমি থাকে, তেওঁলোকেও নিয়মীয়াকৈ দৰব-পাতি ব্যৱহাৰ কৰি যথেষ্ট সুফল পাব পাৰে। দৰবৰ দ্বাৰা উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো আৱশ্যকীয়।

চিকিসাৰ অন্যান্য পদ্ধতি:

কিছুসংখ্যক ৰোগীৰ হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালন কৰা ধমনী(Coronary Artery) বোৰ বন্ধ হৈ থকা বাবে হৃদযন্ত্ৰৰ মাংসপেশী দুৰ্বল হৈ তাৰ কাৰ্যক্ষমতা কমি যাব পাৰে। তেনেক্ষেত্ৰত বাই পাছ চাৰ্জাৰী বা এনজিওপ্লাষ্টি(Angioplasty) কৰি ধমনীসমূহত ৰক্ত সঞ্চালন নিয়মীয়া কৰিলে ৰোগীজন যথেষ্ট উপকৃত হয়। বিশেষ ধৰণৰ পেচমেকাৰে(Biventri cular pacemaker বা CRT) সংস্থাপন কৰিও কিছুমান ৰোগীৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পাৰি।

কিছুমান বিশেষ পেচমেকাৰ(ICD) সংস্থাপনৰ দ্বাৰা হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰাৰ পৰা ৰোগীজনক বচাব পৰা যায়।

এই চিকিৎসা পদ্ধতিসমূহ অৱশ্যে যথেষ্ট ব্যয়বহুল আৰু বেছিভাগ ৰোগীয়ে ইয়াক ঢুকি পাবলৈ সক্ষম নহয়।

হৃদযন্ত্ৰত থকা Valveৰ বিসংগতিৰ বাবেও হাৰ্ট ফেইলিয়ৰ ৰোগ হ’ব পাৰে। তেনেক্ষেত্ৰত এনে নষ্ট হোৱা Valve সলনি কৰি Artificial Valve সংস্থাপন কৰি হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰি।

শৰীৰৰ তৰল পদাৰ্থ আৰু লক্ষণসমূহৰ নিৰীক্ষণ কিদৰে কৰিব পৰা যায়:

*গতানুগতিক অৱস্থাতকৈ উশাহ বেছি চুটি হোৱা।

*যদি দুদিনৰ ভিতৰত শৰীৰৰ ওজন দুই কেজি বৃদ্ধি পায়।

*শুবলৈ অপাৰগ হোৱা বা শুলে উশাহ চুটি হোৱা।

*ৰাতিৰ ভাগত কাহ উঠি থকা।

*ভৰিৰ গাঁঠি, ভৰিৰ পতা, পেট ফুলা।

*বুকুৰ বিষ হোৱা।

আমাৰ শৰীৰত তৰল পদাৰ্থৰ ভাৰসমতা নিৰীক্ষণ কৰাটো শৰীৰৰ বাবে খুবেই আৱশ্যকীয়। এই তৰল পদাৰ্থ বাঢ়িছে নেকি, সেয়া জানিবলৈ, নিশ্চিত হ’বলৈ প্ৰতিদিনে আপোনাৰ শৰীৰৰ ওজন জুখিব লাগে।

প্ৰতিদিনে আপুনি কিমান জুলীয়া বস্তু গ্ৰহণ কৰে অথবা ঔষধ গ্ৰহণ কৰে। সেয়াও সঠিকভাৱে নিৰ্ধাৰণ কৰি লোৱাটো প্ৰয়োজনীয়।

আপোনাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপুনি জুলীয়া বস্তু গ্ৰহণ কৰাটো সীমিত কৰিব বা কমাব লাগিব। এই তৰল পদাৰ্থ নিয়ন্ত্ৰণ কৰিবলৈ নিমখ কমকৈ খাব লাগে।

আপোনাৰ এনে পৰিস্থিতি হ’লে কি কৰিব লাগে সেই বিষয়ে ভালদৰে জানিবলৈ চিকিৎসক, চিকিৎসা বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।

*জীৱন যাত্ৰাৰ ধৰণ সলনি:

চিকিৎসক অথবা চিকিৎসা বিশেষজ্ঞৰ লগত নিয়মীয়াকৈ আলোচনা কৰক আৰু নিৰ্ধাৰণ কৰি দিয়া ঔষধ পাতি নিয়মীয়াকৈ গ্ৰহণ কৰক।

