হৃদযন্ত্ৰৰ ভালভ -

আমাৰ হৃদযন্ত্ৰত চাৰিটা ভালভ থাকে আৰু প্ৰতিটো ভালভৰ কাম সুকীয়া । সোঁ অলিন্দ আৰু সোঁ নিলয়ৰ মাজত থকা ভালভক ট্ৰাইকাম্পিড ভালভ বুলি কোৱা হয় আৰু বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত থকা ভালভক মাইট্ৰেল ভালভ বুলি কোৱা হয় । সোঁ নিলয়ৰ পৰা তেজ যি ভালভেৰে তেজ হাওঁফাওঁলৈ যায়, তাক পালমোনাৰী ভালভ বুলি কোৱা হয় । আকৌ বাওঁ নিলয় আৰু মহাধমনীৰ মাজত থকা ভালভক এওৰটিক ভালভ বুলি কোৱা হয় ।

হাৰ্টৰ ভালভৰ বিসংগতিৰ কাৰণ -

হাৰ্টৰ ভালভৰ বিসংগতি নানা কাৰণত হ’ব পাৰে । তাৰে অন্যতম হৈছে ৰিউমেটিক জ্বৰ, হাৰ্ট এটাক, মাৰফান ছিনড্ৰম ইত্যাদি । কিছুমান মানুহৰ আকৌ বংশগত কাৰণত বা মায়োকাৰ্বাইটিছ কাৰ্ডিওমায়োপেথী হ’লেও ভালভৰ সমস্যা হ’ব পাৰে ।

ৰিউমেটিক হাৰ্ট ডিজিজি কি -

আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ হাৰ্ট ভালভৰ বিসংগতিৰ মূল কাৰণ হৈছে ৰিউমেটিক হাৰ্ট ডিজিজ । এই বেমাৰৰ উৎপত্তি ৫-১৫ বছৰ বয়সত হয় । সাধাৰণতে লেতেৰা পৰিৱেশত বসবাস কৰা, সৰু ল’ৰা-ছোৱালীৰ ডিঙিত ষ্ট্ৰেপ্ট’ৰ’ক্কাচ নামৰ এবিধ বিশেষ বেক্টেৰিয়াৰ দ্বাৰা ফেৰিনজাইটিছ বেমাৰ হয় আৰু এইবিধ বেক্টেৰিয়াৰ প্ৰতিৰোধৰ বাবে আমাৰ শৰীৰত এণ্টিবডি’ৰো সৃষ্টি হয় । পৰৱৰ্তী কালত এই এণ্টিব’ডিবোৰে ভালভবিলাকৰ ক্ষতি কৰে আৰু ভালভৰ বিসংগতি হয় ।

ভালভ সলনি কৰা পিছত -

মানুহৰ শৰীৰৰ কৃত্ৰিম ভালভ সংস্থাপন কৰাৰ পিচতো যাতে সেই ভালভৰ মাজেৰে তেজ গতি কৰি থাকোতে গোট নামাৰে, তাৰ বাবে ৰক্ত পাতল কৰা এবিধ দৰব ব্যৱহাৰ কৰিব লাগে । এচিষ্ট্ৰম, ৱাৰফাৰিন ইত্যাদি বিভিন্ন নামেৰে এই দৰববিধ বজাৰত উপলব্ধ হয় । যদিহে মানুহ বা অইন কোনো জীৱৰ শৰীৰৰ অংশৰে তৈয়াৰ কৰা ভালভ ব্যৱহাৰ কৰা হয়, তেন্তে এই দৰববিধ তিনি মাহ ব্যৱহাৰ কৰিলেই হয়, আনহাতে ধাতুৰে তৈয়াৰী ভালভ ব্যৱহাৰ কৰিলে আজীৱন এই দৰববিধ ব্যৱহাৰ কৰিব লাগে ।

অস্ত্ৰোপচাৰ নকৰাকৈ ভালভৰ চিকিৎসা হয় নেকি?

চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে আজিকালি ভৰিৰ ধমনী আৰু সিৰাৰ মাজেৰে একো কটা-ছিঙা নকৰাকৈ এওৰটিক আৰু পালমোনাৰী ভালভ সংস্থাপন কৰিব পাৰি । আনহাতে, মানুহৰ মাইট্ৰেল ভালভ, পালমোনাৰী ভালভৰ ছিদ্ৰৰ পৰিমাণ সংকুচিক হ’লে , বিশেষ ধৰণৰ বেলুনৰ দ্বাৰা ইয়াক প্ৰশমিত কৰি দিব পাৰি ।

হাৰ্টৰ ভালভৰ বিসংগতিৰ লক্ষণ -

ভালভৰ বিসংগতিৰ প্ৰধান লক্ষণ হ’ল অত্যধিক ভাগৰ লগা, শাৰীৰিক পৰিশ্ৰম কৰিলে শ্বাস-প্ৰশ্বাসৰ অসুবিধা হোৱা, বুকুৰ হৃদস্পন্দনৰ হাৰ বৃদ্ধি পোৱা ইত্যাদি । কিছুমান মানুহৰ আকৌ হাত-ভৰি ফুলি যোৱা, মূৰ ঘূৰোৱা আদি অসুবিধাই দেখা দিয়ে । অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত সামান্য বিসংগতি থাকিলে, মানুহজনৰ কোনো লক্ষণ নাথাকিবও পাৰে । শ্বাস-প্ৰস্বাসৰ অসুবিধা, অত্যধিক ভাগৰ লগা, ক্ষিপ্ৰ হৃদস্পন্দন , শৰীৰৰ বিভিন্ন অংশত পানী জমা হোৱা ইত্যাদি হাৰ্ট ভালভৰ বিসংগতিৰ লক্ষণ হ’ব পাৰে । এইবোৰ লক্ষণে দেখা দিলে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । চিকিৎসকজনে বুকুত ষ্টেথোস্কোপ লগালেই মাৰমাৰ নামৰ এবিধ অস্বাভাৱিক শব্দ শুনিবলৈ পায় আৰু ভালভৰ বেমাৰ আছে বুলি প্ৰায় নিশ্চিত হয় । অৱশ্যে ১০০ শতাংশ ধৰা পেলাবলৈ ইকোকাৰ্ডিঅ’গ্ৰাফী নামৰ এবিধ পৰীক্ষাৰ প্ৰয়োজন হয় ।

বিসংগতি হ’লে ভালভ পৰিবৰ্তন কৰিব লাগে নেকি -

সামান্য বিসংগতি হ’লে একো চিকিৎসাৰ প্ৰয়োজন নহয় । কেৱল নিৰ্দিষ্ট সময়ৰ অন্তৰালত ইকোকাৰ্ডিওগ্ৰাফী পৰীক্ষা কৰি থাকিব লাগে । অস্বাভাৱিক বিসংগতি হ’লে কৃত্ৰিম ভালভ সংস্থাপন কৰিব লাগে । অৱশ্যে বহুত ক্ষেত্ৰত দৰব ব্যৱহাৰ কৰিলেও, বিশেষকৈ বয়সিয়াল মানুহৰ ক্ষেত্ৰত ভাল ফল পোৱা যায় । আনহাতে, ৰিউমেটিক হাৰ্ট ডিজিজ হ’লে পেনিচিলিন নামৰ এবিধ ইনজেকচন ২১ দিনৰ অন্তৰালত ব্যৱহাৰ কৰিব লাগে ।

লেখক :- ডা: বিপ্লৱ পাল

উৎস:- দেওবৰীয়া সম্ভাৰ