জীৱন যাত্ৰাৰ ধৰণৰ সালসলনিয়ে হাৰ্ট ফেইলিয়ৰ নিয়ন্ত্ৰণ বা উপশমৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব পাৰে।

*আপুনি কি কৰিব পাৰে:

এই ক্ষেত্ৰত দুটা খুব গুৰুত্বপূৰ্ণ কথা এয়ে যে দৈনিক আপুনি সেৱন কৰা তৰল পদাৰ্থ ১.০-১.৫ লিটাৰৰ ভিতৰতে সীমাবদ্ধ কৰি ৰাখিব লাগে আৰু প্ৰতিদিনে আপোনাৰ শৰীৰৰ ওজন জুখিব লাগে।

দুদিনৰ পিছত যদি আপোনাৰ শৰীৰৰ ওজন অস্বাভাৱিকভাৱে বৃদ্ধি পায় তেন্তে আপুনি লগে লগে স্থানীয় চিকিৎসকৰ কাষ চাপিব লাগে।

*ধূমপানৰ পৰা বিৰত থকা:

ধূমপানে আপোনাৰ শৰীৰত অক্সিজেনৰ মাত্ৰা কমাই পেলায় আৰু ধমনীবোৰ(Artery) নষ্ট কৰি পেলায়। ধূমপান কৰাটো বন্ধ কৰিব পাৰিলে আপোনাৰ শৰীৰৰ অৱস্থাৰ যথেষ্ট উন্নত কৰিব পাৰি।

*কম মাত্ৰাত নিমখৰ ব্যৱহাৰ:

নিমখে শৰীৰত তৰল পদাৰ্থ বৃদ্ধি কৰে। নিমখ কমকৈ খোৱাটো নিশ্চিত কৰক আৰু নিমখীয়া বস্তু কমকৈ খাওক।

ভাত ৰন্ধা সময়ত অথবা খোৱা টেবুলত আপোনাৰ খাদ্যত অতিৰিক্ত নিমখ নিমিহলাব।

*অধিক পৰিমানে ফল-মূল আৰু শাক-পাচলি খাওক।

*মদ্যপান কমাই দিয়ক:

মদ্যপানে আপোনাৰ হাৰ্টৰ অধিক ক্ষতি কৰিব পাৰে। অত্যধিক মদ্যপানে হৃদযন্ত্ৰৰ মাংসপেশীসমূহ দুৰ্বল কৰি পেলাব পাৰে।

*কফি জাতীয় আৰু শীতল পানীয় কমকৈ সেৱন কৰক:

এই সমূহৰ অত্যধিক ব্যৱহাৰে ৰক্তচাপ বৃদ্ধি কৰে। ইয়াৰ লগে লগে হাৰ্টটো দুৰ্বল হয় আৰু ৰক্ত সঞ্চালন ঠিকমতে নহয়।

*প্ৰতিদিনে শাৰীৰিক ব্যায়াম:

আপোনাৰ শৰীৰৰ বাবে কি ধৰণৰ ব্যায়াম বা অনুশীলন উপযোগী হয়, সেই সম্পৰ্কে আপোনাৰ চিকিৎসক/চিকিৎসা বিশেষজ্ঞৰ লগত আলোচনা কৰক।

*অত্যধিক চৰ্বিজাতীয় খাদ্যসমূহ খোৱাৰ পৰা আঁতৰি থাকক।

*চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ সেৱন নকৰিব।

ব্যক্তিগত সজাগতা আৰু সচেতনতাই প্ৰতিজন ৰোগীৰ ৰোগ উপশম/নিৰাময় হোৱাত যথেষ্ট সহায় কৰে। ঠিক একেদৰে হৃদৰোগ সম্পৰ্কীয় বিভিন্ন ৰোগ ব্যাধিত ভুগি থকা ব্যক্তিৰ ক্ষেত্ৰত সজাগতা, তাৎক্ষণিক চিকিৎসা, পৰিয়ালৰ সহযোগিতাই ৰোগীসকলক শাৰীৰিক, মানসিক, আৱেগিকভাৱে সবল হৈ থকাত যথেষ্ট সহায় কৰে।

চিকিৎসা, উপযুক্ত যত্ন, তদাৰক, মৰম-চেনেহ এই সকলোখিনিৰ সমন্বয় হৃদৰোগী সকলৰ ক্ষেত্ৰত নিতান্তই প্ৰয়োজনীয়।

লেখক: ডাঃ অমিতাভ মিশ্ৰ(সাদিন)